চোৰক মোৰে পালে (প্ৰতিম প্ৰতাপ বৰুৱা)

কেইবছৰমান আগৰ কথা। সেই সময়ত মই পৰিবহন বিভাগত চাকৰি কৰি আছিলোঁ। দিল্লীৰ পৰিবহন বিভাগৰ এটা জ’নেল অফিচৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈ গৈ মটৰ লাইচেঞ্চিং বিষয়াজনৰ কোঠাত বহি তেওঁৰ লগত কথা পাতি আছো। বিষয়াজনৰ টেবুলত ফাইল, কাগজ-পাতি ইত্যাদি। বিষয়াজনলৈ তলতীয়া কৰ্মচাৰী, গাড়ীৰ ডিলাৰ, দালাল আদিয়ে তামাম ভয় কৰে। যিবিলাক ফাইলত “চামান আ গয়া” সেইবিলাকৰ কাম ফট্‌কৈ হয়, আনবিলাকৰ কাম লাহে-ধীৰে ৰুটিনমতে হয়, বেছিভাগতে অব্‌জেকশ্যন লাগে ইত্যাদি।

আমি ড্ৰাইভিং লাইচেঞ্চৰ বাবে যে পৰীক্ষা এটা লোৱা হয় সেইবিষয়ে কথা পাতি আছো। এনেতে দুজন বেচ ওখ-পাখ, গহীন-গম্ভীৰ, গোমোঠামুখীয়া মানুহ কোঠাটোলৈ সোমাই আহিল। সোমাই আহোতে অনুমতি লোৱাৰ সৌজন্যকনো নেদেখুৱালে। সোমাই আহিয়ে এজনে বিষয়াজনক ক’লে – “হেল্ল’ মিষ্টাৰ অমুক, আমি চিবিআইৰ পৰা আহিছো। আপুনি কেনে আছে?”
চিবিআইৰ নাম শুনিয়েই বিষয়াজনৰ তালুৰ আগে জীউ উৰি যাওঁ যেন হ’ল। ক’লে – “ছাৰ আহক ছাৰ। বহক ছাৰ। কওক ছাৰ। মই আপোনালোকৰ কি সেৱা কৰিব পাৰো ছাৰ?” পিয়নজনক চিঞৰিলে – “ছাৰসকলৰ কাৰণে ঠাণ্ডা আন প্ৰথমতে। তাৰ পিছত কফি আনিবি। তাৰ পিছত লান্স।“ চিবিআইৰ মানুহদুজনক পুনৰ ক’লে – “কওক ছাৰ, লান্সত কি খাব? ভেজ, নন-ভেজ?”

এজনে ক’লে – “মিষ্টাৰ অমুক, আপুনি ইমান কষ্ট কৰিব নালাগে। আজি আমি বিশেষ কথা নাপাতোঁ। এটা সৰু কামতহে আহিব লগা হৈছে।“
“কওক ছাৰ।“
“মানে মই দিল্লীলৈ নতুনকৈ বদলি হৈ আহিছোঁ। মোৰ লাইচেঞ্চখন ৰিনিউ কৰিব লাগে। কিন্তু সেইখন দিল্লীৰ নহয়।“
“আৰে ছাৰ। কোনো কথা নাই। আপোনাক আজিয়েই দিল্লীৰ নতুন লাইচেঞ্চ এখন ইছ্যু কৰি দিম।“
বিষয়াজনে কলিং বেলটো বজাই কাৰোবাক মাতিলে – “লাইচেঞ্চৰ ফৰ্ম লৈ আন। ফিল-আপ কৰ। চাহাবৰ চহী, ফটো আৰু বায়মেট্ৰিক ল’। ১০ মিনিটত চাহাবৰ লাইচেঞ্চ ৰেডী হৈ যাব লাগিব। দেৰী হ’লে মে তুমলোগোকা জান লে লুংগা। কই কাম নেহী কৰতে ধংছে। চব ধুৰন্ধৰ হ্যায়। এক ভী দালাল ইহা পে মোঝে দিখ গয়া না ত’ দেখনা মে ক্যা কৰতা হু তুমলোগোক’।“

বিষয়াজনৰ দম খাই লৰাজন আঁতৰিল। সঁচাকৈয়ে ১০ মিনিটত মানুহজনৰ নতুন লাইচেঞ্চ ৰেডী হৈ গ’ল।

যাবৰ সময়ত মানুহজনে বিষয়াজনক হেণ্ডশ্যেক কৰি ক’লে – “থেংক ইউ বছ। চিবিআই মে আপকা কোই কাম হ্যে ত’ মুঝে ফোন কৰনা।“ এইবুলি কৈ মানুহজনে বিষয়াজনক নিজৰ ভিজিটিং কাৰ্ডখন দিলে আৰু দুয়োজন মানুহ কোঠাটোৰ পৰা গপচত ওলাই গ’লগৈ।

তেওঁলোক ওলাই যোৱাৰ পিছত বিষয়াজনে দীঘলকৈ উশাহ এটা লৈ মোক ক’লে – “বাচি গ’লো য়াৰ। য়ে চিবিআইৱালো চে ডৰ লাগতা হ্যায়।“ এইবুলি কৈ তেওঁ মানুহজনে দি থৈ যোৱা ভিজিটিং কাৰ্ডখন চালে। চাই উঠি তেওঁ হঠাৎ গৰম হৈ গ’ল – “আব্বে, ঠগ লিয়া মুঝে। ক’ত গ’ল মানুহকেইজন।“ মই বোলো – কি হ’ল? বিষয়াজনে মোলৈ কাৰ্ডখন আগবঢ়াই দিলে। মই পঢ়ি চালো। কাৰ্ডখনত লিখা আছিল – অমুক, Asstt. Manager, Central Bank of India (CBI), ___ Branch, Delhi.

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments