চেণ্টাৰ বন্ধ


অচিন্ত্য বৰঠাকুৰ

স্কুলীয়া দিনত আমাৰ জীৱনত আকাশবাণী ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছিল। গাঁৱৰ ঘৰে ঘৰে দিনটোত অন্ততঃ পাঁচ-ছয় ঘণ্টাকৈ আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠানসমূহ বাজি থাকিছিল। ৰেডিঅ’ৰ গাত ভেজা দি সেই সময়ত আমাৰ মাজত কিছুমান বাক্য (ডাইলগ বুলিও ক’ব পাৰে) বৰকৈ জনপ্ৰিয় হৈ পৰিছিল।

১) ৰেডি বাতৰি এবাৰহে কয়:- এইশাৰী বাক্য দৰাচলতে সম্পূৰ্ণ শুদ্ধ নাছিল যদিও ইয়াৰ প্ৰভাৱ আছিল অপৰিসীম। সীমিত সময়ৰ ভিতৰত বুলেটিনখন পঢ়ি শেষ কৰিবলগীয়া হয় বাবে সম্পাদক আৰু বাতৰি পঢ়োঁতাৰ কিছুমান সীমাবদ্ধতা আছিল। অযথা বাতৰিৰ পুনৰোক্তি কৰা নহৈছিল যদিও শ্ৰোতাই প্ৰয়োজনীয় খবৰসমূহ তেতিয়াও ঠিকেই পাইছিল। কেতিয়াবা “আমালৈ এইমাত্ৰ আহি পোৱা বাতৰিমতে” বুলি কৈ অতি শেহতীয়া বাতৰি কিছুমানো কৈ শুনাইছিল। তাৰ উপৰি বাতৰি পঢ়োঁতাই কেনেবাকৈ কোনোবা শব্দৰ উচ্চাৰণ ভুল কৰিলে তাৰ বাবে লগে লগে ক্ষমা বিচাৰিছিল। যি কি নহওক, লগৰ সমনীয়াই একেটা কথাকে পেঘেনিয়াই পেঘেনিয়াই সুধি থাকিলে বিৰক্ত হোৱাজনে এইষাৰ ডাইলগ মাৰি দিয়াৰ লগে লগে আনজনৰ মুখ বন্ধ হৈ গৈছিল অথবা এখন হতা-হতি বা চুলিয়া-চুলিৰ সূত্ৰপাত হৈছিল।

২) মানুহ মৰিলে বাতৰি শেষ:- আঞ্চলিক বাতৰিৰ শেষ মুহূৰ্তত ৰাজ্যখনৰ বিভিন্ন অংশৰ বিশিষ্ট, সৰবৰাহী বা ধৰ্মপ্ৰাণ ব্যক্তিৰ মৃত্যুৰ খবৰ প্ৰচাৰ কৰা হৈছিল। ফেচবুক, চে’ল ফোন, পে’জাৰ বা টেলিফোনৰ ব্যৱহাৰ নথকা সেই সময়বিলাকত বাতৰিৰ সেই অংশটোৱে বহুতৰ বাবে জৰুৰীকালীন সেৱা হিচাবে কাম কৰিছিল। তেতিয়া মৃতকৰ দূৰণিবটীয়া আত্মীয়-স্বজনলৈ ডাক অথবা তাঁৰ-বাৰ্তাৰ জৰিয়তে খবৰ পঠাবলৈ কেইবাদিনো লাগি গৈছিল। যি কি নহওক, আমাৰ ভাষাত কথাটো আছিল অন্য ধৰণৰ: মানুহ মৰিলেই বাতৰি শেষ হয় আৰু আৰম্ভ হয় আজিৰ প্ৰসঙ্গ।

৩) বতৰৰ বতৰা চাই লাগে:- পুৱা চাৰে ন বজাৰ বতৰৰ বতৰাত “বতৰ ঘাইকৈ ফৰকাল থাকিব যদিও সন্ধিয়ালৈ বিজুলী-ঢেৰেকণিৰে দুই-এজাক বৰষুণ দিয়াৰ সম্ভাৱনা আছে” বোলা বাক্যশাৰী আমাৰ সকলোৰে মুখস্থ আছিল। আচৰিত হৈছিলোঁ, একেটা কথাকে পুৱাৰ আঞ্চলিক বাতৰিতো প্ৰচাৰ কৰি যোৱা শুনি। যোৱা চৌবিশ ঘণ্টাত এই অঞ্চলৰ সৰ্ব্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰাকেইটা মনোযোগ দি শুনিছিলোঁ আৰু প্ৰায়েই উস্-আস্ কৰিছিলোঁ। দেউতাৰ আগত ছমহীয়া পৰীক্ষাৰ বহী দিলে বুলি খবৰটো দিয়াৰ আগত আৰু মাৰ পৰা জেপ খৰছ বিচাৰোঁতে অথবা সদ্যজাত গৰু পোৱালিক মৰম কৰিবলৈ যাওঁতে পোৱাতী গাইৰ বতৰৰ বতৰা ভালদৰে অনুমান কৰি লোৱাটো বাধ্যতামূলক আছিল।

৪) বাতৰি নাই, গানকে শুনক:- আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা মূলতঃ অসমীয়া ভাষাৰ অনুষ্ঠানেই প্ৰচাৰ হৈছিল যদিও আবেলি সময়ত অৰুণাচল প্ৰদেশৰ ৰাইজৰ উদ্দেশ্যে নক্টে’, খামতি, টাংছা, চিংফৌ আদি কেইবাটাও ভাষা (বা দোৱান)ৰ কিছুমান অনুষ্ঠান প্ৰচাৰিত হৈছিল। প্ৰায় আধা ঘণ্টা-আধা ঘণ্টাকৈ চলা সেই অনুষ্ঠানবিলাকৰ আৰম্ভণিতে পাঁচ মিনিটৰ একোটাকৈ বাতৰি বুলেটিনো প্ৰচাৰ কৰা হৈছিল। পিছে, কেতিয়াবা কেতিয়াবা সেই অনুষ্ঠানবিলাকত বাতৰি প্ৰচাৰ নহৈছিলেই। অনুষ্ঠানৰ আৰম্ভণিতে ঘোষকে কিবা এষাৰ কথা কৈ সম্পূৰ্ণ আধা ঘণ্টালৈ সেই ভাষাৰ গান বজাই ৰাখিছিল। নক্টে’ বা খামতি ভাষা বুজি নাপালেও আৰম্ভণিতে দিয়া সেই ঘোষণাটোৰ অৰ্থ আমি নিজে ভাৱি উলিয়াই লৈছিলোঁ এনেদৰে- “আজি বাতৰি নাই, গানকে শুনক”। আমাৰ অনুবাদ বা জ্ঞান কিমান শুদ্ধ আছিল, তাক জনাৰ উপায় নাছিল যদিও সেই সময়ত আমি আমাৰ শুদ্ধতাক লৈ প্ৰায় নিশ্চিত আছিলোঁ। অসমীয়া বাতৰি প্ৰচাৰ কৰি থকা অৱস্থাত বয়স অনুযায়ী কিছুমান বাতৰি বেছ বিৰক্তিদায়ক যেন অনুভৱ হৈছিল আৰু তেতিয়া বাতৰিৰ সলনি এনেদৰে গানকে শুনোৱা পদ্ধতিটো অসমীয়া বাতৰি বিভাগে কিয় মানি নচলে বুলি ব্যথিত হৈছিলোঁ। স্কুলত আৰু কলেজতো বিৰক্তিদায়ক শ্ৰেণীবিলাকত এই বাক্যশাৰী বৰকৈ মনত পৰিছিল।

৫) চেণ্টাৰ বন্ধ:- আকাশবাণী ডিব্ৰুগড়ে দিনটোত তিনিটা অধিৱেশনত অনুষ্ঠান প্ৰচাৰ কৰিছিল। পুৱা পাঁচ পচপন্ন, দুপৰীয়া বাৰ আৰু বিয়লি তিনি বাজি পঁচিশ মিনিটত ক্ৰমে ১ম, ২য় আৰু ৩য় অধিৱেশন আৰম্ভ হৈছিল। তিনিটাকৈ বিৰতি দি দিনটোত মুঠতে প্ৰায় ১৩ ঘণ্টা জুৰি এই অধিৱেশনকেইটা চলিছিল আৰু প্ৰায় ১১ ঘণ্টা “চেণ্টাৰ বন্ধ” আছিল। স্কুল খোলা থকা দিনবিলাকত দ্বিতীয় অধিৱেশনত প্ৰচাৰিত হোৱা কেইবাটিও ভাল লগা অনুষ্ঠান হেৰুৱাবলগীয়াত পৰিছিলোঁ। পিছে, স্কুল বন্ধ থকা দিনত পুৱা চাৰে ন বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে “চেণ্টাৰ বন্ধ”থকা সময়খিনিও বৰ আমনিদায়ক আছিল। সি যি কি নহওক, নিশা ঠিক ৮/৯ বজালৈকে, অৰ্থাৎ “বেটেৰী ডাউন” নোহোৱালৈকে আমিও ৰেডিঅ’তকৈ কমকৈ বজা নাছিলোঁ। কেতিয়াবা আকাশবাণী ডিব্ৰুগড়ে তৃতীয় অধিৱেশনৰ সামৰণি মৰাৰ পিছতো আমি টেৰটেৰকৈ বাজি আছিলোঁ। দেউতাই তেতিয়া প্ৰায়েই ধমক শোধাইছিল, “হেৰৌ, চেণ্টাৰ বন্ধ নকৰহঁক নে?”

বৰ্তমান সময়ত ব্যক্তিগত খণ্ডৰ টেলিভিছন চেনেলবিলাক চাই অতি জোৰদাৰ অনুভৱ হ’বলৈ লৈছে যে এনেকুৱা সময়ত পৃথিৱীত “এবাৰহে কোৱা” বাতৰিবিলাক আৰু কিছুমান “চেণ্টাৰ বন্ধ”ৰ আচলতে খুবেই প্ৰয়োজন হৈছে… অন্যথা, বাতৰি চোৱা মানুহৰ “বতৰৰ বতৰা”বিলাক সদায় ডাৱৰীয়া হৈ থাকিব।

Top of Form

Bottom of Form

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments