চি লভড এ ৰিভাৰ এক্সুৱেলি- পৰী পাৰবীন

দীঘলীয়া বাৰ্তালাপৰ অন্তত তাই তললৈ নামি আহিল৷ তাই মানে ৰাজনন্দিনী কোঁৱৰ, এহাতত কিতাপ এখন, আনখন হাতত মোবাইলটো৷ চিৰিকেইটা পাৰ হৈয়ে তাই চক খাই উঠিল৷ সিমূৰে ৰৈ আছিল ৰূমমেট ৰূপশ্ৰী দেৱী৷

“কি কৰি আছিলি চাদৰ ওপৰত? ”- নন্দিনীলৈ চাই ৰূপশ্ৰীৰ তীক্ষ্ণ সুৰৰ প্ৰশ্ন৷
“পঢ়ি আছিলোঁ৷ ”- তাই শান্ত কণ্ঠেৰে উত্তৰ দিলে৷
“পঢ়ি আছিলি? ” তাই মোবাইলটোলৈ চকু দিলে সন্দেহেৰে সুধিলে, – “কথা পাতি থকা যেন শুনিছিলোঁ! ”
“মাৰ ফোন আহিছিল৷ ”- এইবাৰো নন্দিনীয়ে ধীৰ কণ্ঠেৰে উত্তৰ দিলে৷
“সঁচাকৈ নে? আচ্চা কচোন, কি পঢ়িলি আজি? ”
“শুনিবি কি পঢ়িলোঁ? ব’ল বিছনাত বহি লওঁ, ইমান ভাল লগা কথাবোৰ পঢ়ি আছো, তোক কওঁ কওঁ লাগিয়ে আছিল৷ ”
“হয়নে? ক’ তেতিয়াহ’লে৷ ”- কিছু নৰম হ’ল ৰূপশ্ৰীৰ কথাৰ সুৰ৷ নন্দিনীয়ে কথা কৈ থকাৰ সময়খিনি বৰ প্ৰিয় তাইৰ৷ দুয়োজনীৰ বন্ধুত্ব যথেষ্ট দীঘলীয়া৷ এই বন্ধুত্বৰ খাতিৰতে যেন এই কৰ্তৃত্ববোধ৷ দুয়োজনী বিছনাত বহি আড্ডা দিবলৈ আৰম্ভ কৰিলে৷

“আজিৰ পৰা দুই-তিনিহাজাৰ বছৰৰ আগৰ এজন কিশোৰৰ কথা ক’ম দেই তোক৷ ল’ৰাজন তেতিয়া মুঠেই এঘাৰবছৰীয়া৷ ল’ৰাৰ দেশৰ ৰজাই নাৰী আৰু সুৰাৰ বাদে আন একো চিনি নাপায়৷ ইফালে প্ৰজাৰ দুৰ্দশাৰ অন্ত নাই৷ কিশোৰজনৰ পিতৃয়ে এনেবোৰ কাণ্ডৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে ৰজাঘৰীয়াই পিতৃক গুপুতে হত্যা কৰি নৈৰ পাৰত চিন্ন শৰীৰ পেলাই থৈ গ’ল৷ ৰজাঘৰীয়াৰ চকুৰ পৰা কিশোৰজন পলাই আহিল আৰু এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিলে৷ ”

“তাৰ পিছত সেই ল’ৰাজনে পঢ়িবলৈ আৰম্ভ কৰিলে? ”

“ওম৷ ল’ৰাজন ইমানেই বুদ্ধিমান আছিল যে আচৰিত নহৈ নোৱাৰি৷ এবাৰ কি হ’ল গম পাৱ? চিয়াহীৰ বাবে গছৰ পাত সংগ্ৰহ কৰিবলৈ গৈছিল, যিটো ৰাস্তাৰে গৈছিল, সেই ৰাস্তাটো কাঁইটীয়া শিপাৰে আৱৰা আছিল৷ তাতে উজুটি খাই ল’ৰাজন পৰি গ’ল৷ কাঁইটবোৰে তাৰ গাত বিন্ধি তেজ উলিয়াই দিলে৷ ইফালে লগৰবোৰে তাক দেখি জোকাবলৈহে ধৰিলে, কুৎসিত, কুন্ধচ ইত্যাদি বিশেষণেৰে তাক থকা সৰকা কৰিলে৷ অ’ ক’বলৈ থাকি গৈছে, সি দেখিবলৈ একেবাৰে ভাল নাছিল৷ “

“মোৰ দৰে? ” ৰূপশ্ৰীয়ে মাজতে হাঁহি মাৰি সুধিলে৷

ৰাজনন্দিনী জকজকাই উঠিল, – “তই কিয় তেনেকৈ কৈছ ৰূপ৷ তই ধুনীয়া, তোৰ মনটোও বহুত ধুনীয়া৷ তোৰ দৰে বান্ধৱী পোৱাটো বৰ সৌভাগ্যৰ কথা৷ ”

ৰূপশ্ৰীয়ে তাইৰ হাতখনত খামুচি ধৰিলে, -“বৰ চেণ্টি ফালিছ? কৈ যা৷ তাৰ পিছত ল’ৰাজনে কি কৰিলে? লগৰখিনিক খেদি খেদি মাৰিলে নে কি? ”

“নাই নাই৷ সি সেইবোৰ একোকে নকৰিলে৷ সি মনে মনে সিদিনা খুব কান্দিলে৷ দেউতাকলৈ মনত পৰিছিল৷ বেজৰ হাতত গাৰ ঘাঁবোৰ ভাল হৈছিল৷ কিন্তু দেউতাকক হেৰুওৱা বিষটো কোনেও ভাল কৰিব নোৱাৰিলে৷ সেই কাঁইটীয়া শিপাবোৰলৈহে খং উঠিল৷ সেই শিপাখিনিৰ কাৰণে গাঁওবাসীয়েও হেনো সেই ৰাস্তাৰে অহা-যোৱা কৰিব নোৱাৰিছিল৷ গোটেই ৰাতিটো চিন্তা কৰি সি ৰাতিপুৱাই গাঁৱলৈ ওলাই গ’ল৷ একলহ গাখীৰৰ ঘোল গোটাই সেই কাঁইটীয়া শিপাখিনিৰ ওচৰ পালেহি৷ তাৰ পিছত নৈৰ পৰা কলহে কলহে পানী আনি পানীৰ লগত সেই ঘোল মিলাই শিপাৰ গুৰিত ঢালিবলৈ ধৰিলে৷ “

“তাৰ পিছত? তেনেকৈ গছবোৰ মৰিবনে? ”

“মৰিব, কাৰণ গছৰ এটা প্ৰধান শত্ৰু হ’ল ভেঁকুৰ৷ গাখীৰ আৰু চেনিমিহলি পানীখিনিয়ে ভেঁকুৰ সংক্ৰমণত সহায় কৰিব৷ ”

বাঃ কি বুদ্ধি! তাইলৈ একেৰাহে চাই থাকিল ৰূপশ্ৰীয়ে৷ যেন অযুত ভাৱনাত ডুব গ’ল৷ যেন সেই কিশোৰৰ বুদ্ধিমত্তাই কোনোবা জগতলৈ লৈ গ’ল তাইক৷

“কি চাই আছ ভেবা লাগি? ”, নন্দিনীয়ে তাইক গাত ধৰি জোকাৰি দিওঁতেহে ৰূপশ্ৰীৰ হুঁচ আহিল৷

বিছনাখনৰ পৰা জাপ মাৰি উঠি নন্দিনীৰ থুঁতৰিত ধৰি মৰমেৰে সুধিলে,

“মোক সঁচাকৈ কচোন নন্দিনী, চাঁদৰ ওপৰত তই কাৰ লগত কথা পাতি আছিলি? ”

“ক’লোৱেইচোন, মাৰ লগত পাতি আছিলো বুলি৷ সদায় গধূলি মায়ে ফোন কৰে বুলি তই জানই দেখোন৷ এয়া চা কললিষ্ট, মাৰ ফোন৷ ”

“আৰু কাৰো ফোন অহা নাইতো ন? ”- কাতৰ কণ্ঠেৰে কৈ উঠে ৰূপশ্ৰীয়ে৷

“আৰে, কললিষ্ট দেখুৱালো দেখোঁ তোক৷ “

নন্দিনী আঁতৰি বাথৰূম পালেহি৷ সদায় ফাঁকি দিব লগাত পৰিছে তাই৷ অংশুলৰ নাম্বাৰটো মাকৰ নামত চেভ কৰি লৈছে তাই৷ অংশুলক কওঁতে বৰ আচৰিত হৈছিল সি৷ ৰূমমেটৰ পৰাও কথা লুকুৱাব লাগেনে? নুলুকোৱালে যে তাইৰ উপায় নাই! অংশুলৰ লগত কথা পতাটো একেবাৰেই সহ্য নকৰে ৰূপশ্ৰীয়ে৷ কেৱল অংশুলৰ লগতে নহয়, যিকোনো ল’ৰাই নন্দিনীৰ কাষ চাপিব বিচাৰিলে জ্বলিপকি উঠে ৰূপশ্ৰী৷ কি কাৰণ, কি কাৰণ বুলি বহুতবাৰ মনৰ মাজত প্ৰশ্ন কৰিছিল নন্দিনীয়ে৷ উত্তৰ পোৱা নাছিল তাই৷

অংশুলে নন্দিনীক ‘ডেট’লৈ লগ ধৰিছে৷ গোটেই দিনটোৰ বাবে ৰূপশ্ৰীৰ চকুৰ পৰা কেনেকৈ ফাঁকি দি আঁতৰি থাকিব সেই অংক কৰি থাকোঁতেই তাইৰ সিদ্ধান্ত লোৱাত পলম হৈছে৷ অংশুলে হাঁহিছিল ঢেকঢেককৈ, “তোমাৰ ৰূমমেটকো বয়ফ্ৰেণ্ড এটা ঠিক কৰি দিয়া বুইছা৷ ”

চকু চলচলীয়া হৈছিল তাইৰ৷ কৈছিল- “মোৰ ভয় হয় অংশুল৷ ভয় হয় জানোচা তাই তোমাৰ প্ৰেমত পৰিছে৷ ”

জাপ মাৰি উঠিছিল সি, – “কি কোৱা তুমি? ”

দিনে দিনে তাইৰ ওপৰত চোৰাংচোৱাগিৰি বাঢ়ি গৈছিল৷ সৰুৰে পৰা একেলগে পঢ়া বান্ধৱীজনীৰ অস্বাভাৱিক আচৰণত তাই বিতুষ্ট হ’লেও তাই একো ক’ব পৰা নাছিল৷ অংশুলৰ মতে, নন্দিনীৰ ব্যক্তিত্ব, অমায়িক ব্যৱহাৰ, কমনীয় ভংগীমা, এই সকলোবোৰেই যিকোনো ল’ৰাৰ বাবে আকৰ্ষণৰ কাৰণ৷ আৰু সেই কাৰণতে নলেগলে লগা বান্ধৱীৰ প্ৰতি হয়তো নাৰীজনিত ঈৰ্ষা প্ৰবৃত্তি৷

তেনে সময়তে এদিন সুধি পেলালে ৰূপশ্ৰীয়ে, -“ধৰি ল নন্দিনী, অংশুল আৰু মোৰ মাজত তই যিকোনো এজনক বাচিব লগা হ’ল, তেতিয়া কি কৰিবি? ”

“কি কৰিম মানে? তেনে প্ৰশ্ন মনলৈ কিয় আহিল? তহঁত দুয়ো নিজৰ স্থানত গজগজীয়া৷ এজনক বাদ দি ইজনক বাচি লোৱাৰ কথা ক’ৰ পৰা আহিল? ”

“নহয় নন্দিনী৷ অংশুলক বাদ দে তই৷ প্লিজ বাদ দে৷ ” উচুপি উঠিছিল ৰূপশ্ৰী৷

“কি কৈছ ৰূপ? কিয় এনে আচৰণ কৰিছ? অংশুলক বাদ দিব কিয় লাগে মই? ”

তাইৰ প্ৰশ্নৰ উত্তৰ নিদি ৰূপশ্ৰী গপাগপকৈ ছাদৰ ওপৰলৈ উঠি গ’ল৷ ছাদৰ ওপৰলৈ গৈয়ে ৰেলিঙত হেলান দি আউজি পৰিল তাই৷ পিছে পিছে দৌৰি আহিছিল নন্দিনী৷ ৰূপশ্ৰীক তেনে অৱস্থাত দেখি গাটো জিকাৰ খাই উঠিল তাইৰ৷ এই যেন সৰি পৰিব তললৈ৷ তলত মহানগৰীৰ নিয়ন লাইটৰ ঢিমিক ঢামাক পোহৰ৷ কিমান ফুট ওপৰত আছে তাই নাজানে, কিন্তু সামান্য ইফাল- সিফালে হ’লেই যে মাৰাত্মক ঘটনা ঘটি যাব, সেই অনুমান তাই ঠিকেই কৰিলে৷

দুজনী ছোৱালী, এজন ল’ৰা৷ অংকটো সিমানলৈকেহে জানে৷ তাতকৈ আগলৈ নাজানে৷ নাজানে নহয়, নকৰে৷ অংশুলক বাদ দিবলৈ কোৱা ছোৱালীজনীক বাদ দি গুচি যাবলৈ মন যায়৷ কিন্তু মুখ খুলি কোৱা নহয়৷ কিবা নজনা কাৰণত তাই এতিয়াও সেই ছোৱালীজনীৰ কাষত ঠিয় দি আছে৷ আন্ধাৰত ছোৱালীজনীৰ মুখখন মনিব নোৱাৰিলেও বুকুৰ ভিতৰত ৰো-ৰোৱাই বলি থকা চেঁচা বতাহজাকৰ শব্দ তাই ঠিকেই শুনিছে৷ বহুতদিন মনৰ মাজত গুণাগঁথা কৰিছে, অংশুলক ভাল পায় নেকি তাই? গুণাগঁথা কৰি থাকোতেই সুধি পেলালে বান্ধৱীয়ে, “অংশুল আৰু মোৰ মাজত কাক বাদ দিব পাৰিবি তই? ”

অবুজন বান্ধৱীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ তাই আঁতৰি অহাই শ্ৰেয় আছিল৷ কিন্তু আঁতৰি আহিব নোৱাৰিলে৷ ক’ৰবাত হয়তো কিছু আপোনত্ব, কিছু মানৱীয়তা ৰৈ গৈছে৷ আঁতৰি আহিব নোৱাৰিলে৷ বৰঞ্চ সাৱটি ধৰিলে বান্ধৱীক, –

“ৰূপ৷ তললৈ ব’ল৷ ”

ৰূমলৈ আহি ৰূপৰ হাত দুখন তাই নিজৰ হাতত সুমুৱাই ল’লে আৱেগেৰে৷ জিকাৰ খাই উঠিছে বান্ধৱী৷ প্ৰেমৰোগত আক্ৰান্ত বান্ধৱী৷ তাইৰ চেঁচা, শুকান হাত দুখন লৈ নন্দিনীয়ে কথাবোৰ জুকিয়াই ল’লে৷ ক’ৰ পৰা আৰম্ভ কৰা যায় কথাবোৰ নাজানে তাই৷ অংশুলক হেৰুৱাই পেলোৱাৰ ভয়ে তাইক জোকাৰি গৈছে৷ মনটো ডাঠ কৰি সুধি পেলাইছে পিছ মুহূৰ্ততে,

“ৰূপ! ৰূপ৷ খুলি কচোন, কি হৈছে খুলি ক মোক? ”

নকয় ৰূপশ্ৰীয়ে৷ উদাস দৃষ্টিৰে চিলিঙৰ ফেনখনলৈ চাই থাকে৷ চিলিঙৰ ফেনখন ঘূৰি থাকে৷ গেঙনিৰ দৰে শব্দ এটা ফেনখনৰ পৰাও ওলায় ঘট..ঘট..ঘট৷ নন্দিনীয়ে ৰূপশ্ৰীৰ কপালৰ চুলিকেইডাল লিৰিকি থাকে৷ চকুহাল মুদ খাই আহে ৰূপশ্ৰীৰ৷ গাত পাতল কাপোৰখন জাপি তাই আঁতৰি আহিব লৈছিলহে, থাপ মাৰি ধৰিছিল তাই, বিৰবিৰাই উঠিছিল টোপনিতে, “তই অংশুলৰ হ’ব নোৱাৰ, কেতিয়াও নোৱাৰ৷ মোৰ বাবেই বাদ দিব লাগিব অংশুলক৷ মোৰ বাবেই…….”

ইমান গভীৰ প্ৰেম, অথচ ইমান নীৰৱ! তাই কাষতে থাকি ফুটকে নাপালে৷ কি কৰা যায় এতিয়া? প্ৰেম ত্যাগ কৰা যায় নে ত্যাগ কৰা যায় এই সখিত্ব? নে সখিৰ হাতত অৰ্পণ কৰা যায় চিৰদিনৰ বাবে প্ৰতিশ্ৰুতিৰ ৰচীৰে বান্ধি লোৱা অংশুলক? অংশুলক ক’লে ঢেকঢেকাই হাঁহি উঠিব সি, ক’ব সি, – আৰু ছোৱালী নাপালা নন্দিনী? সেই হটঙাজনীকহে পালাগৈ নে? আৰু তাই যেন খং দেখুৱাই উচাৎ মাৰি আঁতৰি আহিব, মোৰ বান্ধৱীক তেনেকৈ নক’বা৷

এইবাৰ তাৰো খং উঠিব, দুটামান বেয়া মাত মাতি সি আগভেটি ধৰিব তাইক, বান্ধৱীক বান্ধৱীৰ জাগাত থাকিবলৈ দে না৷ সতিনীৰ আসনত বহুৱাবলৈ কিয় উঠি পৰি লাগিছ?

তলমূৰকৈ থাকি তাই চকুহাল ওপৰলৈ তুলি তালৈ চাই পঠিয়ায়, তাৰ কাতৰ দৃষ্টিৰ ভৰ সহিব নোৱাৰি অশ্ৰুকণাটো নামি আহে, আলফুলে সাৱটি লয় সি তাইক, “কথা দে নন্দিনী, কেতিয়াও গুচি নাযাওঁ বুলি কথা দে মোক৷ “

কিমান পৰ তেনেকৈ আছিল সিহঁত দুটিয়ে নাজানে, যেন অনন্ত সময়ৰ কাৰণে বিছিন্ন হৈ আছিল দুয়ো, আলিংগনৰ এই সুখৰ পৰা আঁতৰি অহা নাযায়, প্ৰতিশ্ৰুতিৰ ৰংবোৰ গাঢ় হৈছিল, গাঢ় হৈছিল ভালপোৱা, তেনেতেই বিকট চিঞৰ এটা শুনি দৌৰি গৈছিল দুয়ো, দেখিছিল নাতি দূৰৈত বাগৰি পৰিছে বান্ধৱী ৰূপশ্ৰী, বিৰবিৰাই আছে আধাফুটা কথা কিছুমান৷ কেতিয়াকৈ সিহঁতৰ পিছে পিছে আহি ৰূপশ্ৰী এইখিনি পালেহি সিহঁতে তৰ্কিবই নোৱাৰিলে৷ আশ্চৰ্যচকিত দৃষ্টিৰে দুয়ো-দুয়োলৈ চাই ৰ’ল৷ সন্মুখত বান্ধৱীৰ অৰ্ধচেতন দেহ৷ পানী পানীকৈ চিঞৰি উঠিছিল অংশুল৷ নন্দিনী নিৰ্বাক, নিস্তব্ধ৷ থৰথৰকৈ কঁপি আছিল তাই৷ আৰু বুজা-নুবুজাৰ মাজত ওলমি আছিল সময়বোৰ৷

ৰূপশ্ৰীৰ অৱস্থাটো দিনক দিনে বেয়া হৈ আহিল৷ হটঙা ছোৱালীজনী জুপুকা লাগিল৷ খীণাই মেলি গালৰ হনু টটকৈ জিলিকিল৷ এনেকৈয়ে এদিন মানসিক ৰোগৰ চিকাৰ হ’ল তাই৷ বিহৰ বটলটোৱে নীলা কৰি পেলোৱা তেজখিনিৰ আঁৰৰ কাহিনী আঁৰতে থাকিল, মৃত্যুৰ সময়ত পোৱা টোকাটোৱেহে সকলোবোৰ খেলিমেলি কৰি দিলে৷ টোকাটো লৈ তাই অংশুলৰ ওচৰলৈ দৌৰ মাৰিলে৷ ফোঁপাই ফোঁপাই পঢ়ি গ’ল, “এদিন তাই এটা সাধু কৈছিল৷ সাধুকথাৰ নায়কজন কুৎসিত আছিল, কিন্তু বুধিয়ক আছিল৷ ময়ো কুৎসিত আছিলো, কিন্তু বুধিয়ক নাছিলো৷ নায়কজনে নৈখন পাবলৈ কাঁইটীয়া ৰাস্তাটো পাৰ হ’ব লাগিছিল৷ তাই আছিল মোৰ প্ৰিয় নৈখন৷ মোৰ আৰু তাইৰ মাজতো এগাল কাঁইটীয়া গছ আছিল৷ অংশুল নামৰ কাঁইটীয়া গছজোপা মই মাৰি পেলাব নোৱাৰিলোঁ৷ মোৰ পৰা তাইক লৈ গুচি গ’ল৷ মই চাই থাকিলোঁ, চায়েই থাকিলোঁ৷ তাইক লৈ যোৱাৰ কষ্টত মই বিহবোৰ নিজৰ কৰি ল’লো৷ ”

টোকাটো পঢ়ি কিছুদেৰিৰ বাবে স্থানু হৈ পৰিল দুয়ো৷ হিম হৈ যোৱা তেজবোৰ চম্ভালি কোনোমতে সি মাত লগালে,

“চি লভড এ গাৰ্ল৷ তাই তোমাৰ প্ৰেমত পৰিছিল নন্দিনী৷ ”

নন্দিনী নামৰ নৈখনত তেতিয়া তিনি খৰে ছিৰালফটা দিছে৷ বাম বুকুখন ৰ’দত মেলি তাই আস্ফালন কৰিছে, “চি লভড এ ৰিভাৰ এক্সুৱেলি৷ ”■

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 years ago

ৱাহ

Anonymous
2 years ago

ভাল লাগিল পঢ়ি ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক