চেতন মন — অসীম শইকীয়া

চেতন মন এটি লৈ জন্ম হোৱাৰ পাছৰপৰাই তোমাৰ সান্নিধ্যই মোৰ ওচৰত তোমাৰ উপস্থিতি অনুভৱ কৰাই আহিছে৷ তুমি মোতকৈ কিছুবছৰ আগতে পৃথিৱীলৈ আহিছিলা, তেতিয়া মই তোমাৰ বিষয়েই একো নাজানো৷ তুমি তুমিযে তাকো মই নাজানো৷ মই নাজানো তোমাৰ হৰিণী নয়নী চকুযুৰিয়ে কাক বিচাৰি ফুৰিছিল, মোৰ অনুপস্থিতি তোমাৰ অনুভৱত নাছিল৷
মোৰ বাবে তুমি কোন আছিলা, হয়তো কোনো নহয়, কাৰণ তেতিয়া মই জন্মই হোৱা নাছিলো৷ তোমাৰ লগত মাটি ধেমালি কৰিবলৈ মই পোৱা নাছিলো, আঙুলিত আঙুলি ধৰি এল পি স্কুল যাবলৈ পোৱা নাছিলো৷ তেতিয়া মই অহাই নাছিলো৷
এটা সময় আছিল তুমিও নাছিলা, ময়ো নাছিলো, এতিয়া ভাবো কেতিয়াবা, তেতিয়া তুমি ক’ত আছিলা, ময়েই বা ক’ত আছিলো৷ যেতিয়া তুমি আছিলা পৃথিৱীত তেতিয়া আগতীয়াকৈ কোনেনো ঠিক কৰি থৈছিল মোৰ তুমি অতি ঘনিষ্ঠ হৈ পৰিবা৷
এই পৃথিৱীত তুমি মোতকৈ হালধীয়া পাতবোৰ বেছিকৈ সৰা দেখিছা, শীতৰ সুহুৰি বেছিকৈ শুনিছা, খপজপাই থকা চকুৰ অভিজ্ঞতা বেছি৷
তোমাৰ ধমকনিৰ সুৰবোৰ, মোৰ দুষ্টামিৰ প্ৰত্যুত্তৰবোৰে মোৰ মনত কটাকটি খেলি থাকোতে দৃষ্টিৰ আঁতৰ কেতিয়া হৈ গ’লা গমেই নাপালো৷
এতিয়া মই তোমাক জানো, এটা সময়ত নাজানিম৷ হয় মই আগত যামগৈ, নহয় তুমি৷ যদি তুমি আগত বিদায় লোৱা, তোমাৰ দৃষ্টিত, চেতনত মই নাথাকো৷ কিন্তু মোৰ চেতন মনত স্মৃতি হিচাপে থাকি যাবা যেতিয়ালৈকে মই থাকিম৷ যদি মই আগত বিদায় লওঁ, তোমাৰ চেতনাত মই থাকিম৷ মই তেতিয়া মই হৈ নাথাকো, তেনেহলে তুমি ক’ৰপৰা থাকিবা৷
তোমাৰ দৃষ্টিত মই তেতিয়ালৈকে থাকিম যেতিয়ালৈকে তুমি থাকিবা, ময়ো থকালৈকে তুমি থাকিবা৷ দুয়োটা যেতিয়া একেবাৰেই নাথাকিম, পৃথিৱীৰ পৰা বিদায় লম, তেতিয়া আমি দুটা ক’ত থাকিম৷
আমাৰ জন্মৰ ছয়বছৰীয়া ব্যৱধান আৰু হবলগীয়া মৃত্যুৰ ব্যৱধানৰ মাজত এটা যেন সমীকৰণ আছে৷ এই সমীকৰণটোৰ এটা যদি সমাধান উলিয়াব পৰা হলে পৃথিৱীত আমি মানুহ হিচাপে কিয় আহো, কাৰ লগত কি সমন্ধ, এই সমন্ধবোৰৰ অৰ্থ ই কিনো তেতিয়া জানিব পাৰিলোহেঁতেন৷
ভ্ৰাতৃ-ভগ্নী, পতি-পত্নী, মোমাই-ভাগিন, পিতা-পুত্ৰৰ সমন্ধৰ মূল্যই কিমান৷ যেতিয়ালৈকে চেতনাৰ পৰিধিত থাকে তেতিয়ালৈকে সকলো, ইমান হাবিয়াস, হেৰুৱাৰ ভয়, কিন্তু মনত ৰখাটো ভাল এটা সময়ত এটাও নাছিলো৷ তেতিয়াটো দুখ কৰা নাছিলো৷

*****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক