চিন্তাৰ চাকনৈয়া- ৭ (মিতব্যয়িতা, কৃপণালি আৰু ধনৰ সদ্ব্যৱহাৰ) : হিতেন্দ্ৰ কুমাৰ শৰ্মা

বৰ্তমানৰ ভোগবাদী বিচাৰ ধাৰা আৰু জীৱন-শৈলীৰ উত্থানৰ সময়ত ধনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা অতিকৈ বৃদ্ধি পাইছে। পোৱাটোৱেই স্বাভাৱিক। আজিকালি আৰু ‘ধনেই সকলো নহয়’, ‘ধনে সুখ কিনিব নোৱাৰে’, ‘ধন নহ’লে নো কি হʼল, মনটো ভাল হ’লেই হʼল’ আদি ধৰণৰ কথাবোৰ মূল্যহীন কিছুমান ফোঁপোলা সান্তনাবাণীৰ বাদে একো নহয়। আৰু আমোদজনক কথাটো হʼল সমাজত স্বচ্ছল বা আৰ্থিকভাৱে টনকিয়াল বুলি পৰিচিত চামৰ মুখতহে এনে কথাবোৰ বেছিকৈ শুনা যায়(সকলো নহয় অৱশ্যে)। তেওঁলোকৰ বাবে দুখীয়াৰ প্ৰতি দুখ, সমবেদনা দেখুৱাটো এটা বিলাসিতা, ফেশ্বন; যেন তেওঁলোকে নিজেও টকা-পইচা থকা স্বত্বেও বহু দুখত আছে আৰু সেই দুখ টকা-পইচাৰেও দূৰ কৰিব পৰা নাই। আৰু এচাম আছে যিয়ে ধনৰ অহংকাৰত আনক ন্যূনতম মূল্য দিবলৈও পাহৰি যায়, মানৱতা পাহৰি যায়। সেইবুলি সৎ উপায়েৰে ধন ঘটি আৰু সু-ব্যৱস্থিতভাবে সেই ধনৰ ব্যৱহাৰ কৰি নিজৰ জীৱন উন্নত কৰাটো যে অত্যন্ত গৌৰবৰ কথা তাত আমাৰ কোনো দ্বিমত নাই।

মুক্ত অৰ্থনীতিৰ গুৰু ৱাৰেণ বাফেটে কৈছে, “যদি তুমি সেইবোৰ বস্তু কিনা যিবোৰৰ তোমাৰ দৰকাৰ নাই, অচিৰেই তুমি তেনেবোৰ বস্তু বেচিব লগা হʼব যিবোৰ তোমাৰ বাবে অত্যাৱশ্যকীয়৷” সীমাহীন সম্পত্তিৰ গৰাকী এইজন ভদ্ৰলোকে প্ৰয়োজন নোহোৱালৈকে নিজা গাড়ী পৰ্য্যন্ত কিনা নাছিল, যিটো বস্তু আজিৰ সমাজত ষ্টেটাচ চিম্বল আৰু বহুক্ষেত্ৰত ন্যূনতম প্ৰয়োজন বুলি গণ্য কৰা হয়। সঁচাকৈয়ে আই-ফোন (iphone) এটাৰ দৰকাৰ আমাক আছেনে? বা কে.এফ.চি বা পিজ্জা হাটত পিজ্জা খোৱাৰ সলনি তাতকৈ বেছি পুষ্টিকৰ আৰু সুস্বাদু খাদ্য কম মূল্যতে খোৱাত আপত্তি কি? ঘৰত ৱশ্বিং মেশ্বিনটো নহ’লে চলিব নোৱাৰিনে? এক কিলোমিটাৰমান যাবলৈও আমাক বাইক, গাড়ী বা অটোখন কিয় লাগে? সৎভাবে চিন্তা কৰি উত্তৰ বিচাৰিলে পোৱা যাব, ইয়াৰ বেছি ভাগৰে আমাক প্ৰয়োজন নাই। অৱশ্যে সকলোৰে ক্ষেত্ৰত এয়া প্ৰযোজ্য নহ’বও পাৰে। যেনে, পৰিস্থিতি সাপেক্ষে ৱাশ্বিং মেশ্বিন বা বুধিয়ক ফোন (স্মাৰ্ট ফোন?) এটাৰ দৰকাৰ হ’বও পাৰে নিজৰ দৈনন্দিন ব্যস্ত জীৱনক মেনেজ কৰিবলৈ। কিন্তু যিসকলে এইবোৰ উপকৰণ ব্যৱহাৰ কৰে তাৰে গৰিষ্ঠসংখ্যকে কেৱল ফেশ্ব্ন আৰু ষ্টেটাচ চিম্বলৰুপেহে ইয়াক ব্যৱহাৰ কৰে। জীৱনৰ সকলো ক্ষেত্ৰতে এই পৰিঘটনাটো দেখা যায়। বহুজাতিক কোম্পানীবোৰে আমাৰ প্ৰয়োজনৰ তালিকাখন তৈয়াৰ কৰে আৰু বিভিন্ন উপকৰণেৰে আমাৰ বজাৰ ভৰাই পেলায়। খৰচ কৰাৰ আগতে ভাবি চোৱা কামটো আমাৰ যে ধনখিনি উপযুক্তভাৱে খৰচ হৈছেনে নাই। সেইবুলি খৰচ কৰোঁতে কৃপণ স্বভাৱৰ হোৱাটোও অনুচিত। জৰ্জ হাৰ্বাৰ্টে কৈছে, “মিতব্যয়ী হʼবা, কিন্তু অৰ্থলোভী নহʼবা। নিজৰ প্ৰয়োজন পুৰাবলৈ, ইজ্জত ৰক্ষা কৰিবলৈ আৰু আনক বিপদত সহায় কৰিবলৈ ধন ভাঙিবা। কৃপণ এটাক কোনেও উদাৰ লোক বুলি নকয়। জীৱিকাৰ বাবে উপাৰ্জন কৰিবা; পুষ্টিকৰ খাদ্য আৰু সুৰুচিপূৰ্ণ পিন্ধনৰ বাবে ধন খৰচ কৰিবা। নহʼলে নো ধন ঘটাৰ লাভ কিটো হʼল? কামত খটুওৱা হয় বাবেহে টকা পইচাৰ সাৰ্থকতা- সেয়ে নোহোৱাহেঁতেন ই খোলাকটিৰ পৰানো কিহত বেলেগ?” এই যুগজয়ী কথাখিনিত ধনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সু-ব্যৱহাৰৰ মাৰ্গ দৰ্শন আছে।

আজিকালিৰ ভোগবাদী সংস্কৃতিৰ ঢৌত উটি গৈ আমি অদৰকাৰী বস্তু কিছুমানক নিজৰ প্ৰয়োজন বুলি ভ্ৰ্মিত হওঁ৷ পিছত সেইবোৰ সঁচাকৈয়ে আমাৰ প্ৰয়োজন হৈ পৰে আৰু তেনেবোৰ বস্তুক বাদ দি জীৱন অসম্পূৰ্ণ যেন লগা হয়। ফলত আমাৰ আৰ্থিক প্ৰয়োজন বৃদ্ধি হয় আৰু তাৰ বাবে কৰা সংঘৰ্ষ আৰু তাৰ ফলশ্ৰুতিত হোৱা দুশ্চিন্তা বা অশান্তিয়ে জীৱনৰ ভাৰসাম্যতাত প্ৰভাব পেলায়। আধুনিক চিন্তাধাৰাই আমাক জীৱনটো উপভোগ কৰিবলৈ কয়। সজ কথা। কিন্তু এই কথাষাৰৰ আঁৰ লৈ জীৱনটো উপভোগ কৰাৰ নামত মানুহে যি অপচয় কৰে সেয়া ক্ষমণীয় নহয়। এনে বহু বিপৰীত পৰিস্থিতি দেখা পাইছোঁ যে ঘৰখন কোনোমতে খাই-বৈ চলি আছে কিন্তু অলপ ধন ক’ৰবাৰ পৰা আহিলেই লʼৰা-ছোৱালীৰ হাতত দহ হেজাৰ টকীয়া মোবাইল, নতুন বাইক, টাটা স্কাইৰ সংযোগ আৰু কত কি! আৰু আমি সকলোৱে জানো যে সঁচাকৈয়ে এইবিলাক বস্তুৰ প্ৰয়োজন তেওঁলোকক আ্ছেনে নাই। ইয়াৰ সপক্ষে যুক্তি একেটাই, ‘টকানো কি বস্তু, জীৱনটো উপভোগ কৰিব লাগে৷’ এই বস্তুবোৰ কিনা কথাটো আজিৰ বজাৰ কেন্দ্ৰিক পৰিবেশে তেওঁলোকৰ মনত সুমুৱাই দিছে আৰু অপৰিপক্ক মনৰ মানুহবোৰে দেখাক দেখি নিজৰ ধ্বংস নিজে মাতি আনিছে। কাইলৈ এইবোৰ ব্যৱহাৰ কৰিব নাপালে ঘৰখন দুখত বুৰ যাব। যিসকল বিবেকৱান আৰু সুস্থ চিন্তাৰ মানুহে অদৰকাৰীভাৱে ব্যয় নকৰে, বাহিৰে ৰং চং নকৰে আৰু আঁঠুৱা চাই ঠেং মেলে বহুতে তেওঁলোকক কৃপণ বুলি বিবেচনা কৰে। যেন তেওঁলোকে যুগৰ লগত মিলি চলিব পৰা নাই। ধনৰ অপব্যয় কৰি সমাজৰ চকুত চমক লগাব নোৱাৰাটো যেন লাজ আৰু অসফলতাৰ চিন, হীনমন্যতাৰ কাৰক। গতিকে বহুতে বাধ্য হৈও এনে কিছুমান খৰচ কৰিব লগা হয়।

অবিবেচকভাৱে ব্যয় কৰাতকৈ অলপ সংযম ৰখা আৰু ত্যাগ কৰাটোহে আচলতে উপভোগৰ মূলমন্ত্ৰ। আজি অদৰকাৰী খৰচ এটা নকৰাকৈ থাকিলে হয়তো কাইলৈ দৰকাৰী খৰচ এটাৰ বাবে অথবা নিষ্পাপ সুখ অলপ উপভোগৰ বাবে ধন ৰাহি হʼব। কিন্তু বহুজাতিক কোম্পানীসমূহে বিভিন্ন সহজ ই.এম.আই আৰু কম হাৰৰ সুতৰ লোভ দেখুৱাই আটাইতকৈ অদৰকাৰী বস্তুটোও কিনিবলৈ মানুহক উৎসাহিত কৰে। সেয়েহে আজিৰ মানুহক টকা লাগে, ঢেৰ টকা। কাৰণ প্ৰয়োজনৰ নিত্য নতুন তালিকা তৈয়াৰ হৈ আছে আমাৰ কষ্টোপাৰ্জিত ধনবোৰ চুঁচি নিবলৈ।

আজিৰ সমাজক আৰু নতুন প্ৰজন্মক আত্মসংযম, ত্যাগ আৰু মিতব্যয়িতাৰ শিক্ষাৰ আটাইতকৈ বেছি প্ৰয়োজন হৈছে। মিতব্যয়িতা ব্যক্তি স্বাধীনতা আৰু আত্মসন্মানৰ মূল উপাদান। কিন্তু আজিৰ সময়ত বহুতে ধাৰ কৰিও মিছা ফোঁপ-যহী মাৰিবলৈ ধন খৰচ কৰে (ইয়াত দৰকাৰী খৰচ বা বিপদকালীন (emergency) সময়ৰ খৰচৰ কথা কোৱা নাই। মিতব্যয়ী হ’লেও বহু সময়ত ধাৰ ল’ব লগা হʼব পাৰে। তাত একো লাজৰ কথা নাই)। ধৰুৱা এজনৰ আত্মসন্মান আৰু স্বাধীনতা খৰ্ব হয়। ৰবাৰ্ট বাৰ্নাচে এষাৰ কথা কৈ গৈছে, “যিকোনো সৎ আৰু সন্মানজনক উপায়েৰে বিষয় সম্পত্তি গোটাবা। ধন বোলা বস্তুটো গাঁতত পুতি থবলৈ নহয়। আপোন মৰ্য্যাদাৰে স্বাধীনভাৱে জীয়াই থাকিবলৈহে আমাক ধন লাগে৷”

বি.দ্ৰ.- চেমুৱেল স্মাইলচৰ Thrift (1857) কিতাপখনৰ ড. প্ৰফুল্ল কটকীয়ে কৰা অসমীয়া অনুবাদ ‘মিতব্যয়িতা’ মোৰ অন্যতম প্ৰিয় কিতাপ। সেই কিতাপ প্ৰদত্ত চিন্তাৰ চাপ এই লেখাত পৰিছে। মোৰ দৃষ্টিত এইখন মহান গ্ৰন্থৰ আজিৰ প্ৰেক্ষাপটত যথেষ্ট গুৰুত্ব আছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments