চিন্তাৰ চাকনৈয়া-৫ (হিতেন্দ্র কুমাৰ শৰ্মা)

সময়

সময়ৰ সৰ্বব্যাপীতা, শক্তি, নিৰপেক্ষতা আৰু নিৰ্মোহ স্বভাবৰ বিষয়ে নজনা ব্যক্তি বোধকৰো নোলাব। সময়ৰ এইবিলাক চৰিত্রৰ বিষয়ে পৃথিৱীৰ বিভিন্ন ভাষাতো বিভিন্ন ফঁকৰা শুনা যায়। যেনে, আমাৰ অসমীয়াত- ‘সময়ৰ টিকনী আগফালে উৰে”, ইংৰাজীত ‘time and tide wait for none’, time is the greatest healer, ইত্যাদি।

কিন্তু এইবিলাক আপ্তবাক্যৰ মৰ্মাৰ্থ সকলোৱে সকলো সময়তে অনুভৱ কৰিব নোৱাৰে। পাৰে মাথোঁ ভুক্তভোগীয়েহে। যিজন ব্যক্তিৰ হাতৰ পৰা সময় সৰকি গৈছে, কোনো এটা কাম সম্পন্ন কৰিবলৈ প্রয়োজনীয় সময়ৰ অভাব হৈছে তেনেকুৱা পৰিস্থিতিতহে এই জ্ঞানগৰ্ভ কথাবিলাক হৃদয়ংগম কৰিব পাৰি। তেনেকুৱা কোনো ভুক্তভোগী, অভিজ্ঞতাসম্পন্ন পুৰুষেই হয়তো এইবিলাক উপদেশমূলক কথাৰ জন্মদাতা, তেওঁৰ পৰৱৰ্তী প্রজন্মৰ কাৰণে।

জীৱনৰ আদিভাগত অৰ্থাৎ শৈশৱ বা কৈশোৰাৱস্থাত মানুহে এইবিলাক বেছিকৈ নাভাবে। কাৰণ, হাতত থাকে অফুৰন্ত সময়। নিজৰ কেৰিয়াৰ, ভৱিষ্যত পৰিকল্পনা আদি গুৰুত্বপূৰ্ণ কথাই সময়ৰ কাৰণে হাহাকাৰ কৰিব লগা হয়। আনন্দ উপভোগ আৰু ক্ষণিক বৈষয়িক সুখ উপভোগেই বহুতৰ জীৱনত প্রাধান্য পায়। কিন্তু যেতিয়া সময়বোৰ হাতৰ পৰা ওলাই যায় তেতিয়াহে অনুভব কৰা যায় যে সময় অসীম কিন্তু মানুহৰ জীৱন সীমিত।

যা হওক, এয়া আছিল সময়ৰ কঠোৰ ৰূপ। সময়ৰ আন এটা মনোমোহা ৰূপো আছে, যাক আমি কওঁ স্মৃতি। সময় যদি গতিমান নহ’লহেঁতেন, তেনেহলে আমাৰ মৰমৰ, সুখৰ, দুখৰ, গৌৰবৰ, প্রেমৰ স্মৃতিবোৰ, যিবোৰে আমাক বহু কথা শিকাইছে আৰু জীৱনটো সমৃদ্ধ কৰি তুলিছে, আমি নাপালোঁহেঁতেন। এই স্মৃতিবোৰৰ অবিহনে আমি মানসিকভাবে পংগু, দুৰ্ভিক্ষগ্রস্ত হ’লোঁহেঁতেন।

আজিও শৈশৱৰ, কলেজৰ, বন্ধুবৰ্গৰ, আপোন ঘৰখনৰ, মা-পিতাৰ স্মৃতিবোৰে অজানিতে মুখলৈ এটা মিচিকিয়া হাঁহি অথবা এটা গভীৰ হুমুনিয়াহ লৈ আহে। এনেহে সময়ৰ শক্তি যে সৌ সিদিনাৰ ঘটনা যেন লগা কথাবোৰ কেতিয়া চন, তাৰিখেৰে বুজাবলগীয়া হয় আমি গমকে নাপাওঁ।

মোৰ অতিকে আপোন, মৰমৰ স্মৃতিবোৰ মোৰ শিক্ষা জীৱনৰ। মোৰ স্কুলীয়া জীৱনৰ সেই সৰু-বৰ ঘটনাবোৰ মনত পৰিলে মনটো জীপাল হৈ উঠে। বাছত ঠেলা-হেঁচা খাই স্কুললৈ যোৱা, দুটা ক্লাছৰ মাজত আৰু ক্লাছ আৰম্ভ হোৱাৰ আগতে কৰা খেল-ধেমালি, আকৌ বাছত উঠি ঘৰমুৱা হোৱা, শনিবাৰে সোনকালে চুটি হোৱা, বৰষুণৰ বতৰত বৰষুণ বা ফাগুণ-চ’ত মাহৰ ফেৰফেৰীয়া বতাহ নহ’লে জেঠমহীয়া ৰ’দ নেওচি স্কুললৈ অহা-যোৱা কৰা আৰু ঘৰ আহি পোৱাৰ পিছত মা আৰু আইতাৰ আব্দাৰ মিশ্রিত ডাবি আৰু বাক্যবাণ ইত্যাদি। এনেধৰণৰ নিতান্তই সাধাৰণ আৰু দৈনন্দিন ঘটনাইও যে ইমান মূল্যবান স্মৃতি হ’ব পাৰে সেয়া আচৰিত হ’বলগীয়া। ইয়াৰ উপৰি ঘৰৰ ওচৰৰ খেলপথাৰখনত ক্রিকেট খেলা, পূজা-সভা, ৰাস অদি আপোনপাহৰা হৈ উপভোগ কৰা, গৰমৰ বন্ধত মামা আৰু পেহীহঁতৰ ঘৰলৈ যোৱা আদিবোৰো একো একোটা মূল্যবান স্মৃতি। এনেকুৱা স্মৃতি বোধহয় আমাৰ আৰু আমাৰ আগৰ প্রজন্মৰ প্রায় সকলোৰে আছে। কিন্তু আজিৰ প্রজন্মই এইবিলাক অনুভৱ কৰিব নোৱাৰে। তেওঁলোকে জন্ম দিয়া স্মৃতিবোৰ তেওঁলোকৰ কাৰণেও সমানে মূল্যবান, মাত্র সোৱাদ ভিন্ন।

স্কুল আৰু তাৰ পিছত কলেজ। মনত এক অবুজনীয় মাদকতা আৰু উত্তেজনাৰ সংগম। কাৰোবাক মনে মনে ভাল লগা একো কাৰণ নোহোৱাকৈয়ে আৰু কবিতা লিখাৰ নতুন চখ আৰু বহুতো অনুভূতি আৰু তাৰ দ্বাৰা প্রেৰিত এতিয়া ভাবিলে হাঁহি উঠা কামবোৰ। যৌৱনৰ স্মৃতিবোৰ হয়তো সকলোৰে অতি প্রিয়।

কিন্তু সময়ৰ শক্তি অতি প্রৱল। ইমানেই প্রৱল যে ই মানুহৰ চিন্তাৰ দিশ, স্বভাৱ-চৰিত্র, ব্যৱহাৰ সকলো সলনি কৰি দিব পাৰে। বহু ক্ষেত্রত পৰিস্থিতিও জগৰীয়া। কিন্তু পৰিস্থিতিও সময়ৰে ঔৰসজাত নহয় জানো? সময়ে অতি প্রিয়জন অথবা কোনো গভীৰ আঘাতকো পাহৰাব পাৰে, চকুৰ আঁতৰত থকাজনক মনৰ আঁতৰ কৰিব পাৰে, মৰমক ঘৃণা আৰু প্রেমক হিংসাত পৰিণত কৰিব পাৰে, ঐশ্বৰ্য্যক দাৰিদ্র্য আৰু অৱহেলিতক শক্তিমান কৰি তুলিব পাৰে।

সময়ৰ সোঁতত উটি যোৱাজনেহে এইটো পৰিৱৰ্ত্তন উপলব্ধি কৰিব পাৰে। এসময়ৰ পৰম প্রিয় বন্ধুবোৰ পাহৰণিত লীন যোৱা, আগতে ভাল লগা বস্তুটো এতিয়া ভাল নলগা আৰু আগতে ভাল নলগা বস্তুটো এতিয়া পছন্দ কৰা, এটা দিনৰ কাৰণেও যি মা-পিতাই নিজৰ পৰা দূৰ নকৰিছিল এতিয়া মাহৰ পিছত মাহ স্বাচ্ছ্যন্দেৰে তেওঁলোকৰ পৰা দূৰত থকা, একেলগে খেলি-পঢ়ি ডাঙৰ-দীঘল হোৱা ভাই-ভনীহঁতৰ লগত এতিয়া মাত্র পাতলীয়া যোগাযোগ টেলিফোনৰ জহত ইত্যাদি। মুঠতে এক আমুল পৰিৱৰ্ত্তন আমি নিজে গম নোপোৱাকৈয়ে। এয়াই সময়ৰ শক্তি।

সময়ৰ দৰে নিষ্ঠুৰ, নিৰপেক্ষ, উদাসীন আৰু চিৰগতিমান তত্ব হয়তো এই ব্রহ্মাণ্ডত দ্বিতীয় নাই। কিন্তু আইনষ্টাইনে দেখুৱাই গৈছে যে সময়ো গতি সাপেক্ষে আপেক্ষিক। পিছে সেয়া এক বেলেগ অধ্যায়। সাধাৰণ মানৱৰ কাৰণে সময়েই চিৰন্তন আৰু সময়েই পৰম। মানুহৰ জীৱনত ভালৰ পিছত বেয়া আৰু বেয়া সময়ৰ পিছত ভাল সময় অহাটোও এক চিৰন্তন সত্য।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক