চেৰাপুঞ্জীৰ দুখলপীয়া দলং:এক অবিস্মৰণীয় যাত্ৰা—-ৰঞ্জনা দত্ত

মেঘালয়ৰ দক্ষিণ অঞ্চলৰ জিলাসমূহত কেইবাখনো গছৰ শিপাৰে নিৰ্মিত ওলমা দলং আছে। ইয়াৰ কিছুমান দলং দুই তিনিশ বছৰ পুৰণি যদিও কিছুমান দলং আপেক্ষিকভাৱে নতুন। মেঘালয়ত বৰ্তমান শ্বিলঙৰ পৰা ২-৩ ঘণ্টাৰ গাড়ীৰ দূৰত্বত প্ৰায় ১১খন এনে দলং আছে। এই দলংসমূহ খাচী আৰু জয়ন্তীয়া জিলাৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ কিছু লোকে অতি পুৰণি কালৰে পৰা দুৰ্গম নদী পাহাৰ আদিত সহজে যাতায়াত কৰিবৰ বাবে সাজি আহিছে। প্ৰচুৰ বৰষুণ আৰু ধুমুহাৰ বাবে কাঠ বাহেঁৰে সজা দলংবোৰ বেছি দিন নিটিকে। গছৰ জীৱিত শিপাৰে বনোৱা এই ধৰণৰ ওলমা দলং বোৰ এবিধ ৰবৰ প্ৰজাতিৰ গছ (Ficus elastica) ৰ বায়বীয় শিপাৰে (aerial root ) বনোৱা হয়। এই গছৰ শিপাবোৰ মনে বিচৰা ধৰণেৰে জালি গাঁঠি লৈ পাক দিব পাৰি বাবে কিছু ফোঁপোলা কৰি লোৱা এৰিকা নাট পাম (Areca nut palm) গছৰ গা-গছৰ মাজেৰে এই শিপাবোৰ সুমুৱাই নদী বা পাহাৰীয়া নদীৰ সিটো পাৰ সহজে পাব পৰাকৈ সুবিধা কৰি দিয়া হয়। কেতিয়াবা সিপাৰৰ লগত সংযোগ কৰিবৰ বাবে দীঘল বাঁহৰ সহায় লোৱা হয়। এইদৰে সিপাৰৰ মাটিৰ লগত সংযোজিত হৈ পৰাৰ পিছত শিপাবোৰ ধুনীয়াকৈ জালৰ দৰে ইদালে সিদালৰ লগত পাক খাই খাই সময়ত মজবুত দলং একোখন হৈ পৰে। সাধাৰণতে শিপাবোৰে দলঙৰ আকৃতি ল’বলৈ ১০ৰ পৰা ৩০ বছৰলৈকে সময় ল’ব পাৰে। এনেকুৱা একোখন দলঙৰ এবাৰতে ৩৫-৪০জন মানুহলৈকে বহন কৰিব পৰা ক্ষমতা আছে।
২০১৭ চনৰ চেপ্তেম্বৰ মাহৰ শেষৰ ফালে আমি কিছুদিন শ্বিলঙত থকাকৈ গৈছিলোঁ। এখেত সেই সময়ত চাকৰিৰ পৰা অৱসৰৰ পিছত শ্বিলঙত থকা জিঅ’লজিকেল ক’ম্পেনি এটাত পৰামৰ্শ দাতা হিচাপে কৰ্মৰত আছিল। পূজাৰ সময় বাবে বাকী সহকৰ্মী কেইজন কলিকতালৈ যোৱাত তেওঁলোকৰ গেষ্ট হাউচটো একেবাৰে খালী আছিল। ল’ৰাও সেই সময়ত ছুটীত ঘৰলৈ আহিছিল। শ্বিলঙত থাকোঁতেই ল’ৰাই গুগল চাৰ্চ কৰি চেৰাপুঞ্জীৰ ডাবল ডেকাৰ ৰুট ব্ৰীজখন চোৱাৰ কথা উলিয়ালে। ভবা মতেই কাম। এওঁৰ চিনাকি খাছীয়া ড্ৰাইভাৰ এজনক ফোন কৰিলে। আমি পিছদিনা ৰাতিপুৱাই যোৱাটো ঠিক কৰিছিলোঁ।
ৰাতিপুৱাৰ জলপান খাই ৭-৩০টা বজাত চেৰাপুঞ্জীলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি চাবলৈ ওলোৱা দুখলপীয়া শিপাৰ দলংখন আছে চেৰাপুঞ্জী পাৰ হৈ চেলা-ভোলাগঞ্জলৈ যোৱা ৰাস্তাত। মুল চেৰাপুঞ্জীখনৰ পৰা আৰু ২০ মিনিট মান নামনিমুৱা ৰাস্তাৰে আগুৱাই যাব লাগে। চেপ্তেম্বৰ মাহৰ শেষৰ ফালে শ্বিলঙত ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰে। আমিও পাতল চুৱেটাৰ, জেকেট আদি পিন্ধি আহিছিলোঁ। কিছুদূৰ অহাৰ পিছত গাড়ীখন সোঁহাতৰ কেঁচা ৰাস্তা এটাৰে সুমুৱাই দিছিল। সমুখৰ মুকলি ঠাই এখনত ২-৩ খন মান গাড়ী ৰৈ আছিল। এইখন টিৰনা (Tyrna) গাওঁ। কেইটামান সৰু ল’ৰাই দীঘল বাঁহৰ লাখুটি বিক্ৰী কৰি আছিল। এডালত ২০ টকাকৈ। লওঁ নে নলওঁ চিন্তা কৰি থাকোঁতে ড্ৰাইভাৰজনে ক’লে তললৈ নামি যোৱা চিৰিবোৰ মাজে মাজে কিছু ওখ। তাতে চিৰিৰ সংখ্যা প্ৰায় ৩৫০০। তেওঁ আমাৰ তিনিওজনকে একোডালকৈ ল’বলৈ পৰামৰ্শ দিলে। ৰ’দটো চোকা আছিল বাবে আমি চুৱেটাৰ, জেকেট আদি গাড়ীতে থৈ হাতত কেৱল পানীৰ বটল আৰু কেমেৰা লৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এই টিৰনা গাঁৱৰ পৰা উমশ্বিয়াং দুখলপীয়া শিপাৰ দলংখনলৈ ৩৫০০টা চিৰি নামি যাব লাগে। ১৫০ বছৰ পুৰণি এই দলংখন পৃথিৱীৰ ভিতৰতে একমাত্ৰ এনেধৰণৰ দুখলপীয়া দলং। নংগ্ৰিয়াট গাঁৱত (Nongriat village) অৱস্থিত এই দলংখন এসময়ত মেঘালয়ৰ অন্য শিপাৰ দলংবোৰৰ দৰে এখলপীয়া আছিল যদিও এবাৰ বাৰিষাৰ খৰস্ৰোতা পানীয়ে দলংখন বুৰাই পেলোৱাত স্থানীয় গাঁৱৰ মানুহে দ্বিতীয় খলপটো সাজি উলিয়ায়। ইয়াক স্থানীয় মানুহে জিংকিয়েং নংগ্ৰিয়াট (Jingkieng Nongriat) বুলি কয়।
আৰম্ভণিতে আমি বেছ খৰকৈ লাখুটিৰ সহায় নোলোৱাকৈ চিৰিবোৰ নামি গৈছিলো, যদিও ৫০০ মান চিৰি নমাৰ পিছত লাহে লাহে নমাৰ গতি কমিবলৈ ধৰিছিল। চিৰিবোৰ সুন্দৰভাবে চাপৰ চাপৰকৈ পকাৰে সজা। দুয়োকাষে গছ-গছনি আৰু জোপোহাৰে ভৰা ঘন জঙ্ঘল। ঠায়ে ঠায়ে কঠাল, ৰবাবটেঙা আদিৰ গছ। যাত্ৰা লাহে লাহে কষ্টকৰ হৈ আহিছে যদিও বাটৰ কাষত দেখা ধুনীয়া ধুনীয়া পখিলা আৰু পাহাৰীয়া ফুল-পাতবোৰে মনটো ভাল লগাই ৰাখিছে। মাজতে এখন গাঁও পালোঁ। পৰিষ্কাৰ ঘৰ, চোতাল সুন্দৰ। সৰুকৈ এটা গীৰ্জা ঘৰ। সৰু সৰু ল’ৰা ছোৱালীবোৰে আপোনমনে খেলাত ব্যস্ত আছিল। ঘৰৰ পিৰালিত মেকুৰী বা কুকুৰে ৰ’দ লৈ আছিল। ঘৰচীয়া মুৰ্গীবোৰে পোৱালিবোৰৰ সৈতে মাটি খুঁচৰি আছিল। চোতালত ৰ’দত দিয়া আদা আৰু হালধি। কি যে সুন্দৰ গাঁও! আমি চিৰিবোৰ নামিয়ে আছিলোঁ। তললৈ আৰু তললৈ। লাহে লাহে আমাৰ খোজৰ গতিও মন্থৰ হ’বলৈ আৰম্ভ কৰিছিল। বাটৰ কাষত মাজে মাজে দুই এঠাইত চালি একোখনকৈ দি মিঠা আলু সিজোৱা, কটা আনাৰস, পানীৰ বটল, পেকেটৰ শীতল পানীয়ৰ পেকেট, গ্লুকন ডি আদি বিক্ৰী কৰি আছিল। আমিও পানী আৰু গ্লুকন ডি কিনি মাজে মাজে খাই আছিলোঁ। নামি গৈ গৈ আমাৰ চিন্তাও লাগিছে ওভতোঁতে উঠিম কেনেকৈ! মাজতে পিঠিত বেগলৈ তলৰ পৰা উঠি অহা বিদেশী ল’ৰা- ছোৱালী কেইটামান লগ পাইছিলোঁ। সিহঁতে ৰাতি তলতে কৰবাত তম্বু তৰি আছিল চাগৈ। ইতিমধ্যে আমাৰ খোজ আৰু নচলা হৈ আহিছিল। কষ্ট আৰু ভাগৰত উৎসাহ কিছু কমি যোৱা যেন লাগিছিল। মোৰ আঁঠুৰ আৰু কঁকালৰ বিষ এটাই মাজে মাজে কিছু অসুবিধা দিছিল। সেই চিন্তাটোও মনলৈ আহি আছিল। কোনোমতে আহি অলপ বহল ঠাই এটুকুৰা পাইছিলোঁ। ইয়াতে বাটটো দুভাগ হৈছে। মুৰত খৰিৰ বোজা লৈ অহা বুঢ়া এজনক সোধাত তেওঁ কি বুজিলে নাজানো আমাক সোঁফালে আঙুলিয়াই দেখুৱাইছিল। আমি তেতিয়া পাহাৰৰ একেবাৰে তলত। দুফালৰ পৰা অহা দুটা ওখ পাহাৰ লগ হোৱা অতিকৈ ঠেক এটা উপত্যকা (গিৰিখাদ) আৰু তাৰ মাজেদিয়ে নৈ এখন বৈ গৈছে। বতাহৰ একো চিন মোকাম নাই। ঘামি ঘামি আমাৰ অৱস্থা কাহিল হৈ গৈছিল। কাপোৰ-কানিবোৰ গাত লিপিত খাই পৰিছিল। বুঢ়াজনে দেখুৱাই দিয়া ৰাস্তাৰে নদীখনৰ বাওঁফালে আগুৱাই গৈছিলোঁ। নদীৰ শিলৰ ওপৰত ঠিয় হ’লে ঠাণ্ডা বতাহ এছাটিয়ে কোবাই যায়। কিছুসময় তাত ৰৈ পুনৰ আগুৱাই গৈছিলোঁ আৰু কিছুদূৰ গৈয়ে দলংখন দেখা পাইছিলোঁ। চাৰিওফালে ঘন সেউজীয়া। তলত কুলুকুলু শব্দৰে বৈ যোৱা নদীখনে মন প্ৰাণ হৰি নিছিল। এইখন দুখলপীয়া দলং নহয়। ওচৰত দুটামান কলেজীয়া ল’ৰা আছিল। সিহঁতে ক’লে এইখন ৰিতিম্মেন ৰুট ব্ৰীজ (Ritymmen Root bridge ) নংথাম্মাই গাঁৱত থকা এই লিভিং ৰুট ব্ৰীজখন মেঘালয়ৰ অন্যতম দীঘল দলং। ইয়াৰ দৈৰ্ঘ্য ৩০ মিটাৰ (১০০ ফুট)। দুখলপীয়া শিপাৰ দলংখনলৈ আৰু কিমান দূৰ সোধাত ক’লে আধাঘণ্টা মান খোজকঢ়া বাট। আমি আৰু বেছি চিৰি নামিব নালাগে। যাওঁ নে নাযাওঁ? ঘামি ঘামি অৱস্থা কাহিল হৈছিল। ২৫০০টাতকৈও বেচি চিৰি নামি আহিছিলোঁ। ঘূৰি যাবলৈ আছেই। ল’ৰাই জোৰ দি কৈছিল -‘পাৰিবা ব’লা, কিবা হ’লে মই চাম দিয়া।’ গতিকে আকৌ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এইবাৰ তললৈ নমা চিৰি কম। চিৰিৰে কিছু উঠা কিছু নমা কৰি বেচ দীঘল এখন লোহাৰ ওলমা দলং পাৰ হৈছিলোঁ। লাহে লাহে আমনি লাগিবলৈ আৰম্ভ কৰিছিল। গৰম, ঘাম, ভাগৰ, ভোক-পিয়াহ সকলোৱে একেলগে হেঁচা মাৰি ধৰিছিল। মই দুই এঠাইত বহি পৰিছিলোঁ। ভাব হৈছিল আৰু নোৱাৰিম। অৱশেষত নংগ্ৰিয়াট গাঁৱৰ চাইন বোৰ্ডখন দেখা পালো। দেহাটো টানি টানি কিছুদূৰ চিৰি বগাই উঠোঁতেই কিছু তলত একেবাৰে চকুৰ সমুখতে দেখিছিলোঁ আচৰিত দুমহলীয়া দলং খন। মই তাতে বহি পৰিছিলোঁ। দলংখনৰ ওচৰে পাজৰে আৰু তলৰ নদীৰ ওপৰত খুব বেচি ৭-৮জন মানহে মানুহ আছিল। ডাঙৰ ডাঙৰ কেমেৰা ডিঙিত ওলোমাই লৈ সকলো ফটো তোলাত ব্যস্ত। কথা বতৰাৰ পৰা ধৰিব পাৰিছিলোঁ বেছিভাগ ডেকা বয়সৰ মানুহ উত্তৰ-পূবৰ বাহিৰৰ পৰা অহা। দুজনমানে তলৰ পানীত নামিও ফটো তোলা দেখা পাইছিলোঁ। পিছত কিছু পঢ়াশুনা কৰি গম পাইছিলো যে ২০০৮ চনত বিবিচি ইণ্টাৰনেচনেল চেনেলে এই দলংখনৰ ওপৰত তথ্যসমৃদ্ধ ভিডিঅ’ কিছুমান প্ৰকাশ কৰিছিল। ২০০৪ চনত জাপানৰ আশ্বিটু টিভিয়ে ইয়াৰ ওপৰত এখন চুটি তথ্যচিত্ৰ তৈয়াৰ কৰিছিল। মই কাষতে থকা কঙৰ দোকানত গৰম লাল চাহ বিস্কুট খাই কিছু সুস্থ বোধ কৰিছিলোঁ। দলঙৰ তলৰ শিলৰ ওপৰত উঠি দুখনমান দলঙৰ ফটো লৈছিলোঁ। কঙেই কৈছিল স্থানীয় লোকসকলে দলংখনৰ তৃতীয় খলপটো বনাবলৈ আৰম্ভ কৰিছে আৰু অহা দহ বছৰ মানলৈ ই দলঙৰ ৰূপ ল’ব। ওচৰতে হেনো দুই এঠাইত ৰাতি থকাৰো ব্যৱস্থা আছে। দলং খনৰ ওচৰতে এখন ক’লা ফলকত লিখি থোৱা আছিল ‘ইয়াত তোমাৰ কোলাতে আমাৰ সুন্দৰ স্মৃতিবোৰ এৰি থৈ গ’লো……।’

ওভতনি যাত্ৰা আৰম্ভ কৰোঁ মানে বিয়লি ২ বাজি গৈছিল। বাটত ৰৈ পানী আৰু গ্লুকন ডি খাই খাই চিৰি বোৰ বগাইছিলোঁ। সিপাৰৰ পৰা পিঠিত খৰি আদি বোজাই কৰি অহা গাঁৱৰ মানুহ বোৰ অভ্যস্ত খোজেৰে আমাক পিছ পেলাই থৈ ওপৰলৈ উঠি গৈছিল। ল’ৰাই টি ছাৰ্ট খুলি খালী গাৰে যাবলৈ লৈছিল। টি ছাৰ্টটোৰে ঘাম বোৰ মচি চেপি দিওঁতে তিতা কাপোৰ চেপাৰ দৰে পানী ওলাইছিল। এখেতেও টি ছাৰ্ট খুলি চপচপীয়া গেঞ্জী পিন্ধি খোজকাঢ়িবলৈ লৈছিল। মই শেষৰ ফালে তিনিটা চিৰিৰ মুৰে মুৰে বহিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ অবস্থা দেখি এওঁলোকে কিছু ভয় খাইছিল। অৱশেষত ২ ঘণ্টাত শেষ হ’বলগীয়া যাত্ৰাটো আঢ়ৈ ঘণ্টামানত শেষ কৰি ওপৰ পাইছিলোঁহি। বহু দেৰিৰ মূৰত হেঙুলীয়া কিৰণেৰে উজলি থকা আকাশখনখন দেখি মনটো ভৰি উঠিছিল। বহুত দিনৰ মূৰত যেন আপোন আকাশ খনৰ তলত থিয় দিছিলোঁহি! ওপৰৰৰ ঠাণ্ডা বতাহ জাকেও আমাৰ ঘৰ্মাক্ত দেহাবোৰ জুৰ পেলাই গৈছিল। ইমান কষ্টকৰ এই যাত্ৰাটো শেষ কৰাৰ পিছত মনটো আত্মপ্ৰত্যয়েৰে ভৰি উঠিছিল। হয়তো পুৱা গধূলি এঘণ্টাকৈ খোজ কঢ়া অভ্যাসটোৱে আমাক বহুত সহায় কৰিছিল। আমি ঘূৰি অহাৰ পিছত শ্বিলঙত থকা খাছী চিনাকি মানুহবোৰে আমি দুজন যে এই বয়সত তালৈ গৈ একেদিনাই ঘূৰি আহিলো বিশ্বাস কৰা নাছিল আৰু যোৱাটো যে উচিত হোৱা নাছিল তাকে কৈছিল বাৰে বাৰে।
মনত যদি কিবা নতুন বস্তু চোৱাৰ হেঁপাহ থাকে লক্ষ্য যদি স্থিৰ থাকে, ধৈৰ্য্য আৰু বিশ্বাস থাকে তেন্তে সকলোৱে প্ৰকৃতিৰ দুৰ্গম ঠাই সমূহত লুকাই থকা এই অপূৰ্ব সম্ভাৰ সমূহ চাব পাৰে। আপোনালোকেও কেতিয়াবা গৈ আহিবচোন। পাতল আৰামদায়ক কাপোৰ, জোতা, খোৱা পানী আৰু শুকান খোৱা বস্তু লগত লৈ যাবলৈ নাপাহৰিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক