চোতাল নাট ববিতা বৰুৱা

 

( নাটকক ৰাইজৰ কাষলৈ লৈ যোৱাৰ এক দুৰ্বাৰ প্ৰচেষ্টা)
নাটক – মঞ্চ নাই (ঘৰৰ চোতালেই মঞ্চ )
পোহৰ- নালাগে, (আবেলিৰ বেলিৰ পোহৰেই হ’ব) ৰাতি হ’লে বাল্ব এটা দৰকাৰ হয়)
মঞ্চ সজ্জা- এখন সাধাৰণ কাপোৰ
সংগীত – এযোৰ খুঁটি তাল
মাইক্ৰফোনৰ দৰকাৰেই নাই অভিনেতা-অভিনেত্ৰী সকলৰ কণ্ঠস্বৰ ঠিকেই শুনিব আপুনি৷
দৰ্শক- এশৰ পৰা ডেৰশ দৰ্শক
পেণ্ডেল – প্ৰয়োজনেই নাই, সকলোৱে যেয়ে য’তে পাৰে তেনেকৈয়ে বহি লয়৷
হৈ গ’ল নাটক আৰম্ভ৷
এনেকৈয়ে নাটক হয়নে?
হয়, এনেকৈয়ে আৰম্ভ হয় চোতাল নাট৷ বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোন জ্যোতি ঠাকুৰৰ চোতাল নাট এনেকৈয়ে আৰম্ভ হয়৷ এনেকৈয়ে নাট্যপ্ৰেমী দৰ্শকৰ হৃদয় জুৰাই জনতাৰ শিল্পই চোতাল নাটৰ জৰিয়তে৷ নাট্যপ্ৰেমীৰ চোতালে চোতালে চোতালস্থ হোৱা নাটক৷
কম খৰচৰ সঁচা অৰ্থত কবলৈ গ’লে খৰচ প্ৰায় নোহোৱাকৈয়ে, সপোন জ্যোতি ঠাকুৰৰ নাট্যচৰ্চা কেন্দ্ৰ, দেৰগাঁৱৰ শিল্পীসকলে নাটক ভালপোৱা মানুহৰ চোতালে চোতালে নাটকখন কৰি আহিছে৷ মিছামৰা অঞ্চলৰ বিশিষ্ট মুখা শিল্পী শ্ৰীগোপাল বৰা দেৱৰ চোতালত প্ৰথম দৰ্শনী (২৫-০৫-২০১৫ তাং) প্ৰদৰ্শন কৰাৰ পিছৰ পৰা শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাৰ বিভিন্ন নাট্যপ্ৰেমীৰ চোতালত নাটকখন পৰিবেশিত হৈছে৷
বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক প্ৰফুল্ল চন্দ্ৰ বৰাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে দেৰগাঁও নাট্য চৰ্চা কেন্দ্ৰই সাহিত্যিক গৰাকীৰ বহু পঠিত গল্প ’ৰ’দালি পামৰ দৃশ্যান্তৰ’ ৰ নাট্যৰূপ দি নাটক নামৰ জনতাৰ শিল্পক জনতাৰ বুকুৰ ওচৰ চপাই নিয়াৰ এক দুৰ্বাৰ প্ৰচেষ্টা চলালে৷
অতি ব্যক্তিকেন্দ্ৰিক মনোভাৱ, খোৱা-কামোৰাই সমাজলৈ কঢ়িয়াই অনা বিষবাষ্প আৰু সেইবোৰক প্ৰতিহত কৰিবলৈ যি প্ৰতিবাদী কণ্ঠ গুজৰি উঠে সেয়াই নাটকৰ মূল বিষয়বস্তু৷ গুৰু-শিষ্যৰ মানৱীয় সম্পৰ্কৰ বিপৰীতে গৈ পুৰঞ্জয় আৰু দুগ্ধনাথৰ ব্যক্তিকেন্দ্ৰিক মানোভাৱক প্ৰতিহত কৰিবলৈ ৰমানন্দ মাষ্টৰে কিমান আঘাত আৰু অসন্মানৰ জ্জ্বালাত পৰি নিজৰ এই প্ৰাক্তন ছাত্ৰ দুজনৰ চৌহদৰ দেৱাল ভাঙিবলৈ উদ্যত হ’ব পাৰে, তাৰেই মৰ্মস্পৰ্শী প্ৰকাশ এই নাটকৰ বিষয়বস্তু৷ কোনো কোনো আবেগিক মুহূৰ্তত শিল্পী-দৰ্শকৰ দূৰত্ব শূন্যতাই, চৰিত্ৰৰ আবেগিকতাই দৰ্শকৰ হৃদয় সিক্ত কৰি তোলে৷ পুৰঞ্জয়-দুগ্ধনাথৰ দৰে অসৎ ব্যক্তিক সমাজত শিপাবলৈ নিদিয়াৰ যেন পণ কৰি লয় সকলোয়ে৷ এঠাইত এটি দৰ্শনীৰ পাছত তেনে এটি দৃশ্যই দেখা পোৱা গৈছিল৷ এজন গণ্যমান্য ব্যক্তিয়ে নিজে অধিগ্ৰহণ কৰি ৰখা নামঘৰৰ ভূমি ৰাইজক এৰি দিছিল নাটকৰ দৰ্শনি চোৱাৰ পিছত৷ সেই দিশেৰে চাবলৈ গ’লে জনমত গঠনৰ গণ মাধ্যম হিচাপেও বিবেচনা কৰিব পাৰি৷ সেয়ে হয়তো বোকাখাটৰ এটি দৰ্শনী (৩-০৭ ২০১৫, বোকাখাট জাতীয় বিদ্যালয় প্ৰাঙ্গন)ৰ শেষত শ্ৰী সোণেশ্বৰ নৰহ দেবে সপোনদাক আঁকোৱালি ধৰি সজোৰে অনুৰোধ কৰিছিল সমাজত বিষবাষ্প বিয়পোৱা বিষয়বোৰ চোতাল নাটৰ যোগেদি ৰাইজৰ চকুৰ আগত তুলি ধৰিবলৈ৷ বহু ঠাইত দৰ্শনীৰ অন্তত চাহপৰ্বৰ লগতে উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈ ভোজ-ভাতৰো আয়োজন হয়৷ বহুকেইটা দৰ্শনীত মই নিজে উপস্থিত থাকি দৰ্শকৰ এই আকুলতাৰ সমভাগী হোৱাৰ সৌভাগ্য হৈছিল৷ নাটকখনিত বিভিন্ন চৰিত্ৰৰ সফল ৰূপায়ণৰ অপ্ৰাণ চেষ্টা কৰা পবিত্ৰ শইকীয়া, ভৈৰৱ বৰা, প্ৰবীণ বৰা, দেৱজিত দত্ত, কল্প জ্যোতি বৰুৱা, মৃগাংক দত্ত, সত্যেন শইকীয়া আৰু নৱনীতা দত্তৰ প্ৰচেষ্টা শলাগিবলগীয়া৷
চোতাল নাট শব্দটিয়ে যদিও বাটৰ নাটৰ কথাই আমাৰ মনলৈ আনে, কিন্তুু গুৰুত্ত্বপূৰ্ণ কথা হ’ল চোতাল নাট বাটৰ নাটৰ পৰা বহু পৃথক৷ নাটকৰ সম্পূৰ্ণ ব্যাকৰণ মানি চলি পূৰ্ণাংগ নাটকৰ ৰূপ-ৰস, আবেদন অক্ষুণ্ণ ৰাখি চোতালত পৰিবেশনৰ উপযোগীকৈ চোতাল নাট প্ৰস্তুত কৰা হৈছে৷
চোতাল নাটৰ কথা সপোন জ্যোতি ঠাকুৰৰ মনলৈ অহা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল “নাটকৰ মাধ্যমেৰে মই যিখিনি কথা ক’ব খুজিছো, সেইখিনি কথা চোতালতহে কোৱা সম্ভৱ৷ অভিজাত স্থানত সকলো কথা কোৱা নাযায়৷ নাটক এখন কিমান সৰলকৈ কৰিব পাৰি এইয়া তাৰেই প্ৰচেষ্টা৷ এই প্ৰচেষ্টাই মোৰ নাটকক মানুহৰ একেবাৰে ওচৰলৈ নিব৷“
নাটকক মঞ্চৰ পৰা নমাই সৰ্বসাধাৰণলোকৰ চোতাললৈ অনাৰ এই সাহসক আমি একেমুখে স্বীকাৰ কৰিবই লাগিব৷
চোতাল নাট সম্পৰ্কীয় এটি লেখাত পঢ়িবলৈ পাইছিলোঁ ’নাটক যদি মানুহৰ মাজত থাকিব লাগে, নাটকে যদি মানুহৰ মনত সচেতনতাৰ সৃষ্টি কৰিব লাগে, তেতিয়া হ’লে নাটকক সৰল ৰূপত এনেদৰেই দৰ্শকৰ মাজলৈ লৈ যাব লাগিব৷ (অপূৰ্ব বৰা, প্ৰান্তিক, ১অক্টোবৰ ২০১৫)৷
যি কি নহওক জনতাৰ শিল্পক জনতাৰ বুকুৰ কাষ চপাই নিব খোজা সপোন জ্যোতি ঠাকুৰৰ এই প্ৰচেষ্টা সফল হওক, অসমৰ চুকে-কোণে এনে ধৰণৰ নাটক চোতালে চোতালে চোতালস্থ হওক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক