চেষ্টা (জ্যোতি প্ৰকাশ নাথ)

চেষ্টা (জ্যোতি প্ৰকাশ নাথ)

ইতিমধ্যে দহটামান পাত ফালিলে কিশোৰে, তথাপিও নতুন উৎসাহেৰে আকৌ লিখিব বহিল সি নতুন এটা পাত লৈ । যিকোনো বস্তুৱেই অবাবত খৰছ কৰিবলৈ বেয়া পায় সি তাতে বগা কাগজৰ কথাটো আৰু বেলেগ । স্কুলত পঢ়ি থকা সময়ত তাৰ প্ৰত্যেকটো বহীৰে প্ৰতিটো পাতত অতি সাবধানেৰে লিখিছিল সি । অংকৰ বহীটোলৈহে খুউৱ বেয়া লাগিছিল তাৰ, দুটামান শাৰী দীঘে দীঘে পাতটোৰ আধালৈকে লিখিলেই গোটেই পাতটো ভৰ্তি হৈ যায় । সেই কাৰণেই পূৰণা অংকৰ বহীবিলাক সি মুখষ্ঠ লিখিবলৈ ব্যবহাৰ কৰিছিল যাতে ৰৈ যোৱা খালী ঠাই বিলাক পূৰ হয় আৰু পাতকেইটা ভৰ্তি হয়, আচলতে তাৰ কথাত পাতটোৰ সঠিক ব্যবহাৰ হয় । অৱশ্যে অৰ্থাভাৱত পৰি যে প্ৰতিটো পাতত খুদ চাউলৰ নিচিনা আখৰ লিখিব লগা হৈছিল তেনে নহয়, খোৱা বোৱাৰ পৰা আৰম্ভ কৰি পিন্ধা উৰালৈকে সৰুৰে পৰাই কেতিয়াও কষ্ট পাব লগা হোৱা নাই কিশোৰ । দেউতাক তাৰ ঘৰৰ ওচৰৰে এম পি স্কুলৰ প্ৰধান শিক্ষক, তাৰ মাকও গাওঁখনৰ বিভিন্ন আত্মসহায়্ক গোট আদিৰ লগত জড়িত এগৰাকী সৰবৰহী মহিলা । গতিকে ভনীয়েকৰ সৈতে চাৰিজনীয়া পৰিয়ালটো আৰামত চলি গৈছিল কোনো অভাৱ অভিযোগ অবিহনে । তথাপিও কিয় জানো তাৰ যিকোনো বস্তুৰ প্ৰতিয়েই অত্যধিক মৰম, আনকি সময়ৰ ক্ষেত্ৰতো সি অত্যন্ত সাবধান । প্ৰতিটো মিনিটৰে আগতীয়া হিচাপ অনুসৰিহে কাম কৰে কিশোৰে । আৰু টকা-পইচাৰ কথাতো কবই নালাগে যেনিবা, এক টকালৈকে এৰি নিদিয়ে সি যাৰ কাৰণে বন্ধুমহলত চিকতা কিশোৰ বুলি সি বিখ্যাত । আনে যিয়ে নকওক সি কিন্তু কাৰো কথাত পাত্তা নিদিয়ে আৰু বৰ গৌৰবেৰে নিজকে মিতব্যয়ী বুলি হে কয় আৰু লগৰ কেইটাকো তাৰ নিছিনা হবলৈ উপদেশ দিয়ে ।

আজি পিছে সি গল্প এটা লিখিবলৈহে ইমান ধুনীয়া বগা বগা কাগজবোৰ নষ্ট কৰিবলগীয়া হৈছে । লিখক হবলৈ সৰুৰে পৰা তাৰ খুউৱ মন আছিল । ডিগ্ৰীটো পাছ কৰি কি কৰো কি নকৰো ভাৱি থাকোতেই একেলগৰ তিলকৰ উৎপাতত দৌৰাদৌৰিকৈ আহি একেলগে গুৱাহাটীৰ নতুনকৈ খুউৱ নাম কৰা প্ৰাইভেট ক’লেজ এখনত এমবিএ ত নামটো লগাইছিল । কামটো ইমান ফতাফট হৈছিল যে কিশোৰে কথা বিলাক গমি পিতি চাবলৈ বিশেষ সময়ে নাপালে । যি হ’ল ভালেই হ’ল আৰু ইমান নামকৰা ক’লেজ যেতিয়া সকলোখিনি ভালেই হ’ব বুলি সি মনপুতি ছাত্ৰানং অধ্যয়নং তপত লাগিছিল । কিন্তু দিন যোৱাৰ লগে লগে লাহে লাহে সি যেতিয়া গ’ম পালে এনেকুৱা প্ৰাইভেট ক’লেজ বিলাকৰ বাহিৰে ৰঙ-চঙ ভিতৰে কোৱাভাতুৰি বৰণ, তাৰ উৎসাহ বিলাক হেৰাই যাবলৈ ধৰা যেন লাগিছিল । তথাপিও নামৰ পিছফালে এমবিএ টো যেনে তেনে লগাম বুলিয়ে কিশোৰ এতিয়ালৈকে ধৈৰ্য্য ধৰি আছে ।

সিহঁতৰ ডিপাৰ্টমেন্টৰ পৰা বছেৰেকীয়া প্ৰাচীৰ পত্ৰিকা উলিওৱাৰ যোজা চলিছে আৰু তাতেই গল্প এটা লিখিবলৈ কিশোৰক পত্ৰিকাৰ সম্পাদক মনোজ ছাৰে খুউৱ যোৰ দিয়াত সি গল্প এটা লিখিবলৈ বুলি বহিছিল । কিন্তু একো এটা লিখিব নাই পাৰা সি, প্ৰথমে ভাৱিলে নিজৰ জীৱনক লৈ লিখো, কিন্তু সেইটো বৰ ক’ম’ন, পছন্দ নহ’ল । ঘৰখনৰ কথা লৈ লিখো, কিন্তু একোৱেই নিমিলে । আকৌ ভাৱিলে প্ৰথম গুৱাহাটীত আহি ভাৰাঘৰ, হোষ্টেল, পিজি আদিত টিকা চোচৰাই ঘুৰি ফুৰাৰ কথা লিখো কিন্তু, ধেই সেইবিলাক আৰু কোনোবাই পঢ়িব নেকি ? তেনেহ’লে মানুহে পঢ়িব কি ? কি লাগে পাঠকক ? অথনিৰে পৰা সেইবিলাককে ভাৱি ভাৱি মুৰটো গৰম কৰিছে আৰু কাগজ ফলিছে কিশোৰে । মাজতে মনোজ চাৰক ফ’ন কৰি সুধিলেও কি লিখিব লাগে, তেওঁৰ মতে বাস্তৱ জীবনৰ নিস্থুৰ কৰুণ বৰ্ণনা বা যদি ৰসাল দৈনন্দিন জীবনৰ কথা লিখা যায় তেনেহ’লে ৰাইজে পঢ়ি ভাল পায় । বা প্ৰেমৰ বৰ্ণনাও লিখিব পাৰি একেবাৰে কাব্যিক ষ্টাইলত, লগতে অলপ মা-মচলা ট্ৰেজেদি জাতীয় ইত্যাদি । প্ৰেমৰ কথা ভাৱোতেই তাৰ মনলৈ আহিল অদিতীৰ কথা । অদিতী নাথ, দ্বিতীয় বছৰত সিহতৰ ক্লাছত নতুন সংযোগ, তিলকৰ ভাষাত ষ্পষ্টভাৱে এটা নতুন মালৰ আমদানি । ক’লা পেন্ট বগা ছাৰ্টৰ লগত ডিঙিত মেৰুণ ৰঙৰ টাই লগাই যেতিয়া অদিতী ক্লাচত সোমায় আক্ষৰিক অৰ্থতে সিহতৰ ক্লাচটো পোহৰ হৈ উঠে । ধেনুভিৰীয়া চেলাউৰী, কমলা কোহঁৰ লেখিয়া গুলপীয়া ওঁঠ, দালিমগুতীয়া দাঁত আৰু গভীৰ ৰাতিৰ দৰে ক’লা ঘন চুলিটাৰী লগতে দুচকুৰ চাওনি আহ: বিজুলী মৰা বুলিলে যেন কমকৈ হে কোৱা হয়, তাই সচাকে এজনী পৰি ।

প্ৰথম দেখাৰ দিনাই চিৰাচৰিতভাৱেই কিশোৰ অদিতীৰ প্ৰেমত পৰিছিল আৰু তাইক প্ৰ’পজেলটো কেনেকৈ দিয়া যায় তাৰেই গুণাগথা চলিছিল প্ৰায় দুসপ্তাহ । প্ৰথমতে চিনাকী, বেছি নাটকীয় নকৰি এদিন চিধাই তাইক মাতি কলে “ মই কিশোৰ, ঘৰ সোণাৰীত আৰু বিষয় ফাইনেঞ্চ, তুমি ডাইৰেক্ট ছেকেণ্ড ইয়াৰত আহিলা ফাৰ্ষ্ট ইয়াৰত ক’ত আছিলা ? তোমাৰ নামটো অদিতী বুলি মই জানো সেয়েহে ব’ৰ নকৰি ডাইৰেক্ট মই জানিব বিছৰা কথাটোহে সুধিলো ।“ আচৰিত হৈ অদিতীয়ে সুধিছিল তুমি মোৰ বিষয়ে জানিবলৈয়ে বা কিয় ইমান আগ্ৰহী । সি ক’লে “তোমাৰ নিছিনা ইমান ধুনীয়া ছোৱালী এজনীৰ প্ৰতিটো কথাই জানিবলৈ মোৰ নিছিনা চফল ডেকা এজন আগ্ৰহী নহয় বুলিলেহে চিন্তনীয় বিষয় হ’ব ।“ ছোৱালী পটোৱা ডায়’লগ বিলাক ইতিমধ্যেই তিলকৰ পৰা শিকি হৃদয়ংগম কৰি থৈছিল কিশোৰে । কিন্তু বৰ দুখ লাগিছিল যেতিয়া তাই কৈছিল মাকৰ আকস্মিক মৃত্যুত কলকাতাৰ চেইন্ট জেভিয়াৰ্ছ ক’লেজত দ্বিতীয় ষান্মাষিকৰ পৰীক্ষা দিয়ে গুৱাহাটীৰ ঘৰলৈ ঘুৰি আহিবলগীয়া হৈছিল কাৰণ তাইৰ দহবছৰীয়া ভায়েকটোক দে‍উতাকে অকলে চম্ভালিব নোৱাৰে । স্বাভাবিকতেই আবেগিক হৈ পৰিছিল কিশোৰ আৰু সহানুভূতি জাগি উঠিছিল অদিতীৰ প্ৰতি আৰু দুদিনতে সেই সহানুভূতিয়ে তীব্ৰ প্ৰেমৰ ৰুপ লৈছিল । ক্লোজ হৈ পৰিছিল সিহঁত লাহে লাহে । কিশোৰৰ অকপট স্বীকাৰোক্তি আৰু ভিতৰত একো লুকুৱাই ৰাখিব নোৱাৰা স্বভাৱটোএ মোহিত কৰা যেন লাগিছিল অদিতীকও । সিতো মনে মনে ঠিকেই কৰি পেলাইছিল হনিমুনত ক’ত ফুৰিবলৈ যাব, কি কি গিফ্ট দিব প্ৰথম চাকৰি পালে অদিতীক । কিন্তু ডাইৰেক্ট কব পৰা নাছিল তাইক “মইযে ভাল পাওঁ তোমাক অদিতী আৰু….”

আৰু এটা কথা লক্ষ্য কৰিছিল সি, সিহতৰ ক’লেজৰে টুৰিজিমৰ ফেকাল্টি মনোজ ছাৰৰ লগত অদিতীৰ অলপ বেছি হলিগলি, মানে একেলগে অহাযোৱা কৰা, ক্লাছত বেছি গুৰুত্ব দিয়া আনকি কেতিয়াবা দুয়োকে কৰিডৰত একেলগে ভালেখিনি সময় কথাপাতি থকাও দেখিছে সি । সেইবিলাক বৰ বেছি চিন্তা কৰিবলগীয়া কথা নহয় বুলিয়ে আগ্ৰাহ্য কৰি আছিল যদিও সিদিনাহে তাৰ চকু খুলিলে যিদিনা তিলকে অনা খবৰৰ পৰা সি গ’ম পালে অদিতীয়ে কলকাতা যোৱাৰ আগতেই মনোজ ছাৰক তাইৰ হৃদয় খন দি থৈছে আৰু সেইদিনাৰ পৰাই সি তাইৰ কথা ভাবিবলৈ এৰি দিছে । দুখন প্ৰেমাসিক্ত হৃদয়ৰ মাজত সোমাই এটা পবিত্ৰ সম্বন্ধত ফাট মেলোৱাৰ কোনো ইচ্ছা নাই তাৰ লাগিলে জিৱনৰ প্ৰথম প্ৰেম একপক্ষীয় হৈ থকা বুলি কৈয়ে সি পিছত গৌৰৱ কৰিব । আৰু আজি সেই মনোজ ছাৰৰ উচটনিতে গল্প এটা লিখিবলৈ বহি কাগজৰ শৰাধ পাতিছে সি । হঠাতে তাৰ মনলৈ আহিল কিয়নো সি অদিতীৰ প্ৰতি থকা তাৰ একপক্ষীয় প্ৰেমৰ বৰ্ণনা কৰি গ’ল্প এটা নিলিখে । ভৱা মতেই কাম, প্লতটো মনতে জুকীয়াই লৈ সি আৰাম্ভ কৰিলে প্ৰথমটো শাৰী “ইতিমধ্যে দহটামান পাত ফালিলে…………” ।

জ্যোতি প্ৰকাশ নাথ

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
9 years ago

very good writer yer