চিন্তা আৰু চৰ্চা (শান্তনু চাংমাই)

|| মানৱ মন: এক অবিৰত যাত্ৰা ||

যদি আত্মা শৰীৰ এটাৰ গৰাকী হয়, তেনেহ’লে তেওঁৰ মন হৈছে সেই জাহাজৰ কেপ্তেইন/অধিনায়ক যি যাত্ৰাপথত নিজৰ পটুতাৰে সকলো ধৰণৰ কাৰ্য নিয়ন্ত্ৰণ কৰে | সচেতন অৱস্থাত সাধাৰণতে মানৱ শৰীৰ এটাই সকলো ধৰণৰ অনুভৱ আৰু বিসংগতি ততালিকে গ্ৰহণ কৰি লয় | প্ৰাকৃতিক ভাৱে কিছুমান অনুভুতি যেনে শোক অথবা প্ৰেমক শ্ৰেণী বিভাজন কৰি কেৱল মানসিক তৰপতে বান্ধি ৰখাটো প্ৰায় অসম্ভৱ কাৰ্য্য | সভ্যতাৰ সতে বাস কৰা এজন মানুহে নিজকে বুজাবলৈ বা পৰিচয় দিবলৈ যাওঁতে কেৱল শাৰিৰীক দিশৰ পৰাই নিজকে দাঙি ধৰাটো সহজতে উপলব্ধ সাধাৰণ জ্ঞান | মানৱ এগৰাকীয়ে স্বাভাৱিকতে নিজকে শৰীৰৰ বিভিন্ন খিৰিকীৰ যোগেদি নিজকে প্ৰকাশ কৰিব খোজে | কোনোবা যদি দুখী হয়, তেওঁ উচুপি নাইবা বেজাৰ কৰি দুখ প্ৰকাশ কৰে | আনহাতে তেওঁ যদি অতিকৈ সুখী, তেওঁৰ চকুৰ মণি উজলি উঠে আৰু ওঁঠত বিয়পি পৰে এক মিচিকীয়া হাঁহি | মনটোক আঘাত নকৰাকৈ শৰীৰটোক আঘাত কৰা, বা শৰীৰত আঘাত নহনাকৈ মনত দুখ দিয়াটো বৰ কঠিন কাম | মানৱ জীৱন-শৈলীয়ে শৰীৰ আৰু মন দুয়োটাকে বিনাকষ্টে একেডাল সূতাৰে বান্ধি ৰাখিবলৈ প্ৰেৰণা যোগাই আহিছে |  কিন্তু কেতিয়াবা এই যোগসূত্ৰই হৈ পৰে অনেক দুখ, শোক আৰু নানাধৰণৰ অনৰ্থৰ মূল কাৰণ যি বোৰৰ মুখামুখি আমি জীৱনৰ বিভিন্ন সময়ত  হ’ব লগীয়া হয় | শৰীৰটোৱে আঘাত পালে মনে যিমান দুখ পায়, তাৰ কেইবাগুণ অধিককৈ শৰীৰে কষ্ট পায় যদিহে কেনেবাকৈ মনটোৱে আঘাত পায় |

কিছুমান কথা ধ্যানত ল’ব লগীয়া | আপুনি কেতিয়াবা কিছুমান কথা লক্ষ্য কৰিছেনে বাৰু ? হাতী বা সিংহ এটাৰ গাত এজন মানুহতকৈ বহু গুণ বেছি জোৰ, কিন্তু নিজৰ শৈলী আৰু বুদ্ধিমত্তা ব্যৱহাৰ কৰি মানুহজনে সিংহ/হাতীটোক কায়দা কৰি বন্দী কৰি থ’ব পাৰে | ডেংগু, মেলেৰিয়াৰ মহে কামুৰি মানুহক শয্যাগত অথবা মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে, কিন্তু তাৰ চিকিত্সাৰ উদ্ভাৱন বা প্ৰতিৰোধৰ ক্ষমতাও আজি মানৱ-জাতিৰ হাতৰ মুঠিত | কথাবোৰ আমোদজনক নহয় নে বাৰু ?

কেনেকৈ বাৰু মানৱ সভ্যতা বাকী জীৱ-জন্তুতকৈ ইমান বেছি আগুৱাই গ’ল ? হয়তো ডাৰ‍উইন চাহাব জীয়াই থকা হ’লে ভালদৰে এই প্ৰশ্নৰ উত্তৰ দিব পাৰিলেহঁতেন | হয়তো তেওঁ ক’লে হয়- যোগ্য ভোগ্যা বসুন্ধৰা, নতুবা আঙুলিয়াই দিলে হয় মানুহৰ মস্তিষ্কটোৰ ফালে, যি শত যুগৰ ঘাত প্ৰতিঘাত, অনুকুল প্ৰতিকুল পৰিৱেশৰ মাজেৰে আগুৱাই আহি আজিৰ উত্তম আৰু উন্নত অৱস্থা পাইছেহি |

ক্ৰমবিকাশৰ ফলত কেইবাঢাপো উধাই যোৱা মানুহৰ মন আৰু মস্তিষ্কক লৈ আজিও চলি আছে নিৰন্তৰ পৰীক্ষা নিৰীক্ষা | হাৰ্ভাড বিশ্ববিদ্যালয়ৰ পণ্ডিত এজনৰ শেহতীয়া এক লেখনিৰ মতে অন্য প্ৰাণীবোৰৰ চিন্তাৰ স্বৰূপ হেনো এডাল সৰল ৰেখাৰ দৰে, যি কেৱল একেটা কথাতহে একেটি সময়ত মনোযোগ দিব পাৰে; অন্যহাতে মানৱৰ চিন্তাশৈলীক বানপানীৰ লগত তুলনা কৰিব পাৰি বুলি ক’লেও অত্যুক্তি কৰা নহ’ব | একে সময়তে মানৱ-মস্তিষ্ক‍ই হেজাৰ চিন্তা কৰাৰ ক্ষমতা ৰাখে | কথাষাৰ নহয় নো কি ? চেহেৰাত হাঁহি লৈ থকা মানুহ এজনে হয়তো তেওঁৰ পৰিবাৰৰ অসুখ লৈ চিন্তান্বিত হৈ থাকিব পাৰে, সমান্তৰাল ভাবে ঠিক একে সময়তে তেওঁ ফোনত জৰুৰী কথা পাতি পাতি ক্লায়েন্ট এজনক সন্তুষ্ট কৰাৰ লগতে কম্পিউটাৰৰ বুটাম টিপি টিপি আন এটা সমস্যাৰ উঁহত ডুবি তাৰ সমাধানৰ ওপৰতো কাম কৰি থাকিব পাৰে |

এই লেখাটো পঢ়ি থকাৰ সময়কণতো আপোনাৰ মনলৈ হয়তো বহুত ধৰণৰ ভাব আহিব পাৰে; আপোনাৰ মনলৈ যি ভাব আহিছে, সি হয়তো আন এজন পাঠকৰ ভাবতকৈ সম্পুৰ্ণ বিপৰীত হ’ব‍ও পাৰে | কাৰণটো নিতান্ত‍ই স্পষ্ট- আপুনি ভ্ৰূণ হিচাপে গৰ্ভত থিতাপি লোৱাৰে পৰা আপোনাৰ মনে আৰম্ভ কৰিছে এক অবিৰত যাত্ৰা, যাৰ অন্ত হয়তো আপোনাৰ মৃত্যুৰ সময়ত হে হ’ব, অথবা মৃত্যুৰ পিছতো চলি থাকিব এই যাত্ৰা- কোনে জানে কোনে ক’ব পাৰে, কোনে দেখিছে আপোনাৰ ভৱিষ্যত ?

——————————————————————————————————————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments