চুইচাইড (প্ৰতিম প্ৰতাপ বৰুৱা)

চলি থকা ৰেলগাড়ীখন কোনো আগজাননী নিদিয়াকৈ দীঘল দীঘল উকি দুটামান মাৰি হঠাৎ জোৰেৰে ব্ৰেক মাৰি ৰৈ গৈছিল । যাত্ৰীসকলৰ চকুত হতাশা বিৰিঙি উঠিছিল । দুজনমানে গালি-শপনি পাৰিবলৈ আৰম্ভ কৰিছিল । যেন ৰেলগাড়ীখনৰ এইকন বিলম্বই বিভীষিকা নমাই আনিব তেওঁলোকৰ জীৱনলৈ ।

সৰু থাকোতে শিমলুগুৰি-মৰানহাট লাইনত চলা, লীলা গগৈদেৱৰ কপলিং ছিগা ৰেলখনৰ দীঘল উকিটো সদায় কিবা এটা আপোন আপোন যেন লাগিছিল মোৰ । বিশাল ইঞ্জিনটোৱে ঝক্‌ ঝক্‌ ঝক্‌ ঝক্‌ শব্দ কৰি দীঘল ৰেলগাড়ীখন টানি নিছিল । বতাহত উৰি যোৱা ধোঁৱাখিনিয়ে যেন ৰেলগাড়ীখন যোৱা বাটটোৰ চিন দি গৈছিল ।

সময়ৰ সোঁতে মোক এদিন অসমৰ পৰা বহু আঁতৰলৈ লৈ গৈছিল । সৰুতে দেখা ৰেলগাড়ীখনকৈ বহুত দীঘল, বহুত বিশাল ৰেলগাড়ীবোৰে মোক বছৰত এবাৰমানকৈ অসমলৈ অনা-নিয়া কৰিছিল । বিভিন্ন বয়সৰ, বিভিন্ন ভাষাৰ, বিভিন্ন মানসিকতাৰ সহযাত্ৰীৰ সৈতে কিমানবাৰ অহাযোৱা কৰিলোঁ । সময়ে এই যাত্ৰাৰ সংখ্যা কমাই দিয়াৰ লগতে যাত্ৰাৰ মাধ্যমটোকেই সলনি কৰি উৰাজাহাজলৈ উন্নীত কৰি দিলে । কিন্তু দীৰ্ঘ দূৰত্বৰ সেই ৰেলগাড়ীবোৰৰ দ্বিতীয় শ্ৰেণীৰ বাৰ্থবিলাকে মোৰ জীৱনৰ এটা সময় লৈ থৈছে । মানুহৰ চৰিত্ৰ আৰু জীৱনৰ কিছু অংশ কাষৰ পৰা দেখিছিলো এই দ্বিতীয় শ্ৰেণীৰ বাৰ্থবিলাকত ।

তেনে এটা যাত্ৰাতে এদিন ট্ৰেইনখন হঠাৎ ৰৈ গৈছিল । মোৰ লগত থকা সৰু বেগটো দ্বিতীয় শ্ৰেণীৰ ডবাটোৰ মোৰ ৰিজাৰ্ভ বাৰ্থটোত সৰু শিকলি এদালেৰে বান্ধি থোৱা আছিল । এই ঠাইত ৰেলগাড়ীখন ৰোৱাৰ কোনো কাৰণ নাছিল । বহুত যাত্ৰী ডবাবিলাকৰ পৰা নামি পৰিছিল । ইফালে সিফালে চাই তেওঁলোকে থূপ পাতি পাতি কথা পাতিছিল । ময়ো নামি গৈছিলোঁ ।

ৰেলপথৰ দুয়োফালে মন হৰি নিয়া সেউজীয়া পথাৰ । খেতিয়কৰ পৰিশ্ৰমৰ সাক্ষী হৈ ধানৰ থোকবিলাক দোঁ খাই পৰিছে । দিগন্ত বিয়পা সেউজীয়া । এই সেউজীয়াখিনিৰো এটা নিজা পৰিচয় আছে, এটা গোন্ধ আছে । অসমৰ ঘৰখনৰ পৰা যিমানে দূৰলৈ আঁতৰি আহোঁ সিমানে এই গোন্ধ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠে ।

ৰেলগাড়ীখন চলাৰ কোনো লক্ষণ দেখা নগ’ল । এজন মানুহ আহি আছিল । কাৰোবাৰ প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল – এক্সিডেন্ট হৈছে । চুইচাইড ।

চুইচাইড – এই শব্দটো উচ্চাৰণ কৰিবলৈ কিমান সহজ ? খৰকৈ, অতি খৰকৈ খোজ ল’লোঁ ৰেলগাড়ীখনৰ ইঞ্জিনৰ ফালে । মানুহৰ জুমৰ মাজেৰে বাট উলিয়াই খোজ কঢ়া নাই, দৌৰিছোঁ । ইঞ্জিনৰ ঠিক পিছতে থকা ডবাটোৰ কাষত ৰেলৰ চিৰীৰ পৰা অলপ দূৰত পৰি আছিল এখন কটা যোৱা ভৰি । ডবাটোৰ চকাত তেজ লাগি আছিল । চিৰীদুডালৰ মাজত মঙহৰ টুকুৰা । কি বিভৎস মৃত্যু ! কোনোবাই কৈছিল ডেকা লৰাজনে হঠাৎ ধাননিখনৰ পৰা ওলাই আহি ৰেলগাড়ীখনৰ আগত জপিয়াই দিছিল । কোনোবাই কৈছিল ল’ৰাটোৰ গাটোৰ ওপৰৰ অংশটো ৰেলগাড়ীখনৰ ইঞ্জিনৰ তলত লোপথোপ মঙহৰ টুকুৰা হৈ পৰি আছে । আৰু আগবাঢ়ি যোৱাৰ সাহস নহ’ল ।

ধাননিখনলৈ চাই চাই উভতি আহিলোঁ । এইখন ধাননিৰ মাজতে এই যুৱকজনে ৰেলগাড়ীখন অহালৈ বাট চাই আছিল । কিমান সময় বাট চাইছিল কোনে জানে । ওচৰে-পাজৰে দেখা পোৱাত জনবসতি নথকা এই বিশাল পথাৰখনৰ মাজেদি যোৱা ৰেলপথটোত নিজকে হত্যা কৰিবলৈ আগবাঢ়ি অহা এই যুৱকজন ক’ৰ আছিল কোনে জানে । কি পৰিস্থিতিৰ সন্মুখীন হৈ যুৱকজনৰ জীয়াই থকাৰ হেপাহ শেষ হৈ গৈছিল কোনে জানে । কি এক ভয়ানক সিদ্ধান্ত লৈ এই ল’ৰাজনে ঘৰৰ পৰা সেই ৰাতিপুৱাতে ওলাই আহি এই ধাননিখনত বহি ৰেলগাড়ীখন অহালৈ বাট চাইছিল । নিজকে হত্যা কৰাৰ সিদ্ধান্ত লবলৈ এজন মানুহৰ কিমানখিনি সাহসৰ প্ৰয়োজন হয় ? ৰেলগাড়ীখন অহালৈ বাট চাই থাকোতে ধাননিখনৰ দিগন্ত বিয়পা সৌন্দৰ্য্যয়ো সেই যুৱকজনক জীয়াই থাকিবলৈ সাহস দিব নোৱাৰিলে । জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন নে নিজকে হত্যা কৰিবলৈ বেছি সাহসৰ প্ৰয়োজন ? মৃত্যুৰ আহ্বান সঁচাকৈয়ে কেতিয়াবা ইমান অনতিক্ৰমণীয় কিয় হয় ?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক