চুঙা চাই সোপা (অৰুণজ্যোতি দাস)


চেন্নাইলৈ প্ৰথমবাৰ গৈছো । আচলতে আমি বাংগালোৰলৈ যাম আৰু তাৰ পৰা উটী, মানালি এইবোৰ অলপ ফুৰিম । যিহেতু ট্ৰেইন চেন্নাই হৈয়ে যায় আৰু চেন্নাইৰ পৰা বাংগালোৰৰ দূৰত্ব বেছি নহয়েই, গতিকে কিয়নো আমি অলপ কষ্ট কৰি তিৰুপতি আৰু পণ্ডিচেৰী দৰ্শন কৰি নাহোঁ ? এয়া আছিল শ্ৰীমতীৰ ইচ্ছা । সেইমতেই আমাৰ এই চেন্নাই ভ্ৰমণ । এসপ্তাহমান থকা-মেলা হ’বই যেতিয়া, হোটেলত পিন্ধা কাপোৰ, ফুৰিবলৈ যো‌ৱা কাপোৰ, সাগৰৰ পাৰত পিন্ধা কাপোৰ-এই সকলোখিনি ভৰাবলৈ শ্ৰীমতীয়ে তেওঁৰ ভাগৰ দুটা চুইটকেচ সাজু কৰিছিল । লগত আৰু ভেনিটি বেগ, প্ৰসাধনৰ বেগ,পিঠিত লো‌ৱা বেগ এইবোৰ আছিলেই । মই ঘৰতেই এখুন্দা লাগিলো, বোলো ইমানখিনি বোজা লৈ মই গাধৰ দৰে লগত যাব নো‌ৱাৰোঁ । মোৰোতো ইজ্জত বোলা বস্তু এটা আছে ! তাৰ পিছত যেনিবা এটা ডাঙৰ ট্ৰলী বেগ আৰু এটা ডাঙৰ চুইটকেচত মূল সামগ্ৰীখিনি লো‌ৱা হ’লগৈ । পিঠিত আৰু কান্ধত লো‌ৱাৰ ওপৰিও দুই হাতত দুটা বেগ লৈ আমি অৱশেষত চেন্নাই ষ্টেচনত নামি ওলাই আহিলো ।

কুলি ব্য‌ৱহাৰ নকৰিলো, কাৰণ আমাৰ হোটেল বুকিং হৈ থকা নাছিল । গতিকে ক’ত গৈ থাকিম একো ঠিক নাই । এবাৰ হাইদৰাবাদ যাওঁতে অনলাইনত হোটেল বুকিং কৰি ঠগ খাই থৈছো । দেখু‌ৱাব কিবা এটা আৰু পামগৈ কিবা এটা ! সময় আবেলি চাৰি মান বাজিছিল । দুয়ো ভা‌ৱিলো, প্ৰথমে ষ্টেচনৰ ওচৰৰ হোটেলকেইখনতে পাক এটা মাৰি চাই লওঁ; যদি পছন্দৰ নহয়, তেন্তে কাৰোবাৰ পৰামৰ্শ লৈ ভাল ঠাইলৈ যাব লাগিব। শ্ৰীমতীয়ে আকৌ বাথৰুম চাফা নাথাকিলে থাকিব নো‌ৱাৰে ।

মোৰ হাতে-পিঠিয়ে বেগ । শ্ৰীমতীৰ চকুত গগলচ, হাতত পানীৰ বটল, পিঠিত তেওঁৰ নিজা বেগটো । বেনাৰ –চাইনবোৰ্ডবোৰলৈ চাই চাই এখুজি দুখুজিকৈ গৈ আছো, তেনেতে আহিলে এটা শকত-আৱত ক’লা-ম’লা  পেটু‌ৱা মানুহ । আমাক প্ৰায় আগভেটি লো‌ৱাৰ দৰেই ল’লে । তামিল নে তেলেগু ক’ব নো‌ৱাৰোঁ কি ভাষাত, সি কৈ গ’ল এসোপামান । তাৰ কথা শেষ নহয়হে নহয় । মোৰ এনে লাগিল যেন সি কৈছে-‘ভিটান ভেংকেট বৰাই আন্ধাৰে মুন্ধাৰে খুন্দা খালে!’  অৱশ্যে হাতৰ অংগী-ভংগী আৰু ‘হোটেল’, ‘ফাৰ্ষ্ট ক্লাছ’ জাতীয় দুটামান শব্দৰ পৰা আমি বুজি পালোঁ যে সি এটা দালাল আৰু সি আমাক ভাল হোটেল দেখু‌ৱাই দিব । এনে দালালবোৰে হোটেলৰ মালিকৰ পৰা কমিছন পায় ,গতিকে আমাক তাৰ কাষ্টমাৰ বনাই ল’ব খুজিছে । মই দাম দৰ কিমান,বাথৰুম কেনেকু‌ৱা  সুধিম বুলি ভাৱিছিলো, পিছে হ’ব কি; সি হিন্দীত ক’লেও বুজি নাপায়, ইংৰাজীত ক’লেও বুজি নাপায় । গতিকে বাদ দিলো, “হমলৌগ’ক’ হোটেল নহি চ্ছাহিয়ে” বুলি কৈ তাৰ পৰা মেলানি মাগিলো । পিছে পিছে সি ভোৰভোৰাই কৈয়েই আছে । আমি বিশেষ পাট্টা নিদি যিমান পাৰো খৰখেদাকৈ যাবলৈ ধৰিলোঁ। অলপ দূৰলৈ আহি সি আকৌ আমাৰ লগত চুপতি মাৰিবলৈ লাগি গ’ল । -‘আণ্ডা পান্দা কন্দিয় মন্দিয়!! ’ ছে: কি কৰোঁ , এইবাৰ একো নামাতিলো, তাক বুজাই এনেইও লাভ নাই । মনে মনে গৈ থাকিলো। পিছফালৰ পৰা তাৰ লগৰ নিচিনা দুটামানে আকৌ আমাৰ ফালে চাই আছে । শ্ৰীমতীয়ে ভীষণ ভয় খাইছে ! মই অলপ সাহস দি ক’লো, ব’লা সেই টাৰ্নিংটোতে এখন ভাল দোকান দেখিছো, তালৈ গৈয়েই অলপ ‘জুচ’ খাই খাই মালিকক তেল মাৰি ভাল থকা ঠাইৰ কথা সুধি ল’ম । এইবাৰ আকৌ সি সমুখৰ ফালে আহি লৈ ক’বলৈ ধৰিলে । অংগী-ভংগীত তাৰ একদম দাদাগিৰি চিন মূৰ্তমান ! মোৰ আহিল নহয় টিঙিচকৈ খংটো উঠি । ‘চাল্লা কুকুৰৰ বেটা চিনি পোৱা নাই মই ক’ৰ  পো‌ৱালি ?’ -শুন তেন্তে! বেগকেইটা থেকেচ্ কৈ মাটিত পেলাই তাক আঙুলি টোঁ‌ৱাই ক’বলৈ ধৰিলো-

“হলৌ উঠিল ……টকৌ গছত……লগাই খদৌ মদৌ.. বুজিছ? ..জৌ জৌ কৈ সৰিল নিয়ৰ………হ’ল জলৌ জপৌ. হুহ ! !….. লাও পুলি লৰাই ৰুলোঁ, ৰুলোঁ লৰাই লফা, ওৰাই ঘূৰাই, ঘূৰাই-উৰাই তাঘুৰ-ঘূৰাই মাতা । নাৰ  বাত পাভ মাছ আৰু এটা কাছ, বাৰ টকাত কিনি আনি কিয় বাৰু নাচ ? হাঁ , কিয় বাৰু নাচ ?”

বেটাই এবাৰ তধা লাগি মোৰ মুখলৈ চালে আৰু ওলোটা বাটেৰে খোজ ল’লে ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক