চিন্তাৰ চাকনৈয়া – ৯ :ক্ৰোধ, সততা আৰু কৃত্ৰিম ভদ্ৰতা (_হিতেন্দ্ৰ কুমাৰ শৰ্মা)

 
কাম, ক্ৰোধ, লোভ, মোহ আদি ছটা বদগুণ বা ৰিপুৰ পৰা সদায় নিলগত থাকিব লাগে বুলি মহা মনীষীসকলে কৈ গৈছে। কিন্তু সঁচাকৈ মানুহৰ বাবে এইকেইটা বস্তুৰ পৰা নিলগত থকা সম্ভবনে? মুঠেও নহয়। সাধু-মহাত্মা হৈ সংসাৰৰ মায়া-মোহ ত্যাগ কৰা ঋষিসকলেই যেতিয়া ইহঁতৰ পৰা, বিশেষকৈ কাম আৰু ক্ৰোধৰ পৰা মুক্তি নাপালে, সাধাৰণ মানুহৰ কথাই নাহে। দুৰ্বাসা ঋষিৰ ক্ৰোধৰ কথা বহুতেই জানে। সঁচাকৈ ক্ৰোধৰ পৰা দূৰত থকা বুলি কোৱাজন আচলতে সৎ মানুহ হʼব নোৱাৰে।


ক্ৰোধ মানুহৰ এটা সাধাৰণ স্বভাব, যিটো কম বেছি পৰিমাণে সৎ অথবা অসৎ সকলোৰে ক্ষেত্ৰত দেখা যায়।কিন্তু খং কৰিলেই যে মানুহজন বেয়া হৈ যাব তেনেদৰে ভবাটো ভুল। যদিও ক্ৰোধৰ লগত এটা ঋণাত্মক ভাব জড়িত হৈ আছে, তথাপি সৎ মানুহেও নিজৰ অসন্তুষ্টি ব্যক্ত কৰিবলৈ খং কৰিব পাৰে।ই বেয়া বুলি তেতিয়াহে পৰিগণিত হয়, যেতিয়া কোনো নিৰ্দোষী ব্যক্তিঅনাহকত কাৰোবাৰ খঙৰ বলি হয় অথবা মুখেৰে অশ্ৰাব্য গালি-শপনি নিৰ্গত হৈ পৰিবেশ বিনষ্ট কৰে। কিবা অন্যায় বা অপকৰ্মৰ বিৰুদ্ধে ক্ৰোধ কৰাটো আমাৰ মতে একো বেয়া নহয়।পৰিস্থিতি অনুযায়ী ক্ৰোধ কৰা উচিত, কিন্তু নিয়ন্ত্ৰিতভাবে। ব্যথা আস্ফালন নকৰি ভুল কৰোতাজনক ভুলটো দেখুৱাই দি কাঢ়া সুৰত সকীয়নি দি কৰা ক্ৰোধ প্ৰদৰ্শন যথেষ্ট ফলপ্ৰসু হ’ব পাৰে। কিন্তু ক্ৰোধৰ পৰা দূৰত থাকিবলৈ কোৱা মহৎ লোকৰ বাণীৰে অনুপ্ৰাণিত হৈ যথাসময়ত নিজৰ অভিব্যক্তি প্ৰকাশ নকৰি কৃত্ৰিম ভদ্ৰতা প্ৰদৰ্শন কৰিলে হিতে বিপৰীতহে হোৱা আশংকা অধিক।
নিজে কৰা ভুল বা অপকৰ্ম ঢাকিবলৈ কৰা খং আটাইতকৈ নিকৃষ্ট।ই কাৰো উপকাৰ নাসাধে। আনহাতে, সততাৰ পক্ষত থাকি কৰা খং আজি অতিকৈ প্ৰয়োজনীয়। মনিষী এৰিষ্টʼটলে কৈ গৈছে, “anyone can become angry-that is easy. But to be angry with the right person, to the right degree, at the right time, for the right purpose and in the right way-this is not easy.” কিন্তু আমাৰ সমাজত সহজতে উঠা, অৰ্থহীন আৰু তৰল খংবিধহে বেছিকৈ দেখা যায়।
কোনোৱে কৈ যোৱাৰ দৰে, সমাজখন অসাধু মানুহৰ অন্যায়তকৈ সাধু মানুহৰ মৌনতাৰ বাবেহে বছিকৈ ভুগিব লগীয়া হয়। এনে পৰিপ্ৰেক্ষিতত, ক্ৰোধৰ পৰা দূৰত থাকিবলৈ কোৱা কথাষাৰ সৰ্বাত্মকভাবে মানিব নোৱাৰি।
সাধাৰণতে সততা আৰু শান্ত স্বভাবক একেলগ কৰি দেখা যায়। কিন্তু বহুক্ষেত্ৰত অসৎ মানসিকতাৰ আৰু অসাধু ব্যক্তিৰ মুখতহে কৃত্ৰিম হাঁহিৰ প্ৰলেপ দেখা যায়। তেনে ব্যক্তিয়ে হাঁহিৰ পৰ্দাৰ আঁৰত নিজৰ ধূৰ্ত্ততা আৰু ক্ৰুৰতা লুকুৱাব খোজে।অৱশ্যে এনেকুৱা স্বভাবো সকলো ক্ষেত্ৰতে পোৱা নাযায়।
হাঁহি আটাইতকৈ উৎকৃষ্ট ঔষধ বুলি বিজ্ঞজনে কয়। আনহাতে ক্ৰোধ বা খং সৰ্বতোপ্ৰকাৰে বৰ্জনীয়, অপকাৰী তথা স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি ভবা হয়। কিন্তু কোনো বিজ্ঞ লোকে কৈ গৈছে যে, খং হৈছে সেই জুইকুৰাৰ নিচিনা যিয়ে মনৰ ক্লেশ,হতাশা,দুশ্চিন্তা আদি আবৰ্জ্জনা পুৰি মনৰ বোজা পাতল কৰি তোলে।এইষাৰ ভাবিবলগীয়া তথা যথেষ্ট গুৰুত্বপুৰ্ণ কথা। মনৰ ভিতৰৰ ঋণাত্মক ভাববোৰক মনতে হেচি ৰাখি তাৰ বহিঃপ্ৰকাশ হ’বলৈ নিদিলে সিহঁতে মানুহজনক ভিতৰি ভিতৰি খুলি নাখাবনে? আৰু মুখত হাঁহি ৰাখি অন্তৰত দুৰ্ভাব কঢ়িয়াই ফুৰাটো সততাৰ পৰিচায়ক নহয়, মাথোঁ লোকচক্ষুত শান্ত আৰু ভদ্ৰ বুলি পৰিচয়হে পাব পাৰি। এই ভদ্ৰতা কৃত্ৰিম। যদি মন শুদ্ধ নহয়, তেনে কৃত্ৰিম ভদ্ৰতাৰে সমাজৰ কাৰো একো উপকাৰ নহয়।
আমাৰ ব্যক্তিগত মত এয়ে যে যোগ্য স্থান আৰু পৰিস্থিতিসাপেক্ষে, ন্যায় আৰু সত্যৰ বাবে, নিৰ্ভীকভাবে নিজৰ মত প্ৰ্কাশ কৰা উচিত, দৰকাৰ হʼলে খং,ক্ৰোধ, আৰু অসন্তুষ্টিও সৎভাবে প্ৰকাশ কৰা উচিত। কৃত্ৰিমতাৰে ভৰা সভ্য সমাজত কৃত্ৰিম ভদ্ৰতাৰ মুল্য থাকিব পাৰে, কিন্তু ই ব্যক্তিক নিজৰ চকুতে হেয় প্ৰতিপন্ন কৰায় আৰু নিজৰ মনক শাস্তি দিয়াহে হয়। লোকচক্ষুত ভদ্ৰ আৰু সভ্য হৈ থাকিবলৈ নিজৰ বিবেকৰ ওচৰত অসৎ হোৱাটো কিমান যুগুত?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments