চিন্তাৰ চাকনৈয়া-৪ (দুখ আৰু দুশ্চিন্তা) (হিতেন্দ্র কুমাৰ শৰ্মা)

চিন্তাৰ চাকনৈয়া-৪

দুখ আৰু দুশ্চিন্তা

 

 

 

সৰুতে স্কুলত পঢ়া মনত পৰে, ‘সুখ নাই সুখ নাই কত ধৰুৱাৰ, অনুমাত্র সুখ নাই চিৰ ৰুগীয়াৰ/ সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্র থাকে দূৰে…’ ইত্যাদি। এই কবিতাটোৰ যোগেদি কবিয়ে দুখৰ সংজ্ঞা দিবলৈ চেষ্টা কৰা দেখা যায়। কিন্তু সূক্ষ্মভাবে বিচাৰ কৰি চালে দুখ আৰু দুশ্চিন্তাৰ মাজত এটা ডাঙৰ পাৰ্থক্য দৃষ্টিগোচৰ হয়। মানুহৰ জীৱনত সুখ আৰু দুখ এটাৰ পিছত আনটো ছাঁৰ দৰে লাগি থাকে। ইয়াত মানুহৰ কৰিবলগা বিশেষ একো নাই। ধৈৰ্য্য সহকাৰে সুখ-দুখ সকলো ভোগ কৰাৰ বাহিৰে আন উপায়ো নাই। কিন্তু দুশ্চিন্তা বৰ মাৰাত্মক বস্তু, স্বয়ং দুখতকৈও মাৰাত্মক। ওপৰৰ কবিতাফাকিত কোৱাৰ দৰে ৰুগীয়াসকল সদায় দুখী, কিন্তু ধৰুৱাসকল দুখী নহ’বও পাৰে। পুত্র দূৰত থাকিলে মাতৃৰ মনৰ দশা যি হয় তাক দুখ বুলিব পাৰি, কিন্তু গোচৰত ফুৰাসকল দুখী নহ’বও পাৰে। ধৰুৱাসকলৰ মানসিক অৱস্থাত দুখতকৈ দুশ্চিন্তাৰ প্রাধান্যহে বেছি। সেইদৰে গোচৰত ফুৰাসকলেও দুশ্চিন্তাত ভোগে।

এটা সৰু উদাহৰণ- আমাৰ কোনো আপোন মানুহ এজনৰ মৃত্যু হ’লে আমি যি অনুভব কৰোঁ সেয়া হ’ল দুখ। কিন্তু তেওঁৰ অৱধাৰিত মৃত্যুৰ কথা ভাবি ভাবি তেওঁৰ মৃত্যুৰ আগতেই আমি যি দুখ পাওঁ সেয়া হ’ল দুশ্চিন্তা। দুখক আমি প্রতিহত কৰিব নোৱাৰো।  কিন্তু দুশ্চিন্তাক প্রতিহত কৰিব পৰা যায় আৰু প্রতিহত কৰাটো অত্যন্ত প্রয়োজনীয়। ইংৰাজীত এষাৰ কথা আছে, ‘worry does not empty tomorrow of its sorrow, it only robs today of its joy’, অৰ্থাৎ দুশ্চিন্তাই আমাৰ ভবিষ্যতৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰে, পাৰে কেৱল আমাৰ আজিৰ আনন্দখিনি বিনষ্ট কৰিবহে। আমি সকলোৱে এই কথাখিনি জানো, তথাপিও হাজাৰ চেষ্টা কৰিও দুশ্চিন্তাৰ মেৰেপেচৰ পৰা ওলাব নোৱাৰোঁ। আমি ভালদৰেই জানো যে পৰীক্ষাত যেনেকৈ লিখি আহিছোঁ সেই অনুপাতেহে নম্বৰ পাম। এবাৰ পৰীক্ষা গৃহৰ পৰা ওলাই অহাৰ পিছত আৰু ফলাফলৰ ওপৰত আমাৰ এক্টিয়াৰ নাথাকে, কিন্তু তথাপিও ফলাফল ঘোষণাৰ আগে-আগে আমাৰ কিছুমানৰ ভাত-পানী নোযোৱা অৱস্থা হয়। এয়াই দুশ্চিন্তাৰ প্রকোপ।

ইংৰাজীত stress, depression, worry আদি শব্দৰ অসমীয়া প্রতিশব্দ দুশ্চিন্তা হ’ব পাৰে। আজিৰ তীব্র বেগী আৰু প্রতিযোগিতাময় জীৱনশৈলীৰ সময়ত ইয়াক দূৰ কৰিবলৈ বহু প্রশিক্ষণ ব্যৱস্থা উপলব্ধ হৈছে। বহুকেইজন আধ্যাত্মিক গুৰু আৰু পেছাদাৰী প্রশিক্ষকে দুশ্চিন্তাজনিত দুখ, stress, depression আদিক দূৰ কৰি সুস্থ, সুখী, সফল আৰু স্থিৰ জীৱন-যাপন কৰিবলৈ প্রশিক্ষণ দিয়া আমি সকলোৱে জানো। উদাহৰণস্বৰূপে, আচাৰ্য্য ৰৱিশংকৰ, ৰবিন শৰ্মা, শিৱ খেৰা ইত্যাদি লোকসকল।

কিন্তু, দুশ্চিন্তাক সঁচাকৈয়ে প্রতিৰোধ কৰিব পৰা যায় নে? ওপৰত কৈ অহা গুৰু আৰু বিজ্ঞলোকসকলে আমাক আশা নেহেৰুৱাবলৈ শিক্ষা দিয়ে, সদায় যোগাত্মক চিন্তা কৰিবলৈ প্রেৰণা আৰু উপদেশ দিয়ে। বহুতো জীৱন-যাপনৰ কলাক উপজীব্য হিচাপে লৈ লিখা কিতাপো আজি বজাৰত সহজলভ্য। আৰু এইবোৰৰ কিছুমান কিতাপ সঁচাকৈয়ে অতি উচ্চ মানৰ আৰু পঢ়ি ভাল লগা। আজিৰ জীৱনশৈলীত বিয়োগাত্মক চিন্তা যেনে, নিৰাশা, ভয়, অসুৰক্ষা, দুশ্চিন্তা আদিৰ প্রভাব ইমানেই বেছি যে মানুহে ইয়াৰ পৰা হাত সৰাৰ উপায় জানিবলৈ ওপৰোক্ত কিতাপসমূহৰ অথবা বিভিন্ন গুৰুৰ শৰনাপন্ন হয়। মই নিজেও কেইখনমান তেনে কিতাপ পঢ়িছোঁ আৰু পঢ়ি উপকৃতও হৈছোঁ যদ্যপি সাময়িকভাবে। সাময়িকভাবে এই কাৰণেই যে তাত লিখা উপায়সমূহ আৰু দৈনন্দিন অভ্যাসবোৰ নিয়মিতভাবে পালন কৰিলেহে সুফল পোৱা যায়, যিটো বিভিন্ন কাৰণত সহজে হৈ নুঠে। যাহওক, প্রশ্নটো আছিল দুশ্চিন্তাক দূৰ কৰাৰ ফলপ্রসু আৰু দীর্ঘম্যাদী কিবা উপায় আছে নেকি? মোৰ মতে, নাই।

বহুতে মোক হয়তো বিয়োগাত্মক চিন্তাৰ মানুহ বুলি ক’ব। হয়তো মই প্রকৃততে তেনেকুৱাই। যদি নিৰাশা নাইয়েই তেন্তে আশাৰ অস্তিত্ব ক’ত? যোগাত্মক চিন্তা, গঠনমূলক চিন্তা আদি বিয়োগাত্মক চিন্তাৰ আপেক্ষিকহে। ৰাতি থাকিলেহে দিন থকা, দুখ থাকিলেহে সুখ থকা, ঈশ্বৰ থাকিলে চয়তানো থকাৰ দৰে দুশ্চিন্তাও আমাৰ আশাবাদী মনটোৰ চিৰলগৰী। দুশ্চিন্তাক দূৰ কৰা সাধাৰণ মানুহৰ বাবে কাৰ্য্যতঃ অসম্ভব। স্থিতপ্ৰজ্ঞ মহাপুৰুষৰ কথা সুকীয়া। দুশ্চিন্তা থকাটো এটা স্বাভাবিক মানসিক অৱস্থাৰ লক্ষণ। সমস্যাটো তেতিয়াহে যেতিয়া এই দুশ্চিন্তাই এজন ব্যক্তিৰ অহৰ্নিশ লগৰী হৈ পৰে। যেতিয়া আশাৰ ওপৰত নিৰাশাই বিজয় লাভ কৰিবলৈ ধৰে, সকলো কথা আৰু ব্যক্তিয়েই যেতিয়া সন্দেহৰ আৱৰ্তত আহি পৰে, ভয়ে সমগ্র সত্বা ছাটি ধৰে, সমস্যাটো তেতিয়াহে। দুশ্চিন্তা অমূলক বুলি জানিও যেতিয়া আমি নিজেই নিজকে ইয়াৰ অক্টোপাছ সদৃশ বন্ধনৰ মাজত সুমুৱাই লৈ যাওঁ আৰু ইয়াৰ পৰা ওলাই অহাৰ একো পথ দেখা নাপাওঁ তেতিয়াহে চাগে’ অন্তঃকৰণেৰে আমি ভগৱানক স্মৰণ কৰোঁ। নিজৰ অনাগত দুৰ্দিনবোৰৰ পৰা হাত সাৰিবলৈ নিজকে ভগৱানৰ ওচৰত মানসিকভাবে অত্মসমৰ্পন কৰি অলপ শান্তি লভোঁ।

ইংৰাজীত মাৰ্কাচ অ’ৰেলিয়াচে (Marcus Aurelius) এষাৰ গুৰুত্বপূৰ্ণ কথা কৈ গৈছে, “ Never let the future disturb you. You will meet it, if you have to, with the same weapons of reason which today arm you against the present.” অৰ্থাৎ, ভবিষ্যতৰ বিষয়ে দুশ্চিন্তা কৰিবলৈ এৰা। যি যুক্তি আৰু চিন্তা শক্তিয়ে তোমাক বৰ্তমানৰ লগত যুঁজাত সহায় কৰিছে সেই একেটা অস্ত্রই তোমাক ভবিষ্যতৰ লগত যুঁজাতো সহায় কৰিব।

নিজৰ সামৰ্থ্য অনুসাৰে কৰ্ম কৰি যোৱাৰ লগে লগে ঈশ্বৰক চিন্তা কৰি আৰু পোৱাখিনিৰ বাবে পৰম শক্তিক ধন্যবাদ দি জীৱনৰ পথত আগবাঢ়ি গ’লে দুশ্চিন্তাই শান্তি বিনষ্ট কৰিব নোৱাৰে। দুশ্চিন্তাক বিনাশ কৰিব নোৱাৰি কিন্তু ইয়াক সহজভাবে লৈ গঠনমূলক দৃষ্টিভংগী গঢ়ি তুলিব পাৰি। সৰু সৰু কিছুমান ভাল কাম কৰি গ’লে যথেষ্ট মানসিক শান্তি পোৱা যায় যিয়ে কিছু পৰিমাণে হয়তো দুশ্চিন্তাক দূৰ কৰিব পাৰে। এটা গছ পুলি ৰোৱক, বিকলাংগক-ভিক্ষাৰীক খাদ্য দান কৰক, বন্য জন্তুক ৰক্ষাৰ বাবে কাম কৰক, এটা কবিতা লিখক অথবা ৰাতিপুৱা উঠি অলপ ব্যায়াম বা জগিং(jogging)কৰক। এইবোৰে কাৰ্য্যই আমাক কিছু সুখ-শান্তি দিয়ে। মই কোনো লাইফষ্টাইল গুৰু বা প্রশিক্ষক নহয় অথবা কাৰোবাক ভাল জীৱন গঢ়াৰ বাবে উপায় দিয়াৰ যোগ্যতা, অৰ্হতাও মোৰ নাই।  ইয়াত কেৱল মোৰ নিজৰ চিন্তা আৰু অভিজ্ঞতাৰ কথাহে কোৱা হৈছে।

আমাৰ সকলোৰে ভিতৰত এজন ভাল মানুহ এতিয়াও জীয়াই আছে যিয়ে দুশ্চিন্তাৰ বিষ সনা পুখুৰীটোত পৰি ককবকাই থাকে। তাক বচাবলৈ সহায়ৰ হাতখন আগবঢ়োৱা সিদ্ধান্তটো আমাৰেই হ’ব লাগিব।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments