চুইমিং পুল … (- দিলোৱাৰ হুছেইন)

তিনি নগঞাঁ, কৰ্মসূত্ৰে গুৱাহাটিত থাকো, ১৯৯২ চন৷ মই সৰু মটৰীয়াত, ফুকন চিৰিয়াখানাৰ ওচৰত আৰু দাস কমাৰ্ছৰ ওচৰত৷ ফুকন মানে ফুকনেই, গদাধৰ সিংহ বুলিলে যেনে এটা অবয়ৱ আমাৰ চকুত ভাহি উঠে, তেনেকুৱা৷ তিনিওৰে মাজত মই বিবাহিত, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া থকা সৰু পাহাৰৰ দাঁতিত নতুনকৈ সজা ফ্লেটত থাকোঁ৷ আজৰি পৰত গনেশগুৰিত নতুবা মোৰ তাতে বহোঁ৷ শ্ৰীমতী ঘৰলৈ থকাকৈ গ’লে মোৰ তালৈ অহা বন্ধুৰ সংখ্যা ৫/৬ জন হয়গৈ৷ হাতে হাতে নিজা পছন্দৰ খাদ্য, পানীয়৷ কিবা কম পৰিলে বান্দা হাজিৰ থাকে৷

pool
তিনি বন্ধুৰ কথা-বতৰাত এদিন সাঁতোৰৰ প্ৰসংগ ওলাল৷ ফুকনে সাঁতোৰিব নাজানে, বাকী দুজনে জানো ৷  ফুকনে সাঁতোৰ শিকিবৰ মন কৰিলে, আমিও শাৰীৰিক শ্ৰম হ’ব বুলি তিনিও ভৰ্তি হ’লোঁগৈ ষ্টেডিয়ামৰ চুইমিং পুলত৷ বি. বৰুৱা কলেজৰ বিপৰীতে থকা খেলৰ সামগ্ৰীৰ দোকানৰ পৰা চুইমিং কষ্টিউম কিনিলো৷ পুৰুষ কষ্টিউম বুলিলে টিকা ঢকা বিধেৰেই চলি যায় যদিও চুলি নিতিতিবলৈ ইলাষ্টিক কেপো কিনিলোঁ ৷ সন্ধিয়া ছয় বজাৰ পৰা সাত বজালৈ আমাৰ সময়৷ সময়ত গ’লোঁ, নানা বয়সৰ পুৰুষ-মহিলা গোট খাইছে৷ এগৰাকী ৭০ বছৰীয়া আইতাকো দেখিলোঁ চুইমিংৰ সাজত৷ ৰাজহুৱাকৈ ইমান সৰু কাপোৰ নিজেও পিন্ধা নাছিলোঁ আৰু আনকো এনেদৰে লাইভ দেখা নাছিলোঁ ৷ আইতাক দেখি প্ৰেৰণা পালোঁ আৰু মনৰ জড়তা আঁতৰিল৷ চেঞ্জ ৰুমত কাপোৰ সলাই,গাটো তিয়াই দাস আৰু মই অন্যান্য কিছু সাঁতোৰবিদৰ সৈতে চুইমিং পুলৰ দ অংশত ডাইভ দিলোঁ৷ ফুকন একঁকাল পানীত পাৰত ধৰি ভৰি মাৰি থকাৰ অনুশীলন কৰি থাকিল
৷ দ অংশত ভিৰ নাই… পোহৰো কম৷ আইতা, দাস, মই আৰু ৪/৫ জন৷ এই দৰে ১০/১৫
দিন মান গ’ল৷ মোৰ আৰু দাসৰ টুপি হালধীয়া, ফুকনৰ কমলা ৰঙৰ৷

এদিন কেইবাবাৰো পথালিকৈ ইপাৰ সিপাৰ হৈ ভাগৰুৱাহৈ ভাগৰ মাৰিবলৈ আগৰে পৰা জিৰাই থকা হালধীয়া টুপি পৰিহিত দাসৰ গা ঘেলাই পাৰ চাপিলোঁ ৷ গোটেই শৰীৰ পানীৰ তলত, পোহৰো কম, সেয়ে টুপিয়েই নিচান৷ আনফালে মুখ কৰি থকা দাসক উদ্দেশ্যি কিবা এটা কৈছিলোঁ, ফোঁপাই ফোঁপাই৷ মুখখন ঘূৰাই দিয়াত দেখিলোঁ দাস নহয়, ১৫/১৬ বছৰীয়া বেলেগ ল’ৰা এজন৷
ক’লোঁ – ‘চৰি, তোমাক মোৰ বন্ধুজন বুলি ভাবিছিলোঁ৷ ’
উত্তৰ নাপালোঁ৷ পানীৰ ঢৌত আমাৰ দুয়োৰে বাহু দুটা মাজে মাজে স্পৰ্শ কৰিছিল ৷ ভাগৰ অলপ কমাত মন কৰিলোঁ সিখন বাহু অলপ বেচি মসৃণ আৰু কোমল৷ ভালকৈ মন কৰাত দেখো বুকুত আৰু এপদ বস্ত্ৰ আছে ..এওঁ দাসো নহয়, ল’ৰাও নহয়, সেয়ে এখেন্তকো পলম নকৰি মই সিটো পাৰলৈ সাঁতোৰ ললোঁ আৰু ভাগৰ মাৰিবলৈ ল’লোঁ ৷ অলপ পাছত মন কৰিলোঁ হালধীয়া টুপিৰ ছোৱালীজনী আহি মোৰ কাষতে জিৰাইছে৷ কিছুপৰ জিৰাই পুনৰ সাঁতুৰিবলৈ ল’লোঁ৷ সময় শেষ হোৱাত পুলৰ পৰা উঠি পানী ওলাই থকা পাইপ এটাৰে গা ধুই কাপোৰ কানি পিন্ধি হাজিৰা বহীত চহী কৰি তিনি বন্ধু গুচি আহিলোঁ৷

পিছদিনা দাস যাব নোৱাৰিলে৷ পানীত নমাৰ পাছত মন কৰিলোঁ ছোৱালীজনীয়ে মোৰ লগে লগে সাঁতোৰে, মই জিৰালে জিৰায়৷ ভাবিলোঁ কোনোবাই আমনি কৰা বাবে তাই মোৰ ওচৰে ওচৰে থাকে৷ পানীৰ তলত কেতিয়াবা তাইৰ ভৰি মোৰ ভৰিত লাগিও যায়৷ সময় শেষ হোৱাত পানীৰ পৰা পাৰলৈ উঠা জখলাডাল বগাবলৈ লওঁতে তাইয়ো হেতা-ওপৰা লগালে ৷ যেনেতেনে উঠি গায়ে-মূৰে চাবোন ঘঁহি এজনৰ হাতৰ পৰা পানী ওলোৱা পাইপডাল লৈছোঁহে, হঠাৎ পাছফালৰ পৰা কোমল কোমল শৰীৰ এটাই খুন্দা মাৰি দিলে৷ উভতি চাই দেখোঁ সেই ছোৱালীজনী৷ মহিলাৰ গা-ধোৱাৰ বেলেগ বাথৰুম থাকোতে তাই পুৰুষৰ সতে গা ধুবলৈ অহাত অলপ আচৰিত হ’লোঁ৷
পাইপেৰে গাৰ চাবোন ধোৱাত লাগিলোঁ, ধোৱা হোৱাই নাছিল; তাই পুনৰ খুন্দা এটা মাৰি মোৰ হাতৰ পৰা পাইপডাল কাঢ়ি ল’লে৷ উপায়হীন হৈ মই ৰৈ থাকিলোঁ৷ তাইৰ গাধোৱা হ’লত পাইপডাল মোক গতাই তাই কাপোৰ সলাবলৈ মহিলা প্ৰসাধন গৃহলৈ গুচি গ’ল৷

ময়ো গা ধুই কাপোৰ সলাই হাজিৰা বহীত চহী কৰিবলৈ কলম  উলিয়াই লৈছোঁহে, তেনেতে চিলাই থাপ মৰা দি কোনোবাই কলমটো লৈ ল’লে৷ দেখিলোঁ সেইজনী ছোৱালীয়েই৷ চহী কৰি লাহেকৈ খুন্দা এটা মাৰি কলমটো দি থৈ গ’লগৈ৷

ঘৰলৈ আহি সিদিনাৰ খুন্দাখুন্দিৰ বিষয়টো চিন্তা কৰি বৰ সুবিধাজনক বুলি মনে নধৰিলে৷ মই বিবাহিত আৰু তেতিয়ালৈ এবছৰীয়া ছোৱালীৰ পিতৃও৷ পিছদিনা তিনিও চুইমিং পুললৈ গ’লোঁ হয়, মই সিদিনা অজুহাত দেখুৱাই পুলত নানামিলোঁ ৷ পাৰৰ দৰ্শকৰ বেঞ্চত বহি থাকিলোঁ৷ মন কৰিলোঁ ছোৱালীজনী দেউতাক আৰু সৰু ভায়েকৰ স’তে আহিছে .. বয়স খুউব বেচি হ’লে পোন্ধৰ মান হব৷ দৰ্শকৰ মাজত তাই মোক ধৰিব নোৱাৰিলে, সেইফালে চোৱাও নাছিল৷
মন কৰিলোঁ পানীত তাই দুবাৰমান দাসৰ ওচৰ চাপি পিছলৈ আঁতৰে আঁতৰে সাঁতুৰি সময়ৰ আগতেই উঠি গুচি গ’ল৷
আমাৰ পাছত জলপৰী মিঠু বৰুৱা আৰু দুজনমান বিখ্যাত সাঁতোৰবিদে অভ্যাস কৰিছিল৷ সিদিনা জলপৰীৰ সাঁতোৰ চাবলৈ আমি ৰৈ গ’লোঁ৷ তাত এজনে লেমন টি বিক্ৰী কৰিছিল আৰু পুলৰ পৰা উঠি সেই চাহ খোৱাটো বেচি ভাগৰে অভ্যাস হৈ পৰিছিল৷ চাহত হোপা মাৰি মাৰি দাস আৰু ফূকণক আগদিনাৰ খুন্দা পৰ্বৰ কথা ক’লো৷ দাসে ক’লে- ‘তাই আজি দুবাৰমান এন্ধাৰত ওচৰৰ পৰা মোক জুমিজুমি চোৱাৰ ৰহস্যটো এতিয়াহে গম পালোঁ ৷ তাই পানীৰ তলত তোক খুন্দিয়াবলৈ হে বিচাৰি আছিল৷’
ভাগ্যে আজি তই নানামিলি, তোক ডুবাই দিলেহেঁতেন৷ ’
মই হাঁহি হাঁহি ক’লোঁ – ‘বিয়া-বাৰু কৰা মানুহ, ঘৰত খুন্দিয়াবলৈ মানুহ থাকোঁতে সাঁতুৰিব জানিও চুইমিং পুলত ডুবি মৰিবলৈ মন নাই দেই৷ ’
সিদিনাৰ পৰা চুইমিং পুলত নামিবলৈ ভয় লগা হ’ল৷ তিনি মাহৰ ফিজ আগধন দি ১৬/১৭ দিনতে সাঁতোৰ এৰিলোঁ৷ বাকী দুজনেও লাহে লাহে নোযোৱা হ’ল৷ ফুকনৰ সাঁতোৰ শিকা নহ’লগৈ ……
***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments