চেনিমৰা বাগানৰ চিঠি -(অনন্ত বৰা)

চেনিমৰা বাগানৰ চিঠি

-অনন্ত বৰা

মনোজ দাই বহুদিনৰ পৰাই মাতি আছিল৷ সেইদিনা খবৰ খাতি নিদিয়াকৈ গৈ ওলালোঁগৈ৷

: খবৰ নিদিয়াকৈ ওলালিহি যে! ফোন এটাটো কৰিব পাৰ৷

: হেই, বাদ দিয়ক, কিহৰ খবৰ চবৰ দিব লাগে, মন গ’ল গুচি আহিলোঁ৷

: আহিলি ঠিকেই আছে, ঘৰত যে বৌৱেৰ নাই৷ কাম কৰা মিনিজনীকো আহিব নালাগে বুলি ক’লোঁ৷ এতিয়া ভাত ৰান্ধি খাব লাগিব৷

: বাগিচাৰ মেনেজাৰৰ ঘৰত আকৌ বোলে কাম কৰা মানুহ বহুত থাকে! ক’তা এতিয়া যে ভাত ৰান্ধি খাব লগা হৈছে৷

: হেই… মনে মনে থাক৷ সেইবোৰ বহুত কথা৷ অ’ তোক আজি এটা কাহিনী ক’ম৷ তোৰ কামত আহিব৷ ফেচবুকত বৰ সাহিত্যিক দেখুৱাই থাক নহয়৷ কিবা এটা লিখিব পাৰিবি৷

—–
চেনিমৰা বাগিচাৰ এচিষ্টেণ্ট মেনেজাৰ মনোজ দা৷ হোষ্টেলত থকা দিনৰে পৰা মনোজদাৰ লগত ভাল সম্পৰ্ক এটা আছে মোৰ৷ বহুদিনৰ পাছত মনোজদাক লগ পাইছোঁ৷ জীৱনৰ আটাইতকৈ সুন্দৰ সময় কিছুমান মই মনোজ দাৰ সতে পাৰ কৰিছোঁ৷ যোৰহাটৰ প্ৰভৰাজ চিনেমা, পুলিচৰ লগত খেদা খেদি৷ হিয়া দিয়া নিয়া চিনেমাৰ যোৰহটীয়া হিৰয়িনজনী, সন্ধিয়াৰ গড়আলি৷ আৰু বহুত কিবাকিবি৷
: ঐ, চাবি ল! গাড়ীখন উলিয়া৷

: ক’ত যায় এই এই ৰাতিখন?

: তোৰ কাহিনীটোৰ হিৰয়িনৰ ঘৰলৈ৷ আৰু সাত বাজিছেহে৷ ক’তনো ৰাতি হ’ল?
: কি মোৰ কাহিনী তোৰ কাহিনী কৈ আছে!

: আৰে ভাই ব’ল না৷ আহোঁতে ওচৰৰ ধাবাখনতে খানাটোও খাই আহিম৷ ৰান্ধি মেলি থাকিবলৈ নাই৷

——–
মনোজদাৰ গাড়ীখন লৈ দুয়োটা ওলাই গ’লোঁ৷ বাগিচাৰ সৰু ঠেক ৰাষ্টাৰে আগবাঢ়িলোঁ৷ মনোজদাই ৰাষ্টা দেখুৱাই গৈ আছে৷ বাগিচাৰ লাইন৷ দুই এটা মানুহ ৰাষ্টাৰে অহাযোৱা কৰি আছে৷

: তহঁতৰ গেছ প্ৰডাকচন কমিছে নেকি!
ইমান কম গেছ পাইছোঁ আজি কিছুদিন! কলঘৰৰ পাত শেষ কৰিবলৈ দিগদাৰ হৈছে৷

: ইমানকৈ অসম বন্ধবোৰ দি থাকিলে ক’ত প্ৰডাকচন আহিব৷ ফিল্ডলৈ গৈ ওৱেলবোৰ ভালকৈ মেণ্টেনেঞ্চ ট্ৰিটমেণ্ট নকৰিলে তেল গেছৰ প্ৰডাকচন কমিবই৷

: হুঁহ ভালকৈ কাম নকৰ, অসম বন্ধৰ অজুহাত দেখুৱাইছ৷

: ভালকৈ কাম কৰা নকৰা কথাবোৰো আছে, দায়বদ্ধতাৰ কথা আছে টেকনলজিৰ কথা আছে কিন্তু এই বন্ধবোৰেও বহুত বেছি প্ৰভাৱ পেলাইছে৷
: বাৰু সেইবোৰ বাদ৷ বিয়াখন পাত৷

: পাতিম, চাকৰিত সোমাইছোঁহে৷

: সেই, ৰখা ৰখা পালোঁহি৷

———
বাগিচাৰ লাইনটোৰ শেষৰফালে ঘৰ এটাৰ সন্মুখত গাড়ীখন ৰখাই দিলোঁ৷ গাড়ীৰ পৰা নামি মনোজদাৰ পাছে পাছে আগবাঢ়িলোঁ৷ গাড়ীখন ৰখোৱাৰ লগে লগে মেনেজাৰ চাৰ মেনেজাৰ চাৰ বুলি দুই এজন মানুহ ওচৰ চাপি আহিল৷

: চাৰ আপুনি এতিয়া আহিল যে?

: অঁ, খবৰ এটা লওঁ বুলি আহিলোঁ৷

———-
ঘৰটোৰ প্ৰথম কোঠাটোতে বিছনা এখনত মানুহ এজন শুই আছে৷ মনোজদা সোমাই যোৱাত কোঠাটোত বহি থকা মানুহ দুজনমান লৰালৰিকৈ বহাৰ পৰা উঠি দিলে৷ আমাক বহিবলৈ দিলে৷

: অলপ ভাল পাইছেনে?
লৰালৰিকৈ ভিতৰৰ পৰা ছোৱালী এজনী ওলাই আহিল৷

: চাৰ আপুনি?
এক গভীৰ প্ৰশ্নবোধক চাৱনিৰে ছোৱালীজনীয়ে মনোজদালৈ চালে৷ মনোজদাই মোক ক’ব লগীয়া কাহিনীটোৰ নায়িকা তাৰমানে এই গৰাকীয়েই নেকি?

: অলপ ভাল পাইছেনে?

: পাইছে চাৰ৷ আজি বহুখিনি ভাল পাইছে৷

: ভাল নাপালে কালিলৈ মোক জনাবি৷

: হ’ব চাৰ৷ বাইদেউ কালিলৈ আহিব চাগে! বাবাৰ গা অলপ ভাল পালেই মই যাম চাৰ৷

: হ’ব তই সেইবোৰ চিন্তা কৰিব নালাগে৷ আমি এতিয়া যাওঁ৷

০০০০
চিগাৰেট এটা জ্বলাই লৈছে মনোজদাই৷ পেকেটটো মোৰ ফালে আগবঢ়াই দিলে

: ল ল, ককায়েৰ চেলাই সেপ ঢুকি থাকিব নালাগে৷
মনোজ দা মানুহটোৰ কথাবোৰ চিধা চিধি, খাৰাং খাচ৷ ধাবাত দুইটাই ভালকৈ খাই বই আহিছোঁ৷ গাৰু দুটামান লৈ মনোজ দা বিছনাৰ কাষত বহি চিগাৰেট হুপি আছে৷

: কি কাহিনী ক’ম বুলি কৈছিল! কওক আকৌ৷
— মোৰ কথাত মনোজদাই হাঁহিলে৷

: জানো, তই মোৰ পৰা যে কাহিনীটো আজি উলিয়াইহে এৰিবি৷ পাপীৰ পিঠাত মন যে৷

: সেইবোৰ বাদ দিয়ক৷ কওঁক না!

মনোজদাই চিগাৰেটো শেষ কৰি আৰম্ভ কৰিলে৷

: এই যে নিৰোদ চৌধুৰী মানুহজন, তেওঁৰ সেই অমৰ সাহিত্যৰ সৃষ্টি চামেলি৷ ধৰ তেনেকুৱা এটা চৰিত্ৰৰ কথা তোক ক’ব খুজিছোঁ৷ ধৰি ল, চেনিমৰা বাগিচাৰ এজনী ছোৱালী৷ নামটো তাইৰো চামেলি৷
— মনোজদাৰ মুখেৰে আৰম্ভ হৈছিল এটা জীয়া কাহিনী৷ চেনিমৰা বাগিচাৰ চামেলিৰ কাহিনী৷
চনিকাই মাদল বজাই৷ চেনিমৰা বাগিচাত চনিকাৰ দৰে ভালকৈ মাদল বজাব পৰা মানুহ দ্বিতীয় এটা নাই৷ বিয়া কৰম পূজা, তুচু পূজা, দুৰ্গা পূজা সকলোতে চনিকাৰ মাদল বাজে৷ বহু দূৰৰ পৰাই মানুহে গম পায়, সেইটো চনিকা৷ ইমান সুন্দৰকৈ কেৱল চনিকাই মাদল বজাব পাৰে৷ চনিকাই মাদল বজালে নানাচো বুলি ভবাজনৰো গা উঠি আহে৷ এপাক নাচিবলৈ মন যায়৷
সেইবাৰৰ কৰম পূজাৰ দিনা চনিকা আচৰিত হৈছিল৷ তাৰ মাদলৰ চেৱত চৰ্দাৰৰ জীয়েক চামেলিয়ে নাচিছে৷ বাহঃ কি সুন্দৰকৈ নাচিছে তাই! মাজে মাজে চকুত চকু পৰে চামেলি চনিকাৰ৷ চাহ বাগিচাৰ পুৰাতন জীৱন গাঁথাৰ সাক্ষী চাহ গছৰ কুমলীয়া পাতবোৰ যেন কঁপি উঠে, কঁপি উঠে চনিকাৰ বুকু৷ কি তিৰ্যক, সেই চাৱনি, কি অনুৰাগ আছে সেই চাৱনিত!
… চনিকা নিঃস্ব৷ সৰুতে মাক দেউতাকক হেৰুৱাইছে, শৈশৱ হেৰাইছে, কৈশোৰ হেৰাইছে, যৌৱন আহিছে অথচ কেৱল পেট আৰু ভোকৰ বাবে অহৰহ সংগ্ৰাম চলিছে৷ আৰু সেই দুচকুৰ তিৰ্যক চাৱনি? অকলশৰীয়া চনিকাৰ চিন্তাত আউল লাগে৷ প্ৰেম নেকি সেয়া? তাৰ দৰে মানুহৰ জীৱনলৈ কি প্ৰেম আহিব পাৰে?
কেৱল সেইদিনাই নহয়, চনিকাই আৰু বহুদিন লক্ষ্য কৰিছে মাদলৰ চেৱে চেৱে নাচি থকা চামেলিৰ চকুকেইটাই তাক যেন বিচাৰি ফুৰিছে৷

…. চনিকাৰ মন অস্থিৰ হয়৷ ক’তো মন নবহা হয়, অহৰহ খেদি ফুৰে তাক সেই চকুহালে, দুডলীয়া বেণীৰ সেই ৰঙা ৰঙা ফিটাকেইডালে৷ কেতিয়াবা সি নিজকে বুজায়, চৰ্দাৰৰ ছোৱালীৰ লগত ভালপোৱাৰ সপোন দেখাটো তাৰ দৰে মানুহৰ বাবে অলীক কল্পনাৰ বাহিৰে একো নহয়৷ নাই নাই, সি এইবোৰৰ মাজত নোসোমায়৷ নিজকে দৃঢ় কৰিব খোজে সি৷

… দুৰ্গা পূজা, চনিকাই মাদল বজাইছে৷ কোনে নাচিছে কোনে নানাচিছে সেইবোৰ চাবলৈ তাৰ মন নাই৷ নাচক, কোনে নাচে নাচক৷ কাৰো চকুলৈ চাই দুৰ্বল নহয় সি৷ আহক চামেলি, আহক, নাচক, গুচি যাওক৷ তাৰ কি মতলব৷
আৰে এইয়া কি! চামেলি দেখোন একেবাৰে তাৰ গাৰ কাষত৷ নাচাওঁ বুলিও চকু গুছি যায়৷ চকুত চকু ৰৈ যায়৷
চামেলিৰ আকুল চাৱনিত বাৰে বাৰে বিধ্বস্ত হৈ যায় চনিকা৷ দূৰ্দান্ত প্ৰেমিক হৈ উঠে সি৷
চামেলিৰ আকুল চাৱনিয়ে সাহসী কৰি তোলে চনিকাক৷ এক গভীৰ বিশ্বাস বাঢ়ি আহে তাৰ বুকুত৷ সিওতো পুৰুষ৷ আপোন কৰি ল’ব সি চামেলিক৷ চামেলিৰ খিল খিল হাঁহিৰে সেউজীয়া কৰি তুলিব তাৰ সপোনৰ ঘৰ৷

… সময়বোৰ আগবাঢ়ে, চামেলি চনিকাৰ মৰম ভালপোৱাবোৰ বঢ়ি আহিছে৷

: তাৰ পাছত?

—— মনোজ দাই আকৌ চিগাৰেট এটা জ্বলাই কৈ গ’ল৷
00000000
হাজিৰা মহৰিৰ পুতেক ভীম৷ বাপেকে মাকৰ একমাত্ৰ সন্তান৷ ভীম জেদি, অবাধ্য৷ মদ-পানী খাই যাৰে তাৰে লগত কাজিয়া কৰে৷ বাপেকে মাকৰ কথা নুশুনে৷ ভীমৰ চকু পৰিল চামেলিৰ ওপৰত৷ ভীমে চামেলিক বিয়া কৰাব৷ কথাবোৰ গোটেই বাগিচাৰ মানুহৰ মুখে মুখে৷ চনিকাৰ বুকু ভাগি যায়, এক তীব্ৰ যন্ত্ৰণাই তাক ব্যতিব্যস্ত কৰি তোলে৷ চামেলিৰ আকুল চকুকেইটাই তাক শুবলৈ নিদিয়ে৷ দিকভ্ৰান্ত, উদভ্ৰান্ত চনিকাৰ বুকুৰ ব্যথাবোৰ চকুপানী হৈ সৰে৷ কি কৰিব পাৰে সি! ধাৰাবাহিক দৈন্য নিঃকিনতাক সাবটি নিশ্চুপ হৈ যায় চনিকা৷ আকাশৰ তৰা চুই চাবলৈ যোৱাটো ভুল৷ আকাশলৈ চায় চনিকাই, ইমান ওখ, ইমান বিশাল এই আকাশ৷

— ভীমৰ লগত বিয়া হৈ গ’ল চামেলিৰ৷ পাই হেৰুৱাৰ এবুকু যন্ত্ৰণা লৈ জীয়াই থাকে চনিকা৷ মাদল বজাবলৈ মন নোযোৱা হ’ল চনিকাৰ৷ মানুহবোৰে নামানে, সি বজাবই লাগিব৷ সি বজায়, নিস্প্ৰাণ নিৰুদ্বেগ কিবা যেন আধৰুৱা আধৰুৱা এই মাদলৰ মাত৷
— চামেলি দুটা সন্তানৰ মাক হ’ল তেতিয়া৷ পাঁচ বছৰীয়া ছোৱালীজনী, এবছৰীয়া ল’ৰাটো৷ দেখিবলৈ একেবাৰে চামেলিৰ দৰেই হৈছে ছোৱালীজনী৷ চনিকাই মন কৰে চামেলিজনীহে যেন সেই আগৰ চামেলি নহয়৷ সুখী নহয় যেন তাই৷ ভীম মদাহী, য’তে ত’তে মদ খাই পৰি থাকে আজিকালি৷ ভীমৰ বাপেক মাক ঢুকাল৷ এতিয়া সি ৰজা৷

— সময়বোৰ আগবাঢ়ে৷ সকলোৱে জোৰ কৰে চনিকাক, বিয়াখন পাত! চনিকাই হাঁহে৷ একো নকয় কাকো৷ তিৰবিৰাই থকা চকু এযোৰে বুকুত খুন্দিয়াই যায়৷
— ভীমে বোলে আজিকালি চামেলিক চনিকাৰ লগত সন্দেহ কৰে৷ মদ খাই মাৰ পিট কৰে৷ কথাবোৰ শুনি চনিকাৰ খং উঠে৷ ক’তা, চামেলি বিয়া হৈ যোৱাৰ পাছত সিতো কোনোদিনে এনেকুৱা কথা এটা মনলৈ অনা নাই৷ সি ভাবে চামেলি সুখী হওক৷ সি কেতিয়াও নিবিচাৰে তাক লৈ সিহঁতৰ মাজত সংঘাত হওক৷ নাই কথাবোৰ বহুত পালেগৈ৷ চনিকাই ঠিক কৰিলে সি গুছি যাব, এই বাগিচা এৰি সি ক’ৰবালৈ গুছি যাব৷

— কৰম পূজাৰ ৰাতি, চনিকাই সিদ্ধান্ত ল’লে আজি সি এই বাগিচা এৰি গুচি
যাব৷ পূজা আৰম্ভ হৈছে, চনিকাই মাদল বজাইছে, চনিকাৰ মাদলৰ চেৱে চেৱে সকলোৱে নাচিছে৷ মানুহবোৰে হয়তো নাজানে এই বাগিচাত আজিৰপৰা আৰু চনিকাৰ মাদলৰ মাত কোনেও নুশুনিব, কোনেও গমেই নাপাব এই বাগিচা এৰি চনিকা গুচি যাব৷ চনিকাই মন কৰিলে, এইয়া কি! মানুহবোৰৰ মাজত দেখোন সেইয়া চামেলি৷ আপোন পাহৰা হৈ চামেলিয়ে নাচিছে৷ চনিকাৰ বুকু কঁপি উঠিল৷ এনেতে হাতত দা এখন লৈ সেইটো দেখোন ভীম৷ মদৰ নিচাত অশ্লীল ভাষাৰে গালি পাৰিছে, মাদলৰ মাত বন্ধ হ’ল, মানুহবোৰৰ নাচ বন্ধ হ’ল৷ চামেলিয়ে কণমানি ল’ৰাটো বুকুত সাবটি ধৰিছে৷ ভীমে হঠাৎ চামেলিৰ হাতৰপৰা ল’ৰাটো থাপ মাৰি নি দা খনেৰে ………..৷
ভীমে চিঞৰি চিঞৰি কৈছে এইটো মোৰ সন্তান নহয়, এইটো এইটো ….৷ ডাঙৰকৈ চিঞৰ এটা মাৰি চামেলি পৰি গ’ল৷ তেজ লগা দাখন লৈ থকা ভীমক মানুহবোৰে ধৰি মাৰ পিট আৰম্ভ কৰি দিলে৷ চৰ ভুকু লাঠিৰ মাৰত ভীমৰ অৱস্থা বেয়া হৈ গ’ল৷ পুলিচ আহি পোৱাৰ আগতেই ৰাইজৰ মাৰত ভীম শেষ৷

— বৰ আকস্মিক ভাবে ঘটি গ’ল সকলোবোৰ৷ চনিকাই কি কৰিব একো ঠিক কৰিব নোৱাৰিলে৷ এই পৰিস্থিতিত সি ক’ৰবালৈ গুছি যাব নোৱাৰে৷ ৰৈ গ’ল চনিকা৷
— ল’ৰাটো হেৰুৱাই চামেলি মানসিকভাৱে ভাগি পৰিল৷ এক কথাত পাগলী হ’ল চামেলি৷ চামেলি পাগলী৷ বুকু ভাগি যায় চনিকাৰ৷ ক’ৰ পৰা যে কি হৈ গ’ল কথাবোৰ৷ আৰু এই গোটেই ঘটনা পৰিঘটনাৰ মাজত সি মানুহটো যে কেনেকৈ জড়িত পৰিল, নিজৰ ওপৰতে খং উঠি যায় চনিকাৰ৷

— চামেলি পাগলী, ঘূৰি ফুৰে য’তে ত’তে৷ মাকৰ পাছে পাছে ছোৱালীজনী৷ কোনোবাই কিবাকিবি খাবলৈ দিয়ে৷ দুয়োজনীয়ে খায়৷ চনিকাৰ টোপনি নধৰা হয়৷ বাগিচাৰ চাহাবৰ লগত আলোচনা কৰে, চামেলিৰ চিকিৎসা কৰাবৰ বাবে৷
মানুহে যি ভাবে ভাবক, চামেলি পাগলী এই কথাটো সি মানি ল’ব নোৱাৰে৷ দিনবোৰ আগবাঢ়ে৷ পাগলী চামেলিৰ শৰীৰত ঘূৰি ফুৰিবলৈ শক্তি নোহোৱা হয়৷ আৰু মাকৰ পাছে পাছে লাগি ফুৰা ছোৱালীজনী?

—- চনিকা সাহসী হয়৷ ঘৰলৈ লৈ আনিলে চামেলি পাগলী আৰু তাইৰ ছোৱালীজনীক৷ ভালপোৱাৰ অনুৰাগেৰে তাৰ সপোনৰ ঘৰ সেউজীয়া কৰিবলৈ নহয়, এজনী ৰুগীয়া অসহায় মানুহক অকণমান আস্থা দিবলৈ, এজনী নিঠৰুৱা কণমানি ছোৱালীক অকণমান অনুকম্পা দিবলৈ৷

—- ৰাতি দুই বাজিছিল তেতিয়া৷ চনিকা চামেলিৰ কাহিনীৰ মাজত সোমাই ইতিমধ্যে কেইবাটাও চিগাৰেটৰ শ্ৰাদ্ধ পাতিলো মনোজদা আৰু মই৷ চেনিমৰা চাহ বাগিচাৰ সেউজীয়াৰ মাজত লুকাই থকা এখিনি মানুহৰ সৰল জীৱনবোৰ অলিখিত জটিল পৃষ্ঠা বোৰৰ মাজত নিজকে হেৰুৱাই পেলালোঁ৷

: তাৰ পাছত মনোজদা?

: তাৰ পাছৰ কাহিনী চমু৷

— বহু কষ্ট কৰিও চনিকাই চামেলিক সুস্থ কৰিব নোৱাৰিলে৷ তিনি বছৰমানৰ পাছত এদিন চামেলি ঢুকাল৷ চেনিমৰা বাগিচাৰ আকাশে বতাহে বিলীন হৈ গ’ল কোনোবা চামেলিৰ জীৱনগাঁঠা, কোনোবা চনিকাৰ বুকুৰ আধৰুৱা সপোন৷ চামেলিৰ ছোৱালীজনীয়ে চনিকাক বাবা(দেউতা) বুলি মাতে৷ তেজৰ সম্পৰ্ক নহয় এই সম্পৰ্ক বিশ্বাসৰ, এই সম্পৰ্ক আস্থাৰ, মানুহে মানুহৰ প্ৰতি ৰখা দায়িত্ববোধৰ৷ চামেলিৰ ছোৱালী গৌৰী ডাঙৰ হ’ল৷ মনোজদাৰ ঘৰত কাম কৰে গৌৰীয়ে৷ বসয় বাঢ়ি অহা দেউতাক চনিকাৰ যত্ন লয়৷ এইকেইদিন চনিকাৰ গাটো বেছি বেয়া, সেয়ে গৌৰী কামলৈ আহিব পৰা নাই৷ মনোজদাৰ লগত সন্ধিয়া যোৱা ঘৰটো চনিকাৰ ঘৰ, ছোৱালীজনী গৌৰী৷

: গৌৰীয়ে বহুদিন ধৰি আমাৰ ইয়াত কাম কৰি আছে৷ অসুখীয়া দেউতাকৰ যত্ন লয় গৌৰীয়ে৷ মই অনুভৱ কৰোঁ, গৌৰীৰ প্ৰতি যেন মোৰো এটা দায়িত্ব আহিছে৷ চনিকা নাথাকিলে গৌৰীৰ কি হ’ব? ভগৱানক প্ৰাৰ্থনা কৰো চনিকা যেন কুশলে থাকে৷
—- মনোজদাৰ কাহিনীটো শেষ হৈছিল৷ ডিচেম্বৰ মাহৰ ৰাতি তিনিবজাত নিজান নিস্তব্ধ চেনিমৰা বাগিচাৰ গছৰ পাতত টুপ টুপ নিয়ৰ সৰিছে৷ এনেকুৱা লাগিছিল, শেষ ৰাতিৰ নিৰৱতা ভাঙি যেন চাহ গছৰ কুমলীয়া পাতবোৰে উচুপি উঠিছে৷

****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments