চুপাৰ প্ৰব্লেম, চুপাৰ চলিউচন্‌ (প্ৰতিম প্ৰতাপ বৰুৱা)

(প্ৰব্লেমটো আৰু চলিউচন্‌টো – দুইটা কল্পনা | কাৰোবাৰ লগত বাইচাঞ্চ কিবা মিলি গ’লে মই দায়ী নহয় |)

বিহুৰ সময়ত আমাৰ ঘৰলৈ মোৰ অনা-অসমীয়া বন্ধু কেইটামান প্ৰত্যেক বছৰে আহে | সিহঁতক দিবৰ কাৰণেই মই প্ৰত্যেক বাৰে গামোচা যোগাৰ কৰি থব লগা হয় | লাজ-চৰম চিনি নোপোৱা মোৰ বন্ধুকেইটাই গামোচা নিদিলেও খুজি লয় – “আবে, ইছ্‌বাৰ নেহী দ’গে ক্যা ? আউৰ সান্দহগুৰি কা জলপান কাহা হ্যায় ? ঘৰচে নেহী ভেজা ক্যা ?”

এইবাৰো বিহুৰ দিনাই মোৰ বন্ধু এটা সপৰিয়ালে আহিল আমাৰ ঘৰলৈ | দুটি লৰা-ছোৱালী আৰু পত্নী | বন্ধুটো অনবৰতে হুলস্থুল কৰি ভাল পোৱা উত্‍পতীয়া বিধৰ লৰা | মোৰে সৈতে একে বেট্‌চৰ, একেলগে চাকৰিত সোমাইছিলো |

আমাৰ ঘৰত তাৰ শ্ৰীমতীয়ে মোৰ শ্ৰীমতীয়ে লগ লাগি পাকঘৰত সোমাই কথা পতাত লাগিল | তাৰগৰাকীয়ে মোৰগৰাকীক কয় – “তুমলোগোকে অসমীয়া কাপোৰৰ ষ্টাইল আৰু ডিজাইন্‌এমেজিং | কালাৰফুল, গৰ্জিয়াচ | জাষ্ট ৱাও | তোমালোক এইবাৰ ঘৰলৈ গ’লে মোলৈ দুযোৰমান লৈ আহিবা |” (এই ৱাও টোৰ মানেটো কি মই ভালকে বুজি নাপাওঁ | ১০ বছৰ আগতে বন্ধুটোৰ বিয়া খাবলৈ গৈছিলো | কইনাৰ ঘৰ উত্তৰ প্ৰদেশৰ এখন ভিতৰুৱা গাওঁত আছিল | ৰাতিপুৱা শুই উঠি ৰাইজে নিত্যকৰ্মফেৰা কৰিবলৈ ঘেঁহুৰ পথাৰলৈ গৈছিল | তেনেহেন গাৱঁৰ ছোৱালীৰ মুখত ৱাও টো শুনিলে মোৰ নিচিনাটোৱে কেনেকে বুজিম ?)

মোৰগৰাকীয়ে কয় – “আনিম বাৰু |”
– কিমান দাম বাৰু ?- সিমান বেছি নহয় | অলপ ভাল বিধৰ হ’লে ১৫ – ২০ হাজাৰ মান লাগিব |

দাম শুনি কথাৰ চাবজেক্ট্‌অসমীয়া কাপোৰৰ পৰা অসমীয়া জলপানলৈ চেইঞ্জ হৈ গ’ল |

আমি দুটাই নিয়মমাফিক লৰা-ছোৱালীকেইটা চম্ভালি আছো | তাৰ দুটা, মোৰ দুটা – চাৰিটা লৰাছোৱালীয়ে ঘৰখনত হট্টগোল কৰি আছে | তাৰ মনটো অলপ মৰা যেন দেখি মই সুধিলো – “আৰে, তোৰ আকৌ কি হ’ল | তবিয়ত্‍ঠিক আছেতো | হো, লচ্‌কৰা খা |” সি ক’লে – “ব’ল অলপ বাহিৰলৈ যাওঁ | চাদত বহোগৈ ব’ল |” তাৰ কথাৰ সুৰটো অলপ চিৰিয়াচ যেন দেখি মই বোলো – “ব’ল |”

লৰা-ছোৱালীকেইটাক ব্যস্ত কৰাই দিলো | দুটাক লেপটপত গেম উলিয়াই দিলো, টিভিটো চলাই কাৰ্টুন নেটৱৰ্ক লগাই দিলো, আৰু ডেক্সটপটো খুলি মহাভাৰতৰ এপিচদ্‌এটা উলিয়াই ছোৱালী দুজনীক বহোৱাই দিলো | গোটেইকেইটা চূপ মাৰিলে | আমি চাদত বহিলোগৈ | “ক’ এতিয়া কি হ’ল তোৰ |” চাদত ভালকৈ বহি লৈ সন্মুখৰ হাবিখনলৈ চাই চাই সি মোক তাৰ কাহিনীটো ক’লে | কাহিনীটোৰ সাৰাংশ এনেধৰণৰ –

“কিছুদিন আগলৈকে চব ঠিকেই আছিল | অফিচ, ঘৰ, ফেমিলী, আউটিং, মৰম, চেনেহ, মাজে মাজে অলপ চলপ সৰু সুৰা মৰম লগা কাজিয়া | কিন্তু কেইদিনমানৰ পৰা সি মন কৰিছে যেন ঘৰখনত লৰা-ছোৱালীদুটাৰ অলপ আলৈ-আথানি হৈছে | সিও আগৰদৰে পত্নীৰ লগত বহি কথা পাতিবলৈ সময়-সুবিধা পোৱা নাই | পত্নীয়ে অনবৰতে লেপটপটো লৈ বহি থাকে | ফেচবুক, অৰ্কুট, টুইটাৰ আদি চবতে একাউণ্ট খুলি লৈছে | এই ৱাও, এমেজিং, গ্ৰেট, মাৰ্ভেলাচ, ওএমজি, আৰআইপি আদি শব্দবোৰ বোলে তাৰপৰাই শিকিছে | চব মিলাই হাজাৰ হাজাৰ ফ্ৰেণ্ড | অনবৰতে ক’ৰ অচিনাকী মানুহবোৰৰ লগত কি কি কথা পাতি চাটিং কৰি থাকে ঠিক নাই | শালিকী শালিকী খেল খেলি থাকোতে থাকোতে সেইখন দুনিয়াকে আচল দুনিয়া বুলি ভাবি লৈছে বোলে তাৰ পত্নীয়ে | খানাৰ ৰেচিপী, কাপোৰৰ লেটেষ্ট ট্ৰেণ্ড, বাথৰুমৰ ডিজাইন – এইচব বোলে ফেচবুকতহে পায় | এতিয়া লেটেষ্ট বোলে মুম্বাইৰ কোনোবা কোম্পানীত চাকৰি কৰি থকা ডেকা এটাৰ লগত শালিকী শালিকী চলি আছে | দিনে ৰাতিয়ে মেচেজা-মেচেজী | মাজে মাজে মুম্বাইলৈ ফুৰিবলৈ যাওঁ বুলিও কয় বোলে তাৰ পত্নীয়ে | ”

মই বোলো – “ধেই কি চিন্তা কৰি থাক | একো নাই দে | এইবোৰ মিছা বুলি দুদিনতে গম পাব | আৰু মেচেজ দিলেই একো নহয় দে | টম আৰু জেৰী পাইছ নেকি যে টেলিফোনৰ লাইনে লাইনে টমৰ নিচিনাকৈ হাতখন পঠিয়াই দি সেইটোৱে তোৰ পত্নীক হেৰি কৰি লৈ যাব বুলি ? এইবোৰ ইন্‌ফৰ্মেচন হাইৱে লিলিমাই বুজিছ | একো নহয় দে |”

সি ক’লে – “আৰে মাম্‌লা চিৰিয়াচ | মই চব গম পালো | বহুত কথা | আমাৰ কাজিয়াও হৈ গৈছে বুইছ | তাক পালে মই ঠিকচে পিটন দিম |”কথা বিষম যেন লাগিল |

তাক এটা চলিউচন্‌ দিলো – “আবে লিচন্‌, এটা কাম কৰ | তোৱ ৱাইফক কৈ দে মুম্বাইৰ হিৰোটোক ঠিকচে মাৰিম বুলি | আৰু কিংফিচাৰ এয়াৰৱেজত বা এয়াৰ ইণ্ডিয়াত মুম্বাইলৈ এটা ৰাউণ্ড টিকেট কাট | একেখন প্লেনতে ঘূৰি আহিবি | প্লেনখন মুম্বাইত নামি গোৱালৈ যায়গৈ | কেইঘণ্টামানৰ মূৰত আকৌ মুম্বাইলৈ ঘূৰি আহে | সেইখিনি সময়তে তোৰ কাম হৈ যাব | চিধা তাৰ কোম্পানীটো বিচাৰি উলিয়াবি | তাক লগ ধৰি কবি ’মই আমুকীৰ গিৰিয়েক’ | কথাষাৰ কৈ তাক ঠিকচে থেকেচা এটা দিবি আৰু গুচি আহিবি |”

সি ক’লে – “হেহ, তোৰ চব কথাতে ধেমালি | মোৰ চিন্তাত গৰ্ভ গেলিছে |”

মই বোলো – “বাদ দে থ’ | এইবিলাক চিন্তা কৰি লাভ নাই | চব ভাৰচুৱেল | দুদিনতে চব নিজে নিজে ঠিক হৈ যাব | ব’ল এতিয়া, ঘৰলৈ যাওঁ | লৰাই লেপ্‌টপ্‌ভাঙিব | ইচ্‌বাৰ সান্দহগুৰি কা জলপান নেহী হ্যাই | দৈ-চিৰা খাওঁগৈ ব’ল |”

সিহঁত যোৱাৰ পিছত কথাবোৰ শ্ৰীমতীক ক’লো | কথা শুনি শ্ৰীমতীৰ তালুৱে-জিভাই লগ লাগিল | ক’লে বোলে – “ৰাম ৰাম ! নোৱাৰি আৰু দেই | আমাৰে ভাল বুইচা | ফেচবুকত সেইখন এমেজিং, ৱাও, অওচম আদি কৰি থকাতকৈ ভাল ভাল অসমীয়া গোট দুটামানত আছো, ছবি আঁকিছো, সাহিত্য আলোচনীত স্কেচ আঁকিছো, সুখত আছো | আৰু তুমি চলিউচন বিচাৰি নাপালা ? তেনেকে ক’লেহে হয়নেকি ?”

মই বোলো – “ঠিক কথা | বুইচা এইবোৰ এমেজিং, ৱাও, অওচম আদি ভাৰচুৱেল, ইউনিকোড, ছবি, সাহিত্য ডট অৰ্গ আদি ৰিয়েল | কাঢ়াকে চাহ একাপ দিয়াচোন, সেইটোৰ কথাবোৰ শুনি মূৰটো অলপ টিংটিঙাইছে ……”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments