চেন্নাইৰ আবতৰীয়া বিহু (-ইন্দুকল্প শইকীয়া)

চেন্নাইৰ আবতৰীয়া বিহু

ইন্দুকল্প শইকীয়া

 

 

 

 

বিহুতি আদৰৰ বিহুতি সাদৰৰ অ’
অ’ বিহুতি অসমৰ মান
এনেহেন বিহুতি অ’ এৰিব লাগিলে অ’
অসমৰ নৰ’ব মান…..

মানুহৰ হেনো দুই ধৰণৰ ভোক থাকে । এবিধ পেটৰ ভোক আৰু আনবিধ মনৰ ভোক । পেটৰ ভোকক যিদৰে মুখত জুতি লগা বিভিন্ন ব্যঞ্জনেৰে পৰিতৃপ্ত কৰিব কৰিব পাৰি, মনৰ ভোককো সেইদৰে মনক শান্তি দিব পৰা কিছু মূহুৰ্ত্তৰে ভৰাই তুলিব পাৰি । আজিৰ আমাৰ এই “আবতৰীয়া বিহু”ৰ অনুষ্ঠানটিও আমাৰ বাবে মনৰ ভোক নিবাৰণ কৰিব পৰা এক উৎকৃষ্ট ব্যঞ্জন আছিল ।
এই বুধবাৰলৈকে মই ঠিৰাং কৰিব পৰা নাছিলো যে আমি এই অনুষ্ঠানটিত অংশগ্ৰহন কৰিব পাৰিম নে নোৱাৰিম । কিয়নো সকলোকে গোট খুৱাই এবাৰৰ বাবে হ’লেও আখৰা কৰাৰ সুযোগ মিলাব পৰা নাছিলো মোৰ ব্যক্তিগত চাকৰি সংক্ৰান্তীয় ব্যস্ততাৰ বাবে । তদুপৰি কিছু সংখ্যক লোকৰ কিছুমান বিৰূপ মন্তব্যই কিছু পৰিমানে নিজকে এনে কামবোৰৰ পৰা আঁতৰাই ৰখাৰ বাবে ইন্ধন যোগাইছিল । যদিওবা যিদিনাই মোক সেই অনুষ্ঠানটিৰ বিষয়ে আয়োজক সকলে যোগাযোগ কৰিছিল, মনতে থিৰাং কৰি লৈছিলো যে “এই বাৰ তামিলক বিহু দেখুৱাইহে এৰিম” বুলি ।
এই বিহুক আন এক সমাজ বা এক সম্পূৰ্ণ বেলেগ এক সামাজিক অনুষ্ঠানত দেখুৱাৰ যি দুৰ্ব্বাৰ হেপাঁহ আছিল, সেই এটি মাত্ৰ হেপাঁহেই আজিৰ এই “মানসিক উৎকৃষ্ট খাদ্য” খিনিৰ যোগান ধৰাত হয়তো সহায় কৰিলে ।
“Madras Day” . ২২ আগষ্ট দিনটোক চেন্নাই চহৰখনৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি অহা মই বহু দিনৰ পৰাই দেখি আহিছো । এই দিৱস উপলক্ষে ৫-৬ দিনিয়াকৈ বিভিন্ন কাৰ্য্যসূচীৰে চহৰ খনৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে বহু কেইটা সংগঠনে । এইবাৰ তাৰে এটা সংগঠনে আমাক যোগাযোগ কৰিলে যে আমি কিবা প্ৰদৰ্শন কৰিব পাৰিম নেকি । মনৰ উদ্যমতে মইও উত্তৰ দি দিলো যে আমি “বিহু” প্ৰদৰ্শন কৰিম । সেইয়া প্ৰায় এমাহ মানৰ আগৰ কথা । কথা দিলো হয়, পিছে গোটেইখিনি মানুহ গোটাই আখৰা কৰা সম্ভৱ হৈ উঠা নাছিল । তাৰোপৰি চেন্নাইত বহু কষ্ট কৰিও এজনী নাচনী গোটাব নোৱাৰিলো । যদিওবা আন আন বহু ক্ষেত্ৰত চেন্নাইত থকা অসমীয়া গাভৰু সকল অত্যন্তই আগৰনুৱা, বিহু নচাৰ ক্ষেত্ৰতহে কিয় পিছ হোহোঁকে, সেইয়া মোৰ অগোচৰ ।
যি কি নহওক,  “জ্বৰে এৰিলেও, কৰ্পতিয়ে নেৰাৰ দৰে”  আয়োজক মণ্ডলীয়ে মোক খামোছ মাৰি ধৰিলে । শেষত যোৱাকালি অফিচৰ পৰা বাহিৰে বাহিৰে সকলোকে এঠাইত মাতি দুপাক মান নাচি বিহুৰ আখৰা এক “অপৰ্যাপ্ত” সংজ্ঞাৰে সামৰণি মাৰিলো, অন্তৰত ভগৱানলৈ এই খিনি প্ৰাৰ্থনাৰে যে আমাৰ জাতীয় কৃষ্টিখিনি শুদ্ধ ভাবে প্ৰদৰ্শন কৰিবলৈ আমাক শক্তি যোগোৱা যেন ।
ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে । ৭ মিনিটৰ আমাৰ বিহুৰ অনুষ্ঠানটি এক্কোৱেই বুজি নোপোৱা তামিল সকলে ইমানেই উপভোগ কৰিলে,  ইমানেই প্ৰশংসা কৰিলে,  ইমানেই হাত চাপৰি আৰু কিৰিলিৰে আদৰি ল’লে যে অভিভূত হৈ ৰৈ গ’লো । আমি সংস্কৃতিৰে, আমাৰ জাতীয় কৃষ্টিখিনিৰে যে কিমান ধনী,  ভাবি অলপ পৰৰ বাবে হ’লেও অহংকাৰী হৈ পৰিলো । ভাব হৈছে এইধৰণৰ অনুষ্ঠান সমূহত আমাৰ কৃষ্টি বা সংস্কৃতিৰ প্ৰদৰ্শনেৰে অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া তথা সম্পদশীল ভৰাঁলটোৰ বিষয়ে জহাবলৈ পায় সচায় যেন ভাগ্যবানৰ শাৰীলৈ উন্নীত হৈ গ’লো,  এদিনৰ বাবে হ’লেও । বলীউদত বা আন বহু ৰাষ্ট্ৰীয় পৰ্য্যায়ত ভাংৰা বা আন জাতীয় সংস্কৃতিৰ বিকল্প হিচাপে আমৰ জাতীয়তা খিনিক উপস্থাপন কৰাৰ এয়া যেন এক সোণালী সুযোগ হিচাপে প্ৰমাণিত হ’ব পাৰে, তেনে এক ভাবে এই ক্ষণিকৰ বাবে খেলা কৰি গ’ল ।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments