চুমা (দ্বিজেন্দ্ৰ নাথ শৰ্ম্মা)

চুমা

কালিয়েই পৰেনে কৈ গৈছিল, দহ বজাত ৰেডি হ’ব লাগে। সি তাইক লৈ যাব। তাই বুজিব পৰা নাই। পৰেনে হয়তো তাইৰ ভালৰ বাবেই কৈছে। মাতুক গা ধুৱাই আনি ফটা গামোচাখনেৰে গাটো মচি দি তাইক শেতেলিখনত থ’লে। কালি গধূলিয়েই পৰেনে এটা কাৰ্টন দি গৈছিল। খুলি চাম বুলিও মাতুৱে ৰাউচি জোৰাত ৰাতি খুলি চোৱাই নহ’ল। পৰেনে কৈছিল, তাত সৰু ল’ৰা-ছোৱালীৰ গাত ঘঁহা পাউদাৰ, চাবোন আদি আছে। তাইৰ কৌতূহল হৈছিল, কাৰ্টনটো পাউদাৰ, চাবোনেৰেই ভৰ্তি হৈ আছেনে? কাৰ্টনটোৰ পৰা সুগন্ধি বিয়পি পৰিছে। কাৰ্টনটো খুলিয়েই তাই দেখিলে এটা বাকচ। গহনাৰ বাকচ যেন দেখা বাকচটো খুলি দেখিলে তাত সৰু সৰু কিছুমান বটল লগতে কেইডালমান ব্ৰাছ। তাই ভাবিলে ৰঙৰ বাকচটো বাৰু পৰেনে কিয় আনিলে। সি ইয়াত স্নো-পাউদাৰহে থকা বুলি কৈছিলন! মাতু ডাঙৰ হ’লে ছবি আঁকিব পৰিব বুলি তাই বাকচটো জপাই থ’লে।
“ইচ্ ৰাম এইজনীয়ে কি কৰিছে”- মাতুলৈ চাই তাই চিঞৰি উঠিল। তাইৰ চিঞৰ শুনি মাতুৱে খিলখিলাই হাঁহি উঠিল। তাইৰো হাঁহি উঠি গ’ল। তাই বাকচটোলৈ চাই ভাবি থাকোঁতে মাতুৱে এডাল লিপষ্টিক উলিয়াই লৈ গালে মুখে লগাই মুখৰ পিনে চাব নোৱাৰা অৱস্থা কৰি পেলাইছে। তাইক আকৌ গা ধুৱাব লাগিব। ইপিনে পৰেনো আহিবৰ সময় হৈছে। দৌৰা-দৌৰিকৈ তাই কাৰ্টনটোৰ বস্তুখিনি বিচনাত উলিয়াই লৈ এপদ এপদকৈ কাৰ্টনত ভৰাই গৈ থাকিল। পাউডাৰ, ক্ৰীম, লিপষ্টিক, কাজল, তেলৰ বতল …….. ও, চাবোনো দেখোন। অ’ এতিয়াহে মনত পৰিল – পৰেনে কৈছিলেই দেখোন …..কালিয়েই পৰেনে কৈছিল, চাবোনো থকা বুলি। ৰাতিপুৱা সেই চাবোনেৰে গা ধুৱাই স্নো-পাউদাৰেৰে মাতুক ৰেডি কৰি ৰাখিব কৈছিল। কথাটো পাহৰি সদায় ঘঁহা চাবোন ঘঁহিয়েই গা ধুৱাই আনিছিল। মাতুৱে গায়ে-মুখে লিপষ্টিক লগাই লোৱাত ভালেই হ’ল। দামী চাবোনেৰে গা ধুৱাব পৰা যাব। পলিথিনৰ থোঙাটোলৈ চকুত যোৱাত তাই সেইটো খুলি চালে –  আৰে, মাতুৰ বাবে এজোৰ কাপোৰো দেখোন!
পৰেনে তাইক লৈ গৈ মঞ্চৰ ওচৰত এঠাইত ঠিয় হৈ থাকিব দিলে। বিশাল পথাৰখন বাঁহৰ ডাং দি বিভিন্ন ভাগত ভগোৱা হৈছে। মাজৰে বাট এটা ৰখা হৈছে। বাটটোৰ কাষত বাঁহৰ ডাং দিয়া এটা ভাগ কৰা হৈছে। তালৈ সকলোকে যাব নিদিয়ে। পৰেনহঁতৰ দৰে মানুহ কিছুমানে যাব দিলেহে মানুহ তালৈ যাব পাৰে। ঠিক মঞ্চৰ কাষৰ খু্ঁটাটোৰ কাষত তাই থিয় হৈ থাকিল। তাইৰ ভয়ো লাগিছে – কি বা হয়। প্ৰথমতে তাই পৰেনৰ প্ৰস্তাৱটো শুনি ভীষণ ভয় খাইছিল। ডাঙৰ মানুহৰ লগত সিহঁতৰ হলিগলি নাই। মেলে-মিটিঙে যোৱাত তাইৰ সিমান হেঁপাহ নাই। কিন্তু এতিয়া উপায়ো নাই। পৰেনে তাইক বহুত সহায় কৰিছে। ৰেচনৰ কাৰ্ডখন বা জব কাৰ্ডখন তাই বাৰু পৰেনৰ সহায় নোহোৱাকৈ উলিয়াব পাৰিলেহেঁতেননে? গতিকে পৰেনে ক’লে মিটিঙলৈ তাই নাযাওঁ বুলিনো কোন সতে কয় ! মাজে মাজে টকা-সিকিৰ সহায় বুলিবলৈ পৰেনৰ পৰাই পায়। নহ’লে দুপৰীয়াৰ ভাতসাঁজৰ বাবে এই ভৰ ৰ’দ মূৰত লৈ মিটিং শুনি থকাৰ ইচ্ছানো কাৰ থাকে। কিন্তু পৰেনক না ক’লে খাই পাত ফলাৰ নিচিনা হ’ব। তাৰোপৰি এশ দুশ টকাও পোৱা যায়।
পৰেনে বাৰু মাতুক নতুন কাপোৰযোৰ পিন্ধাই আনিবলৈ কিয় নিদিলে। দ্বিতীয়বাৰ চাবোন সানি গা-পা ধুৱাই তেল-স্নো-পাউদাৰ সানি তাই মাতুক নতুন কাপোৰযোৰ পিন্ধাই দিয়াৰ লগে লগে পৰেন আহি পাইছিল। ফুট-ফুটিয়া বগা ধুনীয়া দামী ফ্ৰকটোৰে মাতু পৰী যেন লগা হৈছিল। পৰেনে মাতুলৈ চাই কি বা ভাবিছিল ! তাইক বেলেগ এযোৰ চাফা পুৰণা কাপোৰ পিন্ধাবলৈ কৈছিল। তাইকো পুৰণা সাধাৰণ কাপোৰহে পিন্ধিবলৈ কৈছিল বাবে তাই ঘৰত পিন্ধা কাপোৰযোৰে পিন্ধি আহিছে। পৰেনে বাৰু পুৰণা কাপোৰ পিন্ধি আহিবলৈ কিয় কৈছিল। যিয়েই নহওক পৰেনে কৈছে যেতিয়া ভালৰ বাবেই কৈছে।
সময় গৈ আছে মানে তাইৰ দুৰু দুৰু ভয়টো বাঢ়ি গৈ আছে – কি বা হয়। ডাঙৰ মানুহৰ লগত সিহঁতৰ কোনো সংশ্ৰৱ নাই। পৰেনে প্ৰথমতে তাইক কথাটো কওঁতে তাই না কৰিছিলেই। ইমান ডাঙৰ মানুহৰ লগত এইবোৰ; পৰেনে তাইক বহুত বুজাইছিল। লাভ তাইৰেই হ’ব। তাই মাতুলৈ চালে। ইমান দামী কাপোৰ এযোৰ পোৱাৰ পিছতো সাধাৰণ কাপোৰযোৰ পিন্ধাই আনিব লগা হোৱাত তাইৰ বেয়া লাগিল। পৰেনেনো বাৰু মাতুক দামী কাপোৰযোৰ পিন্ধাই আনিবলৈ কিয় নিদিলে?
হৈ চৈ আৰম্ভ হৈ গ’ল। তাইৰ ভীষণ ভয় লাগিল। ভয় মাথোঁ এটাই – কি বা হয়? তাই থকা ঠাইৰ কাষত চাৰিটামান কেমেৰাই ষ্টেণ্ড পাতি ৰৈ আছে। খপজপকৈ পৰেন তাইৰ ওচৰলৈ দৌৰি আহিল।
“আহি পাইছেই, তই চিন্তা কৰিব নালাগে মই লগে লগে থাকিমেই” – কথাষাৰ কৈয়েই পৰেন পুনৰ খৰধৰকৈ মানুহজনৰ পিনে গুচি গ’ল।
কেমেৰা লোৱা মানুহ এজাক পিছুৱাই আহি আছে। তাইৰ বুকুৰ ধপধপনিটো বাঢ়ি গৈ আছে। তাইৰ তাৰ পৰা গুচি যাম গুচি যাম লাগিল। কিন্তু কথাটো বেয়া হ’ব, কাৰণ তাই পৰেনক কথা দিছে। কেমেৰা লোৱা মানুহকেইটা তাইৰ সন্মুখেৰে পাৰ হৈ গ’ল। তাই মানুহজনক দেখিছে। মানুহজনৰ পিছত এজাক মানুহ, পৰেন মানুহ জনৰ সোঁকাষে। মানুহজন আগুৱাই আহি আছে। তাইৰ বুকুৰ ধপধপনি বাঢ়ি গৈ আছে। তাইৰ আৰু মানুহজন মাজত দূৰত্ব বেছি নাই। তাই পৰেনে কোৱাৰ দৰে মাতুক বাঁহৰ ডাঙত বহুৱাই ধৰি আছে। মাতুৱে তাইৰ কোলালৈ আহিবলৈ উচপিচ লগাই আছে। এইখিনি সময় ভালে-কুশলে পাৰ হৈ যাওক বুলি তাই ভাগৱানক খাটিলে।
মানুহজন তাইৰ ওচৰ পাওঁ পাওঁ হওঁতেই বাঁহৰ ডাং পাৰ হৈ এটা সৰু ল’ৰা বাটটোলৈ দৌৰ মাৰিলে। ল’ৰাটো তাই থকা ঠাইৰ সন্মুখভাগলৈ আহি আছে। তাই দেখিলে মানুহজনে খৰখেদাকৈ ল’ৰাটোৰ ওচৰলৈ ঢাপলি মেলিছে। হঠাৎ পৰেনৰ কথাটোত চকু পৰাত সিও সেইপিনে বেগাই খোজ ল’লে। ইতিমধ্যে মানুহজনে সেই ল’ৰাটোক থাপ মাৰি ধৰি কোলাত তুলি ল’লে। তাইৰ ঠিক সন্মুখতে কোলাত ল’ৰাটো লৈ মানুহজন থিয় হৈ আছে। মাতুক তাই বাঁহৰ ডাঙৰ পৰা নিজৰ কোলাত তুলি লৈ মানুহজনৰ পিনে চাই থাকিল।
তাইৰ সন্মুখত মানুহজন। কোলাত সৰু ল’ৰাটো। শেঙুন-নকা এটা ল’ৰা। গালত শুকাই যোৱা শেঙুনৰ দাগ। মানুহজনে মুখখন তাৰ মুখৰ পিনে আগুৱাই নিছে। তাই বুজিলে, মানুহজনে সেই ল’ৰাটোক মৰমতে চুমা খাব। কিন্তু হঠাৎ মানুহজনৰ মুখখন আগুৱাই নগৈ ৰৈ গ’ল। তাই দেখিলে মানুহজনে ল’ৰাটোৰ শেঙুনভৰা নাকলৈ ঘৃণাৰে চাইছে। তাইৰো ঘিণ লাগিছিল। তাই ভাবিছিল মানুহজনে ল’ৰাটোক নমাই দিব। কিংকৰ্তব্যবিমূঢ় হৈ পৰা মানুহজনে ইফালে সিফালে চালে। সচকিত হৈ মুখখন পুনৰ চুমা খবলৈ আগবঢ়াই নিলে। কিন্তু পুনৰ বিফল হ’ল। তাই ভাবিলে ঘৃণাৰে সৈতে সেই মানুহজনে বাৰে বাৰে শেঙুন-নকা ল’ৰাটোক কিয় চুমা খাব বিচাৰিছে ! মানুহজনৰ চকুত ভাঁহি উঠা ঘৃণা আৰু বিৰক্তি তাই স্পষ্টকৈ অনুভৱ কৰিব পাৰিছে। হয়তো মাতুৰ ওচৰলৈ আহি থাকোঁতে দৌৰ মৰা শেঙুন-নকা ল’ৰাটোকে মানুহজনে চুমা খাবলগীয়া শিশুটো বুলি ভুলকৈ ভাবিছিল।
আজি সেই মানুহজনে মাতুক চুমা খালেহেঁতেন ! পৰেনে দিয়া চাবোনেৰে গা নুধুওৱাকৈ আনিলে মাতুক মানুহজনে ঘৃণাৰে সৈতেই চুমা খোৱাৰ চেষ্টা হয়তো কৰিলেহেঁতেন। তাই মাতুক বুকুৰ মাজত জোৰকৈ সাৱটি ধৰিলে।
কোলাত লোৱা সৰু ল’ৰাটোৰ শেঙুনৰ দাগৰ ওপৰত মানুহজনে পৰম ঘৃণাৰে চকু মুদি এটা চুমা বহুৱাই দিলে। হাত তালিৰ ৰোলে চৌদিশ ৰজনজনাই গ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক