চিলাবোৰৰ বাবে – নূপুৰ হাজৰিকা

চিলাবোৰৰ বাবে উৰিব নোখোজো মই৷
কাৰণ, বতাহ যিপিনে’ ঢাল খায়
চিলাবোৰ সেইপিনে’ উৰে৷
চিলাবোৰৰ বাবে কিয় চিগিম মই?
চিলাৰ ৰংবোৰে চকু টানে মোৰো,
কিন্তু ৰং নহওঁ মই
ৰং হৈ উৰিব নোখোজো;

বিবৰ্ণ পাতবোৰক দুখ দি কি লাভ —যি গছৰপৰা উৰিবলৈকে সাৱটি ধৰে ফাগুন!

কাৰোবাৰ হাতৰ সূতাৰ পাক খুলি খুলি চিলা উৰে
উৰণীয়া চিলা আকৌ পাক খাই অন্য সূতাৰে,
সৱ বতাহৰ দোষ৷
ৰঙীন চিলা উৎসৱত হাঁহিবোৰ উৰে শূন্যত
আৰু হাই-উৰুমিত হাৰ মানে অকাৰণ বিষাদে;

বতাহৰ ঢালৰপৰা ফালৰি কাটি আহি
মই জিৰণি লওঁ
নিশ্চুপ পাতৰ দ’মত;

কাৰণ,
চিলাৰ বাবে উৰিব নোখোজো মই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক