চৰাই পৰ্যবেক্ষণৰ অনুপম হাতপুথি – ভাস্কৰ ভূঞা


অসমৰ চিকাৰী চৰাই গ্ৰন্থৰ সমালোচনা
……………………………………………
একবিংশ শতিকাৰ প্ৰথম সময়ৰেপৰা অসমৰ পৰিৱেশ সম্পৰ্কীয় বৌদ্ধিক চিন্তা-চৰ্চা আৰু প্ৰকৃতিৰ সংৰক্ষণৰ সামাজিক আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা এজন পৰিৱেশকৰ্মী হ’ল সৌম্যদ্বীপ দত্ত৷ তেওঁৰ প্ৰকৃতি সংৰক্ষণৰ কাৰ্যকলাপবোৰে অসমৰ পৰিৱেশ সাহিত্য আৰু পৰিৱেশ সংৰক্ষণৰ ব্যৱহাৰিক দিশটোলৈকে নতুন এটি মাত্ৰা কঢ়িয়াই আনিছে৷ প্ৰকৃতিক প্ৰাকৃতিকভাৱেই বৰ্তাই ৰাখিবলৈ এখন উপযুক্ত প্লেটফৰ্ম নিৰ্মাণ কৰাটোৱেই সৌম্যদ্বীপ দত্তৰ সাহিত্য সৃষ্টি আৰু তেওঁ কৰি থকা কাম-কাজসমূহৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য৷ সেইদৰে সাধাৰণ জনসাধাৰণ আৰু পাঠকৰ সৈতে প্ৰকৃতিক চিনাকী কৰি প্ৰকৃতিক নিৰপেক্ষভাৱেই ভাল পাবলৈ শিকাব পৰা চেতনাটোও তেওঁৰ সাহিত্য আৰু কৰ্মৰাজিত সততে পৰিলক্ষিত হয়৷ দত্তই নেচাৰ্চ বেকনৰ দ্বাৰা প্ৰকৃতিৰ সংৰক্ষণৰ বাবে গ্ৰাম্যস্তৰৰ পৰা বিদ্যায়তনিক ক্ষেত্ৰখনলৈকে কাম কৰাৰ সমান্তৰালভাৱে¸ সাহিত্য সৃষ্টিৰ মাজেৰেও নিজৰ চিন্তা-চৰ্চাখিনি নতুন প্ৰজন্মটোলৈ উলিয়াই দিছে৷ শেহতীয়াকৈ অৰণ্য ভ্ৰমণ আৰু অঞ্চল ভ্ৰমণ সম্পৰ্কীয় নতুন বিষয়বোৰক কেন্দ্ৰ কৰিও তেওঁ গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে বিভিন্নধৰণে সজাগতাৰ সৃষ্টি কৰিছে৷ অৰুণাচল, ভূটান, ছিকিম আদি ৰাজ্যৰ আধাৰত তেওঁ ভ্ৰমণ সম্পৰ্কীয় বহুকেইখন পুথি লিখি উলিয়াইছে৷ এই ভ্ৰমণকেন্দ্ৰিক গ্ৰন্থবোৰৰ মুখ্য বিশেষত্ব হৈছে এই গ্ৰন্থবোৰত কেৱল প্ৰকৃতি আৰু সেই নিৰ্দিষ্ট অঞ্চলবোৰৰ ধৰ্ম বিষয়ক বিষয়বস্তুবোৰেহে প্ৰধান ঠাই দখল কৰিছে৷ সেইদৰে অৰণ্যত এখোজ-দুখোজ, লাহুল-স্পিতি আৰু কিন্নৰ উপত্যকাত, নামচাঙৰ অন্তেষপুৰ, অৰণ্যৰ ছাঁ-পোহৰ আদিৰদৰে প্ৰকৃতি ভ্ৰমণ আৰু সংৰক্ষণ চেতনা নিহিত হৈ থকা কিতাপসমূহো অসমীয়া সাহিত্যত তেনেই কম৷ অসমত পূৰ্বতেও প্ৰকৃতি সম্পৰ্কীয় অনেক গ্ৰন্থৰ ৰচনা বা অনুবাদ হৈছে যদিও দত্তৰ গ্ৰন্থবোৰৰ বিশেষত্ব হৈছে এই গ্ৰন্থবোৰত প্ৰকৃতিৰ বৰ্ণনাতকৈ প্ৰকৃতি সম্পৰ্কীয় সজাগতা আৰু সংৰক্ষণ চেতনাটোৱে বিশেষ মাত্ৰা লাভ কৰিছে৷ সেইদৰে পাঠকসমাজে তেওঁৰ গ্ৰন্থত প্ৰকৃতিক নতুনকৈ উপলব্ধি কৰিবপৰা চেতনা আৰু বৌদ্ধিক জ্ঞান লাভ কৰে৷
এইজন লেখকৰ ‘অসমৰ চিকাৰী চৰাই’ (২০১৮) শীৰ্ষক গ্ৰন্থখন হ’ল চিকাৰী চৰাই পৰিচিতি বিষয়ক এখন মনোৰম গ্ৰন্থ৷ গ্ৰন্থখনত লেখকে অসমৰ চিনাকী-অচিনাকী চিকাৰী চৰাইবোৰৰ আলোকচিত্ৰসহ সামগ্ৰিক বৈশিষ্ট্যসমূহ বৰ্ণনা কৰিছে৷ চৰাই-চিৰিকতিক লৈ সৌম্যদ্বীপ দত্তই ইয়াৰ পূৰ্বতেও বহুকেইখন চৰাই বিষয়ক গ্ৰন্থ প্ৰকাশ কৰিছে৷ তাৰ ভিতৰত ‘অসমৰ বিনন্দিয়া চৰাই’, ‘অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি’, ‘অসমৰ জলচৰ চৰাই’, ‘আমাৰ বিনন্দীয়া চৰাই আৰু তাৰ সংৰক্ষণ’ আদি অন্যতম৷ উল্লেখ্য যে চৰাই পৰ্যবেক্ষণ আৰু চৰাই পৰিচিতি বিষয়ক গ্ৰন্থবোৰ ইংৰাজী ভাষাত যথেষ্ট সংখ্যক আছে যদিও অসমীয়া ভাষাত এই বিষয়ক গ্ৰন্থ ৰচনা কৰা লেখকৰ সংখ্যা তেনেই কম৷ অসমৰ কেইখনমান চৰাই সম্পৰ্কীয় গ্ৰন্থ হ’ল– অলক কুমাৰ বুঢ়াগোহাঁই আৰু নীলমনি বৰাৰ ‘অসমৰ উদ্ভিদ আৰু চৰাইঃ পৰিচয়াত্মক বিৱৰণ’, প্ৰফুল্ল দত্ত গোস্বামীৰ ‘চৰাই বিনন্দিয়া’ [১৯৬৯], শান্তা শৰ্মাৰ ‘অসমৰ চৰাই চিৰিকতি’ [১৯৮৯], ডিম্বেশ্বৰ চলিহাৰ ‘চৰাই’ [১৯৭৪], ‘চৰাই চিনো আহা’, ‘চৰাই বিনন্দিয়া’ [২০০৫], ফটিকচন্দ গগৈৰ ‘অসমৰ বিৰল পশু-পক্ষী’ [১৯৯০], ‘অসমৰ চৰাই’ [অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত], ৰঞ্জন কুমাৰ দাসৰ ‘পক্ষীৰ কাকলিত ডিব্ৰু-ছৈখোৱা’ [২০০৬], সাৱিত্ৰি বৰুৱাৰ ‘পক্ষী জগত’ [ অনুবাদ, মূল-জামাল আধাৰ] চালিম আলি আৰু ফটেহ আলিৰ ‘সাধাৰণ চৰাই’ [১৯৮২] জীৱন দাসৰ ‘অকণিৰ বিনন্দিয়া চৰাই’ আদি৷ শেহতীয়াকৈ প্ৰকাশিত সৌম্যদ্বীপ দত্তৰ এই গ্ৰন্থখনেও অসমৰ চিকাৰী চৰাইসমূহৰ বিষয়ে যথেষ্ট তথ্য আৰু সমল যোগাব পৰাকৈ সমৃদ্ধ৷ গ্ৰন্থখনত সমান্তৰালভাৱে এই চিকাৰী চৰাইবোৰৰ প্ৰয়োজনীয়তা, চৰাই পৰ্যবেক্ষণৰ বাবে ল’ব পৰা বিভিন্ন কৌশল আৰু সিহঁতৰ সংৰক্ষণৰ বাবে ল’ব পৰা বিভিন্ন পদক্ষেপ সম্পৰ্কেও আভাস পোৱা যাব৷


প্ৰকৃতিত উপলব্ধ বিভিন্ন বন্যপ্ৰাণীসমূহৰ ভিতৰত চৰাই-চিৰিকতিবোৰৰ এক সুকীয়া স্থান আছে৷ এই বনৰীয়া-ঘৰচীয়া চৰাইবোৰ অসমৰ সামগ্ৰিক সংস্কৃতিৰেই অভিন্ন অংগ হৈ পৰিছে৷ অসমীয়া বৰ্ণিল সংস্কৃতিত বিশেষকৈ সাহিত্য, সংগীত, চিত্ৰ, সুকুমাৰ কলা আদিৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনত চৰাই-চিৰিকতিসমূহৰ ভূমিকা অনেক৷ সেইদৰে পোহনীয়া চৰাইবোৰেও আমাক বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰভাৱিত কৰি ৰাখিছে৷ পৰিস্থিতিতন্ত্ৰ বৰ্তি থকাতো চৰাই-চিৰিকতিবোৰৰ ভূমিকা অপৰিসীম৷ গতিকে চৰাই-চিৰিকতিবোৰক লৈ আমাৰ মানৱ সমাজৰ কৰণীয় বহুতো আছে; কিন্তু সমাজৰ গৰিষ্ঠ সংখ্যকেই এই বিষয়ে কেতিয়াও ভবাই নাই বা সিহঁতৰ বিষয়ে জানিবলৈ, সংৰক্ষণ কৰিবলৈকো চেষ্টা কৰা নাই৷ বণ্যপ্ৰাণীবোৰেও যে আমাৰ পৰিৱেশত নিজস্ব ধৰণেৰে থাকিবলৈ অধিকাৰ পাবৰ যোগ্য; আমি গৰিষ্ঠ সংখ্যকেই সেয়া উপলব্ধি নকৰোঁ৷ এয়া হয় আমাৰ সমাজ ব্যৱস্থাটোৰ দুৰ্বলতা, নহ’লে আমাৰ শিক্ষা ব্যৱস্থাটোত ক’ৰবাত নহয় ক’ৰবাত আউল আছে৷ যধে-মধে মানুহৰ স্বাৰ্থত প্ৰকৃতি জগতখনক ব্যৱহাৰ কৰিও আমি কোনোদিনে ইয়াৰ সংৰক্ষণৰ বাবে চিন্তা কৰি চোৱা নাই৷ প্ৰকৃতি ধ্বংশৰ বাবে আমি অনুতপ্তও নহয়, ফলশ্ৰুতিত প্ৰকৃতিৰ পৰা ক্ৰমান্বয়ে এটি এটিকৈ সম্পদবোৰ লুপ্তপ্ৰায় বা ধ্বংশ হৈ আহিছে৷ এটা সামান্য উদাহৰণ– আমি বাৰু চৰাইবিহীন এখন পৃথিৱীৰ কল্পনা কৰি চাব পাৰিমনে! কিন্তু লক্ষ্য কৰিলে দেখিম– সময়ে সময়ে আমাৰ চকুৰ সন্মুখতে চৌপাশৰ পৰিৱেশৰপৰাই বহুতো চিনাকী চৰাই নোহোৱা হৈ গৈছে৷ আগতে অসমৰ গাঁওবোৰত ঘনচিৰিকা আৰু টোকোৰা চৰাই বহু পৰিমাণে দেখা গৈছিল, কিন্তু বৰ্তমান সময়ত বিভিন্ন কাৰণত এই চৰাইবোৰ পাবলৈ নোহোৱা হৈ আহিছে! গতিকে এনে পৰিপ্ৰেক্ষিত্ৰত চৰাই সংৰক্ষণৰ চিন্তা-চেতনাবোৰ মানুহৰ মাজলৈ লৈ যোৱাত এজন পৰিৱেশকৰ্মী হিচাপে সৌম্যদ্বীপ দত্তৰ লগতে তেওঁৰ সহযোগীসকলৰ কাৰ্যকলাপবোৰ সলাগ ল’বলগীয়া৷
‘অসমৰ চিকাৰী চৰাই’ শীৰ্ষক চৰাই পৰিচিতি বিষয়ক গ্ৰন্থখনত অসমৰ চিকাৰী চৰাইবোৰৰ ফটোসহ সিহঁতৰ বাসস্থান, জীৱন-নিৰ্বাহৰ বিভিন্ন বৈশিষ্ট্য, নিৰ্দিষ্ট চৰাইবোৰ পোৱাৰ স্থান, দেহৰ বৰণ, গঠন, চিকাৰ কৰাৰ ধৰণ আদি বিষয়বোৰৰ বৰ্ণনা আছে৷ গ্ৰন্থখনৰ শেষৰফালে চিকাৰী চৰাই তথা বনৰীয়া চৰাই সংৰক্ষণৰ প্ৰচেষ্টা আৰু চৰাই পৰ্যবেক্ষণৰ প্ৰশিক্ষণ, কৌশল সম্পৰ্কেও আলোচনা কৰা হৈছে৷ গোটেই গ্ৰন্থখনৰ পৃষ্ঠাবোৰতেই চিকাৰী চৰাইবোৰৰ সুন্দৰ সুন্দৰ ফটো দি আটক ধুনীয়াকৈ সজোৱা হৈছে৷ অংগসজ্জা [Design]ৰ ফালৰপৰাও এই গ্ৰন্থখন অসমীয়া সাহিত্যত বিশেষ স্থান পাবৰ যোগ্য৷ গ্ৰন্থখনত লেখকে চৰাই বিষয়ক বহুতো গুৰুত্বপূৰ্ণ তথ্য আৰু চিকাৰী চৰাইবোৰৰ চাৰিত্ৰিক বিশেষত্ব সম্পৰ্কে উল্লেখ কৰিছে৷ তেওঁৰ মতে ভাৰতত পোৱা ৩০০ বিধ চৰাইৰ ভিতৰত অসমত প্ৰায় ৯০০ বিধমান চৰাইৰ প্ৰজাতি পোৱা যায়৷ তাৰে ২৯০ বিধমান চৰাই বিভিন্ন সময়ত অসমলৈ প্ৰব্ৰজনকাৰী হিচাপে আহে৷ ভৌগোলিক পৰিৱেশ, অসমৰ জলবায়ু, অৰণ্য, নদ-নদী, জলাশয় আদিৰ প্ৰাচুৰ্যতা তথা বিচিত্ৰতাৰ বাবেই অসমত ইমানখিনি চৰাই থকাটো আৰু প্ৰব্ৰজনকাৰী হিচাপেও চৰাই অহাটো সম্ভৱ হৈ উঠিছে৷ এই ধৰণৰ বিষয়বোৰ গৱেষণাধৰ্মীভাৱে গ্ৰন্থখনত উল্লেখ কৰা হৈছে৷ লেখকে আৰু উল্লেখ কৰিছে যে অসমত প্ৰায় ৭৮ বিধ মান চিকাৰী চৰাই আছে৷ এই চিকাৰী চৰাইবোৰক তেওঁ প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিছে৷ ভাগদুটা হ’ল– দিবাচৰ চিকাৰী চৰাই আৰু নিশাচৰ চিকাৰী চৰাই৷


চিকাৰী চৰাইবোৰে অসমৰ জৈৱ্য বৈচিত্ৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ কিন্তু শেহতীয়াকৈ গোলকীয় উষ্ণতা, অৰণ্য ধংশ, নগৰীকৰণ, উদ্যোগীকৰণ আদি বিভিন্ন কাৰকৰ বাবে অসমৰ প্ৰাকৃতিক ক্ষেত্ৰখনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিছে৷ যাৰ বাবে কেৱল চৰাই-চিৰিকতি বুলিয়েই নহয়৷ সমগ্ৰ প্ৰাণীকূলেই বিপদৰ সন্মুখীন হ’বলৈ গৈ আছে৷ গছ-গছনি, অৰণ্য আদিৰ পৰিমাণ কমি অহাৰ ফলাফল কি হৈছেগৈ, সেয়া আমি নিজেই বাস্তৱজগতখনত দেখি আহিছোঁ৷ গ্ৰন্থখনত লেখকে এই বিষয়বোৰৰ সমালোচনা কৰি নিৰাশাৰ মাজতো আশাৰ সঞ্চাৰ কৰিবপৰাকৈ চৰাই-চিৰিকতিবোৰৰ সংৰক্ষণ আৰু পুনৰ উৎপাদনৰ বাবে কৰিবলগীয়া প্ৰয়োজনীয় পদক্ষেপবোৰৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিছে৷ লেখকে অসমৰ প্ৰাকৃতিক পৰিৱেশত পোৱা সৰ্বসাধাৰণ চৰাই-চিৰিকতিৰ বৈশিষ্ট্যৰ লগতে চিকাৰী চৰাইৰ পৃথক বৈশিষ্ট্য সম্পৰ্কে ভালেখিনি তথ্য দিছে৷ সাধাৰণ চৰাই আৰু চিকাৰী চৰাইৰ মাজত থকা সাদৃশ্য সম্পৰ্কেও বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিছে৷ সেইদৰে বিভিন্ন চিকাৰী চৰাইৰ ঠোঁট আৰু ঠেঙৰ সাদৃশ্য-বৈশাদৃশ্য সম্পৰ্কেও তেওঁ চিত্ৰসহ গ্ৰন্থখনত আলোচনা কৰিছে৷ চিকাৰী চৰাই বাসস্থান সম্পৰ্কীয় বিশেষত্ব আৰু বাসস্থান নিৰ্মাণ কৰাৰ পদ্ধতি সম্পৰ্কেও বিভিন্ন অধ্যায়ত আলোচনা কৰা হৈছে৷ মানুহেও যে বিভিন্ন সময়ত এই চিকাৰী চৰাইবোৰ পোহনীয়া কৰি নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰিছে, তাৰো উদাহৰণসহ বৰ্ণনা গ্ৰন্থখনত আছে৷ সেইদৰে চিকাৰী চৰাইক লৈ হ’ব পৰা পৰ্যটন, অৰ্থনৈতিক প্ৰগতি আদি সম্পৰ্কেও লেখকে নতুন নতুন চিন্তা-চৰ্চাৰ সম্ভেদ গ্ৰন্থখনত দিয়া হৈছে৷ ইয়াৰ পৰৱৰ্তী সময়ত লেখকে দিবাচৰ চিকাৰী চৰাই আৰু নিশাচৰ চিকাৰী চৰাই সম্পৰ্কে পৃথকে পৃথকে টোকা আকাৰত তথ্য সন্নিৱিষ্ট কৰিছে৷ দিবাচৰ আৰু নিশাচৰ চিকাৰী চৰাইৰ মাজৰ পাৰ্থক্য আৰু সাদৃশ্য, গাৰ বৰণ, দৈৰ্ঘ্য-প্ৰস্থৰ বৰ্ণনা, খাদ্যাভ্যাস, থকাৰ স্থান, বাসস্থান আদিয়ে এই টোকাবোৰত গুৰুত্ব লাভ কৰিছে৷ সেইদৰে অসমৰ মানুহে নজনা বহুতো চৰাইৰ স্থানীয় নাম গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে৷ লেখাবোৰত প্ৰতিটো চৰাইৰ স্থানীয় নাম, ইংৰাজী নাম, বৈজ্ঞানীক নামৰ উল্লেখ আছে আৰু চিকাৰী চৰাইবোৰৰ সুন্দৰ আলোকচিত্ৰও সন্নিৱিষ্ট কৰা হৈছে৷ প্ৰতিটো চিকাৰী চৰাইৰ বিষয়ে দিয়া এই টোকাসমূহে পাঠকক আৰু বিশেষকৈ চৰাই পৰ্যবেক্ষণকাৰীৰ লগতে চৰাইক লৈ ফটোগ্ৰাফী কৰা নতুন প্ৰজন্মটোৰ বাবে গাইড পুথিৰদৰে সহায় কৰিব বুলি উল্লেখ কৰিব পাৰি৷ গ্ৰন্থখনৰ শেষৰফালে ‘শগুন’ৰ বিশেষ চৰাই গোষ্ঠীসমূহৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে৷ ভাৰতৰ লগতে অসমতে শগুনৰ বহুকেইটা প্ৰজাতি পোৱা যায়৷ কিন্তু শেহতীয়াকৈ প্ৰকৃতি জগতত শগুনৰ মাত্ৰা কমি আহিছে৷ ইয়ৰ কাৰণ হিচাপে অৰণ্য ধ্বংশ, শগুনৰ বাসস্থান ধ্বংশ, ডাঙৰ ডাঙৰ গছৰ ধ্বংশ, মৰাশত বিহ প্ৰয়োগ কৰি শ শ শগুনক হত্যা কৰা, শগুনৰ চোৰাং চালান আদি বিভিন্ন দিশসমূহ লেখকে গ্ৰন্থখনত উল্লেখ কৰিছে৷ সেইদৰে জনগোষ্ঠীয় লোকৰ মাজত থকা অন্ধবিশ্বাসবোৰেও শগুন হত্যাত ইন্ধন যোগাইছে বুলি উল্লেখ কৰিছে৷ শগুনৰ বিভিন্ন প্ৰজাতিসমূহ যেনে- পাতি শগুন, পাহাৰী শগুন, ক’লা শগুন, ৰজা শগুণ, পৰ্বতীয়া বৰ শগুন, ইজিপচিয়ান শগুন আদিৰ বিষয়ে গ্ৰন্থখনত চমুটোকা আছে৷ ফেঁচাৰ বিভিন্ন প্ৰজাতি যেনে– ফুটুকী ফেঁচা, লক্ষ্মী ফেঁচা, মুগা ফেঁচা, কাণ চুটি ফেঁচা, পাহাৰী নিউ ফেঁচা, কাল ফেঁচা, সৰু ফেঁচা, বহুৰূপী ফেঁচা, চেকচেকী ফেঁচা, দুখী ফেঁচা আদিৰ বিষয়েও গ্ৰন্থখনত আলোকচিত্ৰসহ টোকা আছে৷ সেইদৰে হুদুৰ বিভিন্ন প্ৰজাতি যেনে– দুধকুশী হুদু, হুদুম, মাছুৱা হুদু, বৰ মাছুৱা হুদু, কাঠ হুদু, বৰ হুদু আদিৰ বিষয়েও গ্ৰন্থখনত চমুটোকা আছে৷
‘চিকাৰী চৰাইবোৰৰ সংকট’ শীৰ্ষক অধ্যায়টোত লেখকে চিকাৰী চৰাইবোৰৰ জীৱনলৈ অহা ভয়াবহতা আৰু আনুসংগিক বিষয়বোৰৰ বিষয়ে আলোচনা কৰিছে৷ সেইদৰে চিকাৰী চৰাইৰ গুপ্ত বজাৰ, চোৰাং চিকাৰীয়ে চৰাইৰ চালান দিয়া কাৰ্য আদিৰ বিষয়েও তেওঁ আলোচনা কৰি মানুহৰ সচেতনতা বৃদ্ধি হ’লে এই বিষয়বোৰ ৰোধ কৰিবপৰা যাব বুলি আশা প্ৰকাশ কৰিছে৷ অধ্যায়টোৰ জৰিয়তে লেখকে নতুন প্ৰজন্মক প্ৰকৃতিৰ ভয়াবহ সমস্যাবোৰ বুজাই দি তাৰ সংৰক্ষণৰ বাবে কাম কৰিবলৈ উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছে৷ সেইদৰে ৰাজনৈতিকভাৱেই হওঁক বা অন্যান্য সুবিধাবাদী চক্ৰান্তকাৰীয়ে বুজাই থকা ধৰণে প্ৰকৃতিক ইচ্ছামতে নতুনকৈ সৃষ্টি কৰিব পাৰি বোলা ধাৰণাটোৰো তেওঁ ঘোৰ বিৰোধী৷ সেয়েহে তেওঁ ইতিমধ্যে থকা অৰণ্যসমূহক উপযুক্ত সংৰক্ষণ কৰা বিষয়টোতহে অধিক গুৰুত্ব দিছে৷ কাৰণ বৃক্ষৰোপন কৰি এখন কাঠনিৰ সৃষ্টি কৰিব পাৰি, কিন্তু প্ৰাকৃতিকভাৱেই হাজাৰ হাজৰ বছৰ ধৰি সৃষ্টি হোৱা অৰণ্য এখনৰদৰে পৰিস্থিতিতন্ত্ৰৰে সমৃদ্ধ অৰণ্য এখন সৃষ্টি কৰাটো মানুহৰ পক্ষে অসম্ভৱ৷ সেয়েহে লেখকে এই কথাবোৰৰ উপযুক্ত যুক্তি প্ৰদৰ্শন কৰি জনসাধাৰণক সচেতন কৰাৰ প্ৰয়াস কৰিছে৷ অন্ধবিশ্বাসৰ বাবে চৰাইৰ অঙ্গ-প্ৰত্যঙ্গকে আদি কৰি বিভিন্ন পূজা-উৎসৱ, যাদুবিদ্যা আদি বিষয়ত ব্যৱহাৰ কৰা কাৰ্যকো লেখকে গ্ৰন্থখনত সমালোচনা কৰিছে৷ তথ্যভিত্তিকজ্ঞান আৰু অধ্যয়নৰ অভাৱ এইক্ষেত্ৰত প্ৰধান কাৰক বুলি লেখকে গ্ৰন্থখনত উল্লেখ কৰিছে আৰু সেয়েহে এই বিষয়বোৰৰ বিষয়ে সৰ্বসাধাৰণ ৰাইজে স্থানীয় ভাষাত সহজতে জানিবলৈকে চৰাই সম্পৰ্কীয় এই পুথিবোৰ তেওঁ অসমীয়া ভাষাত লিখি উলিয়াইছে৷
ইয়াৰ পাছৰ অধ্যায়টোত চিকাৰী চৰাইৰ লগতে বনৰীয়া চৰাই-চিৰিকতি, বন্যপ্ৰাণীৰ সংৰক্ষণক লৈ নেচাৰ্চ বেকনৰ লগতে লেখক আৰু লেখকৰ লগত জড়িত মানুহখিনিয়ে কৰা কাম-কাজৰ কথা অৱতাৰণা কৰা হৈছে৷ চৰাই সংৰক্ষণৰ বাবে বিভিন্ন সময়ত অনুষ্ঠিত কৰা আলোচনা চক্ৰ আৰু অৰণ্য সংৰক্ষণৰ বাবে কৰা আলোচনা চক্ৰৰ বিষয়েও এই অধ্যায়টোত উল্লেখ কৰা হৈছে আৰু তাৰ আলোকচিত্ৰ দেখুওৱা হৈছে৷ গ্ৰন্থখনৰ একেবাৰে শেষত আকাশত উৰি থকা চিকাৰী চৰাইবোৰৰ নেজৰ গঠন আৰু ডেউকাৰ আকৃতি অনুসৰি চৰাই পৰ্যবেক্ষণ কৰিব পৰাকৈ কেতবোৰ আলোকচিত্ৰসহ তালিকা দিয়া হৈছে৷ এই তালিকাই পাঠকক চৰাই চিনি পোৱাত নিশ্চিত ৰূপত সহায় কৰিব৷ পৰিশেষত ক’ব পাৰি যদিও গ্ৰন্থখনত চিকাৰী চৰাইৰ তথ্য আৰু ইয়াৰ সংৰক্ষণৰ কথাহে বিশেষভাৱে লিপিবদ্ধ হৈছে; কিন্তু সামগ্ৰিকভাৱে পৰিৱেশ সম্পৰ্কীয় চিন্তা-চৰ্চা আৰু পৰিৱেশৰ সংৰক্ষণ সম্পৰ্কীয় বৌদ্ধিক আন্দোলনৰ সম্পূৰ্ণ আভাস এটি এই গ্ৰন্থখনত পোৱা যাব৷ গ্ৰন্থখনে প্ৰকৃতিক নিস্বাৰ্থভাৱে ভাল পাবলৈ শিকাব আৰু ব্যক্তিৰ নিজস্ব বিচাৰধাৰাক এটি ইতিবাচক দিশেৰে সমৃদ্ধ কৰাব পাৰিব৷ অসমৰ প্ৰকৃতি সম্পৰ্কীয় চিন্তা-চৰ্চাবোৰ সাধাৰণ শ্ৰেণীৰ ৰাইজে নাজানে বা তেওঁলোকৰ কাষলৈ ব্যাপকভাৱে লৈ যাব নোৱাৰা বাবেও প্ৰকৃতিৰ সংৰক্ষণৰ কথা-বতৰাবোৰ এতিয়াও একাংশ মানুহৰ মাজতেই সীমাবদ্ধ হৈ আছে৷ গতিকে এই গ্ৰন্থখন পঢ়া পাঠকচামৰ আন এটি কৰণীয়ও থাকিব৷ তেওঁলোকে গ্ৰন্থখনৰপৰা লাভ কৰা ইতিবাচক চিন্তা-চৰ্চাবোৰ গ্ৰাম্যস্তৰত প্ৰচাৰ আৰু প্ৰসাৰ কৰিলেহে পৰিৱেশ সম্পৰ্কীয় এই আন্দোলনে বাপ্যকতা লাভ কৰিব আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে নতুন নতুন মানুহ নিস্বাৰ্থভাৱে আগবাঢ়ি আহিব৷ লেখকেও এই আশাৰেই গ্ৰন্থখনৰ সমাপ্তি ঘটাইছে৷ বনলতা প্ৰকাশনে প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য- ৩৫০ টকা৷ পৃষ্ঠা- ১৯৮৷

অন্যান্য…
সৌম্যদ্বীপ দত্তৰ প্ৰকাশিত গ্ৰন্থসমূহঃ
-অসমৰ স্তন্যপায়ী বন্যজন্তু
-অসমৰ চৰাই পর্যবেক্ষণৰ হাতপুথি
-অসমৰ প্রাইমেট
-অসমৰ বনৰীয়া মেকুৰী
-উদগীৰণ (অসমীয়া আৰু বড়াে ভাষাত, বড়াে ভাষাৰ -অনুবাদকঃ গীত ৰামচিয়াৰী)
-অৰণ্যৰ ছাঁ-পােহৰ
-অপৰূপা অৰুণাচল।
-বর্ণিল অৰুণাচল
-প্রতিবাদ আৰু প্রত্যাশা
-প্ৰকৃতিৰ সহগামী চিন্তা আৰু চেতনা
-অৰণ্যত এখােজ-দুখােজ
-ভ্ৰমণৰ আনন্দ
-বিপন্ন ধৰিত্ৰী সংকটত বন্যপ্রাণী
-নামচাঙৰ অন্তেষপুৰ
-অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান (সহলেখকঃ মৃদুপৱন ফুকন)
-নানা কথা নানা প্রসংগ (সহলেখকঃ মৰমী দত্ত তালুকদাৰ)
-প্রকৃতি শিবিৰ (সম্পাদনা)
-ইক টুৰিষ্ট
-অৰণ্য পথৰ পথিক
-বৌদ্ধ সংস্কৃতি
-কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
-দিহিং-পাটকাই অভয়াৰণ্য
-মানাহ ৰাষ্ট্ৰীয় উদ্যান
-অসমৰ জলচৰ চৰাই
-অৰণ্যাতুৰ ভ্ৰমণকথা
-মহাপুৰুষ গৌতম বুদ্ধ
-মােহময়ী অৰুণাচল
-বজ্রড্রেগনৰ দেশত (ভূটান সম্পর্কে প্রথম অসমীয়া গ্রন্থ)
-অসমৰ বৌদ্ধ কিৰাত
-আমাৰ বিনন্দীয়া চৰাই আৰু তাৰ সংৰক্ষণ
-ডেমাজং (ছিকিম সম্পৰ্কীয় প্ৰথম অসমীয়া গ্ৰন্থ)
-প্রাচীন কামৰূপ-কমতাত প্ৰচলিত বৈষ্ণব গীত আৰু কবিতা
-অসমৰ চিকাৰী চৰাই
-লাহুল-স্পিতি আৰু কিন্নৰ উপত্যকতা
-অসমৰ অৰণ্য-অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান
-Sanctuary and National Parks of Assam (with Navanita Sharma)
-Amazing Arunachal.
-Rainforest – Full Colored (Coffee Table Book)
-আমাৰ আপুৰুগীয়া স্তন্যপায়ী বন্যপ্ৰাণী আৰু তাৰ সংৰক্ষণ
-পাটকাই সভ্যতা (সহ লেখকঃমৰমী তালুকদাৰ)


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments