চিন্তাৰ চাকনৈয়া-৬ (-হীতেন্দ্ৰ শৰ্মা)

সময়,অনিশ্চয়তাবাদ,পূর্বনির্ণয়তাবাদ আৰু স্বাধীন ইচ্ছা

ওপৰোক্ত শব্দকেইটা শুনাত যিমান সাধাৰণ যেন লাগে প্রকৃততে সিমানেই জটিল।মইকোনো এই বিষয়ৰ গৱেষক বা বিশেষজ্ঞ নহও,মাত্র এই বিষয়ে কল্পনাবিলাস কৰিভাল পাওঁ।এই শব্দকেইটা আৰু ইহঁতৰ লগত জড়িত থকা ৰহস্যই মোক সদায়েই মুগ্ধকৰে ।

আমাৰ বাৰু স্বাধীন ইচ্ছা (free will)আছেনে? যিবিলাক কামআমি কৰোঁ সেইবিলাক আমি নিজ ইচ্ছামতে কৰোঁ নে সেয়া পূর্বনির্ধাৰিত আছিল? ভাগ্য বুলি যাক কয় তাৰ বৈজ্ঞানিক ভিত্তি আছেনেকি? পূর্বনির্ণয়তাবাদৰেই (determinism)বা বিশ্লেষণ কি? সময় স্থিৰ নে গতিশীল? এইবিলাক প্রশ্নৰ উত্তৰ অণ্বষণত অনিশ্চয়তাবাদৰ (uncertainity principle) ভূমিকা কি? এনে এশ-এবুৰি প্ৰশ্নই বিজ্ঞান জগতক ইমান দিনে সন্মোহিত কৰি আহিছে। এইবিষয়ে অলপ গভীৰভাবে চিন্তা কৰিলে কিছুমান আচৰিত, সুন্দৰ আৰুঅকল্পনীয় কথাই মনটোক বিবুদ্ধিত পেলায়।

পূর্বনির্ণয়তাবাদ আৰুদৈৱবাদৰ (fatalism) মাজত এটা পার্থক্য আছে। পূর্বনির্ণয়তাবাদৰ মতে সকলোঘটনাৰে কিছুমান কাৰণ থাকে যিয়ে সেই নির্দ্দিষ্ট ঘটনাটোত বাদে অন্য ঘটনাসংঘটিত হ’ব নিদিয়ে। অর্থাৎ,কোনো এটা ঘটনা বা কাম আমি আমাৰ নিজৰ ইচ্ছামতেকৰা বুলি ভাবিলেও আচলতে সেই ঘটনাটো অপ্রতিৰোধ্য (inevitable) আছিল কিছুমাননির্দ্দিষ্ট কাৰণৰ বাবে, যাৰ কথা আমাৰ জ্ঞাত নহ’বও পাৰে আৰু ইয়াৰ ফলতস্বাধীন ইচ্ছাৰ ভ্রম সৃষ্টি হয়। আনহাতে দৈৱবাদ (fatalism)ৰ মতে এই সৃষ্টিৰআৰম্ভণিতে সকলো নির্ধাৰিত হৈ আছে আৰু সকলো সেই মতেই হৈ আছে। ইয়াকে ভাগ্যবুলি কয়। এই দুটা দর্শনৰ অনুৰাগী বিশ্বত বহুত আছে। বহু দার্শনিক আৰুচিন্তাবিদে স্বাধীন ইচ্ছাক সমর্থন কৰা নাছিল। কিন্তু আধুনিক চিন্তাধাৰাৰউত্থানৰ লগে লগে এই চিন্তাধাৰাৰ বিৰোধিতা হ’ব ধৰিলে।

এতিয়া আহোঁ সময়ৰ কথালৈ।সময় গতিশীল বুলি আমি সকলোৱে জানো। কিন্তু এই কথাটোক বেলেগধৰণে ভাবিব নোৱাৰিনে? যিকোনো গতিশীল বস্তুৰেই এসময়ত আৰম্ভণি আৰু এসময়তসমাপ্তি ঘটে, যেনে বাছখন এটা স্থানৰপৰা গতি কৰি আন এটা স্থানত আহি ৰৈদিয়েহি। সময় বাৰু কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া ই শেষ হ’ব।ব্রহ্মাণ্ডৰ আৰম্ভণিতে যদি সময়ৰো উৎপত্তি,তেন্তে ব্রহ্মাণ্ডৰ উৎপত্তিৰআগতে সময় নাছিল নেকি?বাছখনৰ গতি আৰু স্থিতি সময় সাপেক্ষ, কাৰণ ই সীমিত।কিন্তু সময়ৰ গতি কিহৰ সাপেক্ষ? যদি সময় অসীম, অনাদি-অনন্ত তেন্তে সময়-গতিশীল বুলি কেনেকৈ ক’ব পাৰি?সময়সাপেক্ষে অন্য পার্থিব বস্তুবোৰহেগতিশীল।আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ব মতে সময় আৰু গতিবেগৰ মাজত এটাওতঃপ্রোত সম্পর্ক আছে যাক সাধাৰণ পৰিস্থিতিত অনুভৱ কৰা নাযায়। পোহৰৰগতিবেগ বা তাৰ লগত তুলনা কৰিব পৰা গতিবেগেৰে গ’লেহে এই পার্থক্য ধৰিব পাৰি।গতি যিমানে বেছি হয়, সময় সিমানে ধীৰ হৈ যায় আৰু গতি ধীৰ হলে সময়ৰ গতিবাঢ়ি যায়। পোহৰৰ বেগেৰে গ’লে সময় স্তব্ধ হৈ যায়। আপেক্ষিকতাবাদকলৈসৃষ্টি কৰা মনোৰম সাঁথৰ বোৰ আমাৰ বহুতেই জানে।যেনে দুজন যঁজা ভাইৰ এজনে এখনমহাকাশ যানত উঠি পোহৰৰ বেগেৰে গতি কৰিলে আৰু আনজন পৃথিবীতে থাকি গ’ল। এবছৰ পিছত মহাকাশ যাত্রাৰ পৰা উভতি আহি প্রথমজনে দেখে যে তেওঁৰ যঁজা ভাইজনএকেবাৰে আলৰ বুঢ়া হৈ গৈছে। ইতিমধ্যে তেওঁৰ নাতি পুতিয়েও বিয়া-বাৰু কৰালে। কিন্তু প্রথমজন এতিয়াও ডেকা হৈয়ে আছে। অর্থাৎ, পোহৰৰ গতিতমহাকাশত এবছৰ মানে পৃথিবীত ইতিমধ্যে কেবাদশক বাগৰি গৈছে।যদি পোহৰতকৈ অধিকবেগত পৃথিৱীৰপৰা গতি কৰা যায় আৰু পৃথিৱীত (যিটো তাত্বিকভাৱে অসম্ভৱ) আৰু পৃথিৱীত নজৰ ৰখা যায় তেন্তে সকলো ঘটনা ওলোটা ক্রমত দেখা পোৱা যাব, যেনে চিগাৰেটৰ ধোৱাআগতে ওলাব,জ্বলোৱা পিছত দেখা যাব। একপ্রকাৰ video rewind ৰ দৰে। কিন্তুযদি পোহৰতকৈ অধিক বেগত কোনোবা দূৰ গ্রহৰপৰা পৃথিবীৰ ফালে গতি কৰা যায়তেতিয়া আমি কি দেখিম বাৰু? এতিয়ালৈ নঘটা ঘটনাবোৰ অর্থাৎ ভবিষ্যত দেখাযাব নেকি ?!।হয়তো দেখা যাব, আপুনি চিগাৰেটটো হুপি পেলাই দিলে নে লগৰবন্ধুজনকো এটা টান মাৰিব দিলে, যিটো বর্ত্তমান অৱস্থাত আপুনি নিজেই নাজানে।অর্থাৎ, আপুনি নজনাকৈয়ে ভবিষ্যত থিৰ হৈ আ্ছে, আৰু আপোনাৰ মনত স্বাধীন চিন্তাৰ (চিগাৰেটটো পেলাই দিয়া বা বন্ধুক দিয়া) ভ্ৰম সৃষ্টি হৈছে। কিন্তু এয়া এক যৌক্তিক কল্পনাহে (্ypothesis), তাত্বিকভাবে আৰু কার্য্যকৰীভাবে(practically) অসম্ভৱ, গতিকে ভবিষ্যত জনা বা চোৱাটোও অসম্ভৱ। ইয়াৰপৰা আনএটা কথা ধাৰণা কৰিব পাৰি যে, সময় গতিশীল নহয়, সময় স্থিৰ। আমিহে সময়তআপেক্ষিকভাৱে অগা-পিছা কৰি আছোঁ। যদি সময় স্থিৰ-তেন্তে অতীতত ঘটা বা ভবিষ্যতে ঘটিব লগা ঘটনাবিলাকো স্থিৰ বা পুর্বনির্ধাৰিত!!? এনেবোৰসম্ভাৱনীয়তাই বিজ্ঞানী সমাজক আজিও প্রত্যাহ্বান জনাই আহিছে, ভূত-ভৱিষ্যতক জনাৰ আৰু নিয়ন্ত্ৰিত কৰাৰ।

এইখিনিতে আহি বিজ্ঞানে পৰমশক্তি বাভগৱানৰ অস্তিত্ব মানি লব লগা হয়।এই সৃষ্টিখন চলাই নিবৰ বাবেই যেন সেইপৰমশক্তি বা প্রকৃতিয়ে ভূত বা ভৱিষ্যত জনাত বাধা (restriction) ৰাখিছে।

চাৰিটা মুখ্য শক্তিয়ে ব্রহ্মাণ্ডৰ সকলো ক্ৰিয়া-কলাপৰ কাৰণ ১) তীব্ৰ বল (strong force), ২) ক্ষীণ বল (weak force), ৩) বিদ্যুত-চুম্বকীয় বল, আৰু ৪) মহাকৰ্ষণ বল (gravitation)।এই বলকেইটাৰ একীকৃতসমীকৰণে ব্রহ্মাণ্ডৰ সকলো পৰিঘটনা বাখ্যা কৰিব পাৰিব। ষ্টিফেন হকিঙৰভাষাত ইয়াক ‘theory of everything’ নাম দিয়া হৈছে।কিন্তু এতিয়াও এইসমীকৰণ সুদূৰপৰাহত। অতি উচ্চাকাঙ্ক্ষী বহু বিজ্ঞানীৰ মতে এই সমীকৰণৰদ্বাৰা আনকি মানুহৰ ভৱিষ্যত কার্য্যকলাপবোৰো গণনা কৰি উলিয়াব পৰা যাব,কাৰণ মানুহ বা যিকোনো জীৱ কিছুমান অণু-পৰমাণু আৰু তৰংগৰ সমষ্টি মাত্ৰ। গতিকে সিহঁতৰ ক্ৰিয়া-বিক্ৰিয়া আৰু আচৰণ যদি গণনা কৰিব পাৰি, তেন্তে নিশ্চয় জীৱটোৰ অনাগত আচৰণো পোৱা যাব পাৰে। কিন্তু আমাৰ শৰীৰ কোটি-কোটি অণুৰে গঠিত আৰু এই গণনা ইমানেই জটিল হ’ব যে তাৰ বাবে লগা ছুপাৰকম্প্যুটাৰ মানৱ জাতিৰ হাতত নাই । বর্ত্তমান যিবোৰ চুপাৰ কম্প্যুটাৰ আছেসেইবোৰ এনে গণনাৰ বাবে যথেষ্ট নহয়। গতিকে কার্য্যকৰীভাৱে এইফালেও ভৱিষ্যতজনাটো অসম্ভৱ।

যদি কোনোবা দিনা পূর্ব-নির্ণয়তাবাদে স্বাধীন-ইচ্ছাৰ ওপৰত বিজয় সাব্যস্ত কৰে আৰু গণনা কৰি ভবিষ্যত জ্ঞাত হয়,তেতিয়াসকলো দোষী-অপৰাধীক জেলৰপৰা মুক্তি দিব লাগিব, ন্যায়াধীশে কি ৰায় দিবআগতেই গম পোৱা গ’লে ন্যায়ব্যৱস্থাৰ পতন ঘটিব, পৰীক্ষাত কি সুধিব আৰু কাৰ কিফলাফল হ’ব আগতেই গম পোৱা গ’লে শিক্ষা ব্যবস্থাও ভাঙি যাব । মুঠতে,এক অৰাজকঅৱস্থাৰ সৃষ্টি হ’ব আৰু মানৱ সভ্যতা ধ্বংসৰ মুখলৈ আগ বাঢ়িব। সেয়েহে চাগেপ্রকৃতিয়ে আমাৰ ভৱিষ্যতৰ জ্ঞান আমাৰ ঢুকি পোৱাৰ বাহিৰত ৰাখিছে।

যেতিয়ালৈকে ভৱিষ্যত জনাটো অসম্ভৱ হৈ থাকিব তেতিয়ালৈকে স্বাধীন ইচ্ছাগ্রহনীয় হৈ থাকিব। পূর্বনির্ণয়তাবাদ আৰু দৈৱবাদ একোটা hypothesis আৰুতাত্বিক সুত্র হৈ থাকিব মাত্র।কিন্তু, এই অন্বেষণৰ অন্ত নপৰিব। মানৱ জাতিসদায়েই নিজৰ ভাগ্যনিয়ন্তা হোৱাৰ সপোন দেখি আহিছে।যেতিয়ালৈকে ইয়াৰসমাধান নোলায়, তেতিয়ালৈকে এই অন্বেষণ চলি যাব।কিন্তু এটা প্রশ্ন সদায়েইথাকি যাব, ভবিষ্যত জনা বা চোৱাটো বাৰু অসম্ভৱ, কিন্তু সঁচাকৈয়ে ইপূর্ব-নির্ধাৰিত নেকি?

(বি.দ্ৰ. – ইয়াত লিখা কিছুমান কথা মই নিজে বুজি পোৱা ধৰণে লিখিছোঁ, সেয়া বৈজ্ঞানিকভাবে শুদ্ধ নহ’বও পাৰে। এই বিষয়কবহু আমোদজনক আৰু তথ্যপুর্ণ Video You-tube ত পাব।কিবা ভুল হ’লে বিজ্ঞজনেশুধৰাই দিয়ে যেন।)

-হিতেন্দ্র কুমাৰ শর্মা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক