চৰকাৰী খণ্ডৰ বিদ্যালয় বনাম ব্যক্তিগত খণ্ডৰ বিদ্যালয় — পৰী পাৰবীন



যোৱা দুই দশক ধৰি চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহে নানান অভাৱ-অভিযোগৰ সন্মুখীন হৈছে। মূলতঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত তুলনা কৰাৰ ফলতেই এই অভিযোগৰ উৎপত্তি। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নিয়মানুবৰ্তিতা, শৈক্ষিক তথা আনুসংগিক ফলাফলৰ লগত চৰকাৰী বিদ্যালয়ে ফেৰ মাৰিব পৰা নাই।ইয়াৰ ফলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত ল’ৰা-ছোৱালীৰ সংখ্যা বাঢ়ি যোৱাৰ অনুপাতত চৰকাৰী বিদ্যালয়ত ল’ৰা-ছোৱালী কমকৈ বাঢ়িছে।

জনসংখ্যা বৃদ্ধিৰ হাৰ যিহেতু উৰ্দ্ধগামী, সেই হিচাপত স্কুলীয়া ল’ৰা-ছোৱালীৰ সংখ্যাও বাঢ়িব লাগে। কিন্তু চৰকাৰী বিদ্যালয়ত এই বৃদ্ধিৰ অনুপাত হতাশজনক। বছৰি বছৰি এক বুজন সংখ্যক ছাত্ৰ-ছাত্ৰী ব্যক্তিগত খণ্ডলৈ ঢাপলি মেলে। চৰকাৰী বিদ্যালয়ৰ বিনামূলীয়া শিক্ষাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ খৰচী শিক্ষালৈ মোহ বেছি। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ পাঠদানত নিয়মানুবৰ্তিতা, কঠোৰ অনুশাসন তথা এক সন্তোষজনক ফলাফলে এই মোহত ইন্ধন যোগাইছে। বিপৰীতে, চৰকাৰী বিদ্যালয়ত চলাই থকা বিভিন্ন চৰকাৰী আঁচনিসমূহত সচেতন অভিভাৱকৰ মোহভংগ হৈছে।

প্ৰশ্নটো হ’ল, এই চৰকাৰী আচনিসমূহে যদি মোহভংগ কৰিছেই, তেন্তে এইবোৰৰ প্ৰয়োজনীয়তা কি।

তৃতীয় বিশ্বৰ দেশসমূহত চলি থকা বিভিন্ন অপৰাধমূলক কাৰ্যৰ গুৰিতে হৈছে নিৰক্ষৰতা। ১৯৯০ চনত ১৫০ খন দেশৰ মাজত হোৱা এনে এক আলোচনাৰাজিৰ ফলস্বৰূপে প্ৰস্তাৱিত হ’ল, সকলোৰে বাবে শিক্ষা(EFA-Education for All)। শিক্ষাক মানৱ অধিকাৰ হিচাপে গ্ৰহণ কৰা আঁচনিখন ২০০৪ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই গৃহীত কৰে। সেই উদ্দেশ্যই ভাৰতে প্ৰণয়ন কৰিলে শিক্ষাৰ অধিকাৰ আইন।

শিক্ষাৰ অধিকাৰ আইনমতে, যিকোনো স্তৰৰ শিশুৰ বাবে শিক্ষা বাধ্যতামূলক । এনে কৰিবলৈ যাওঁতে জাত-পাত, বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো ধৰণৰ ল’ৰাছোৱালীক সামৰিব লগা হয়। তৃতীয় বিশ্বৰ দেশ হিচাপে এতিয়াও আমাৰ দেশত কোটি কোটি ল’ৰা-ছোৱালীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। অন্ন, বস্ত্ৰ, বাসস্থানৰ দৰে মৌলিক প্ৰয়োজন পূৰাব নোৱাৰা এইসকল লোকৰ বাবে সন্তানৰ শিক্ষা এক বিলাসিতা। ওলোটাকৈ আকৌ, শিক্ষাৰ অবিহনে এইসকল শিশুৰ জীৱন-ধাৰণ তথা চিন্তাৰ মান উন্নত হোৱাৰ আন কোনো ৰাস্তা নাই। কিন্তু যিসকল শিশুৱে পেটৰ ক্ষুধা পূৰণ কৰিব নোৱাৰে, তেওঁলোকৰ বাবে শিক্ষা এক বিলাসিতা নহৈ কি হ’ব পাৰে!

এনে প্ৰয়োজনতেই উচ্চতম ন্যায়ালয়ৰ এক ৰায় মৰ্মে এইসকল শিশুক উপলক্ষ্য কৰি ভাৰত চৰকাৰে মধ্যাহ্ন ভোজন আঁচনি গ্ৰহণ কৰে। শিক্ষা, পুষ্টি আৰু স্বাস্থ্যক একলগ কৰি প্ৰণয়ন কৰা এই আঁচনিৰ প্ৰতি সৰ্বসাধাৰণৰ আপত্তি থাকিলেও এই আঁচনিয়ে যে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ হাৰ বৃদ্ধি কৰিছে, সেয়া ধুৰূপ। এই আঁচনিয়ে শিক্ষা কাৰ্যত বাধাৰ সৃষ্টি কৰিছে নেকি, যদি কৰিছে, কিদৰে কৰিছে? সমূহ যুক্তি ভোকাতুৰ শিশুৰ বিপক্ষেই থিয় দিব। এইখিনিতেই উল্লেখনীয়, মাদ্ৰাজ পৌৰ নিগমে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৯২৫ চনতেই দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছিল।

মধ্যাহ্ন ভোজন আঁচনিৰ পিছতে চৰকাৰী বিদ্যালয়ৰ প্ৰতি মোহভংগ হোৱাৰ আন এটা কাৰণ হৈছে, প্ৰাথমিক পৰ্যায়ত সকলো ছাত্ৰ-ছাত্ৰীকে উত্তীৰ্ণ কৰাই দিয়াটো। চৰকাৰী বিদ্যালয়ৰ লক্ষ্যই হৈছে শিক্ষাৰ সাৰ্বজনীনকৰণ, অৰ্থাৎ সকলো ছাত্ৰ-ছাত্ৰীকেই প্ৰাথমিক শিক্ষাই সামৰি ল’ব লাগিব। এনে কৰিবলৈ যাওঁতে পঢ়াত মন দিব নোৱাৰা শিশুক মৰমেৰে, ধৈৰ্যৰে বুজাই বঢ়াই ৰাখিব লগা হয়, যাতে কোনো কাৰণতে শিশুটিয়ে বিদ্যালয়ৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ নকৰে। তথ্যই দেখুৱাইছে যে, পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ বাবেই বছৰি এক বুজনসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সমাপ্ত নকৰাকৈ বিদ্যালয় ত্যাগ কৰে। শিশু মনস্তত্ববিদেও কৈছে যে, শিশু এটিক যেতিয়া তাৰ একে বয়সৰ বন্ধু-বান্ধৱৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰোৱা হয়, তেতিয়া সি হতাশাত ভুগে। পশ্চিমীয়া দেশত শিশুসকলৰ মনটোক টোপ পৰিবলৈ নিদিয়াকৈ ডাঙৰ দীঘল কৰা হয়। কাৰণ সেই শিশুসকলেই পিছৰ সময়ছোৱাত ৰাষ্ট্ৰৰ গধুৰ দায়িত্ব বহন কৰিবলগা হয়। গতিকে শিশুৰ শৈশৱ টনকিয়াল হওক। হতাশাই তেওঁলোকক আৱৰি নধৰক। কোনো কাৰণতে এটি শিশুক পৰীক্ষাৰ প্ৰতি বা শিক্ষাৰ প্ৰতি ভীতি প্ৰদৰ্শন কৰা নহওক।

পৰীক্ষাত উত্তীৰ্ণ কৰাই দিলেও এইসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকৰ গধুৰ দায়িত্ব আছে। বিদ্যালয়ৰ আজৰি সময়ত তেওঁলোকক আন সমবয়সীয়া ছাত্ৰ-ছাত্ৰীৰ স্তৰলৈ অনাৰ বাবে নিদানমূলক শিক্ষা (Remedial Teaching) দিয়াৰ ব্যৱস্থা আছে। ছাত্ৰ-ছাত্ৰীসকলে যাতে বয়স অনুপাতিক শ্ৰেণীকোঠাত শিক্ষাগ্ৰহণ কৰি থাকিব পাৰে, তাৰ বাবে শিক্ষকৰ ওপৰত দায়িত্ব ন্যস্ত কৰা আছে।

এই সমূহ আঁচনি তথা প্ৰত্যাহবান চৰকাৰী শিক্ষাখণ্ডৰ বাবেহে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এই প্ৰত্যাহবান নাই। শিক্ষাৰ সাৰ্বজনীনকৰণৰ উদ্দেশ্যও নাই ব্যক্তিগত খণ্ডত। চৰকাৰী বিদ্যালয়ে সমূহ শিশুক সামৰি লোৱাৰ পাছতহে গুণগত শিক্ষাৰ চিন্তা কৰিব পাৰে। আনফালে, বৰ্তমান যুগৰ অভিভাৱকে তেওঁলোকৰ সন্তানক যুগতকৈ আগবঢ়াই নিব বিচাৰে। তাৰোপৰি, বিশ্বায়নে আনি দিয়া ইংৰাজী শিক্ষাৰ প্ৰভাৱেৰে প্ৰভাৱিত আজিৰ সচেতন অভিভাৱক। তেওঁলোকৰ সন্তানক চৰকাৰী বিদ্যালয়ৰ এনে সমস্যাবহুল পৰিবেশলৈ পঠিয়াব নোখোজে। সচেতন অভিভাৱক আৰু কঠোৰ অনুশাসনৰ বাবেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফলসমূহ সন্তোষজনক দেখা যায়। কেইবাবছৰৰ ফলাফলৰ সমীক্ষা চলাই নতুনচাম অভিভাৱকে তুলনা কৰি পেলায় যে ব্যক্তিগত খণ্ডতহে ভালকৈ পাঠদান চলে । গতিকে তাত নামভৰ্তি কৰাৰ যো-জা চলে। কিন্তু দকৈ চালে দেখা যাব, এইখিনি স্কুলৰ লৰা ছোৱালীয়েও নৱম-দশম মানত চৰকাৰী শিক্ষকৰ ওচৰতহে টিউচন লয়গৈ।

গুণগত শিক্ষাৰ কথা ক’বলৈ যাওঁতে ২০১২ চনত নিয়োজিত হোৱা টেট শিক্ষকসকলৰ কথা ক’বই লাগিব। অসমৰ শিক্ষাজগতত এয়া এক গুৰুত্বপূৰ্ণ পৰিঘটনা। সম্পূৰ্ণ মেধাৰ ভিত্তিত নিয়োগ কৰা এইসকল শিক্ষকক প্ৰয়োজনীয় প্ৰশিক্ষণেৰে সকলো ধৰণৰ শিশুৰ শিক্ষাদানৰ বাবে উপযোগী কৰি তোলা হৈছে। প্ৰশিক্ষণপ্ৰাপ্ত আৰু অভিজ্ঞতাৰে পুষ্ট এইসকল শিক্ষকে নিজ নিজ বিদ্যালয়ত সময়োপযোগী ধ্যান-ধাৰণা প্ৰয়োগ কৰি ইতিমধ্যেই সফলতা অৰ্জন কৰিছে।

চৰকাৰী বিদ্যালয়সমূহৰ আৰু এটা প্ৰধান অসুবিধা এয়ে যে, প্ৰাথমিক শিক্ষা আৰু উচ্চ প্ৰাথমিক শিক্ষাৰ বিদ্যালয় ভিন্ন হোৱাৰ কাৰণে অভিভাৱকসমূহ বিদ্যালয় সলনি কৰি থাকিবলগা হয়। অৱশ্যে এই সমস্যা দূৰ কৰাৰ বাবে শিক্ষা বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি(২০১৯)য়ে শিক্ষাৰ অধিকাৰ আইন(২০০৯)ক বিস্তৃত কৰি তিনিবছৰৰ শিশুৰ পৰা ওঠৰবছৰ ল’ৰা-ছোৱালীলৈ সামৰি লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই প্ৰস্তাৱ গৃহীত হ’লে পোন্ধৰবছৰৰ পিছত দেশৰ সকলো প্ৰাপ্তবয়স্কলোকৰ ন্যূনতম শিক্ষা উচ্চতৰ মাধ্যমিক হ’ব। সমাজৰ সামগ্ৰিক বিকাশৰ বাবে এনে প্ৰস্তাৱ আদৰণীয়। এনে শিক্ষানীতিৰ ফলত সকলো শ্ৰেণীৰ লোকে সমান সুযোগ আৰু সমান সামাজিক স্থিতি গ্ৰহণ কৰি পিছপৰা ল’ৰা-ছোৱালীৰ মাজত আত্মবিশ্বাস গঢ় লৈ উঠাত সহায় কৰে। আত্মবিশ্বাসী কিশোৰ এজনৰ মাজত হতাশা, নীচাত্মিকাবোধ তথা অপৰাধমূলক প্ৰৱণতা কমকৈ দেখা যায়। আগতেই কোৱা হৈছে, এখন সুস্থ সমাজৰ খাতিৰত এনে বিবেকবান প্ৰজন্মৰ অতিকৈ প্ৰয়োজন। শিক্ষকসকলেই উঠি অহা প্ৰজন্মটোৰ মানসিক ভেঁটি শক্তিশালী কৰিব লাগিব। তাৰ বাবে শিক্ষকসকল কেৱল শৈক্ষিক অৰ্হতাসম্পন্ন হ’লেই নহ’ব, মানৱীয় গুণৰাজিৰ অধিকাৰীও হ’ব লাগিব। সমাজৰ এশ শতাংশ শিশুক শিক্ষিত কৰিবলৈ যাওঁতে অহা সমস্যাবোৰ সমাধান কৰিব পৰাকৈ তেওঁলোক ক্ষীপ্ৰ মগজুসম্পন্ন হ’ব লাগিব । এইটোও সত্য যে, গুণগত শিক্ষালৈ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ এতিয়াও বহুদূৰ বাট। কিন্তু এটা কথা সদায়েই মনত ৰখা উচিত, ব্যক্তিগত খণ্ডৰ শিক্ষকে সচেতন অভিভাৱকৰ সন্তানক শিক্ষাদান কৰাৰ বিপৰীতে চৰকাৰী শিক্ষকে জৰাজীৰ্ণ অৱস্থাৰ শিশুক টানি আঁজুৰিহে স্কুললৈ আনিবলগা হয়। গতিকেই ব্যৱধানটো অনুমেয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক