চে’ আৰু এটা দুপৰীয়া (অমিতাভ মহন্ত)

CHE ARU ETA DUPORIYA

– শুই আছ নেকি বে চন৷

দীপুৰ মাতত খকমককৈ সাৰ পালো৷ এই বন্ধৰ দিনটোতো এই কামোৰদালৰ পৰা শান্তি নাই৷ ধেইই, দহটা বজাতে আহি জগাই দিলে কামোৰদালে৷

– নাই নাই, কেতিয়াবাই উঠিলো৷ এনেয়ে বিছনাত বাগৰি ধ্যান কৰি আছো৷

মোৰ খং উঠা বোধহয় ধৰিব পাৰিলে দীপুৱে৷ অলপ কুল লুক এটা দি লাহেকৈ ক’লে,
– খং কিয়নো কৰ ভাই৷ আজি স্পেচিয়েল দিন, উঠ জল্ডি৷ আজি গুৰুৰ জন্মদিন৷

উদয় চোপ্ৰাৰ পৰা আৰম্ভ কৰি আব্ৰাহাম লিঙ্কনলৈ সকলোৱেই ইয়াৰ গুৰু৷ আজিবা আকৌ কোন গুৰুৰ জন্মদিন ওলাল৷

– কাৰ জন্মদিন নো?
– তই নাজান? চিৰিয়াচলী? আব্বে আজি চে’ৰ জন্মদিন৷

কোন চে’ সুধিবলৈ লওঁতেই চকু পৰিল দীপুৰ টি চাৰ্টটোৰ ওপৰত৷ সোধাৰ দৰকাৰ নপৰিল৷ বুজিলো আজি চে’ গুৱেভাৰাৰ জন্মদিন৷ বাহিৰত একো ভাব নেদেখালেও মনে মনে প্ৰমাদ গণিলো৷ কিছুমাহ আগতে লাইব্ৰেৰীৰ পৰা চে’ গুৱেভাৰাৰ জীৱনী এখন পঢ়িবলৈ আনিছিলো৷ পৰীক্ষা শেষ বাবে বাকীবোৰৰো বিশেষ কাম নাছিল৷ লগৰ দুটামানে টাইম পাছ কৰিবলৈ সেইখনৰ দুটামান পৃষ্ঠা পঢ়িলে৷ তাৰ পিছতেই কমাৰ্চৰ সন্মুখৰ ‘হৰাইজন ক্লথ ষ্টোৰ’ত থকা চে’ৰ টি চাৰ্ট কেইটা লগালগ খটম৷ জেক খাই ময়ো এটা নিকিনা নহয় পিছে৷

বৰ্তমান দীপুৰ টি চাৰ্টৰ থকা চে’ আৰু দীপু, দুয়ো খিৰিকীৰ ফালে মুখ কৰি একেই ভঙ্গীমাত চিগাৰেট হোপাত ব্যস্ত৷ বাথৰুমত নিয়মটো কৰি ওলাই আহি দেখো পাৰ্থয়ো এটা চে’ ওলমাই মোৰ ৰুমত হাজিৰ৷ আজি মানে দুয়ো চে’ৰ আত্মাক ভৰপুৰ শান্তি দিহে উশাহ ল’ব৷

সোতৰ বিপৰীতে যোৱাৰ অভ্যাস আৰু সাঁহস কোনোকালেই নাছিল৷ গতিকেই ময়ো মোৰ সেউজীয়া চে’ক ওলোমাই দুয়োৰে লগত চহৰীয়াৰ দোকানত চাহ একাপ খাবলৈ বুলি ওলালো৷

দীপু….. অত্যন্ত আশাবাদী৷ যিসময়ত আমি কোনোমতে পাছ কৰাৰ চিন্তাত হোষ্টেলত কমন বিছাৰি চেনেল লগাই থাকো সেই সময়ত সি ৰিদিপ, চিৰঞ্জীৱহঁতক পৰীক্ষাত কেনেকৈ পিছ পেলাব পাৰি তাৰে চিন্তাত মুৰ ঘমাই থাকে৷ তাৰ মতে আশাই জীৱন, সেইবাবেই দুখন পেপাৰত বেক লগাৰ পিছতো সি আশা এৰা নাই৷ এইফালে পাৰ্থ একদম নিগেটিভ জীৱ৷ কেৱল হতাশা, জীৱনটো তাৰ কেতিয়াবাই শেষ হৈ গৈছে৷ এনেয়ে মৰাৰ এলাহতে জীৱটো টানি আছে৷

চিগাৰেটত টান এটা মাৰি পাৰ্থই লাহেকৈ আৰম্ভ কৰিলে,
– এই যে আজি গোটেই বিশ্বতে চে’ গুৱেভাৰাৰ জন্মদিন পালন কৰিব, এইবোৰৰ কিবা মূল্য আছে জানো? আমি কেইজনে তেওঁৰ আদৰ্শ জীয়াই ৰাখিছো৷ বেলেগৰ কথা কি কম, মই নিজেই ভালকৈ নাজানো৷ মোৰ সন্দেহ আছে কেইজনে তেওঁৰ দেশখনৰ নাম কব পাৰিব৷

– তই নিগেটিভ এনেকৈয়ে মৰিবি এদিন৷ তই নাজানিলি বুলি বেলেগেও নাজানিব নেকি? আজি পুৱাই বিবিচি চাইছো মই৷ সকলো কি এক্সাইটেড৷ লাইব্ৰেৰীত কালি গৈছিলো, তেওঁৰ ওপৰত লিখা এখনো কিতাপ লাইব্ৰেৰীত নাই৷ ডিমাণ্ড থকা মানুহ বুজিছ, তোৰ মোৰ দৰে লাল্লু পাঞ্জু নহয়৷

তাৰ পিছত আধাঘণ্টা যুক্তি তৰ্ক, কথা কটাকটি৷ দুয়ো আজি যে চাহৰ বিল দিব আশা দেখা নাই৷ ময়েই তিনিওৰে বিল দি অকলে ৰুমলৈ খোজ ল’লো৷

বন্ধৰ দিন, ৰুমটো অলপ গতি লগাও বুলি ভাবোতেই দুয়ো আকৌ সোমাই আহিল৷ যুদ্ধংদেহি মনোভাৱ৷ কথা পাতি গম পালো দুয়ো বাজী লাগি আহিছে৷ চে’ৰ বিষয়ে কিমানজনে জানে সেই বিষয়ক বাজী৷ দুপৰীয়া ডাইনিং হ’লত ত্ৰিশ জন মানক চে’ৰ বিষয়ে একেবাৰে সহজ প্ৰশ্ন কিছুমান সোধা হ’ব৷ বেছিভাগে উত্তৰ দিব পাৰিলে দীপু জিকিব, নহ’লে পাৰ্থ৷ বাজী লাগিল এপেকেট গল্ডফ্লেক আৰু এটা হাফৰ৷

দুপৰীয়া ভাত খোৱাৰ সময়ত তিনিও চেন্দেল চোঁচৰাই ডাইনিং হ’ললৈ খোজ ল’লো৷ প্ৰথমেই দেখিলো পৰিবৰ্তন লৈ সদা তৎপৰ ছেকেণ্ড ইয়েৰৰ ৰাহুলক৷ ফেচবুকৰ মোটামুটি নামকৰা চেলিব্ৰটীতেই পৰে, সেইদিনা পকেটত থকা মোবাইলটো হেঁচা খাই পোষ্ট হৈ যোৱা ডট ডট কেইটায়ো দুশমান লাইক বুটলিছে৷ সমাজৰ বিভিন্ন সমস্যা লৈ লিখা প্ৰবন্ধবোৰততো কথাই নাই৷ তাৰ পোষ্টৰ তলত ৰাইজে মিনিমাম দুসপ্তাহ কাজিয়া নকৰিলে শান্তিয়েই নাপায়৷ ৰাহুল দীপুৰ বাবে বাজী জিকাৰ এক উত্তম মাধ্যম৷ একেকোবে সি ৰাহুলক গৈ সুধিলে,
– অই ৰাহুল চে’ গুৱেভাৰা কোন দেশৰ কচোন৷

দীপুক হতাশ কৰি উত্তৰ আহিল – আফ্ৰিকা৷

এইবাৰ অফলাইন জগতত বিভিন্ন প্ৰতিবাদী সমদলৰ নেতৃত্ব দি সমাজ পৰিবৰ্তনৰ বাবে অঙ্গীকাৰবদ্ধ এক উজ্বল তৰুণৰ পৰা জানিব পাৰিলো যে তেখেত আছিল দ্বিতীয় বিশ্বযুদ্ধৰ এক যোদ্ধা৷

ফেচবুকৰ চে’ গুৱেভাৰাৰ কভাৰ ফটো লগোৱা অনুপ, টি চাৰ্ট পিন্ধি থকা সৌৰভ, ইউনিয়ন বডীৰ প্লাবন… সকলোৰে একেই ভয়ঙ্কৰ উত্তৰ৷

মুঠতে বিভিন্ন উত্তৰ৷ নাৰী মুক্তিৰ হকে ডাঙৰ ডাঙৰ চেমিনাৰ পতা বাসৱীৰ বয়ফ্ৰেণ্ডে চে’ ‘চাৰ্লি চেপলিন’ৰ ঘৰত মতা নাম বুলি কোৱাৰ পিছত আৰু বেলেগক প্ৰশ্ন সোধাৰ ধৈৰ্য্য নাথাকিল আমাৰ৷

বাজীত জিকিও বিশেষ সুখী যেন নালাগিল পাৰ্থক৷ চে’ৰ বিষয়ে ৰাইজৰ জ্ঞানৰ দৌৰ সি ভবাতকৈও ক’ম৷ এইফালে দীপুৱে হোষ্টেলৰ ৰান্ধনীৰ যোগালি পোৱালিক মাতিলে,

– অই পোৱালি, এক পেকেট গোল্ড ফ্লেক কিং চাইজ লৈ আহ৷

পোৱালিক টকা দি থাকোতেই পাৰ্থই এনেই সুধি দিলে,
– অই, তই চে’ গুৱেভাৰাক চিনি পাৱনে?

– চিনি পাওঁ৷ প্ৰায়েই দেখা হৈয়েই থাকে মোৰ লগত৷

ই কয় কি?? নিজৰ মুৰটো ৱালত মাৰি ভাঙি পেলাবলৈ মন গ’ল৷ কিহে পাইছিল এই পাগল দুটাৰ পাল্লাত পৰি বন্ধৰ দিনটো নষ্ট কৰিবলৈ৷

– কি ফটুৱামি কৰিবলৈ আহিছ? ক’ত লগ পাইছ তই? ক’বলৈ কথা নাপালি৷ যাহ ফুট, চিগাৰেট লৈ আহ৷

– দাদা, যতীন মিষ্ট্ৰীক চিনি পাইনে? যোৱা মাহত যে হোষ্টেলৰ বাথৰুমত টাইলচ্ লগাইছিল৷ আপোনালোকে চাগে নাজানে সি দুজন অনাথ ল’ৰাৰ পঢ়াৰ খৰছ দি আছে৷ কলেজৰ পিয়ন হাচমত চাচাকটো চিনি পায়েই চাগে৷ তেওঁ কলেজ চুটীৰ পিছত ফুটপাথত এখন চাহ দোকান চলায়৷ কিয় জানেনে? তেওঁৰ ৱাৰাঙ্গেলত ইঞ্জিনিয়াৰিং পঢ়ি থকা ল’ৰাটোৰ পঢ়াৰ খৰছ উলিয়াবলৈ৷ ৰাতিপুৱা হোষ্টেলৰ জাৱৰ নিবলৈ অহা ৰুবুলে ৰাস্তাত এটা কেচুৱা পৰি থকা দেখি ঘৰলৈ লৈ গৈছে৷ তাৰ নিজৰেই খাবলৈ নাই৷ তথাপি সি কেচুৱাটো লৈ সুখী৷

এওঁলোক আৰু বহুতৰে জীৱনটোৱেই বিপ্লৱ দাদা৷ এওঁলোকৰ জীৱনৰ প্ৰতিটো পদক্ষেপেই প্ৰতিবাদী মিছিলৰ একো একোটা শ্লোগান৷ সেইবাবেই চে’ গুৱ্ভাৰাক মই সদায় দেখো, কথা বাৰ্তা হয়৷ আপোনালোকেও নিশ্চয় তেখেতক লগ পায়, কিন্তু তেখেতক তাতে বিছাৰিবলৈ আপোনালোকে কোনোদিন চেষ্টাই নকৰে৷

ভালকৈ বিছাৰি চাব দাদা, তেখেতক তাতেই পাব৷ এই টি চাৰ্ট কেইটাত কেতিয়াও নাপায়৷

সি আৰু নৰ’ল৷ আমি কিছু সময় সি যোৱালৈ চাই ৰ’লো৷

দীপুও কৰবালৈ ওলাই গ’ল৷ পিছে পিছে পাৰ্থ৷ অলপ পিছত দুয়ো ঘূৰি আহিল৷ দুয়োৰে হাতত এপেকেটকৈ গোল্ড ফ্লেক কিং চাইজ৷ পাৰ্থৰ হাতত থকা ক’লা পেকেটতো দেখিয়েই বুজিব পাৰি, দুয়ো মিলি ফুল এটাকেই আনিলে৷ একেলগে দুয়োজনে বাজী হৰা এয়েই চাগে প্ৰথম৷

চিগাৰেট এটা জ্বলাই লৈ লাহেকৈ দীপুৱে মাত দিলে,
– কোন আছিল বে ই?
– চে’, চে’ গুৱেভাৰা৷ দেউতাক খেতিয়ক আছিল, এতিয়া বেমাৰ হৈ ঘৰতে থাকে৷ ইয়েই খৰচ পাতি দিয়ে৷ ৰাতিপুৱা বাতৰি কাকতৰ হকাৰ হৈ দুপইচা ঘটে৷ দিনত ইয়াত কাম কৰি ৰাতিৰ স্কুলত পঢ়ে৷ অহাবাৰ হেনো মেট্ৰিক দিব৷

সূৰ্য্যটোক ছাতি কৰি লৈ আমাৰ ভাত খোৱা বাচনবোৰ ধুই থকা চে’লৈ চাই উত্তৰ দিলো মই৷

( থীম পৰিকল্পনা: দুৰ্জয় বৈদ্য)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
shankar dutta
5 years ago

ধুনীয়া লিখনী ৷