চেল্ফ মেডিকেচনৰ পৰা আঁতৰত থাকক – ডঃ পাৰ্থ সাৰথি ভূঞা

“ভালে আছে? বহুত দিনৰ পিছত লগ পালোঁ, ক্ষিণাইছে দেখোন? কিবা বেমাৰ নেকি? ভালকৈ খোৱা বোৱা কৰিব আকৌ, এই বয়সত আমাক মাল্টি ভিটামিন এটা ডিইলি লাগে বুজিছে, খাই থাকিব৷

অথবা, অ’, আপোনাৰ পেট ওলাইছে দেখোন, ৰাতিপুৱা খোজ কাঢ়ক আকৌ, শুই উঠি খালি পেটত নেমুটেঙা চৰবত এগিলাচ খাব৷ এই অমুক কোম্পানীৰ শ্লিম ফিট বুলি টেবলেট এটা ওলাইছে, খাই চাওক চোন৷

অহঃ, আপোনাৰ দেখোন পুৰা চৰ্দি লাগিছে, ৰাতি খুব এচি ল’লে হবলা, চিনাৰেষ্ট এটা খাই দিয়ক, একেবাৰে শুকুৱাই পেলাব নহয়…..নতুবা, ….. ভূঞা, কালি গধূলি ক্লাৱৰ মিটিংখনলৈ নাহিল যে? (মই: এ নকব আৰু, আবেলিৰ পৰা পেটটোৱে অলপ দিগদাৰ দি আছিল)……এহঃ O2 টেবলেট এটা খাই নিদিলে কিয়? একেবাৰে ঠিলা লগাই দিলে হয়…… অ, মই আকৌ কাক কৈ আছোঁ, আপুনি দেখোন নিজেই ডাক্টৰ, বেয়া নাপাব দেই, কোনোবাই বেমাৰৰ কথা ক’লে উপায় এটা দিয়াটো অভ্যাস হৈ গৈছে। হে হে, মানে বেজৰ নাকতে খৰে খালে ন? হে হে হে….!

এনে লাগে যেন ভাৰতৰ প্ৰতিজন মানুহৰ ভিতৰত এজন ডাক্তৰ সোমাই আছে, আপুনি আপোনাৰ অসুবিধা কওঁক, লগে লগে উপায় কৈ দিব৷
বাৰু সি যি নহওঁক, আমাৰ মানুহৰ এই যে স্ব-চিকিৎসাৰ স্বভাৱ, ইংৰাজীত যাক চেল্ফ মেডিকেচন বুলি কোৱা হয়, চিকিৎসা শাস্ত্ৰই ইয়াক অতি মাৰাত্মক বুলি কয়৷ ইয়াৰ কাৰণ পিছে এইটো নহয় দেই যে, নিজে দৰৱ খাই ভাল পালে ডাক্তৰ সকলৰ লোকচান হব! অসমীয়াত যে কয়, অল্প বিদ্যা ভয়ঙ্কৰী, কাৰণ সেইটোহে৷

যেতিয়া কোনো এজন মানুহে নিজে ভাবি কিবা এটা ঔষধ খায়, তেতিয়া তেওঁ তেওঁৰ হৈ থকা লক্ষণৰ বাবে হে খায়, কিন্তু সেই যে লক্ষণটো দেখা দিছে, তাৰ প্ৰকৃত কাৰণ তেওঁ নাজানে৷ ফলত তেওঁৰ প্ৰকৃত বেমাৰ কিছুসময় বা কিছুদিনৰ বাবে লুকাই গৈ, পুনৰ ভয়ংকৰ ৰূপ লব পাৰে৷ মানুহৰ ওজন, বয়স আদিৰ ওপৰত ভিত্তি কৰি দৰৱৰ পৰিমাণ ডক্টৰে লিখে, পিছে নিজে খালে তাৰ তাৰতম্য ঘটি চাইড-এফেক্টত ভোগে৷ আকৌ কিছুমান ঔষধে আন কিছুমানৰ লগত ৰিয়েকছন কৰে বা কোনো বেমাৰত ভূগি থকা মানুহে কিছুমান ঔষধ খালে সাংঘাতিক ক্ৰছ ৰিয়েকছন হৈ অতি জটিল পৰিস্থিতি বা মৃত্যু পৰ্য্যন্ত হব পাৰে৷ এজন ডক্টৰে আন কিবা অসুখ হৈ আছে নেকি বা কিবা আন ঔষধ খাই আছে নেকি এই খুটি-নাতিবিলাক চালি-জাৰী চাইহে দৰৱ লিখে, যাতে কোনো পাৰ্শ্বক্ৰিয়া নহয়৷

আকৌ কিছুমান দৰৱৰ হকে বিহকে সঘনাই ব্যৱহাৰৰ ফলত তাৰ প্ৰতি আসক্তি (এডিকছন) ৰ সৃষ্টি হয়, আৰু ইয়ে মানুহক বিপদৰ মুখলৈ ঠেলি দিব পাৰে৷

ইয়াৰ উপৰিও আজিকালি বেমাৰৰ কাৰণ বা বিধান গুগুলত বিচৰাৰ প্ৰৱণতা দেখা গৈছে, যিটো আচলতে খুব বেয়া কথা৷ ধৰক, কাৰোবাৰ বুকুৰ সোঁফালে অলপ বিষাই আছে বা কোনোবাই নিজৰ ডিঙিত চুই চাওঁতে গুটি এটাৰ নিচিনা পাইছে৷ এতিয়া এইবিলাকৰ কাৰণ যদি গুগুলত মাৰি চায়, এনেকুৱা কিছুমান বেমাৰৰ সম্ভাৱনাৰ কথা ওলাব যে, লাগিব তেওঁ আৰু দুদিনমানৰ পিছতে যমৰ ঘৰৰ আলহী হ’ব৷ ইয়ে তেওঁলোকক মানসিকভাৱে দুৰ্বল কৰি তুলি আৰু বেমাৰী কৰিব পাৰে৷

গতিকে যিকোনো শাৰীৰিক অসুবিধাৰ ক্ষেত্ৰত পলম নকৰি, লগতে স্ব-চিকিৎসা আৰু ইণ্টাৰনেটৰ পৰা জ্ঞান অৰ্জনৰ চেষ্টা নকৰি এজন যোগ্য চিকিৎসকৰ পৰামৰ্শ লওঁক৷ কেতিয়াবা জনা দৰৱ এটা এবাৰ খালেও, যদি ভাল নাপায়, লগে লগে ডাক্তৰক দেখুৱাওক৷ আৰু দুটামান খাই চাওঁ বুলি ভাবিলে পিছত ভীষণ বিপদৰ মুখামুখি হোৱাৰ সম্ভাৱনা থাকে৷

আপোনাৰ গাড়ী/মটৰচাইকেল বেয়া হ’লে, মেকানিকৰ তালৈ নিয়ে নে গুগুল মাৰি চাই ঠিক কৰে? তেন্তে স্বাস্থ্যৰ লগত এই হেতালি কিয়? মনত ৰাখিব স্বাস্থ্যই পৰম ধন!!■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক