চিন্তন: ব্যক্তিৰ জীৱনত নামৰ গুৰুত্ব আৰু পাপকৰ সাধু – ববিতা শৰ্মা

অৰুণাচলত মোৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত তৃতীয় ভাষা ৰূপে নতুন কৈ অসমীয়া ভাষা শিকা ছাত্ৰ-ছাত্ৰীসকলক নিজৰ নামটো অসমীয়াত লিখিবলৈ দিলোঁ৷ ছাত্ৰ-ছাত্ৰীসকলে লিখা নামবোৰ শুধৰাই থাকোঁতে এজনী ছোৱালী মোৰ কাষলৈ আহি তাই নিজৰ নামটো নিলিখাৰ কথা মোক জনালে৷ মই তাই লিখিব পৰা নাই বুলি ভাবি নিজে লিখি দিওঁ বুলি বহীখন আনিবলৈ ক’লো৷ তাই মোক ক’লে যে তাই লিখিব পাৰে কিন্তু নিলিখে৷ কাৰণ তাইৰ নামটো তাই অলপো ভাল নাপায়৷ মই তাইলৈ চাই নামটো সোধাত তাই বগীতৰা বুলি ক’লে৷ মই পুনৰ তাইক নামটো কিয় বেয়া পায় সুধিলোঁ৷ তাই ক’লে নামটো একেবাৰে ভাল নহয়, পুৰণা জামানাৰ নাম৷ কোনো অৰ্থও নাই৷ মুঠতে তাই নিজৰ নামটো অলপো ভাল নাপায় আৰু নামটো দিয়াৰ বাবে মাকৰ ওপৰতো খং উঠে৷ মই একো নকৈ ছোৱালী জনীক নিজৰ ঠাইত বহিবলৈ ক’লো৷ মনে মনে সৰু ছোৱালী এজনীক নামতকৈ কামৰ মহত্ত্বহে যে বেছি আৰু কামেহে যে নামৰ চিনাকি তাক কেনেকৈ বুজাও ভাবিবলৈ ধৰিলোঁ৷

নামবোৰ ধুনীয়া হ’লে সকলোৰে ভাল লাগে৷ বিশেষকৈ আধুনিক যুগত মাক-দেউতাকে সন্তানৰ এটা সুন্দৰ অৰ্থবহ নাম ৰখাত গুৰুত্ব দিবলৈ লৈছে৷ পুৰণি কালত মাতিবলৈ নাম এটা লাগে বাবে বিশেষ গুণা-গঁথা নকৰি মাক-দেউতাক বা পৰিয়ালৰ কোনোবাই ঘৰখনৰ নতুন সন্তানৰ নাম কিবা এটা দি থৈছিল৷ ঘৰৰ ডাঙৰ, সৰু বা জন্ম মাহ, গাৰ বৰণ আদি চায়ে সেই সময়ৰ নামবোৰ ৰখা হৈছিল৷ বৰ পোণা, সৰু পোণা, ভদাই, আহিনী, আঘোনী, ক’লীমাই, বগী আদি সেই সময়ৰ কিছুমান প্ৰচলিত নাম আছিল৷ লাহে লাহে এই নামবোৰ লুপ্ত হৈ পৰিল৷ তাৰ ঠাই ল’লে প্ৰজ্ঞান, অনন্যা, আকাংক্ষা, অম্লান, আয়ান, অংশুমান আদি নতুন নতুন অৰ্থবহ নাম কিছুমানে৷ বহুতে আকৌ নিজৰ সন্তানটিক মৰমতে ৰিয়া, হিয়া, কুঁহি, পাহি, বাৰ্বি, ঋক, গীত আদি চুটি চুটি ধুনীয়া ধুনীয়া নামেৰে মাতিবলৈ ল’লে৷ মুঠতে নামকৰণৰ ক্ষেত্ৰত মানুহৰ মাজত এখন অঘোষিত প্ৰতিযোগিতা হ’ল৷ ফলত কেতিয়াবা নামটো মনপুতঃ নহ’লে মানুহ হীনমান্যতাতো ভোগা হ’ল৷ এবাৰ আমাৰ ঘৰৰ ওচৰৰ সৰু ছোৱালী এজনীয়ে মৌখিক পৰীক্ষাত মাকৰ নামটো নক’লে৷ পিছত তাইক মাকৰ নাম কিয় নক’লে সোধাত তাই ক’লে যে তাইৰ লগৰবোৰৰ মাকবোৰৰ নাম বোৰ ইমান ধুনীয়া তাইৰ মাকৰ বেয়া গতিকে নামটো মিছক ক’বলৈ তাইৰ লাজ লাগিল৷ ছোৱালীজনীৰ মাকৰ নাম চেনিমাই আছিল৷ তেতিয়া কথাটোত আমোদ পালেও পাছত এয়া যে তাইৰ মনৰ হীনমান্যতা তাক বুজি পাই বেয়া লাগিছিল৷অথচ পেছাত এগৰাকী শিক্ষয়িত্ৰী তাইৰ মাক যে আনতকৈ কোনো গুণে কম নহয় সেই কথা সেই সময়ত ছোৱালী জনীক বুজাই দিব নোৱাৰাৰ বাবে পাছত দুখ লাগিছিল৷

সেইদিনা শ্ৰেণী কোঠাত বগীতৰাই প্ৰায় অনুৰূপ ধৰণৰ কথাকে কোৱাত বগীতৰাৰ মনৰ নামৰ হীনমান্যতা কেনেকৈ আঁতৰাও তাক চিন্তা কৰিবলৈ ধৰিলোঁ৷ কিছুসময় ভাবি-চিন্তি মোৰ ল’ৰা-ছোৱালী দুটাক দেউতাকে সৰুতে প্ৰায়ে কোৱা ‘পাপকৰ’ সাধুটোকে ছাত্ৰ-ছাত্ৰীৰ ক’বলৈ ল’লোঁ৷ এখন গাঁৱত পাপকৰ নামৰ এজন ল’ৰা আছিল৷ পাপকৰে নিজৰ নামটো একেবাৰে ভাল নাপাইছিল আৰু প্ৰায়ে নামটো সলনি কৰি দিবলৈ দেউতাকক খাটনি ধৰিছিল৷ এদিন দেউতাকক নামটো সলনি কৰি দিবলৈ বৰকৈ লাগি থকাত পাপকৰ দেউতাকে তাক গাঁৱৰ পৰা অলপ ফুৰি আহিবলৈ লগ ধৰিলে আৰু ফুৰি অহাৰ পাছত পাপকৰ নামটো সলাই দিব বুলি ক’লে৷ দেউতাকৰ কথাত আনন্দিত হৈ পাপকৰ দেউতাকৰ লগত ফুৰিবলৈ ওলাই গ’ল৷ কিছু দূৰ গৈ বাটত তেওঁ লোকে বাটত এজন কিম্ভূত- কিমাকাৰ মানুহ লগ৷ দেউতাকৰ কথা মতে পাপকৰে মানুহজনক তেওঁৰ নামটো সোধাত সুদৰ্শন বুলি কোৱাত পাপকৰ মনে মনে আচৰিত হ’ল৷ কাৰণ সুদৰ্শনৰ অৰ্থ ধুনীয়া৷ কিন্তু মানুহ জনৰ আকৌ কিম্ভূত-কিম্বাকাৰ ৰূপ৷ মুখেৰে একো নকৈ পাপকৰ পুনৰ দেউতাকৰ লগত আগবাঢ়িল৷ এইবাৰ মন্দিৰ এটাৰ বাহিৰত ফটা-ছিটা কাপোৰ পিন্ধি ভিক্ষা মাগি থকা মানুহ এজনী দেখি দেউতাকে পুনৰ পাপকৰক মানহজনীৰ নামটো সুধিবলৈ ক’লে৷ মানহজনীৰ নাম ৰাণী৷ এইবাৰো পাপকৰ ৰাণীৰ অৱস্থা দেখি আচৰিত হ’ল৷ এইদৰে গৈ থাকোঁতে তেওঁলোকে কিছুমান মানুহে কান্দি কান্দি এটা মৃতদেহ কঢ়িয়াই অনা দেখি ৰৈ এজন মানুহক কাৰ মৃতদেহ আনিছে সুধিলে৷ মানুহজনে চিৰঞ্জীৱিৰ বুলি কোৱাত পাপকৰে ভাবিলে চিৰঞ্জীৱিৰো মৃত্যু হয়নে৷ ঘটনা তিনিটাৰ পৰা নাম যে মানুহৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বিষয় নহয় তাক পাপকৰে অন্তৰেৰে উপলদ্ধি কৰিলে৷ ঘৰলৈ উভতি আহি পাপকৰে দেউতাকক নিজৰ নামটো সলাব নালাগে পাপকৰেই থাকিব বুলি ক’লে আৰু সেইদিনাৰ পৰা পাপকৰে নিজৰ নামটো ভাল পাবলৈ ল’লে৷

মোৰ সাধুটো শুনাৰ পাছত বগীতৰাই সুন্দৰকৈ নিজৰ নামটো লিখি বহীখন মোৰ ফালে আগবঢ়াই দিলে৷ লগে লগে মোৰ চিন্তাবোৰো ক্ষন্তেকতে আঁতৰি মনটো ফৰকাল হৈ পৰিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক