চিৰ সুন্দৰ সংস্কৃতি : ৰক্তিম শৰ্মা

বিশ্ব প্ৰকৃতি সৃষ্টিৰ কোনো এক বিৱৰ্তিত পৰিক্ৰমাত মানব প্ৰজাতি হমচেপিয়েঞ্চৰ আবিৰ্ভাৱ। তাৰ পৰাই আধুনিক মানৱলৈ বিৱৰ্তন। প্ৰকৃতিৰ ওপৰত শ্ৰেষ্ঠত্ব স্থাপনৰ সংঘাতেই মানৱ প্ৰজাতিক সকলোতকৈ কৌশলী জীৱলৈ উত্তৰণ ঘটায়। নিজৰ অস্তিত্ব ৰক্ষাৰ তাগিদাত মানৱ প্ৰজাতিয়ে অকল জীয়াই থকাৰ কৌশলেই আয়ত্ব কৰা নাছিল। আয়ত্ব কৰিছিল সুন্দৰ-সাধনাৰ নান্দনিক তত্বও। এই সুন্দৰৰ সাধনাই মানৱ প্ৰজাতিৰ মাজত কৃষ্টি-সংস্কৃতি-শিল্পকলাৰ জন্ম দিছিল। মানুহৰ মনত গঢ়ি উঠিছিল কল্পনাৰ বোৱতি নৈ। এই কল্পনাই আকৌ জন্ম দিছিল অতিপ্ৰাকৃতিক শক্তিৰ আৰাধনা আৰু ঐন্দ্ৰজাল। সেয়ে কৃষ্টি-সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ পৰিল নানান লোকাচাৰ আৰু তন্ত্ৰ-মন্ত্ৰ-ঐন্দ্ৰজালিক কৰ্মকাণ্ডসমূহ। সঘনাই সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, ৰোগ-ব্যাধি আদিৰ পৰা পৰিত্ৰান বিচাৰি আদিম মানবে কল্পনাতে গঢ় দিছিল আলৌকিক শক্তি। লোককথাবোৰত তাৰ উদাহৰণ দেখা যায়।
“… সৃষ্টিকৰ্তা তাকমানপ্ৰি ৰিচিয়ে দিব্য দৃষ্টিৰে মৰ্তলৈ চায়। দুখ-দুৰ্দশাত ভাৰাক্ৰান্ত মানৱ প্ৰজাতি। ৰোগ-ব্যাধি-মৃত্যুৰ হাহাকাৰ চৌদিশে। মানুহে হাঁহিবলৈ পাহৰি যায়। বলিয়াৰ দৰে খেদি ফুৰে সুখৰ মৰীচিকা। ৰিচিয়ে চাই থাকিব নোৱাৰিলে নিজ সন্তানসকলৰ দুৰ্দশা। অন্তৰ ভাঙি গ’ল তেওঁৰ। সেয়ে দুখ-দুৰ্দশা মোচন কৰিবলৈ চাৰিজন দেৱ-কিন্নৰক মাতিলে তেওঁ। যাতে মৰ্তলৈ গৈ দিব্য বাদ্য-সংগীতৰ যাদুৰে মানুহৰ দুখ দূৰ কৰিব পাৰে তেওঁলোকে। ৰিচিৰ আদেশমতে চাৰিজন দেৱ-কিন্নৰ যথাক্ৰমে নলুৱা, চলুৱা, হুলুংলুঙা আৰু জুলুংলুঙা মৰ্তলৈ নামি আহিল। অপৰূপ জ্যোতিৰে দশোদিশ আলোকিত কৰি এখনি খৰস্ৰোতা নিজৰাৰ পাৰত আহি উপস্থিত হ’ল। তেতিয়া বসন্তকালৰ মন উতলা কৰা পৰিবেশ। চৌদিশে কুলি-কেতেকিৰ সুৰ, নতুনৰ গুঞ্জন। এনেতে নিজৰাৰ ঘাটলৈ পানী নিবলৈ আহিল কেইজনীমান মানৱকন্যা। কিন্তু সকলোৰে মুখত যেন এক কৰুণ বিষাদৰ ছাঁ। দেৱ-কিন্নৰ চাৰিজনে তেওঁলোকৰ দিব্য বাদ্যযন্ত্ৰত সুৰৰ ঝংকাৰ তুলিলে। চাই থাকোঁতেই আনন্দৰ লহৰ উঠিল মানৱ কন্যা কেইজনীৰ গাত। পূৰ্ণযৌৱনা মানৱ কন্যাকেইজনীৰ দেহৰ অপৰূপ লাৱন্য আৰু যৌৱনৰ উৰ্মিমালাত ভোল গ’ল দেৱ কিন্নৰ চাৰিজন। তেওঁলোকৰ চিত্ত চঞ্চল হ’ল। পাহৰি গ’ল ৰিচিৰ সতৰ্কবাণী। মানৱ কন্যাক প্ৰেম নিবেদন কৰিবলৈ আগবাঢ়ি আহিল স্বৰ্গৰ দেৱ-কিন্নৰ। কিন্তু বিধিৰ বিধান। ৰিচিৰ সতৰ্কবাণী উপেক্ষা কৰা বাবে চাৰিজন দেৱ-কিন্নৰ চাৰিজোপা বৃক্ষত পৰিণত হ’ল। সেই চাৰিজোপা বৃক্ষৰ পৰা অবিৰতভাবে নিৰ্গত সুৰৰ সুমধুৰ ঐক্যতালে জগতৰ সকলো মুনিহ-তিৰোতাক আকৰ্ষণ কৰি টানি আনিলে। সকলোৱে সংসাৰৰ সকলো পাহৰি সেই দিব্য সংগীতৰ তালে তালে মন্ত্ৰমুগ্ধৰ দৰে নাচিবলৈ ধৰিলে। সৃষ্টি অচল হোৱাৰ উপক্ৰম হোৱাত স্বয়ং পুৰোহিতে বায়ফাং বা পুৰোহিতৰ ৰূপ ধৰি আহি ৰাইজক বৃতান্ত খুলি ক’লে, এই চাৰিজোপা বৃক্ষই এতিয়া মানুহৰ দুখ দূৰ কৰিব। ৰিচিৰ আদেশমতে চাৰিজোপা বৃক্ষৰ পৰা সাজি উলিওৱা হ’ল চাৰিটা বাদ্যযন্ত্ৰ। নলবাহৰূপী নলুৱাৰ পৰা তৈয়াৰ হ’ল কৰুণ সুৰৰ কাঢ়ানল ,তাৰাইবাহৰূপী চলুৱাৰ পৰা উদাস সুৰৰ ছিংগা, কাকবাহৰূপী হুলুংলুঙাৰ পৰা গোমোঠা সুৰৰ বাদুংদুপ্পা আৰু বিজুলীবাহৰূপী জুলুংলুঙাৰ পৰা তৈয়াৰ হ’ল মন উতলা কৰা ব্ৰাংছি। কিন্তু নলুৱা চলুৱা হুলুংলুঙাহতে জানো মানুহৰ দুখ দূৰ কৰিব পাৰিলে। ফান্দী মঙলুৱে ৰণাৰামক কৈ যায় আৰু বহু কাহিনী, বহু আখ্যান…।”*
সংস্কৃতিৰ জন্ম যদিও আদিম মানৱৰ গুহাত তথাপি ই সংগঠিত ৰূপ লয় বহু পিছত। মানুহে সমাজ পাতি সংগঠিত ভাবে বসবাস কৰিবলৈ ল’লে শস্য উত্পাদন কৰিবলৈ শিকাৰ পৰা। কৃষি ব্যৱস্থাৰ জন্মই সংস্কৃতিৰো বিকাশ সাধন কৰিলে। সংস্কৃতি শব্দৰ উত্সও বিষ্ণুপ্ৰসাদ ৰাভাই এনেকৈ উল্লেখ কৰিছে: সংস্কৃতত কৃষ > কৰ্ষন > কৃষ্টি > সংস্কৃতি। অৰ্থাৎ সংস্কৃতিৰ জন্ম হৈছে শ্ৰম ব্যৱস্থাৰ ঔৰসত। কৃষিৰ সৈতে সংস্কৃতিৰ অভিন্ন সম্পৰ্ক। ই শ্ৰমজীৱী মানুহৰ বুকুৰ ভাষা। তেওঁলোকৰ হাঁহি-কান্দোন-উল্লাষ-বিষাদ সকলো এই সংস্কৃতিৰেই অংগ।
জনজাতীয় সমাজ ব্যৱস্থাত য’ত দাস বা সামন্তবাদৰ বিকাশ নোহোৱাকৈয়ে সমাজ আগবাঢ়ে তাত সংস্কৃতিৰ লোকায়ত ৰূপ অন্য সমাজ ব্যৱস্থাতকৈ পৃথক। অসমৰ সমাজ ব্যৱস্থাও তেনে এক ধৰণে বিকাশ লাভ কৰিছে। আদিম সাম্যবাদী সমাজৰ পৰা দাস আৰু সামন্তবাদলৈ বিকাশ নোহোৱাকৈয়ে আহোম ব্যৱস্থাত পাইক প্ৰথাৰ জড়িয়তে এক ধৰণৰ জনজাতীয়-গণতান্ত্ৰিক শাসনে অসমৰ সমাজক বিকাশ ঘটায়। কোঁচ-অসমৰ ক্ষেত্ৰতো এক জনজাতীয় সমাজ ব্যৱস্থাই আছিল। বৃহৎ ভূ-স্বামীৰ আগ্ৰাসন নোহোৱা বাবে (সেই সময়ত জমিদাৰী ব্যৱস্থা নাছিল) জনগণৰ সাংস্কৃতিক বিকাশতো তাৰ প্ৰভাৱ দেখা নাযায়। অসমৰ এই পুৰণি সমাজজীৱনলৈ পৰিৱৰ্তন আনে বৃটিছে। বৃটিছে বৰ্ণবাদ সৃষ্টিৰ জড়িয়তে এচাম শিক্ষিতৰ মানসিকতাৰ পৰিৱৰ্তন সাধন কৰে যি মানসিকতাই মাত্ৰ উপনিবেশিক শাসকৰ সংস্কৃতিকহে উত্তম সংস্কৃতিৰূপে ভবাৰ প্ৰৱণতা জন্ম দিয়ে। এই প্ৰৱণতাই জনগণৰ লোকসংস্কৃতি বিহুক ইতৰৰ সংস্কৃতি বুলি বিদ্ৰূপ কৰিবলৈ লয়। দাস ও সামন্তবাদী সমাজত জন্ম হোৱা হিন্দু ধৰ্মী লোকাচাৰবোৰে নামনি অসমৰ অজনজাতি শ্ৰেণীবোৰক আছন্ন কৰি ৰখা বাবে তেওঁলোকৰ মাজতো বিহু সংস্কৃতিৰ লোকায়ত ৰূপটোৰ প্ৰতি বিৰাগ আদিৰে পৰাই আছিল। কেৱল মাত্ৰ হেমাংগ বিশ্বাসেই মঘাই ওজাক আবিষ্কাৰ কৰি অসমৰ জাতীয় পৰিচয় বিহুক নামনি অসমত গ্ৰহণযোগ্য কৰি তোলাত আগভাগ লয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়তো বিহুমঞ্চ আন্দোলনৰ ক্ষেত্ৰ হিচাপে লোৱা দেখা যায়।

বিহু অসমৰ বাপতি সাহোন অৰ্থাৎ পিতৃপুৰুষৰ সম্পত্তি। বসন্তকালত উদযাপন কৰা ৰঙালী বিহুকেই অসমীয়াই সকলোতকৈ অধিক হেঁপাহেৰে বাট চাই থাকে। কাৰণ এই বিহুৰ সৈতে আহে বসন্ত ঋতুৰ প্ৰাচুৰ্যৰে ভৰা অসমীয়া নৱবৰ্ষ। ঋতুৰ মাদকতাই যৌৱনময় কৰি তোলে সকলো। দীৰ্ঘদিনীয়া শীতৰ ৰুক্ষতাৰ পিছত ন-বৰষুণজাকে বৰদৈচিলাৰ সৈতে আহি পথাৰ উৰ্বৰা কৰে। পথাৰৰ কাষত বা নৈৰ বাকৰিত যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৱে দেহৰ লয়লাস ভংগীমাৰে ঢোল-পেঁপা-গগনা-বাঁহী-সুতুলী-টকা-তাল বজাই সুৰৰ মূৰ্ছনা তুলি নৃত্য-গীত কৰে। লুইতৰ পাৰত কৰবাত ঐনিতম, কৰবাত বাগৰুম্বা, কৰবাত বিহুনাম-হুচৰিৰ সুৰ। এই সকলোতে কিন্তু লুকাই থাকে শস্য উত্পাদনৰ প্ৰতীকী হাবিয়াস। যৌনগন্ধী কথা, সুৰবোৰ প্ৰকৃততে এই আদিম বাসনাৰেই প্ৰতীক। খেতি পথাৰত মুক্ত যৌনাচাৰ, হুদুম দেউৰ পূজাত বৃষ্টি বিচাৰি পথাৰ উৰ্বৰা কৰাৰ বাবে নগ্ন হৈ নৃত্য কৰা, কাতিমাহত লোকচক্ষুৰ আঁতৰত মহিলাসকলে কৃত্ৰিম পুৰুষ লিংগ সাজি যৌনসংগম কৰাৰ অভিনয়, উত্কত যৌনগন্ধী গীত-মাত আদিৰ কৃষ্টিও কৃষি সংস্কৃতিৰ ৰূপ। আনকি কিছুমান লোকবাদ্যৰ তালে যৌন চেতনাৰো উদ্ৰেক কৰে, যেনে-
গ্ৰীমচোক গ্ৰীমচোক তাতা গিনা চোক
তাক তাকে গ্ৰীমচোক তাতা গিনা চোক…।
অসমৰ জনজাতীয় সমাজখন অতি বিচিত্ৰ লোকসংস্কৃতিৰে ভৰপুৰ। কৃষিপ্ৰধান সমাজৰ এই সংস্কৃতিয়ে বিশ্বজুৰি বিয়পি আছে বিভিন্ন ৰূপত। আগতে উল্লেখ কৰা হৈছে যে ঐন্দ্ৰজালিক কৰ্মকাণ্ড জনগণৰ সাংস্কৃতিক উপাদানবোৰৰ সৈতে সংপৃক্ত হৈ আছে। সংস্কৃতিৰ মাজত যৌনগন্ধী আচাৰ, গীত-মাত আদি এই ঐন্দ্ৰজালিক কৰ্মকাণ্ডৰেই অংশ। এইবোৰ অতি প্ৰাচীন লোকাচাৰ। পিছলৈ অহিন্দু ধৰ্মৰ উপাদানবোৰ সমাজ বিৱৰ্তনৰ ভিন্ন সময়ত সংস্কৃতিৰ মাজত প্ৰবেশ কৰিছে। ইয়াৰে বেছিভাগেই কিন্তু আদিম। যেনে, বড়োসকলৰ বাথৌ, ৰাভাসকলৰ দাৰ্মাংদেউ আদি বসন্তকালত হোৱা পূজা-উত্সৱ আদি অহিন্দু লোকাচাৰ। গোপূজা সংগঠিত হিন্দু ধৰ্মৰ পৰা অহাৰ দৰে হুচৰিত ঈশ্বৰ বন্দনা, শংকৰদেৱৰ মহাপুৰুষীয়া ধৰ্মৰ পৰা প্ৰবেশ কৰা। বিহু সংস্কৃতিৰ আদি ৰূপত সংগঠিত ধৰ্মৰ প্ৰবেশ দেখা নাযায়। ই ধৰ্ম নিৰপেক্ষ কৃষিসংস্কৃতি।
বিহুৰ মঞ্চৰূপ আজিৰ সৃষ্টি নহয়। আহোম স্বৰ্গদেৱেই প্ৰথমে ৰংঘৰ বাকৰিত অসমীয়া ডেকা-গাভৰুৰ দ্বাৰা বিহু নচুৱাইছিল। পিছলৈ স্বাধীনতা আন্দোলনৰ সময়ত গুৱাহাটীৰ লতাশিলত বিহু অনুষ্ঠিত কৰা হয়। এতিয়া মঞ্চবিহুতেই বিহুৰ অস্তিত্ব ৰৈ যোৱাৰ উপক্ৰম হৈছে। কিয়নো যি ঐতিহাসিক বিৱৰ্তনৰ সাক্ষী হৈ অসমৰ জাতীয় সংস্কৃতিৰ জন্ম হৈছিল সেই ইতিহাস আজিৰ জনসমাজে পাহৰি পেলাইছে। শ্ৰমজীৱীক উপেক্ষা কৰি এতিয়া বিহু হৈছেগৈ মধ্যবিত্তৰ মনোৰঞ্জনৰ উৎস। কিন্তু প্ৰকৃত সংস্কৃতি আৰু তাৰ ৰূপ কৃষিজীৱী সমাজত এতিয়াও মূৰ্তমান।
উত্সৱবিহীন, প্ৰচাৰবিহীন, সংৰক্ষণৰ অভাৱত পণ্যসংস্কৃতি আৰু হিন্দী ও পাশ্চাত্য আগ্ৰাসন আৰু সম্প্ৰসাৰণৰ হাতোৰাত এতিয়া তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিছে অসমৰ জাতীয় সংস্কৃতিয়ে। মধ্যবিত্তকেন্দ্ৰীক মানসিকতা গোলামী ৰাজনীতিয়ে এসময়ৰ ঐক্যবদ্ধ শ্ৰমজীৱীজনগণক বিভক্ত কৰি অসমৰ জাতীয় সমাজখন থান বান কৰি পেলাইছে। ইয়াৰ পৰা উদ্ধাৰৰ পথ মোকোলাবলৈ এতিয়া কাৰো আহৰি নাই। সমাজ বিৱৰ্তনৰ দৰে সংস্কৃতিৰো বিৱৰ্তন ও পৰিৱৰ্তন অৱধাৰিত। কিন্তু সেই বিৱৰ্তন ধাবমান কোনফালে সেয়া উপলব্ধি নকৰাকৈ কোনো নাই। সমাজক নিয়ন্ত্ৰণ কৰে মানুহেই। স্থিতাৱস্থাৰ পৰিৱৰ্তনৰ ছাবি-কাঠিও মানুহৰ হাততেই। নতুন প্ৰজন্মৰ বহুতেই এতিয়া জাতীয় সংস্কৃতিকলৈ গৱেষণা কৰিছে, সেইবোৰৰ পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে সেয়া নিশ্চয় আদৰণীয়। কিন্তু যি কেৰোণবোৰে সংস্কৃতিক শ্ৰমজীৱী জনগণৰ মৰণা মৰা চোতালৰ পৰা আনি বহুজাতিক বনিকৰ চোতালত বহালেহি সেই কেৰোণবোৰ চিনাক্ত কৰিবলৈ, পণ্যসংস্কৃতি আৰু হিন্দী-পাশ্চাত্য সম্প্ৰসাৰণৰ পৰা জাতীয় সংস্কৃতিক মুক্ত কৰিবলৈ সংগঠিত শিল্পী-সাহিত্যিক আৰু সংগঠিত নৱপ্ৰজন্ম কত।
এটা পৰাধীন নিৰ্যাতিত জাতিৰ সংস্কৃতি কেতিয়াও নিৰাপদ নহয়। জাতীয় সম্পদৰ ওপৰত জনগণৰ অধিকাৰ স্থাপন হ’লে, জাতীয় পুঁজিৰ বিকাশ সাধন হ’লে, জনগণৰ প্ৰকৃত শাসন আৰু স্বতন্ত্ৰতা থাকিলে সংস্কৃতি কেতিয়াও লুপ্ত হোৱাৰ আশংকা নাথাকে। একমাত্ৰ দুৰ্বল জাতিৰ ওপৰতেই সাংস্কৃতিক আগ্ৰাসন হয়। সেয়ে পৰিৱৰ্তনৰ বাবে প্ৰকৃত ৰাজনৈতিক বিপ্লৱৰ সমান্তৰালকৈ সাংস্কৃতিক বিপ্লৱৰ প্ৰয়োজন। জাতি এটাৰ ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিক মুক্তিয়েহে জাতীয় সংস্কৃতিক মুক্ত কৰিব পাৰে। এই মুক্তিয়েহে প্ৰকৃত বিকাশ আনে। অধিকাৰহীন জনতাৰ সংস্কৃতিৰ বিকাশো নহয়, প্ৰকৃত ৰূপান্তৰো নহয়। হয় মাথোঁ ধ্বংস বা বিলুপ্ত। চীনৰ সমাজতান্ত্ৰিক বিপ্লৱৰ সময়ত মাও ছে তুঙে য়ুনান প্ৰদেশত সাংস্কৃতিক বিপ্লৱৰ আখৰা কৰিছিল। সাংস্কৃতিক বিপ্লৱৰ বিখ্যাত য়ুনান ৰিপোৰ্টত সমাজ পৰিৱৰ্তনত শিল্পী-সাহিত্যিক-বুদ্ধিজীৱীৰ ভূমিকাৰ উল্লেখ আছে। সংস্কৃতিৰ এই অভিধাৰ প্ৰতি অনুপ্ৰাণিত হৈয়েই কলাগুৰু বিষ্ণুৰাভাই কৈছিল-
“কৃষ্টি সংস্কৃতি ধনী অসমীয়াৰ হাতত নাই….আছে দীন-হীন, ক্লিষ্ট-পিষ্ট দুখীয়া-হজুৱা অসমীয়াৰ হিয়াৰ অন্তস্থলত।” সংস্কৃতিৰ এয়াই প্ৰকৃত নন্দন তত্ব।
*(ৰূপৰ খাপৰ তৰোৱাল, অৰুনোদই প্ৰকাশন, ২০১০,পৃ ২৫৬, শৰ্মা ৰক্তিম )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments