চিৰসংগী (মানসজ্যোতি নাথ)

সিদিনা মই সাৰ পাই উমান লৈছিলোঁ
হয়তো পুৱা হল ; সূৰ্য্য ওলাল৷
মাক চিঞৰি মাতিছিলো
”মা মা, মোক বাহিৰলৈ লৈ ব’লা
আজি মই কিৰণ সানিম,মোৰ দেহত”
 
মা গৰজি উঠিছিল৷
ৰুগীয়া শৰীৰক আওকাণ কৰি
মোক চোতালত বহুৱাই থৈ গৈছিল৷
কিয় নথব?
একমাত্ৰ সন্তান যে মই ৷
 
নিশব্দ, নিজান চাৰিওদিশ
উন্মনা মোৰ মন, সূৰ্য্যৰ কিৰণ লবলৈ
নাই,নাই বহুত সময় গল৷
একো সাৰ-সুৰে নাই৷
 
বাটৰ পৰা কোনোবাই ৰিঙিয়ালে
“বোপা শোৱাগৈ যোৱা,
কি কৰি আছা,এই দোভাগ ৰাতি৷”
কান্দি উঠিল মোৰ মনটো
মানুহে কয়, ভগৱানৰ বোলে ভুল নহয় ৷
কিন্তু মোৰ অন্ধতাই ভগৱানৰ
ভুলৰ উদাহৰণ-
অন্ধতাই মোৰ বৈৰী,
অন্ধতাই মোৰ চিৰসংগী ৷
আত্মহত্যা কৰিবও মন যায়
কিন্তু কেনেকৈ কৰিম?
মইটো নিজে একো কৰিব নোৱাৰো…
কাৰণ মই অন্ধ ৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক