চৰাই আৰু জীৱ-জন্তু পোহাৰ আনন্দ(ৰঞ্জিতা গগৈ)

চৰাই আৰু জীৱ-জন্তু পোহাৰ আনন্দ আছে। মই আজিলৈকে বিভিন্ন বনৰীয়া চৰাই পুহিছো। কিন্তু একেবাৰে মুকলিকৈ ৰাখি। কিন্তু, কামচৰাইটোহে বান্ধি ৰাখিছিলো। এতিয়া হোৱা হ’লে এনে দুস্প্ৰাপ্য চৰাই পোহাৰ অপৰাধত অপৰাধী হৈ গ’লোহেতেঁন…।

কামচৰাইৰ ৰঙা ঠোঁট
তাতে দিলে সেন্দুঁৰ ফোঁট…

পিছে বহুত ডাঙৰ নীলা চৰাইজনীৰ তুলবুলীয়া ঠোঁট হ’লেও মাতটো বৰ বিকট। কাণত ধৰে। ধাৰ থকা ঠোঁটেৰে খুটিলে হ’ল আৰু।

বালিমাহী চৰাইজনী কিন্তু বৰ মৰমলগা। পিছে বৰ অনুগত নহয়। খাওঁতে ঠিকেই খায়। কিন্তু
সেই জয়ন্ত হাজৰিকা নে কাৰ আছিল জানো…

বালিমাহী বালিমাহী বালিমাহী
তই আজি…। মুঠতে গানৰ দৰেই। চঞ্চল।

সকলোতকৈ মজা লাগে ক’লা ক’লা ডাউক পোৱালি পুহি। ভাত খুৱালেও খায়। ডাঙৰ হোৱাৰ পিছত নাথাকে। কিন্তু ঘৰৰ আশে পাশে থাকি গেজেপণি মৰা ঠাইত কণী পাৰে।

শৰালি হাঁহে কিন্তু বৰ পোহ মানে। মোৰ চাৰিটা আছিল। কোঁচত ল’লে আপোনাৰ কান্ধত আনকি মূৰ পেলাই দিব। পুৱা মেলি দিলে উভতি আহে ঘৰলৈ। ক’লা ক’লা দীঘল দীঘল ঠেঙেৰে দেখিবলৈ ভাল লগা। নাম দিছিলো সিহঁতৰ চি.আৰ.পি….। ক’লা জোতা পিন্ধাৰ দৰে লাগে বাবে। পিছে আকাশেদি লগৰবোৰ উৰি গ’লে সিহঁতি মন বেয়া লগাই উৰি যায়।

ভাটৌ পুহিবলৈয়ো ভাল। ৰুপু, নিপু, সাধু, মধু নামেৰে ভাটৌ বহুত পুহিলো। যোৱাবছৰলৈকে পাঁচটা অছিল। চোৱাচিটা কৰাত দিগদাৰ বাবে গাঁৱলৈ পঠাই দিলো।

বাকী ঘৰচীয়া চৰাইৰ ভিতৰত হাঁহৰ সৰু পোৱালিজাক ভাল লাগে। সৰুতে মাক মৰা হাঁহ পোৱালিবোৰ কলগছৰ কেঁচু খান্দি খুৱাই খুৱাই ডাঙৰ কৰোঁ। বিশেষকৈ হাঁহৰ কণী কুকুৰাই উমনি লৈ যিবোৰ পোৱালি ওলায় সেইবোৰ কুকুৰাবোৰে ডাঙৰ কৰাত দিগদাৰ হয়। মায়ে, হাঁহৰ মাক বোলে মোক।

পাৰ আছিল পঞ্চলিশটা। মোৰ কলেজৰ বন্ধু-বান্ধৱীয়ে সোধে এতিয়াও…., মোতকৈ আগতে সিহঁতৰ খবৰ লয়। মানুহৰ গায়ে-মুৰে উঠি বৰ মৰমৰ অত্যাচাৰ কৰে।

চৰাইলৈ মনত পৰাৰ কাৰণ হ’ল পৰহিদিনা কাউৰী পোৱালি এটা ৰাতিপুৱাই ষ্টেপত পৰি থকা শুই উঠিয়েই দেখিলো….। কাউৰী নোপোহো দেই। বেয়া পাই নহয়। এতিয়া সুবিধা নাই চৰাই পুহিবলৈ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments