চেলুনত এদিন…….. (বি. জে. ৰঞ্জন)

চুলিখিনি দীঘল হৈ গৈছে, কাণৰ ওপৰেৰে চুলিবোৰ বাৰিষাৰ জংঘলৰ দৰে জোপোহা হৈ বাঢ়ি আহিছে। পৰিবাৰে কৈছে-“কেনেকৈনো থাকা ইমান জংগো-পংগো হৈ। যোৱা, আজি কটাই আহাগৈ চেলুনত। চুলি দীঘল কৰিলে তোমাক একেবাৰে ভাল নেদেখি পাই। লগতে দাড়ীবোৰো কাটি আহিবা।”

হুহ, ভাল নেদেখি! ভাবিলোঁ- চুলি, চেলুন আৰু ভাল দেখা- এইকেইটা কথা মোতকৈ বেছি ভালকৈ আন কোনোবাই জানিবনে? জীৱনত কিমানবাৰ যে চুলি কটালোঁ, কিমান যে হৰেক-ৰকমৰ কাটিং দিয়ালোঁ। স্কুল-কলেজত পঢ়াৰ দিনত, কি এটা দুৰ্বাৰ হেঁপাহ জাগিছিল-চুলি দীঘল কৈ ৰাখি পিছফালে ৰবৰ এডালেৰে গাঁঠি থ’বলৈ। চেষ্টা কৰিছিলোঁ বহুত কিন্তু এনেকৈ ৰাখিবলৈ ল’লেই দুমাহমানৰ পিছতে দেউতা-মাহঁতৰ বকনি আৰম্ভ হৈ যায়-“চুলিবোৰ কেনে জোহো-মোহো ৰূপ লৈছে, যা-যা, এতিয়াই কাটি আহগৈ।”

তথাপি দুদিনমান নোযোৱাকৈ থাকোঁ, ইতিমধ্যে অদ্ভুত ৰূপটো দেখি নিজেও ঘোৰ সন্দেহত পতিত হওঁ হওঁ, মোৰ চুলি জানো দত্ত-চাহাবৰ দৰে হব?

চেলুনত কিম্ভূত ৰূপটো চাই চাই নাপিতক কওঁ- “মাত্ৰ দুই কাণৰ ওপৰৰখিনি চাঁচি দিবা।” নাপিতজনেও সাৱধানে চিন্তা কৰি কৰি চুলিত হাত দিয়ে। আগৰ আৰু পিছৰ চুলিবিলাক দীঘল হৈয়ে ৰৈ যায়। মা-বাইদেউহঁতে কয়-“কি চৰাইৰ বাহৰ দৰে আগৰখিনি আৰু পিছৰখিনি ৰাখিলি, ধেই, বৰ বেয়া দেখিছে দেই!”

দীঘল চুলিৰে ইতিমধ্যে ‘চেনচেশ্যন’ সৃষ্টি কৰিবলৈ সক্ষম হোৱা বন্ধু দীপকে কয়-“ধুৰৰৰ, তই নাজানিলি। চুলি দীঘল কৰিবলৈ প্ৰথমতে চাৰিওফালৰ পৰা বাঢ়িব দিব লাগে, কেৱল আগ আৰু পিছটো দীঘল কৰিলে নজমে নহয়।”

তাৰ পিছতো অসংখ্য চেষ্টা অব্যাহত থাকিল-নানা ধৰণৰ কৌশল লগাই, মাথা লগাই মাথাৰ চুলি দীঘল কৰি জমাবলৈ। চেষ্টাৰ বিৰতিত যেনে ক্লাছ কৰা, টিউচন কৰা আদি সময়বোৰতো দত্ত-চাহাবৰ মুখখনি ভাঁহি থাকিবলৈ ল’লে। দত্ত-চাহাবৰ দীঘল উৰি থকা চুলি সপৰ্দাই সসংগীতে মনৰ পৰ্দাতো উৰি থাকিল -“মেৰা দিল ভি, কিতনা পাগল হ্যাই, এ প্যাৰ যো তুমচে কৰতা হ্যাই..।”

মনৰ পৰ্দাত সপোন দেখোঁ- দত্ত-চাহাবে সপোন দেখিছে, সপোন-পৰী মাধুৰীৰ মধুৰ আৱেশ চৌপাশে বৈ পৰিছ- দত্ত চাহাবৰ চুলি ফিৰ-ফিৰাই উৰি আছে সপোনময় বাগানৰ পৰিৱেশত, পিছ মুহূৰ্ত্তত চাহপাত ৰখা টুকুৰিৰ খুন্দাত দত্ত-চাহাবৰ সম্বিৎ ঘূৰি আহে। মোৰো সম্বিৎ ঘূৰি আহে তালুকদাৰ চাৰৰ মাতত-“ঔৰা, অয়লাৰৰ সূত্ৰটো কি কোৱাচোন।”

-“ছাৰ, বুজি পোৱা নাই”, মই কোনোমতে মাত উলিয়াওঁ।

-“বুজি পোৱা নাই? কোনখিনিত বুজি পোৱা নাই হে, কোৱাচোন-কোনখিনিত।”

ফচি যাওঁ। তাৰ পিছত গালি, মিহি মিহি ভৰ্ৎসনা, বন্ধু-বান্ধৱী কেইটাৰ মোলৈ চাই ফিচিঙা-ফিচিঙি হাঁহি, কত কি? তথাপিতো মন-গহনত মোৰ ‘দীঘল উৰি থকা চুলি’ৰ প্ৰেমৰ ইতি সহজে পৰা নাছিল।

দীঘল চুলিক প্ৰত্যাহ্বান জনাই তাৰ পিছত আহিল খান-চাহাবৰ জপিয়াই থকা ‘ৰেশমী-চালিয়া-চুলি’। সেইটোও এখলা চেষ্টা নকৰি নোৱাৰিলো। ঘৰত ক’লে-“কি বাতি কাট লগাই আহিল ঐ এইটোৱে। মানুহৰ আকৃতি ল’ব নোৱাৰিলি, নহয়নে?”

এটা এটা কৈ দিন যায়, চুলি বাঢ়ে, ফণিয়াও। সময়ৰ অগ্ৰাসনত চুলিৰ দৈৰ্ঘ্যতাৰ জোখ- দিফাৰেনচিয়েল সূত্ৰৰ কিবা নিয়মত সঠিক মাপত আহি এদিন চকুত ধৰা দিয়ে, মনে মনে সচকিত হৈ পৰোঁ, মনটো সজাগ হৈ যায়- হা হা, এইখিনিয়ে, ঠিক এইখিনি দীঘল হ’লেই, মোৰ ফেচ-কাটিঙত মিলি যায় ভূত হৈ পৰা অভূতপূৰ্ব সম্ভাৱনাটো। দুদিনমান সেইধৰণেৰে পৰীক্ষা চলে। তাৰ পিছত সূত্ৰ হেৰাই যায়। ‘হ’ব, চলি-যাব’ ভাবেৰে দ্বিধাগ্ৰস্থ হৈ ৰৈ থাকোঁ চুলি কটাৰ পৰিৱৰ্তী দিনটোলৈ (যেন সেই দিনটোতে মোৰ অভিনায়কত্ববাদৰ অভিষেক ঘটিব)।

পঢ়া টেবিলৰ ড্ৰয়াৰত সংগোপনে ৰখা আৰ্চীয়ে নিৰ্দিষ্ট সময়ত মুক্তমনে ওলাই আহে দুচকুৰ আগলৈ। বাল্মিকীৰ ৰামায়ণ মুখেৰে সোঁ-সোঁৱাই ওলোৱাদি মোৰ মুখেৰেও ডায়লগ ওলায়-“কি..কি..কি..কি..কিৰণ”। বাহৰে বাহ্, কি চেনশ্যেছন। খান-চাহাবৰ চুলি ফণিওৱাৰো কোনো জবাব নাই! হাতৰ মুঠিত দাঙি ধৰা চুলি আঙুলিৰ ফাঁকেৰে এনেকৈ পেলাই দিয়ে যে সমদ্বিখণ্ডিত ভাবে দুজাপ হৈ পৰি চুলিকেইডাল দাল-দাল কৈ সৰি পৰিবলৈ ধৰে, স-অলস ভংগীত-আঃ কি যে মনোৰম দৃশ্য।

কলেজৰ চায়েস্নৰ প্ৰেক্টিকেলৰ লগে লগে “চক্ৰৱৰ্তী, দত্ত, খান, কাপুৰ” আদিৰ শৈলীৰে মোৰ মূৰতো অজস্ৰ কেচিৰ প্ৰেক্টিকেল চলি থাকিল। কিন্তু কোনোটোৰে স্থায়িত্ব আনন্দময়ী নহ’ল। শেষত যেতিয়া জুনিয়ৰ-খান্না-চাহাবৰ আৱিৰ্ভাব হ’ল, তেওঁৰ চুলিৰ দুৰ্দশালৈ চাই মোৰ অশান্তজৰ্জৰ মনত বেফিকৰ শান্তি স্থাপন হৈ পৰিল। তেতিয়াই নব্য-নতুন ধাৰা এটাৰো যেন সূচনা হৈ পৰিল। চুটি-চুটি আৰ্মি কাট। তাকো দুবাৰমান আজমাই চালোঁ বাপ্পাকে।

বন্ধু-বান্ধৱে ফিচিঙালে – “ডুপ্লিকেট লালু!”

ধুৰৰৰৰ- লালু আৰু সপোন কানন, মুঠেই খাপ নোখোৱা চিকুয়েন্স… ধুৰ।

মোৰ নায়কত্ববাদৰ সপোনে সেইভাগেই বাট হেৰালে, হেৰাল যি হেৰালেই। তাৰ পিছত এৰিলোঁ, মানে মিস্ত্ৰীক কবলৈ এৰিলোঁ, সুধিলে কওঁ-চুটি কৰি দিয়া ভাই। মিস্ত্ৰীয়ে কেচি চলায়, মই চকু জপাওঁ। কাটি উঠি মুখখন চাবলৈকো মন নাযায়। কাৰণ ইতিমধ্যে জনা হৈ পৰিছিলোঁ মোৰ হেপাহৰ দত্ত,খান-দাহঁতৰ এদাল চুলিৰ সমানো চাপ ফুটি নুঠে মোৰ ন-আবিষ্কৃত চুলিৰ আৰ্হিত।

কলেজীয়া জীৱনৰ ইতি পৰাত ইতিমধ্যে দোধোৰ-মধোৰ ভাবৰ চিকুয়েন্সবোৰ আৰম্ভণি হৈ পৰিছিল। কি কৰিম, এইটো পঢ়িম নে নপঢ়িম, অমুকলৈ যাম নে নেযাম, আনোঁ নে, নে পিছত আনিম? ৰিয়েল লাইফৰ ৰোমান্টিক দৃ্শ্যপটৰ অন্ত পৰক বা নপৰক, দোধোৰ-মধোৰ হেহো-নেহো ভাবৰ চিকুয়েন্সবোৰে মোৰ ৰিয়েল লাইফত ক্ৰিয়া আৰম্ভ কৰিলেহি।

তথাপি কেতিয়াবা মনৰ অন্তৰ্ভাগত দত্ত-খানহঁতৰ চুলিৰ অতীতৰ গৌৰৱময় ইতিহাসৰ প্ৰভাৱে গোপনে ষড়যন্ত্ৰত লিপ্ত হৈ পৰাৰ উমান পাওঁ। চেলুনত বহিলেই সেই ষড়যন্ত্ৰই উক দি উঠে গেষ্ট্ৰিকৰ দৰে, চিত্ত চঞ্চল হৈ পৰে। কাপোৰখন মেৰিয়াই মিস্ত্ৰীয়ে সোধে-“কেনেকৈ কাটো ?” কি কম, মোৰ ধূৰন্ধৰ চুলিকেইদালৰ বুৰঞ্জী মুঠেই সুখপ্ৰদ নহয়, তখাপিটো কবই লাগিব, নহ’লে বা আকৌ কেনেকৈ কাটি পেলায়, জানোচা পিছত পস্তাবলগীয়াই হয়।

বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত নিৰ্ধাৰণ হোৱা মোৰ শ্ৰেষ্ঠ কাটটো পূজা-বিহুৰ আগেয়ে এই সংখ্যাত বিবেচনা কৰা যাওঁক বুলি মিস্ত্ৰীক কওঁ- “এই যে কাণৰ ওপৰৰ খিনি, পাতল কৰি দিবা, পিছৰ খিনি উঠাই দিবা, ঠিক ষ্টেপ কাট নহয়, কিন্তু তেনে ধৰণৰে এটা। বুজিছাটো, মানে দাইৰেক্ট ষ্টেপ কাট দিলে বাচ্চা-বাচ্চা লাগে যে। তেনেকৈ নহয়, বুজিছানে? ষ্টেপ-কাটেই লাগে, কিন্তু হেৰিকৈ, মানে…।”

মিস্ত্ৰীয়ে মূৰ দুপিয়ায়। কয়- “হা হা, মানে হালকা কৰি।” ময়ো আনন্দৰে কওঁ-“হা হা, ঠিক কৈছা ভাই, হাল্কা ষ্টেপ কাট।“

কথাখিনি কবলৈ যিমান কষ্ট কৰিব লাগে, তাতকৈ বেছি লাজ লাগে যদি ওচৰত কোনোবা এজনমানো থাকে। কিন্তু নক’লেতো নহয়। দুবাৰমান একো নোকোৱা কৈ কাটোতে মিস্ত্ৰীয়ে তাৰ জাতি-ভাইৰ কাটটোকে লগাই দিছিল- মানে দুৰ্ঘোৰ লালু-কাট। তাৰনো কি দোষ, গ্ৰাহকৰ পকা বয়স আৰু পকা চুলিয়ো যে একো একোটা উৎপাদকৰে কাম কৰে- হেয়াৰ কাটিং নিৰ্ধাৰণত।

আজিকালি নিৰ্দেশনা বাদ দিছোঁ, কেৱল কওঁ- “চুটি কৰি দিয়া।” মিস্ত্ৰীৰ স্ব-ইচ্ছা চালিত কেচিয়ে যি কৰে কৰে আৰু। ৰূপটোনো কেনে হ’ব সেয়া ভবাও বাদ দিছোঁ।

কিন্তু এইবাৰ কথাটো অলপ সুকীয়া। আগত পূজা। বহুত দিনৰ মূৰত যোগাযোগ হোৱা পুৰণি বন্ধুকেইজনক পূজাত লগ পাম। লগতে নতুনকৈ আলহী হ’বলৈ ওলোৱা শহুৰৰ ঘৰৰ নতুন নতুন মানুহবোৰক পাম।

আমাৰ তেওঁ চুলি কটাবলৈ বৰকৈ ঘে-ঘেয়াই থকাত ক’লোঁ-“মোৰ ফেভাৰিট আৰ্মি কাটটোকে লগাম দিয়া এইবাৰ।”

তেওঁ যেন উচপহে খালে, ক’লে- “নাই নাই, তেনেকৈ নাকাটিবা, মই বৰ বেয়া পাওঁ, কি যে চুটি চুটি, একেবাৰে ককাদেউতাৰ কাটিং যেন, বয়সীয়াল যেন দেখায়। আৰু ৰং লগাবলৈকেও যে চুটি চুলি ইমান দিগদাৰী।”

শুনি মই অবাক, কাহানিও ভবা নাছিলোঁ শ্ৰীমতীৰো মোৰ চুলি কটাৰ ক্ষেত্ৰত ভাল লগা-বেয়া লগা আদি থাকিব পাৰে বুলি। হয় দেই, জীৱনটোত যে নতুন কথা শিকিয়ে আছোঁ এতিয়ালৈ।

চেলুনত, অপেক্ষা কৰি বহি আছোঁ, ছিট খালী নাই।

এজন আদ-বয়সীয়া লোক বহিছে চুলি কটাবলৈ, তেখেতেক কাপোৰ উৰুৱাই দিছে, কাটিবৰ আগত মিস্ত্ৰীৰ মুখৰ প্ৰশ্নোবোধক চিনটোলে চাই তেখেতে কৈছে-“চুটি কৈ মাৰি দিয়া, একেবাৰে যিমান পাৰা চুটিকৈ।” স্বচ্ছ নিৰ্দেশ। মিস্ত্ৰীয়ে বুজি পায়। চিক চিক শব্দ তুলি ফনি আৰু কেচি চলাই দিছে।

আন এজনো বহিছে কটাবলৈ, তেওঁৰ আকৌ কাটিঙৰ স্পেচিফিকেচনে সুকীয়া-“এনেকৈ ইপিনে অলপ কাটি দিবা, তাৰ পিছত এইখিনিত মেচিন চলাই জিৰো কৰি দিবা, আগৰ এইকেইডাল আগৰপিনৰ পৰা কাণৰ ওপৰলৈকে মিহিকৈ চাটি দিবা।” প্ৰি-দিফাইনড। সুস্পষ্ট, দ্ব্যৰ্থহীন, সুনিৰ্দিষ্ট নিৰ্দেশনা। মিস্ত্ৰীৰ বুজাত অলপো খোকোজা নালাগে।

বেছিভাগ মানুহৰে কি সু-নিৰ্দিষ্ট নীতি-নিয়ম আছে! তেওঁলোকে যি কয়-সেইটোৱে কৰে। যিটো ভাল পায় বুলি ভাবে, সেইটোৱে ভাল পায়, তাত বাজে বেলেগ নাপায়। কিন্তু মোৰ? যেন এটা দোলায়মান স্থিতিহীন দোলক, এবাৰ ইফাল, এবাৰ সিফাল। নহয় নহয়, দোলকৰো এটা ছন্দ বা “ৰিদম” আছে, মোৰ তাকো নাই।

‘ছাইনিজ-ৰেচিপি’ এটা ঘৰত আলোচনা কৰি যদি বজাৰলৈ গৈছোঁ ছিকেন আনিবলৈ, হয়তো ঘূৰি আহিছোঁ মোনাত লৈ- সৰু সৰু মাছ, খাৰলিৰ ৰেচিপিৰে জিভা লকলকাই। চাবলৈ গৈছোঁ যদি থিয়েটাৰ, শেষ মুহূৰ্ত্তত হয়তো চিনেমা হ’লত পপ-কৰ্ণ লৈ সোমাইছোঁ।

নীতিহীন, নিয়মহীনতাই মোৰ নীতি যেন হৈছে। কেতিয়াও কিবা কৰিমেই বুলি মই ডাঠি ক’ব নোৱাৰোঁ। কেনেকৈনো কম? মোৰ কোনো নিশ্চিত নীতিয়ে নাই। ইন-ফেক্ট, মোৰ জীৱনৰে কোনো নীতি নাই। পঢ়িব খুজিলোঁ কিবা-পঢ়িলোঁ কিবা, কৰিব খুজিলোঁ কিবা-কৰিলোঁ কিবা, বিয়া পাতিব খুজিছিলোঁ….নাই আৰু নোকোৱাই ভাল…..। মুঠতে মনৰ ইচ্ছামতে একোৱেই নকৰিলোঁ, একোৱেই নহ’ল, আনকি পচন্দমতে ছাত্ৰ জীৱনত চুলিও দীঘল কৰিবলৈ নাপালোঁ। এতিয়াও সেই বিমূঢ়তা-বেমাৰটো যোৱা নাই, কৰিম নে নকৰিম, যাম নে নেযাম, কৰিম জানো, যদি বেয়া হয়, শেষত- এহ্ যা চাল্লা নকৰোৱে এতিয়া, যাঃ পিছতে কৰিম।

চকুৰ নিৰ্দেশত আইনাৰ সমুখৰ চকীত বহিলোঁ। কাপোৰখন পিন্ধাই-উৰুৱাই ডিঙিত গাঁঠি মাৰি দিলে। মিস্ত্ৰীয়ে কাপোৰ এখনেৰে কোবাই কোবাই তাৰ দেহত লাগি থকা চুলিকেইডাল উৰুৱালে। গুটখাজাতীয় কিবা অলপ গাল মাৰি মুখত ভৰাই লৈ বাহিৰত পতককৈ পিকাই থৈ আহি মোৰ পিছফালে ঠিয় দিলে আৰু অৱশেষত মই বেয়া পোৱা, আটাইতকৈ ডাঙৰ আৰু টান প্ৰশ্নটো সুধিলে-“কেনেকৈ কাটিম বাবু?“

বুজি ঠিকে পালোঁ, কিন্তু উত্তৰ দিবলৈ মনত সময়ৰ দৰকাৰ হ’ল চাগে, সেয়ে মুখেৰে শব্দ এটা ওলাল-“হুহ!”

মিষ্ট্ৰীয়েও সেই সুযোগতে মুখৰ ভিতৰত উপাদানখিনিৰ সুখদায়ক-চূৰ্ণন সম্পন্ন কৰি উঠিল। অলপ ৰৈ আকৌ সুধিলে-“চুটি কৰি দিম নেকি?”

কুণ্ঠিত কণ্ঠেৰে ক’লোঁ- “ঠিক চুটি নহয়, কিন্তু অলপ মিলাই দিবা, মানে….।”

সি মনে মনে ঠাৱৰ কৰিবলৈ যত্ন কৰিলে মই তাক কি বুজাবলৈ বিচাৰিছোঁ।

-“এইখিনি বেছি চুটি নকৰিবা” বুলি কপালৰ চুলিকেইডালৰ আগেৰে আঙুলিকেইটা এবাৰ ফুৰাই দিলোঁ (মই নিশ্চিত যে কপালৰ আগৰ চুলিকেইডালৰ হ্ৰস্ব দৈৰ্ঘ্যতাই লালু-কাটৰ প্ৰাৰম্ভিক লক্ষণ, গতিকে সেই সম্ভাৱনীয়তাক আৰম্ভণিতে শ্ৰাদ্ধ কৰি দিয়া যাওঁক- কাট যি হলেওঁ অন্ততঃ লালু-কাট নহওঁক)।

তাৰ গুটখাযুক্ত মুখখনলৈ চালোঁ। ভাবিলোঁ- মোক চাই সি বাৰু ধৰি পেলালে নেকি যে মই তাক চুলিৰ কাটতো বুজাবলৈ তেনেই অক্ষম, বা অতি-দ্বিধাগ্ৰস্ত হৈছোঁ বুলি। লৰালৰিকৈ ক’লোঁ-“পিছৰখিনি অলপ চুটি কৰি দিবা, কিন্তু বেছি নহয়…..।”

সি মোলৈ চাই আছিল।

ভাবিলোঁ-সি গম পাই গ’ল নেকি তাক মুখেৰে বৰ্ণাব নোৱাৰা মোৰ মনৰ অবস্থাটো যে মনে মনে আচলতে মই এনেকুৱা এটা কাটিং দিবলৈ বিচাৰিছোঁ যিটোৰে শ্ৰীমতীৰ পৰাও তাৰিফ বুটলিব পাৰি, যিটোৰে সামগ্ৰিক মুখাৱয়বত ব্যক্তিত্বৰ এক চফা-পূৰ্ণ প্ৰতিফলনো ঘটাব পৰা যায়, যিটোৰে মোৰ সুক্ষ্ম-ৰুচিশীলতাক আনকি ডাঙি ধৰিব পাৰি নিৰ্বিবাদে, যিটো কাটেৰে মোৰ মুখখনি গভীৰ সংবেদনশীল কৰি তুলি অতিশয় আকৰ্ষণীয় পৰ্যায়লৈ টানি নিব পাৰি তৎকালে……।

সি কি ভাবিলে নাজানো, হয়তো অনাহকত সময় নষ্ট কৰি লাভ নাই বুলিয়ে ভাবিলে, শূন্যতে কেচিখনেৰে দুবাৰমান কেঁচ কেঁচ শব্দ উঠাই দিলে। আইনাত চকুৱে চকুৱে পৰাত ক’লোঁ-“ভায়া, তোমাৰ পচন্দমতে ভালকৈ কাটি দিয়াচোন, চাওঁচোন বাৰু তোমাৰ মতে কাটিলে কেনে দেখা হয় এইবাৰ।”

সি মূৰ জোকাৰিলে, গহীন ভাবেৰে কাটিবলৈ লাগি পৰিল। মোৰো দ্বিধাগ্ৰস্থ ভাৱটো লাহে লাহে শাম কাটিল।

কটা হোৱাত মূৰ, মুখ আদিত পাউদাৰ লগাই জাৰি-জোকাৰি চাফা কৰি দিলে।
থুতুৰিটোত ডাঙি ধৰি এবাৰ সি মূৰৰ দুয়োটাফাল চাই লৈ সন্তুষ্টিৰ হাঁহি মাৰি ক’লে-“হৈ গ’ল বাবু, আইনাত চাই লওঁক এবাৰ।”

তাৰ তৃপ্তিৰ নিকা হাঁহিটোতে মোৰ মূৰৰ চুলিৰ সু-সংঘবদ্ধ বিন্যাস এটা দেখা পালোঁ, আশ্বস্ত হ’লোঁ। দুনাই দাপোনলৈ নাচালো, চকীখন ঘূৰাই লাহেকৈ নামি মনিবেগটো খুলি লৈ সুধিলোঁ-“কিমান?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক