চিৰসেউজ–হিৰণ্ময়ী গগৈ কোঁৱৰ-

ক’ৰবালৈ যোৱাৰ সময়ত আলমাৰিটো খুলি বিপাঙত পৰে ৰূপলেখা৷ বছৰে বছৰে সামৰি যোৱা কাপোৰেৰে ঠাহ খাই থকা আলমাৰীটো! আৰু পিন্ধাৰ সময়ত সেই পুৰাতন সমস্যাটো!

তাৰে মাজৰপৰা আজি তাই পাতল সেউজীয়া ৰঙৰ কপাহী শাৰীখন উলিয়াই ললে৷ ভালেমান দিন জাপতে থকা বাবে অলপ সোঁতমোঁচ হৈছিল৷ তাৰ লগত মিলাকৈ ব্লাউজ এটাৰ সৈতে শাৰীখন তাই ইস্ত্ৰী কৰি ললে৷

কেইবাদিনো বৰষুণ নিদিয়া উৎকট গৰমৰ বতৰ৷ ৰ’দটোও যেন ওলাওঁ বুলিয়েই ওলাইছে৷ পাতল সেউজীয়া ৰঙৰ কপাহী শাৰী পৰিহিতা ৰূপলেখা চকুত চানগ্লাছ, মূৰত হেলমেট আৰু আৰু গাত চামাৰ কোটটো পিন্ধি স্কুটীখন লৈ ওলাই আহিল৷ এইখিনি সময় ব্যস্ততম সময়৷ ৰ’দ, বৰষুণ নেওচি ৰাস্তা পদূলিবোৰ প্ৰাণৱন্ত, সজীৱ হোৱাৰ সময়৷ এই সজীৱতাত তায়ো আহি চামিল হ’লহি৷ গাড়ী-মটৰ, চাইকেল, বাইক, স্কুলীয়া লৰা-ছোৱালী আৰু চাকৰিলৈ ওলোৱা মানুহৰ ভিৰ অতিক্ৰমি আহিবলৈ আজিকালি ৰূপলেখাৰ ভয় নালাগে৷ বৰঞ্চ বিভিন্ন মানুহৰ বিভিন্ন মুখবোৰ চাই চাই আহিবলৈ তাইৰ ভালহে লাগে৷

চিনাকি মিঠাই দোকানখনৰ সন্মুখ পোৱাত ৰূপলেখাই স্কুটীখন ৰখালে৷ তাইক নামি যোৱা দেখিয়েই ল’ৰাটোৱে মিঠাইখিনি পেক কৰিলে আৰু তাইলৈ আগবঢ়াই দিলে৷ কালিয়েই কৈ থৈ গৈছিল৷ মিঠাইৰ পেকেটটো লৈ পইচাটো দি তাই ওলাই আহিল৷ অফিচৰ চকীদাৰজনে এনেকুৱা কামবোৰ কৰি নিদিয়া নহয়৷ কিন্তু ব্যক্তিগত কামত মানুহজনক লগাবলৈ তাইৰ সত্ নাযায়৷

স্কুটীখন অফিচৰ গেটেদি সুমুৱাই একাষৰীয়াকৈ নি টিঙৰ দীঘলীয়া চালিখনৰ তলত আনবিলাকৰ সৈতে সমান্তৰালকৈ ৰখাই ৰূপলেখাই ষ্টাৰ্ট বন্ধ কৰিলে৷ অভিজ্ঞ হৈ পৰিছে তাই৷ প্ৰথমতে তাই ঠেলি ঠেলিহে সুমুৱাইছিল৷ তাকো ভয়ে ভয়ে৷ সেই ভয়টো আজিকালি তাইৰ একেবাৰেই নাই৷ আৰু দুখনমান বাইক আৰু স্কুটী আছিল৷ সকলোৰে নিজৰ নিজৰ নিজৰ ঠাই আছে৷ এই ঠাইটুকুৰা লৈ কোনো কোনোৰ কেতিয়াবা তৰ্কাতৰ্কিও হৈছে৷ তাইৰো নিজাকৈ এটুকুৰা আছে৷ এইটুকুৰাত আগতে ৰাজবীৰে বাইকখন থৈছিল৷ তাইৰ স্কুটী নাছিল তেতিয়া৷ হেলমেটটো খুলি তাই হেণ্ডেল এডালত ওলমাই থলে৷ চামাৰ কোটটো খুলি জোকাৰি দিলে৷ ৰাস্তাটো ধূলিময় হৈছে৷ তেনে সময়তে তাই সৌৰভ কাকতিৰ বাইকখন ৰাস্তাৰে অহা দেখিলে৷ তাইৰ স্কুটীখনৰ কাষতে কাকতিৰ ঠাই৷ তাই চানগ্লাচযোৰ খুলিব খুজিও ৰৈ গ’ল৷ চামাৰ কোটটো জাপি স্কুটীখনৰ বক্সটোত ভৰাই তাই ততাতৈয়াকৈ স্কুটিৰ হেণ্ডেলৰ পৰা ব্ৰাউন ৰঙৰ হেণ্ডবেগটো আৰু মিঠাইৰ টোপোলাটো হাতত ললে৷

পাতল সেউজীয়া ৰঙৰ কপাহী শাৰী পৰিহিতা ৰূপলেখা মিডিয়াম হিলৰ চেণ্ডেলৰ মৃদু শব্দ তুলি কৰিড’ৰটোৱেদি নিজৰ ৰূমলৈ আগবাঢ়িল৷ বিন্দু বিন্দু ঘামৰ কণিকাবোৰে তাইৰ পিঠিখন তিয়াই পেলাইছিল৷ ৰূপলেখা ধুনীয়া হয়নে নহয় সেয়া বিচাৰ্য নহয়৷ কিন্তু তাই সজীৱ৷ ধুমুহাৰ মুখামুখি হব পৰাকৈ শক্তিশালী৷ মানুহৰ চকু যাব পৰাকৈ ভৰুণ৷ ভালেই হওক বা বেয়াই হওক৷ এই চাৱনিবোৰক উপেক্ষা কৰিবৰ বাবেও তাইক চানগ্লাছখন লাগে৷

“ ৰূপলেখা! “

নিচেই কাষতে সৌৰভ কাকতিৰ মাত শুনি তাই আচৰিত হ’ল৷ এইমাত্ৰ ৰাস্তাতেই দেখি আহিছিল৷ দৌৰি আহিল নেকি?

তাইক লগ পাবলৈকে নে!

সৌৰভ কাকতিৰ প্ৰয়োজনাধিক মনোযোগ তাইৰ ভাল নালাগে৷ বেয়া লাগিবলগীয়াকৈও তেওঁ কাহানিও একো কোৱা নাই৷ একো কৰাও নাই৷ এদিন তাই খোজকাঢ়ি আহি থাকোঁতে তাইক তুলি লৈও আনিছিল৷ মিচেছ হাজৰিকাই তাইক গেটৰ সন্মুখতেই পাইছিল৷ তেওঁৰ দৰে বক্ৰচাৱনি আৰু কথাৰে তাইক কোনোবাই লেহন কৰে বুলিহে ৰূপলেখাৰ ভয় লাগে৷

তাই সৌজন্য দেখুওৱা উচিত৷

“ আহিলে সৌৰভদা? “ তাই সুধিলে l

“ আজি বৰ গৰম বুইছা! এনেকুৱা বতৰত পাতল ৰঙৰ কপাহী কাপোৰ পিন্ধিব লাগে৷”

“ওম হয়৷“ তাইক দেখিয়েই কাকতিয়ে কথাকেইটা কোৱা যেন লাগিল৷ তাই খৰকৈ খোজকেইটা দিলে যাতে বেছি কথা পাতিবলগীয়া নহয়৷ তাই জানে এতিয়া অফিচটোৰ চুক কোণৰ পৰা দৃষ্টিবোৰ এইফালে উফৰি আহিছে৷ বেছি হ’বলৈ দিয়া উচিত নহয়৷

সৌৰভ কাকতিয়েও তাইৰ সমানে সমানে গপগপাই খোজ দিলে৷ তাই নিজৰ কোঠাত সোমোৱাৰ পাছত তেওঁ আগলৈ গ’ল৷ তেওঁৰ নিজৰ কোঠাৰ ফালে৷

তাই চানগ্লাছযোৰ খুলি হাতত ল’লে৷

কোঠাটোত সোমায়ে তাই মিচেছ হাজৰিকাৰ কাঢ়া লিপষ্টিকেৰে সজোৱা চকচকীয়া ফুলাম হাঁহিটোৰ সন্মুখীন হ’ল৷ মিচেছ হাজৰিকা চৌখিন৷ ব্ৰেণ্ডেড বস্তুৱেহে তেওঁক আৰাম দিয়ে৷ দেশী-বিদেশী ব্ৰেণ্ডৰ নাম তেওঁৰ মুখতে থাকে৷

“এইটো ব্ৰেণ্ডৰ ফেচপেক লগাবাচোন৷“ “এইটো ব্ৰেণ্ডৰ জোতা ল’বাচোন৷“ “এইটো ব্ৰেণ্ডৰ পাৰফিউম লগাবা! ……“ তেওঁ তাইক উপদেশ দিয়ে৷ তাই শলাগ লয়৷ বেছিভাগৰ নাম তাই তেওঁৰ মুখতে প্ৰথম শুনা৷ কাপোৰৰ ৰঙৰ সৈতে হাজৰিকাই বেগ- চেণ্ডেলৰ ৰঙো মিলায়৷ এই গৰমতো মেলি থোৱা ষ্ট্ৰেইট কৰা চুলিকোচা এহাতেৰে লিৰিকি-বিদাৰি ধুনীয়াকৈ মানুহক ভুলাব পৰাকৈ কথা কয়৷

সৌৰভ কাকতি যোৱাৰ ফালে তেওঁ চাই লেনিয়াই কৈ উঠিল৷

“আহিলা ৰূপলেখা৷“

তাই কথাষাৰৰ অৰ্থ বঢ়িয়াকৈ বুজিলে৷ বক্ৰ কথাবোৰো হাজৰিকাই চিধাকৈ ৰহণ লগাই ক’ব জানে৷ আগেভাগে সবকে মাতে৷ তাইৰ দৰে নিমাতী নহয় তেওঁ৷

“এয়া হাজৰিকা বাইদেউ৷“

খঙটো উঠি আহিছিল যদিও তাই নৰমকৈয়ে কলে৷ এনেকুৱা খংবোৰ সামৰি লব পৰাকৈ তাই সবল হৈ উঠিছে৷ সহিলে বোলে সম্পদ পায়৷ তাইক সম্পদ নালাগে৷ এই বৰ্তমানটো আৰু অতীতটো, যি অতীতে তাইক ঠেলি আনি এইখিনি পোৱালেহি সেয়াই তাইৰ সম্পদ৷ ভৱিষ্যৎৰ কথা তাই চিন্তা নকৰে৷

তাই কোঠাটোত এবাৰ চকু ফুৰালে৷ বেছিভাগ টেবুলেই খালী৷ কোনো কোনো আহি বাহিৰলৈ ওলাই গৈছে৷ বৰাদা আছিল৷ তাই তেওঁক মাতষাৰ লগালে৷ অফিচৰ মানুহবোৰে তেওঁক বৰ ভাল নাপায়৷ তেওঁৰ কামৰ বাবে বোলে বাকীবোৰৰ অংকত আউল লাগে৷ কোন আহিছে কোন, নাই অহা তেওঁ সেইবোৰলৈ চকু নিদিয়ে৷ আহিয়ে নিজৰ কামত ধৰে৷ অজয়ে তলমূৰ কৰি কোঠাটো সাৰি আছিল৷ তাক মিচেছ হাজৰিকাই দেখিব নোৱাৰে৷ তাৰ বোলে চৰিত্ৰ ভাল নহয়৷ তেওঁলৈ বেয়াকৈ চায়৷ সিয়ো আজিকালি তেওঁ থাকিলে মুখখন গোমোঠা কৰি থাকে৷ তেওঁ নাথাকিলেহে তাইৰ লগত সি কথা পাতে৷ তাইৰ টেবুলখন এঘঁহা বেছিকৈও দি থৈ যায়৷ ৷ দেউতাক বোলে সি সৰু থাকোঁতেই ঢুকাল৷ মাক আৰু ভনীয়েক এজনী আছে৷ ভনীয়েকজনী কলেজত পঢ়ি আছে৷ সি পঢ়া এৰিলে৷ এবছৰমান কলেজলৈ গৈছিল বোলে৷

তালৈ চাই তাই মিচেছ হাজৰিকাৰ ফুলাম হাঁহিটোলৈ মনত পেলালে৷

তাইৰ কাষতে মিচেছ হাজৰিকাৰ টেবুল৷ তেওঁ আজিকালি সোনকালে আহে৷ ড্ৰাইভাৰে থৈ যায়৷ ঠিক সৌৰভ কাকতি অহাৰ সময়তে৷ কাকতিৰ সৈতে কৰিড’ৰটো একেলগে আহিবলৈ পালেও তেওঁ শান্তি পায়৷ আজি অংকটো অকণমান খেলিমেলি হৈ গ’ল৷ হঠাতে তাইৰ কথাটো মনলৈ আহি গ’ল৷ ছেঃ! কিয় ভাবিছে তাই এইবোৰ!

“গৰমত স্কুটী চলাবলৈ মন নাযায় চাগৈ ন? “

তাই স্কুটী আনিছেনে নাই সেই কথাটো নিশ্চিত কৰিবৰ বাবেই চাগৈ তেওঁ কথাকেইটা সুধিলে৷

“নহলে উপায়ো নাই নহয় বাইদেউ৷“

কথাটো শুনি তেওঁ আশ্বস্ত হ’ল৷ নহ’লে আক’ কেনেবাকৈ সৌৰভ কাকতিৰ বাইকত! এদিন তেওঁক দেখিও সৌৰভ কাকতিয়ে নেদেখাৰ ভাও জুৰি গুছি আহিছিল৷ এই কথাটোৱে তেওঁক এতিয়াও জ্বলাই মাৰে৷ এই ৰূপলেখাজনীকহে কাকতিয়ে পাত্তা দিয়ে!

মিচেছ হাজৰিকা প্ৰগলভা৷ তেওঁৰ অলেখ কথাৰ ভাগ তাইক দিয়ে৷ কিছুমান কথা তাইৰ ভালো লাগে৷ কেতিয়াবা তাই বিৰক্ত হয়৷ কথাই কথাই তেওঁ সৌৰভ কাকতিৰ গাতে পৰিয়েই দিব খোজে৷ সৌৰভ কাকতিয়ে আকৌ তেওঁক দেখিলেই পলায়৷ দৃষ্টিকটুভাবে ধৰা পৰে কথাটো৷ কথাটো ভাবিলে তাইৰ হাঁহিও উঠে৷ আৰু সৌৰভ কাকতিয়ে তাইৰ লগত কথা পতাটো তেওঁ ভাল নাপায় বুলি তাই জানে৷ অসমৰ বাহিৰত পঢ়ি থকা পুত্ৰ কন্যাৰ ফটো দেখুৱায়৷

স্বামীয়ে জন্মদিনত দিয়া পাটৰ কাপোৰযোৰ পিন্ধি তোলা ফটোবোৰ তেওঁ ফেচবুকত আপলোড কৰে৷ তাই কমেণ্ট নিদিলে অভিমানো কৰে৷ স্বামীয়ে বিবাহ বাৰ্ষিকীত দিয়া হীৰাৰ আঙুঠিটো সগৌৰৱে দেখুৱায়৷ অফিচিয়েল ট্যুৰত যোৱা স্বামীয়ে তেওঁলৈ কিবাকিবি আনিয়েই থাকে৷ মানুহে ফুচফুচাই কয় তেওঁৰ সকলোবিলাক ট্যুৰ অফিচিয়েল নহয়, তেওঁৰ বোলে গুৱাহাটীতো এখন সংসাৰ! তাৰ পাছতো মানুহগৰাকীয়ে ইমান ধুনীয়াকৈ হাঁহি-মাতি সাজি-কাচি থাকে! মিছা নেকি এইবোৰ৷ তেওঁলৈ আঁৰ চকুৰে চায় তাই৷ মোবাইলৰ ফ্ৰণ্ট কেমেৰা অন কৰি তেওঁ ফেচিয়েল কৰি উজ্জ্বলাই থোৱা মুখখন চাই মিহিকৈ হাঁহি এটা মাৰে৷ আছেনেকি এই মানুহজনীয়ে ঢাকি থোৱা অন্য এজনী মানুহ৷ বা নিজক ঢাকিবলৈয়ে তেওঁৰ এই ৰূপ নেকি?

“ৱাও ৰূপলেখা আজিও নতুন শাৰী! সদায় সদায় ব্ৰেণ্ড নিউ কাপোৰ!“ মোবাইলটো সামৰি তেওঁ তাইৰ ফালে চাই কৈ উঠিল৷ ৰূপলেখা অকণমান অপ্ৰস্তুত হৈ পৰিল৷ তাই ভবা কথাবোৰ তেওঁ গম পালেনেকি বাৰু!

কালি অৱশ্যে তাই নতুন শাৰী এখন পিন্ধিছিল৷ এইখন শাৰী দেখিলে নতুন যেন নালাগে৷ সামৰোতে সামৰোতে ক’ৰবাত দুটা-এটা দাগো বহিছে৷ কিয় বা ক’লে তেওঁ! মিচেছ হাজৰিকাৰ দামী শাৰী অথবা মেখেলা-চাদৰযোৰ বা চেলোৱাৰবোৰৰ তুলনাত তাইৰ শাৰীখন একোৱেই নহয়৷

সেইদিনাও তাই এইখন শাৰী পিন্ধিছিল৷ ৰাজবীৰৰ বাইকত উঠি তাই ৰাজবীৰৰ প্ৰিয় ৰঙেৰে সেউজীয়া হৈ অফিচলৈ আহিছিল৷ অফিচত চাহ-মিঠাই খুৱাইছিল৷ সকলোৱে সিহঁতক জোকাইছিল৷ লাজ লাজকৈ তাই উপভোগ কৰিছিল সময়খিনি৷

“যোৱা যোৱা সোনকালে যোৱাগৈ৷ এনজয় কৰা৷“

মিচেছ হাজৰিকাই সিহঁতক চুটী লোৱাই সোনকালে পঠিয়াই দিছিল৷ মিচেছ হাজৰিকাৰ প্ৰতি কৃতজ্ঞ হৈ ৰৈছিল সিহঁত৷ সন্ধিয়ালৈ দুয়ো ওলাই গৈছিল চিনাকি নদীখনৰ পাৰলৈ৷ নৈপৰীয়া চেঁচা বতাহজাকে আদৰেৰে সম্ভাষণ জনাইছিল দুয়োকে৷ উপেক্ষা কৰা নাযায় এই আদৰক৷ হাতে হাত ধৰা-ধৰিকৈ কথা পাতি পাতি বহি ৰৈছিল সিহঁত বহুপৰ৷ ঔৎসুক্যতাৰে চাইছিল মানুহে সিহঁতলৈ৷ লাজতে তাই এৰুৱাই অনা হাতখন ৰাজবীৰে জোৰকৈ ধৰি ৰাখিছিল৷

“ চাওক দিয়া৷ পতি-পত্নী আমি৷“

সিহঁতৰ প্ৰিয়তম দিন এইটো!

এই দিনটো তাই উদযাপন কৰিব খোজে৷ ৰাজবীৰৰ প্ৰিয় ৰঙটোৰে নিজকে মেৰিয়াই তাই অনন্য সুখ অনুভৱ কৰে৷

“মোৰ সকলো কাপোৰ ব্ৰেণ্ড নিউ নহয়৷ এইখন কিন্তু সদায়েই ব্ৰেণ্ড নিউ৷ এইখন ৰাজবীৰে দিয়া প্ৰথম উপহাৰ৷“

কথাখিনি মনৰ ভিতৰতে কৈ ৰূপলেখাই মিঠাইৰ পেকেটটো খামুচি ধৰিলে৷ আজিও তাই অফিচত চাহ মিঠাই খুৱাব৷

আজি সিহঁতৰ বিবাহ বাৰ্ষিকী!

তাৰ পিছদিনাইতো! উফ্! সেই ৰক্তাক্ত দিনটোৰ কথা তাই মনত পেলাব নোখোজে৷

সেউজীয়া হৈ থাকিব খোজে তাই! সেউজীয়া!

“নতুনেই বাইদেউ৷“ মিচেছ হাজৰিকাৰ ফালে চাই তাই ক’লে৷

***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক