চিলনী: ৰক্তিম গোস্বামী

কোনোবাফালৰ পৰা চিলনীজনী সদায় আহি মোৰ কাষতে পৰেহি।
ফাগুনৰ বতাহৰ লগত যুঁজি যুঁজি দুয়ো নিসংগতাৰ এপিয়লা পি যাওঁ
সদায়। তাই ঈশানমুখী হৈ পুনৰ উৰা মাৰে বৃহৎ দুপাখি মেলি,
নিসংগতাৰ সংগত তৃপ্ত হৈ। মই বাট বুলোঁ ঊশানলৈ স্থিৰ দৃষ্টিৰে।
ব্যস্ততাৰ অসহনীয় কোলাহলত কিস্তি কিস্তি কৈ হেৰুৱা দিনবোৰৰ
প্রতিবিম্ব ডুব যায় শুকান পাতবোৰৰ মাজত ‘খচখচ’ শব্দ কৰি।
চিনাকী গানবোৰ পুৰণা তেজখিনিত পুনৰ ডুবাই লওঁ নিশা দুপৰলৈ।
ৰঙা পিয়লাত জিলিকি উঠা কাৰোবাৰ এটি অচিন কলিজা।
ডাৱৰৰ ওপৰৰ পৰা দেখা পৃথিৱীখন সহজ, সৰু, ধুনীয়া। ঠিক যেন
এটা জীয়া পুতলা। কিয় জানো তাই সদায় পৰেহি মোৰ কাষত
নীলা-নীলা দুচকুলৈ? কিয় টোপনিক ফাঁকি দি আঁকি যায় ৰাতিৰ
আকাশত এটাৰ পাছত আন এটা ৰহস্যময় বৃত্ত। আবেলিটো ধৰি
ৰাখিব পৰা হয়, ধৰি ৰাখিলোঁ হয় সময়ৰ মুঠিৰে।
মৰমৰ কাঁইটডাল মাটিত পুতিলোঁ। দু-ভৰি তিয়ালোঁ তপত বালিত।
মাটিৰ তলেদি যোৱা নীলা নৈ-ত ডুব মাৰিলোঁ, ‘কুলুকুলু’ শব্দৰ
মায়াভেদি। নিস্তব্ধতাৰ ওঁঠ দুটাক একো গম নিদিলোঁ।
দিগন্ত চুব নোৱাৰি। দিগন্তৰ বিশালতা অনুভৱৰ এক মিঠা সংজ্ঞা।
আজুৰি আনি গাঁথি দিবা তোমাৰ মন এই সংজ্ঞাত। জিৰজিৰকৈ
সৰি পৰিব ডাৱৰৰ শুভ্র টুকুৰাবোৰ তোমাৰ মনৰ দুৱাৰদলিত।
দুদিন হ’ল উদং-উদং মন। বৰফ লগা পাখি এটি উৰি উৰি আহি
মোৰ কাষতে পৰিলহি। তাই অহা বাটত বৰফে বান্ধিলে মায়াবি গড়।
মই আগুৱালো..ঈশানলৈ….
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments