চোকা, তীক্ষ্ণ আৰু সৰস চিত্ৰ সমালোচনা: তাৰেই নাম ৰঞ্জন —উৎপল দত্ত

নিৰ্মেদ ভাস্কৰ্যসুন্দৰ গদ্যত যেতিয়া থাকে সাহিত্যিক সৌন্দৰ্যৰ দ্যুতি, বিষয়বস্তুৰ সকলো ৰূপ যেতিয়া থাকে হাতৰ মুঠিক, বক্তব্যত যেতিয়া থাকে অনুভৱ-উপলব্ধি-অভিজ্ঞতাৰ গভীৰতা আৰু তাৰ প্ৰকাশত থাকে অধ্যয়ন আৰু বিশ্লেষণসমৃদ্ধ গাম্ভীৰ্য- তেনে লেখাই সহজে স্পৰ্শ কৰে হৃদয়, জোকাৰি দিয়ে মগজু, তেনে লেখা মনত ৰৈ যায় বহু দিনৰ বাবে, তেনে লেখাই উৎসাহিত কৰে কলম হাতত ল’বলৈ। বহু বছৰ আগতে বাংলা ‘দেশ’ পত্ৰিকাত প্ৰকাশ পোৱা কিছুমান চিত্ৰ-সমালোচনাই এই লেখকক উৎসাহিত কৰিছিল চিত্ৰ-সমালোচনাত মনোযোগ দিবলৈ। সেই লেখাবোৰ আছিল ৰঞ্জন বন্দোপাধ্যায় নামৰ লেখক এগৰাকীৰ, যি আছিল স্কটিচ চাৰ্চ কলেজৰ ইংৰাজীৰ অধ্যাপক, জুনিয়ৰ ষ্টেটচমেন পত্ৰিকাত লেখা সমালোচনাৰ বাবে ক্ৰোধিত হৈ উত্তম কুমাৰে যাৰ নামত আদালতত কেচ দিছিল, সেইজন ৰঞ্জন বন্দোপাধ্যায়ে প্ৰমাণ দিছিল তেওঁৰ ৰুচিৰ আধুনিকতাৰ আৰু প্ৰায় সকলোৱে পিচৰ শাৰীত থোৱা চিত্ৰ-সমালোচনাৰ দেহত তেওঁ আৰোপ কৰিছিল সাহিত্যৰ সৌন্দৰ্য-সুষমা আৰু নিজকে প্ৰতিষ্ঠা কৰিছিল অন্যধাৰাৰ অন্য চৰিত্ৰৰ লেখক হিচাপে। পৰৱৰ্তী কালত তেওঁ এই ধৰণৰ লেখাৰ পৰা আঁতৰি যায়, কিন্তু সেই লেখাবোৰৰ স্মৃতি আৰু অনুৰণন ৰৈ গ’ল গুণমুগ্ধ পাঠকৰ মাজত। সেই পাঠকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি দীপ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে তেওঁৰ নিৰ্বাচিত লেখাৰ সংকলন ‘সেই সব লেখা’।
দুশ ছয়সত্তৰ পৃষ্ঠাৰ এই কিতাপখনত সন্নিবিষ্ট চাৰি কুৰি আঠটি লেখাই আঞ্চলিক-দেশী-বিদেশী চিনেমাৰ সমালোচনাৰ লগতে সামৰি লৈছে চিনেমাৰ কাৰিকৰী দিশৰ নন্দনতাত্বিক বিশ্লেষণ, চিনেমাৰ চৰিত্ৰৰ আলোচনা, পৰিচালক আৰু আন কাৰিকৰী দিশৰ শিল্পীৰ আলোচনা, চলচ্চিত্ৰ মহোৎসৱৰ অভিজ্ঞতা ইত্যাদি। ওপৰে ওপৰে চালে এনে লাগে এই বিষয়বোৰৰ কোনোবাটোই সাংবাদিকতাৰ গাতে লাগি আগবাঢ়িছে, কোনোবাটোৱে গভীৰ বিশ্লেষণ দাবী কৰিছে। এটা কথা ঠিক যে প্ৰতিটো লেখাৰ বাবে লেখাটোৱে দাবী কৰা আবয়ৱিক ঠাই তেওঁ দিব পৰা নাই, পঢ়ি থাকিলে ভাব হয় লেখাটি আৰু দীঘল হ’ব লাগিছিল, কিন্তু লেখকে সংক্ষিপ্ত কৰি থ’লে- এই লেখাবোৰৰ জন্ম হৈছিল বাতৰি কাকত আৰু আলোচনীৰ বাবে আৰু সেইবাবেই লেখাবোৰে সুদীৰ্ঘ অবয়ৱলৈ আত্মপ্ৰকাশ কৰিব পৰা নাছিল। কিন্তু সেই সীমাৰ মাজতেই তেওঁ উপহাৰ দি গৈছে মন আৰু মগজুক জোকাৰি দিব পৰা বিশ্লেষণ। অৱশ্যে এইটোও ঠিক যে কিছু বিশেষ চিনেমাৰ আলোচনা তেওঁ বেচ দীঘলকৈয়ে লিখিছে, অথবা বাতৰি কাকত-আলোচনীৰ সম্পাদকে তেওঁক ঠাই দিয়াত কাপৰ্ণ্য কৰা নাই।
‘সেই সব লেখা’ৰ বিভিন্ন সুৰৰ লেখাবোৰ পঢ়াৰ পিচত ৰঞ্জন বন্দোপাধ্যায়ৰ চলচ্চিত্ৰ ভাবনাৰ যিখন স্পষ্ট ছবি পাঠকৰ সন্মুখলৈ আহে সেইখনত প্ৰতিবিম্বিত হৈছে চলচ্চিত্ৰৰ প্ৰতি লেখকৰ মনৰ গভীৰত থকা উন্মাদ ভালপোৱা, চলচ্চিত্ৰৰ কাৰিকৰী দিশৰ নান্দনিক সৌন্দৰ্যৰ ৰহস্য উদ্‌ঘাটনৰ আৱিষ্কাৰধৰ্মী আকাংক্ষা আৰু সৰ্বোপৰি চলচ্চিত্ৰ কলাৰ উত্তৰোত্তৰ বিকাশৰ গভীৰ কল্পনা। আৰু তেওঁৰ এই চিন্তা অতীতৰ স্বৰ্ণময় দিনৰ অলস বৰ্ণনা নহয়, তেওঁৰ চিন্তা আৰু সপোন ভবিষ্যৎমুখী। এই ভবিষ্যদৰ্শনৰ ভেটি হ’ল পৰিৱৰ্তনশীল সমাজৰ বিভিন্ন প্ৰপঞ্চ যিবোৰে নিয়ন্ত্ৰণ কৰে কলামাধ্যম আৰু তাৰ আনুষংগিক দিশবোৰৰ বিকাশ, পতন আৰু অৱলুপ্তি। ‘এ যুগে ফিল্ম ফেষ্টিভেল কালবিৰোধী’ নামৰ সুদীৰ্ঘ বিশ্লেষণাত্মক ৰচনাখনৰ নামটোৱেই ইংগিত দিয়ে অন্তৰ্নিহিত বক্তব্য আৰু নতুন দৃষ্টিভংগীৰ। ফিল্ম ফেষ্টিভেলৰ প্ৰযোজনীয়তাকলৈ সমগ্ৰ পৃথিৱীতে আলোড়ন চলি থকা সময়তে এনে ৰচনা এখন লিখিবলৈ তেওঁক কিহে প্ৰৰোচিত কৰিলে সেই কথা জানিবলৈ পাঠক সকল উদগ্ৰীৱ হৈ পৰাটো স্বাভাবিক কথা। তেওঁ লিখিছে- ‘সঁচা কথা ক’বলৈ গ’লে, ভিডিঅ’ কেছেট আৰু ভিডিঅ’ পাৰ্লাৰে যেতিয়া সমগ্ৰ বিশ্বৰ ঘৰে ঘৰে সহজলভ্য কৰি দিছে ‘বাৰ্গমেন’, ‘কুৰোশ্বাৱা’, অথবা ‘গডাৰ’, তেনে অৱস্থাত ভাল ছবি চাবলৈ ফেষ্টিভেল অফ ফেষ্টিভেল পতাৰ প্ৰয়োজন কি? [অনূদিত]।’ ইয়াৰ পিচতেই তেওঁ প্ৰস্তাৱ দিছে আন এক শিল্প অভিজ্ঞতাৰ। ‘বৰং অধিক অৰ্থপূৰ্ণ হ’লহেঁতেন কোনোবা এখন চহৰত প্ৰতি বছৰে একোখন আন্তৰ্জাতিক থিয়েটাৰ ফেষ্টিভেল। কাৰণ নাটক পোনপটীয়াকৈ চোৱাৰ কোনো বিকল্প ব্যবস্থা নাই। নাটকৰ ভিডিঅ’ ৰেকৰ্ডিং সহজে পোৱা নাযায়, পালেও সি হয় নাটক চোৱাৰ এটি বৰ্ণহীন বিকল্প মাথোন। কিমান প্ৰাণহীন হ’ব পাৰে এই অভিজ্ঞতা তাক ক’ব পাৰে সেই সকলে যিয়ে পিটাৰ ব্ৰুকৰ মহাভাৰত মঞ্চত আৰু টেলিভিচনৰ পৰ্দাত দেখা পাইছে। ভাবকচোন, কলকাতাৰ মঞ্চত ডাষ্টিন হফমেন অভিনীত ‘মাৰ্চেণ্ট অফ ভেনিচ’ চোৱাৰ সুযোগ আহিছে এনেকুৱা এটা আন্তৰ্জাতিক থিয়েটাৰ ফেষ্টিভেলত। এই সম্ভাৱনাৰ মাজত প্ৰায় অলৌকিক শিহৰণ নাই জানো?’ এই লেখা প্ৰকাশ হৈছিল ১৯৯০ চনত। আজি দুই দশকৰো অধিক কাল অতিক্ৰান্ত, সেই অলৌকিক শিহৰণৰ স্বাদ এতিয়া বৰ্ণহীন হোৱাৰেই কথা।
ৰঞ্জন বন্দোপাধ্যায়ে চিনেমাৰ মাজত বিচাৰে সেই অলৌকিক শিহৰণ। চিনেমাৰ সৌন্দৰ্যৰ পূজাৰী বন্দোপাধ্যায়ে তথাকথিত কলাত্মক চিনেমা বা বাণিজ্যিক চিনেমাক দুভাগ কৰা নাই, সকলো ধৰণৰ ছবিৰে তেওঁ অনুৰাগী, কিন্তু কলা বা বাণিজ্যৰ নামত চিনেমাৰ সৌন্দৰ্য সন্ধানত কোনা ধৰণৰ ফান্দত তেওঁ ভৰি দিয়া নাই। চিনেমাৰ বিনোদন মূল্যক তেওঁ অস্বীকাৰ কৰা নাই। বিনোদন ছবিৰ ক্ষেত্ৰত তেওঁক দুটা কথাই বিব্ৰত কৰিছে, এটা হ’ল সমগ্ৰ সংসাৰ নচুৱাব পৰা বিনোদনৰ ‘ঢালাও’ ব্যৱস্থাৰ লগত সৌন্দৰ্যবোধৰ সম্পৰ্কহীনতা। দ্বিতীয় কথাটি হ’ল তেওঁৰ মনত উদয় হোৱা এটি প্ৰশ্ন – কিছু মানুহক সন্তুষ্ট কৰাৰ কাৰণেই বিনোদনৰ সৃষ্টি প্ৰক্ৰিয়াই নৈতিকতাৰ উৰ্দ্ধত স্থান পাব পাৰে নেকি? এই দুই স্তম্ভৰ ওপৰতেই থিয় হৈ আছে তেওঁৰ বিনোদন ছবিৰ সমালোচনা। ছিৰিয়াছ ছবিৰ ক্ষেত্ৰত তেওঁৰ ৰচনাই একাধিক স্তৰ ভেদ কৰি কলাৰ সৌন্দৰ্যৰ গভীৰতম অৰ্থ আৰু জীৱনৰ লগত তাৰ সম্বন্ধৰ ৰহস্য উদঘাটন কৰাৰ চেষ্টা কৰিছে। চলচ্চিত্ৰৰ দৰে আধুনিক কলা মাধ্যম এটিয়ে বিভিন্ন উপাদানৰ সংমিশ্ৰণেৰে মানৱ জীৱনৰ মনৰ গভীৰৰ ৰহস্য যেনেদৰে বিশ্লেষণ কৰিছে, চলচ্চিত্ৰ সমালোচনাই সেই গভীৰতা স্পৰ্শ কৰিব পৰা নাই বুলি তেওঁ অনুভৱ কৰিছে।
কেইখনমান ৰচনাত তেওঁ ব্যক্তিবিশেষ আৰু চিনেমাৰ কাৰিকৰী দিশৰ কথা আলোচনা কৰিছে। উভয় ক্ষেত্ৰতেই তেওঁৰ চলচ্চিত্ৰ ভাবনাইহে বিশ্লেষণক পথ প্ৰদৰ্শন কৰিছে। কাৰিকৰী দিশৰ কথাবোৰ তেওঁ যিদৰে নন্দনতাত্বিক দৃষ্টিৰে চাইছে, ভাৰতীয় চলচ্চিত্ৰ বিষয়ক লেখাত তাৰ উদাহৰণ পোৱা সহজ নহয়।
ৰঞ্জন বন্দোপাধ্যায়ৰ লেখাৰ চকুত পৰা বৈশিষ্ট্য হ’ল ব্যঞ্জনা, উপমা, শব্দসৌন্দৰ্য, ইংগিতধৰ্মিতা আদিৰে সমালোচনাবোৰক সাহিত্যৰসপূৰ্ণ কৰি তোলা। তীক্ষ্ণ ব্যংগ তেওঁৰ লেখাৰ আৰু এটি চমকপ্ৰদ দিশ। বাবুৰাও পেটেলৰ তীক্ষ্ণ ব্যংগ চিত্ৰ সমালোচনা যেনেদৰে ‘কাল্ট’ লেবেলেৰে উজ্জ্বল, ৰঞ্জন বন্দোপাধ্যায়ৰ লেখাও তেনেদৰেই মহিমামণ্ডিত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments