চোৰাতৰ ফুলেৰে আঞ্জা — জ্যোতিমণি দেৱী

এসময়ত আমাৰ বাটৰ কাণ,বাঁহনিৰ মাজৰ খালী ঠাই,তামোলৰ বাৰীবোৰত ইমান চোৰাতৰ গছ আছিল যে কেনেবাকৈ যদি তাত ভৰিখন লাগে, হ’ল আৰু এমাহলৈ পানী লাগিলেও চেকচেকনি, খজুৱালেও চেকচেকনি, যিটো চেকচেকনি একোৰে লগত তুলনা কৰিব নোৱাৰি। এনেকৈ লগাৰ পিছত যদি কাৰোবাক কওঁ, তেতিয়া মাহঁতে কয়– কৈ ফুৰিলে বেছি হয় বুলি। মানে বিজ্ঞাপনটোৰ দৰেই ― “এই সোৱাদৰ ভাগ নহয়”, যিমান পাৰি অকলেই সহ্য কৰ আৰু ! ক’ব নলগা কাৰণ হ’ল পাহৰি থকাই মংগল তাৰ জ্বালাখিনি। এনেহেন বিষাক্ত গছজোপা আহিন-কাতি মাহত ফুলা আৰম্ভ হয়। এবিধৰ ফুলবোৰ ডাঙৰ, বগা বগা জৱধানৰ আখৈৰ দৰে। এইবিধ ডোম চোৰাত বুলি জানো আৰু আনবিধৰ ফুলবোৰ সৰু সৰু থোপা, পাতল সেউজীয়া। এই সৰুজাতৰ ফুলবিধ যে খোৱাৰ উপযোগী সেয়া জানিছিলোঁ মাৰ শিক্ষাৰ পৰা। মা মোৰ প্ৰকৃতিৰ শিক্ষক। বহুত বস্তুৰ লগতেই চিনাকি হৈছোঁ, সোৱাদ লৈছোঁ মাৰ জৰিয়তে। আহিন-কাতি পৰাৰ লগে লগে মাই এই ফুলবোৰ মন কৰি থাকে কেতিয়া তুলিবলৈ পাৰে। ফুলবোৰ ডালভৰি উঠিলেই মায়ে হাতত কাপোৰ বা পলিথিন বান্ধি খুব সাবধানে গাত পাতবোৰ নলগাকৈ তুলি আনে আৰু অকণমান ৰ’দাই গৰম পানীত ধুই মাছেৰে সৈতে খাৰৰ আঞ্জা ৰান্ধে। ভাঙন মাছ, মোৱা মাছ, বৰালি মাছ, মূৰ কটা পুঠিমাছ আদিৰে সৈতে আমি সৌ তাহানিৰ পৰা আজিলৈকে প্ৰতিবছৰেই এসাঁজ হ’লেও চোৰাতৰ ফুলৰ আঞ্জা খাই আহিছোঁ। এই আঞ্জাত লগা মচলা কেৱল আদা, নৰসিংহ আৰু জলকীয়া।

এতিয়া কোনোবাই ভাবিব পাৰিবনে যে- সদায়ে ৰেষ্টুৰেণ্টৰ ষ্টাইলত এসোপা মচলাৰে ৰন্ধা খাব বিচৰা আমাৰ জিভাবোৰে ইমান বিষাক্ত গছৰ ফুলৰ আঞ্জা ইমান কম মচলাৰে সোৱাদলগাকৈ খাব পাৰে বুলি? নিশ্চয় নাভাবে; যদিহে কোনোবাই এবাৰলৈ হ’লেও ইয়াৰ সোৱাদ লৈ পোৱা নাই। এইবোৰ মায়ে শিকাইছিল, যি সোৱাদ কোনোদিনেই হেৰুৱাব নোখোজোঁ আৰু সেই ফুল পালেই সেই সুবাসত মতলীয়া হওঁ আজিও। সেয়েহে ঘৰত সোৱাদ ল’বলৈ নাপাই এদিন বজাৰত দেখাৰ লগে লগে কিনি আনি হ’লেও লৈছোঁ এই সোৱাদ। আমাৰ বাৰীতেই আছে জনা-অজানা বহুত সুবাস, যিবোৰে কেৱল বিচাৰি ল’ব খোজা কৌতূহলী লোকৰ বাবেই ৰখি থাকে। তেনে এটি কৌতূহলী মনেৰেই বিচাৰি চাওকচোন সবেই এদিনৰ বাবে হ’লেও নিজৰ বাৰীখন, কিজানি মাহঁতৰ দৰে বুটলি আনিব পাৰেই কাহিনীও নোপোৱা বন্য সুবাস, প্ৰাকৃতিক সুবাস।

ছবিতঃ চোৰাতৰ ফুল আৰু ফুলেৰে ৰন্ধা আঞ্জা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments