চিৰিলি চিৰিলি সৰলৰে পাত (জোনা নায়ক)

বহুদিনৰ আগতে তাই এই গানটো শুনিছিল, খুব সম্ভৱ চাৰু গোহাঞিৰ৷ ৰ’দালিত চিকমিকোৱা চিৰিলি চিৰিলি পাতবোৰেৰে ওখ ওখ গছবোৰ চোৱাৰ হেঁপাহটো তেতিয়াই জাগিছিল৷ নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি (নেহু)ৰ শ্বিলং কেম্পাচত পঢ়িবলৈ আহি প্ৰথমবাৰ দেখিছিল তাই শাৰী শাৰী সৰল গছবোৰ আৰু প্ৰথম দেখাতেই প্ৰেমত পৰিছিল- বেজীৰ দৰে জোঙা পাত এটাৰ আগত ৰাতিপুৱাৰ সূৰুযৰ কিৰণ পৰি তিৰবিৰাই এই সৰো এই সৰো কৈ ওলমি থকা নিয়ৰৰ টোপাল এটাৰ৷ আৰু তাকে চাবলৈ সদায় ৰাতিপুৱা অগভীৰ বননিত গানটো গুণগুণাই খোজ কঢ়াটো এটা নিয়মত পৰিণত হৈছিল৷ প্ৰতিটো দেওবাৰে ওখোৰা মোখোৰা একা বেকা বাটবোৰেৰে খোজ কাঢ়ি কাঢ়ি ভাগৰ লাগিলে পাইন ষ্ট্ৰবোৰৰ ওপৰত শুই শুই চৰাইৰ গীত শুনিছিল৷ কেতিয়াবা মন গ’লে দুই এটা পাইনক’ন ৰুমলৈ লৈ আহিছিল৷ কিনকিনিয়া বৰষুণ দিলে শিহৰণৰ মাত্ৰাটো আৰু অলপ বেছি হৈছিল৷ বৰষুণ বেছি হ’লে তিতি তিতি হোষ্টেললৈ দৌৰ মাৰিছিল৷ সৰল গছৰ প্ৰতি তেতিয়াই আৰম্ভ হোৱা এক ধৰণৰ দুৰ্বলতা মগজুৰ সেই বিশেষ কোষবোৰত খোপনি পুতি বহিছিল৷ ঠাইখনৰ সৌন্দৰ্য্যই মুগ্ধ নকৰা মানুহ তাই খুব কমেইহে লগ পাইছিল৷ পূৱৰ স্কটলেণ্ড বুলি এনেয়ে নকয় শ্বিলঙক- তাই ভাবিছিল৷

দিন বাগৰি বাগৰি দুটা বছৰ যেন খুব সোনকালেই পাৰ হৈ গৈছিল৷ মাষ্টাৰ্চ কৰি উঠি বাহিৰৰ পৃথিৱীখন চোৱাৰ হেঁপাহত জি আৰ ই আৰু টফেল পৰীক্ষা দিছিল তাই৷ আৰু পি এইচ ডি কৰিবলৈ এদিন ঘৰৰ অনিচ্ছা সত্বেও সাত সাগৰ তেৰ নদী পাৰ হৈ ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়া চেন ডিয়েগো (ইউ চি এচ ডি)লৈ গুচি আহিছিল৷ মৰমৰ ঘৰখনৰ লগতে আৰু বহু কিবা কিবি এৰি থৈ আহিছিল তাই৷ তাইৰ সতে কথা পতা ওখ ওখ সৰল গছবোৰ, সেউজীয়া পাহাৰবোৰ, বৰষুণৰ জাকবোৰ, তাইক দেখিলে সৰলৰ পাতৰ আগৰ টোপালটোৰ দৰেই চিকমিকাই উঠা চকুযোৰ আৰু এখন সপোনপুৰী- চেৰাপুঞ্জী আৰু তাত ওপঙি থকা ডাৱৰবোৰ৷

চেন ডিয়েগোলৈ আহি বহুদিন তাইৰ একোতে মন বহা নাছিল৷ বৰ বেয়া লাগিছিল নিজৰ ঠাইখনৰ লগতে বহু কিবা কিবি এৰি থৈ আহি৷ বুকুত যেন গধুৰ শিল এটা কঢ়িয়াই লৈ ফুৰিছিল৷ ক্যলট্চাৰ্ল শ্বকটোও কম নাছিল৷ নতুন পৰিবেশটোৰ সতে খাপ খাবলৈ তাই পাৰ্য্যমানে চেষ্টা কৰিছিল৷ লাহে লাহে চকুত পৰিছিল সৰল গছবোৰ৷ ৰাতিপুৱা শুই উঠি খোজকঢ়া অভ্যাসটো অব্যাহত ৰাখিছিল তাই৷ নিজৰ সতে কথা পতাৰ তাতকৈ ভাল সময় জানো আছে! দেওবাৰে ৰাতিপুৱা ডৰ্মিটৰিটোৰ গাতে লাগি থকা আম্ব্ৰেলা পাইনডালৰ তলত শুই শুই ৰ’দৰ আমেজ লোৱাৰ লগতে ভাল লগা কিতাপ এখনত নিজকে হেৰুৱাই চাইছিল৷ মাজে মাজে ওপৰমুৱা হৈ পাতবোৰৰ ফাঁকেৰে দেখা পোৱা আকাশৰ নীলাখিনি উপভোগ কৰিছিল৷ কেম্পাচটোত থকা সৰল গছৰ পাতৰ আগৰ টোপালটো একেটা সূৰুযৰ কিৰণত একে ধৰণে তিৰবিৰালেও ইয়াৰ গছবোৰৰ প্ৰজাতিটো শ্বিলঙৰ প্ৰজাতিতকৈ বেলেগ আছিল৷ বৈষম্যতকৈ সাদৃশ্যবোৰ চোৱাতহে বেছি আগ্ৰহী কাৰণেই হেনো অনিন্দিতাক তাৰ ভাল লাগিছিল, ইয়ালৈ গুচি অহাৰ আগতে শেষবাৰৰ বাবে উমিয়াম লেকৰ পাৰত লগ কৰাৰ দিনা সি কৈছিল৷ সেউজীয়া নহ’লেও চেন ডিয়েগোৰ সৰু সৰু পাহাৰবোৰ, পাহাৰৰ উঠা নমা ৰাষ্টাবোৰ লাহে লাহে তাইৰ ভাল লাগিব ধৰিছিল৷ ৰাষ্টাৰ কাষে কাষে থকা পাইন গছবোৰে শ্বিলঙৰ পৰিৱেশটো অলপ হ’লেও মনত পেলোৱাত সহায় কৰিছিল৷ আৰু সুবিশাল প্ৰশান্তৰ পানীত ভৰিখন ডুবাই কি যেন প্ৰশান্তিত বুৰ গৈছিল তাই৷ সাগৰখনৰ পাৰত বহি শুনা ঢৌবোৰে সৃষ্টি কৰা শব্দটোৱে তাইক লৈ গৈছিল শৈশৱৰ সেই মূহুৰ্তকেইটালৈ য’ত দক্ষিণ ভাৰত ফুৰি আহি কোনো আত্মীয়ই উপহাৰ দিয়া শংখটো কাণত লৈ প্ৰথমবাৰৰ বাবে তাই অনুমান কৰাৰ চেষ্টা কৰিছিল সাগৰৰ কল্লোল৷

: ব’লানা এবাৰ সেই পাহাৰখনৰ ওপৰলৈ, মেঘখিনি চুই আহো৷
::পগলা নেকি ধেইত৷
: সবৰে লগত পগলামি কৰিব নোৱাৰি নহয়- হাঁহি হাঁহি কৈছিল তাই৷
:: দেখা নাই, কিমান ওখ? আৰু ইমান ওচৰত ইমান ডাঙৰ গিৰিখাত, ভয় লাগে মোৰ৷

টৰী পাইনচ ষ্টেট ন্যট্চাৰ্ল ৰিজাৰ্ভত লগৰবোৰৰ সতে হাইকিং কৰিব যাওতে মনত পৰিল তাইৰ, অবিজিতৰ লগত চেৰাপুঞ্জিলৈ যোৱাৰ দিনটো৷

: জীৱনত এবাৰ হ’লেও ভয় লগা কিবা এটা কৰি চাব লাগে৷ ক্যানিয়নটোৰ কথা নাভাবি ধুনীয়া মেঘখিনি আৰু সেউজীয়াখিনিৰ কথা ভাবা৷
:: তোমাৰ নিচিনা সপোন বিলাসী মই হব নোৱাৰো৷
: মোৰ চকুৰে এবাৰ পৃথিৱীখন চাবৰ চেষ্টা কৰাচোন৷
:: আনক সলনি কৰাৰ চেষ্টা নকৰাই ভাল, অনু৷
: নিজকেই সলনি কৰিব পৰা নাই, আৰু আনক? মই মাথো দৃষ্টিকোণ সলনি কৰাৰ কথাহে কৈছো অবি৷

দৃষ্টিকোণ সলনি কৰি কৰি পাহাৰখনৰ ওপৰৰ পৰা চাৰিওফালৰ ছবিবোৰ চাই থাকে তাই৷ ওপৰৰ পৰা ধুনীয়াকৈ দেখি- প্ৰশান্তৰ বিশাল ঢৌবোৰে কেনেকৈ সৰু পাহাৰখনৰ ওখ ওখ শিলবোৰক বাৰে বাৰে খুন্দিয়াই যায় আৰু তথাপিও কেনেকৈ মূৰ তুলি থিয় হৈ থাকে সিহঁত অনন্তকাল৷

… … …

চেৰাপুঞ্জি৷ হয়, সেয়া যেন তাইৰ শ্বাংৰি-লা৷ বাৰে বাৰে গ’লেও আমনি নালাগিব যেন লগা এক সপোনপুৰী৷ দলংখনৰ ৰেলিংডালত বহি গোটেই দৃশ্যটো চাই আছিল তাই৷ কিনকিনিয়া বৰষুণ৷ ডাৱৰবোৰক্যানিয়নটোৰ তলৰ পৰা মাজভাগ পৰ্য্যন্ত বিয়পিছে৷ কাষৰ পাহাৰখনত জলপ্ৰপাতকেইটা বৈ আছে অবিৰাম৷ এয়া কি? ওৰণি আঁতৰাই বেলিটো ওলোৱাৰ লগে লগে তলত এঠাইত থুপ হৈ থকা ডাৱৰবোৰ যেন লৰচৰ কৰিছে আৰু লাহে লাহে ওপৰলৈ উঠি আহি গোটেইখন আগুৰি ধৰিছে৷ এতিয়া আৰু পাহাৰবোৰ দেখা নাযায়, জলপ্ৰপাতো৷ কি যে নান্দনিক এই দৃশ্য! লাহে লাহে ৰেলিংডালৰ ওপৰত থিয় হ’ল তাই৷

::কি কৰিছা অনু? নামি আহা এইমাত্ৰ৷ অবিজিতৰ মাতটো অলপ ডাঙৰকৈ ওলাল৷
: ডাৱৰখিনিৰ বোকোচাত উঠি গৈ থাকিলে কেনেকুৱা লাগিব তাকে অনুভৱ কৰি চাব খুজিছো৷

একো কব নোৱাৰি অবিজিত ওচৰতে পায়চাৰি কৰি থাকিল৷ আৰু প্ৰতিটো খোজৰ গতিৰ লগতে বুকুৰ ধপধপনি বাঢ়ি গৈ থাকিল৷ হঠাতে সি থমকি ৰ’ল৷

::চাও, দিয়া তোমাৰ হাতখন৷

তাৰ হাতত ধৰি নামি আহে তাই৷ এতিয়াহে যেন সি মন কৰিলে৷ আঃস! ইমান সৌন্দৰ্য্য৷ সঁচাকৈ? জীৱনটো সুন্দৰ বুলি ভাবিলেই সুন্দৰ হৈ যাব? ক্যানিয়নটোৰ উপস্থিতি উপেক্ষা কৰিলেই সেউজীয়াখিনি আৰু সেউজীয়া হৈ যাব? ডাৱৰখিনি আৰু কোমল হৈ যাব?

::ভয় নুখুৱাবা এনেকৈ মোক৷

চেৰাপুঞ্জিৰ পৰা ওভটনি ৰাষ্টাত দুয়ো নিজৰ নিজৰ পৃথিৱীত বিচৰণ কৰি থাকিল৷

::তুমি সঁচাকৈ যাবা? – লেকটোৰ পাৰত গছৰ তলত বহি থকা অনিন্দিতাৰ হাত দুখনত ধৰি সুধিছিল সি৷
: যাব লাগিব অবি৷

সূৰ্য্য অস্ত যোৱাৰ সময়ত লেকটোৰ চাৰিওকাষ বৰ শান্ত দেখা গৈছিল৷ তাৰ বিপৰীতে অবিজিতৰ ভিতৰখন বৰ অশান্ত হৈ পৰিছিল৷ ইমান খেয়ালী ছোৱালী সি লগ পোৱা নাই কেতিয়াও৷ ভাল লাগে যদিও খং উঠে কেতিয়াবা তাইৰ কথা কাণ্ডবোৰ দেখি৷ কিন্তু কিয় তাৰ এনে অনুভৱ হ’ল আজি? ৰাতিপুৱাটোৰ সেই মূহুৰ্ত কেইটাৰ অনুপস্থিতিত সি গমেই নাপালেহেতেন সি যে তাইক ইমানকৈ বিচাৰে৷ তাইক হেৰুওৱাৰ দুৰ্ভাৱনাত কিয় মোচৰ খাই গ’ল তাৰ বুকু৷ সেইটো পৰিবেশত তাইক তেনেকৈ লগ নোপোৱা হ’লে সি জানো ভাবিলেহেতেন তাইৰ সতে জীৱনৰ বাটটোৰে একেলগে যাবলৈ মন যোৱাৰ কথা? কিন্তু সি নোৱাৰে যাব৷ তাৰ জন্ম ঠাই এৰি থৈ সি কোনোবা বিদেশত গৈ থাকিবগৈ নোৱাৰে৷ অকলশৰীয়া মাকজনীক এনেদৰে সি এৰি থৈ যাব নোৱাৰে৷ তাইক বাধা দিয়াৰো যে অধিকাৰ নাই তাৰ৷

::পি এইচ ডি ইন্দিয়াত কৰিব নোৱাৰি?
: পাৰি- দূৰৰ পাহাৰখনত দৃষ্টি ৰাখি উত্তৰ দিছিল তাই৷
::মোৰ পৰা আঁতৰি যাব খুজিছা?
: কথাটো তেনেকুৱা নহয়৷
::তেন্তে ইমান দূৰলৈ কিয়?
: মই বাহিৰৰ পৃথিৱীখন চাব বিচাৰো অবি৷
::এবাৰ ওলাই গ’লে আকৌ জানো উভতি আহিবা?

… … …

লাহে লাহে পাহাৰৰ ওপৰৰ পৰা নামি আহি সাগৰৰ পাৰত জোতা মোজা খুলি বহি লৈছিল সিহঁত৷ ঠাণ্ডা পানীখিনিয়ে ভৰি দুখন স্পৰ্শ কৰাৰ লগে লগে তাইৰ সকলো ভাগৰ নোহোৱা হৈ গৈছিল৷ খালী ভৰিৰে ভিজা বালিত তাই বহু দেৰী খোজ কাঢ়িছিল৷ সূৰ্য্যাস্ত নোচোৱাকৈ কোনেও ঘুৰি যাবলৈ সাজু নাছিল৷ মাৰিও নামৰ ল’ৰাটোৱে চাৰ্ফিং কৰিবলৈ খুব ভাল পাইছিল৷ পিছৰটো দেওবাৰে তাইকো আহিবলৈ লগ ধৰিছিল৷

কথাবোৰ একো একোটা নিৰ্দ্দিষ্ট বাকচৰ ভিতৰত সুমুৱাই থব পৰা হ’লে! মন গলে আজি এইটো খুলি চালো, সেই ভাবখিনিৰ সতে অলপ সময় কটাই বাকচটো বন্ধ কৰি অইন এটা খুলিলো৷ নাই নোৱাৰি৷ তেনে কৰিব নোৱাৰি৷ গোটেইবোৰ ইন্ষ্টেন্ট নুডল্চৰ নিচিনাকৈ মগজুত পাক খাই থাকে৷ আৰু সেয়ে চাগে তাই পাহৰিব নোৱাৰে চেৰাপুঞ্জিৰ সেই ৰাতিপুৱাটো অথবা টৰী পাইনচ বিচ্ছৰ সেই সন্ধিয়াটো৷ মাৰিওৰ সতে প্ৰশান্ত মহাসাগৰত চাৰ্ফিং শিকিবলৈ আৰম্ভ কৰিছিল তাই৷ সৰল গছৰ পাতবোৰ আৰু নিয়ৰৰ টোপালবোৰ যেন লাহে লাহে আঁতৰি দূৰত অৱস্থান কৰিছিল৷ নতুনত্বৰ ৰাগিত মতলীয়া হৈ পৰিছিল মগজুৰ কোষবোৰ৷ যেন সাগৰৰ উত্তাল ঢৌবোৰত বগাইছিল সকলো অনুভৱ৷ চাৰ্ফিঙৰ নিচাটোৱে জীৱনত ৰিস্ক লোৱাৰ সাহস বঢ়াইছিল৷ কঢ়িয়াই আনিছিল জীৱনৰ আন এক সংজ্ঞা, জীয়াই থকাৰ অন্য এক অনুপ্ৰেৰণা৷ নিজকে নতুনকৈ ভাল পোৱাৰ সুযোগ৷ আৰু সেই ৰাগিৰে জীৱনটো আকৌ এবাৰ উদযাপন কৰাৰ সুযোগ, প্ৰশান্তৰ পাৰত৷

দিন যোৱাৰ লগে লগে অনিন্দিতা অভ্যস্ত হৈ পৰিছিল নতুন ঠাইখনত৷ নতুনবোৰে ক্ৰমশঃ পুৰণিৰ ঠাই অধিকাৰ কৰিছিল৷ ইউ চি এচ ডি কেম্পাচটো আৰু বেছি ভাল লগা হৈ পৰিছিল৷ অৱশ্যে পাইনক’ন গোটাবলৈ এৰি দিছিল তাই৷ সহজলভ্যতা অথবা প্ৰাচুৰ্য্যতাৰ বাবে বোধকৰো কিছুমান বস্তুৰ প্ৰতি আমাৰ আকৰ্ষণ হেৰাই যায়৷ কিন্তু নিজক জানো পাহৰিব পাৰি?

অবি কেনে আছে চাগে! ভৰিৰ আঙুলীৰে ভিজা বালিত খেলি খেলি তাই ভাবিছিল৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments