চেকণীৰ আগত বিদ্যা – হিমাংশু ৰাজখোৱা

আমি যিবোৰে অন্ততঃ সৰুৰে পৰা চৰকাৰী মাধ্যমৰ স্কুলত পঢ়ি ডাঙৰ হৈছোঁ, তেওঁলোকৰ জীৱনত শিক্ষা গুৰুক লৈ ৰসাল কাহিনীৰ অভাৱ নাই৷

এগৰাকী শ্ৰদ্ধাৰ গুৰুৰ কথা আজি সুৱঁৰিছোঁ-
কটন কলেজৰ বাবে দেবেন দত্ত ছাৰ যি, জাগী হায়াৰ চেকেণ্ডাৰীৰ বাবে ডেকা চাৰ একেই৷
ফিটফাট সাজ, ইংৰাজী, অসমীয়া ভাষাৰ ওজা, সাহিত্যিক ডেকা ছাৰ আছিল অলপ খেয়ালী মনৰ৷
আমি পঢ়ি থকা দিনলৈকে চেকণীৰ আগত বিদ্যা কথাটো শিক্ষাগুৰু সকলে জীৱনৰ ব্ৰত হিচাপে লৈছিল৷ ডেকা চাৰে কোনোবাটো শ্ৰেণীত আমাক অসমীয়া পঢ়ায়, কোনোবাটোত ইংৰাজী৷ মাজে মাজে কথা নাই বতৰা নাই এনেই গা গৰম কৰিবলৈকে এজাউৰী বেত দি লৈহে পঢ়োৱা আৰম্ভ কৰে৷ ছাৰৰ আটাইতকৈ প্ৰিয় শাস্তি আছিল ছোৱালী বোৰ বেঞ্চৰ ওপৰত থিয় হোৱা আৰু লৰা বোৰক আঁঠু কাঢ়িবলৈ দিয়াটো আৰু এই দুইটা শাস্তিৰ পৰা কোনেও বাচিব নোৱাৰিছিল সি লাগে আগদিনা মুখস্থ কৰি আনিব দিয়া কবিতাটো মুখস্থ কৰি আহক বা নাহকেই৷ আমি ছাৰৰ এই গুণটো জানিছিলোঁ বাবে মুখস্থ হলেও নাই হোৱা ছাৰ বুলি কৈ চিধাই আঁঠু কাঢ়ি দিছিলোঁ, যি সকল মেধাবী অবোধ বালকৰ আত্ম সন্মান আছিল বা আঁঠু কাঢ়িবলৈ বেয়া পাইছিল তেওঁলোকে ছাৰক মুখস্থ মাতি শুনাইছিল আৰু কবিতাৰ প্ৰতিটো শব্দৰ ভুল উচ্চাৰণৰ বাবে বেত খাই হাত ৰঙা কৰি আহিছিল৷

আমি ধুৰন্ধৰ বোৰে বুজি পোৱা নাছিলোঁ আঁঠু কঢ়াৰ দৰে ইমান সহজ বিকল্প থাকোঁতেও তেওঁলোকে কিয় চেকণীৰ মাৰ খাব গৈছিল!

যি কি নহওক, চাৰে আমাক আটাইতকৈ ডাঙৰ গুগলীটো দিছিল ক্লাছ টেনত৷ বেত খাই বা আঁঠু কাঢ়ি হলেও আমি কেইটামানে ছাৰৰ সকলো ইন চুইং, আউত চুইং, কাটাৰৰ মুকবিলা কৰিব পৰাকৈ সক্ষম হৈ গৈছিলোঁ, কিন্তু আমাৰ এই ধাৰণা ভুল আছিল!

সম্ভৱ টেষ্ট পৰীক্ষাৰ আগত, চাৰে দিয়া প্ৰতিটো অনুবাদ শুদ্ধ কৈ কৰাৰ পিছত এদিন এটা অনুবাদত আমি বেয়াকৈ ধৰাশায়ী হলো!
চাৰে বৰ্ডত লিখি দিলে এইটো ইংৰাজীলৈ অনুবাদ কৰ-
‘বেতনিত ঔ পৰিল বাসুদেবায় নমঃ’
সেইদিনা বেতনিত ‘ঔ’ পৰিল নে ‘আমি’ পৰিলো সেইয়া চাবলৈ বাসুদেৱেও দূৰতে নমো নম: নমস্কাৰ কৰি আঁতৰিল৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
10 months ago

সঁচাকৈ চাৰৰ পাণ্ডিত্য অসীম |

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক