চিয়াগীতঃ লোকসংগীতৰ এক অৱলোকন – ৰূপম নাথ

ঐতিহাসিক দৰঙী কলা-কৃষ্টিৰ অন্যতম সাংস্কৃতিক বার্তাবাহক হিচাপে পৰিচিত ‘চিয়াগীত’ৰ ধাৰা ক্রমাৎ বিলুপ্তিৰ পথত৷ সংস্কৃতিৰ ক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰি অহা দৰঙী কলা-কৃষ্টিয়ে যেন পূর্বৰ ধাৰা অক্ষুণ্ণ ৰখাত কিছু পৰিমাণে স্থবিৰ হোৱা পৰিলক্ষিত হৈছে৷ সন্ত-মহন্তসকলৰ দ্বাৰা প্রৱর্তিত ‘পূর্ণধেৰীয়া’ বা ‘বৰখেলীয়া’ ভক্তি ধাৰাটো ক্রমাৎ নিশ্চিহ্ন হোৱাৰ পথত৷ ঠগি সেৱা বা ঠগি কৰণি, মেৰু সেৱা বা মেৰু কৰণি আৰু নগাবেহা বা নগা বেৱহাৰক কেন্দ্র কৰি ঈশ্বৰ উপাসনা কিম্বা ঈশ্বৰৰ গুণানুকীর্ত্তনৰ উদ্দেশ্যে ব্যাপ্তি লাভ কৰা চিয়াগীতে উক্ত তিনিবিধ উৎসক কেন্দ্র কৰি স্থিতি লাভ কৰিছিল৷ সন্ত-মহন্তসকলৰ দ্বাৰা মুখৰোচকভাবে প্রচলন হৈ থকা লোকগীতসমূহ পৰৱর্তী পর্যায়ত ভক্তসকলৰ মাজত প্রসাৰ লাভ কৰিছিল৷ কিন্তু কিছু আদর্শগত খাম-খেয়ালিৰ বাবেই তিনি-চাৰিশ বছৰীয়া ধাৰাটো বিভক্ত হোৱাৰ উপক্রম হ’ল৷ ফলস্বৰূপে মূল ধাৰাটিৰ পৰা ফালৰি কাটি আহি নৱৰূপ পায় ‘ভাগৱত ধাৰা’ হিচাপে৷ এনেবোৰ কাৰণতেই ঐতিহাসিক দৰঙী লোক সংস্কৃতিৰ অন্যতম ধাৰা চিয়াগীত স্থবিৰ হোৱাৰ উপক্রম হ’ল৷
কালক্রমত ব্যাস ওজাৰ বৰেণ্য শিল্পী দুর্গেশ্বৰ নাথৰ অহোপুৰুষার্থত চিয়াগীতে এক নতুন মাত্রা পাবলৈ সক্ষম হ’ল৷ পূর্বসুৰী সন্ত-মহন্তসকলৰপৰা প্রায় ৪২টা চিয়াগীত সংগ্রহ কৰি ১৯৭৪ চনত দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ জৰিয়তে কিতাপ আকাৰে প্রকাশ কৰে৷ তদুপৰি পৰম্পৰাগত সুৰৰ কোনো বিচ্যুতি নঘটাই নবীন-প্রবীন শিল্পীৰ সামঞ্জস্যত চিয়াগীতৰ পৰিবেশন কৰোৱায়৷ নবীন হিচাপে আত্মপ্রকাশ ঘটোৱা টংকেশ্বৰ নাথ, উষাৰাণী নাথ, হিৰণ্যপ্রভা নাথ, ৰুণুমী নাথক পূণোর্দ্যমে সহযোগিতা কৰিছিল আন এগৰাকী প্রবীন শিল্পী-সাহিত্যিক তথা ছিপাঝাৰ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ৰেৱন চন্দ্র নাথে৷
চিয়াগীতসমূহত গুৰু বা মহন্তসকলৰ যশ-খ্যাতি প্রকাশ পোৱাৰ সমান্তৰালকৈ ঈশ্বৰৰ গুনানুকীর্তন বা তেওঁলোকৰ বিভিন্ন সেৱা কার্যত আধ্যাত্মিক ভাবাদর্শৰ মতে মিল থকা তত্বসমূহ চিয়াগীতৰ মাধ্যমেৰে স্মৰণ কৰা হয়৷ এনেবোৰ অর্থতেই ‘চিয়া’ শব্দক মূলতঃ দুই ধৰণে ব্যৱহাৰ হৈ আহিছে–‘সুখ্যাতি’ বা ‘যশ’ আৰু ‘ঈশ্বৰ’ বা ‘ধর্মক স্মৰণ’৷
পৰৱর্ত্তী সময়ত ভকত-মহন্তসকলৰ এই ধাৰাটিৰ প্রতি আকর্ষিত হৈ দৰঙী কোঁচবংশীয় ‘ঠোঠা’ ৰজাই কোনো এজন মহন্তৰ শিষ্যত্ব গ্রহণ কৰা বুলি জনা যায়৷ বৰখেলীয়া ভকতসকলে তেওঁলোকৰ সেৱা-কর্মসমূহ সন্ধিয়া আৰম্ভ কৰি নিশাটোৰ ভিতৰত শেষ কৰে৷ এই সময়খিনিত প্রধানতঃ চাৰিটা সদাচাৰৰ ভিত্তিত সমাপন কৰিব লাগে৷ ‘আদৰণি চিয়া’ অনুভূতিৰে উন্মেষ ঘটোৱা ক্রমনিকাত সোঁৱৰণ কৰিছিলি এইদৰে–
‘গুৰুজন আহিছিল কি লৈ সাদৰিম এ
হৰি মোৰ দিবলৈ নাহিকে একো
পদূলিৰে পৰা আদৰি আনিয়া এ
হৰি মোৰ ভেলৰ পাৰি দিম সাকোঁ৷’
পিছৰ পর্যযায়ছোৱাত ‘তেলজলৰ চিয়া’ নামেৰে ভক্তিৰসৰ উছাহ বোৱাইছিল–
‘অ’ নিজৰ চৰণে আহা বন্ধুসৱ এ
অময়া হাটলৈ যাওঁ৷
অ সেই হাটতে পাও গজমুকুটা
পাহাৰী চিনিবেহাত৷’
সেইদৰেই তৃত্বীয় পর্যযায়ত ‘নগা বেৱহাৰৰ চিয়া’ নামেৰে গাইছিল–
‘অ’ চৈৰাঙ্গৰ বালিতে ৰৈ
নগাই ক্রন্দন কৰে ঐ
অ’ প্রাণৰ গোঁসাই–আহাৰে৷’
সর্বশেষত ‘ভকতৰ বিদায় চিয়া’ শীর্ষক বন্যাৰে অন্ত পেলাইছিল–
‘অ’ কিনো মায়া কৰি যোৱা এ
মোৰে প্রাণকৃষ্ণ মধাই এ
আমাকে তেজিয়া তৰুতলে গমি
থাকিবা কাকেনো চাই৷’
প্রাচীন অসমীয়া ভাষা আৰু কাব্যিক ঠাঁচৰ প্রয়োগত ধর্মীয় গীত হিচাপে চিয়াগীতে গাম্ভীর্য্য ৰক্ষা কৰিছে৷ মিত্রাক্ষৰ ছন্দত ৰচিত এই গীতসমূহৰ শব্দ চয়ন আৰু বাক্যৰ ব্যৱহাৰত সুৰ-লয়-তাল আদি সাংগীতিক বৈশিষ্ট্যৰ সমাহাৰ ঘটিছে৷
তেনে পৰিপ্রেক্ষিততে ১৯৮৬ চনৰ ফেব্রুৱাৰী মাহত দৰং জিলাৰ অন্তর্গত ছিপাঝাৰৰ কেইগৰাকীমান শিল্পীয়ে ‘লোকগীত আৰু দৰঙী চিয়াগীত’ শীর্ষক নামাংকিত শ্রাব্য কেছেট এখনত দুটি গীতৰ বাণীবন্ধন কৰিছিল৷ গীত দুটিত কণ্ঠ নিগৰাইছিল সেই সময়ৰ আকাশবাণী গুৱাহাটী কেন্দ্রৰ যুৱবাণী শিতানৰ শিল্পী টংকেশ্বৰ নাথ প্রমুখ্যে উষাৰাণী নাথ আৰু গজেন নাথে৷ কেছেটটিৰ সংগীত পৰিচালক আছিল স্বনামধন্য শিল্পী প্রভাত শর্মা৷ সংৰক্ষণ তথা প্রচাৰ-প্রসাৰৰ হকে চলোৱা প্রথম প্রচেষ্টা আশাব্যঞ্জক হৈ পৰিছিল৷ সেই সূত্রে ৯০ৰ দশকত আকাশবাণী গুৱাহাটী কেন্দ্রৰ সৌজন্যত চিয়াগীতে নীতিগতভাৱে স্বীকৃতি পাবলৈ সক্ষম হৈছিল৷
আৰম্ভণিতে চিয়াগীতসমুহত ধর্মীয় ভাৱধাৰাৰ উন্মেষণ ঘটোৱা হৈছিল। তথাপি সময়ৰ পৰিপ্রেক্ষিতত থলুৱা বাদ্য সংগত কৰি ইয়াৰ প্রচাৰ আৰু প্ৰসাৰ ঘটাব পাৰিলে লোকসংগীতৰ ক্ষেত্রখনত এটা নতুন অধ্যায়ৰ সুচনা হ’ব বুলি আশা কৰিব পাৰি৷ ২০১৬ চনত ছিপাঝাৰত স্থাপন হোৱা ‘দৰং ওজাপালি আৰু পৰম্পৰাগত পৰিবেশ্য কলাকেন্দ্র’ নামৰ প্রশিক্ষণ কেন্দ্রটিয়ে ব্যুৎপত্তি লাভ কৰাটোৱেই সম্প্ৰতি আশাৰ সৃষ্টি কৰিছে৷ টংকেশ্বৰ নাথৰ জৰিয়তে প্রশিক্ষিত প্রশিক্ষার্থীসকলক প্রশিক্ষণৰ অন্তত মান্যতাৰ প্রমাণ-পত্র একোখনকৈ অর্পণ কৰি অহা হৈছে৷ প্রশিক্ষকৰ পৰা মত পোৱা মতে এই ক্ষেত্রত যুৱপ্রজন্মৰ সঁহাৰিয়ে এক বিশেষ মাত্রা প্রদান কৰিছে৷ আগ্রহী শিক্ষার্থীসকলৰ বোধগম্য হ’ব পৰাকৈ শিকাব পাৰিলে এই লোকসংগীতবিধে নিশ্চয়কৈ স্থিতি লাভ কৰিব বুলি আশা কৰা হৈছে৷ প্রাৰম্ভিকত ছমহীয়া প্রশিক্ষণৰ অন্তত প্রশিক্ষার্থীসকলক প্রদর্শনৰ ওপৰত ভিত্তি কৰি মান্যতাৰ প্রমাণ পত্র প্রেৰণ কৰি অহা হৈছে৷ এই ক্ষেত্রত যুৱ চামৰ উৎসুকতাই বিশেষ মাত্রা পোৱা বুলি প্রশিক্ষক শ্রীটংকেশ্বৰ নাথে প্রকাশ কৰিছে৷ অৱশ্যে শিকাৰুসকলৰ বোধগম্য হ’ব পৰাকৈ সাৱলীলভাৱে শিকাব পাৰিলেহে শিকাৰ প্রতি আগ্রহী হোৱা দেখা যায়৷
নব্বৈৰ দশকত ভদ্রকান্ত নাথ, হিৰণ্য প্রভা নাথ, আদিত্য নাথ, গজেন ডেকা প্রমুখ্যে আকাশবাণী গুৱাহাটী কেন্দ্র আৰু দূৰদর্শন কেন্দ্র, গুৱাহাটী যোগেও চিয়াগীতৰ পৰিবেশন হৈছিল৷ কিন্তু সেয়াও ক্ষণিকৰ বাবেহে প্রদর্শিত হৈ থাকিল৷
চিয়াগীতৰ উৎপত্তি যদিও দৰঙৰ মাজমজিয়াত হৈছিল, তথাপি ইয়াৰ প্রসাৰৰ হকে কোনো পদক্ষেপ লোৱা হোৱা দেখা নাযায়৷ ৰাজ্যৰ বিভিন্ন মঞ্চত দর্শক-শ্রোতাৰ মনোগ্রাহী হোৱাকৈ চিয়াগীতৰ পৰিবেশন কৰিলে সুধী সমাজে নিশ্চয় আদৰি ল’ব৷ তদুপৰি ছপা মাধ্যম বা বৈদ্যুতিক মাধ্যমৰ অৱদানে এই ধাৰাটিৰ প্রসাৰত সহায়ক হ’ব বুলি সচেতন মহলে আশা কৰিছে৷
বহুদিন বিৰতিৰ মূৰত সাম্প্ৰতিক সময়ৰ সৈতে মিলিব পৰাকৈ দৰঙী-সংস্কৃতিৰ অন্যতম ধাৰাটোক ইউটিউবত উপলভ্য কৰোৱা হৈছে। শিল্পী টংকেশ্বৰ নাথ প্ৰমুখ্যে অন্যান্য সহযোগী শিল্পীসকলৰ সহযোগত বাণীবদ্ধ কৰা ইউটিউবলৰ লিংকটো আগবঢ়োৱা হ’ল – https://youtu.be/uE5C1Botlxo

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক