চৰাঞ্চলৰ লোক-সংস্কৃতি – এটি চমু আভাস পাৰভিন চুলতানা

সংস্কৃতি অবিহনে লোকজীৱনৰ কথা চিন্তা কৰিব নোৱাৰি। লোকজীৱন আৰু লোকসংস্কৃতি পৰস্পৰে পৰস্পৰৰ হাত ধৰি আগবাঢ়ি যায় বুলি ক’ব পাৰি। মানুহৰ দৈনন্দিন জীৱনকলৈ লোকসংস্কৃতি গঢ়ি উঠে। অসমৰ বিভিন্ন জাতি-জনজাতি, জনগোষ্ঠীৰ দৰে চৰ-চাপৰিৰ পূর্ববঙ্গীয় মূলৰ লোকসকলেও অসমীয়া সংস্কৃতিত নিজৰ লোকসংস্কৃতিৰ সংমিশ্রণেৰে চহকী কৰি তুলিছে।
আজি চৰাঞ্চলৰ লোকসংস্কৃতি অসমৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। শতাধিক বছৰ আগতে অসমলৈ প্রব্রজন কৰা এই লোকসকলে লগত লৈ আহিছিল অসমৰ বাবে এক নতুন সংস্কৃতি। দীর্ঘকালীন ইয়াতে বসবাস কৰাৰ পিছত তেওঁলোকে অসমীয়া ভাষা আৰু সংস্কৃতিক আপোন কৰি লৈছে পিছে নিজৰ সুকীয়া ভাষা-সংস্কৃতি হেৰাই যাবলৈ দিয়া নাই।
চৰ-চাপৰিৰ বাসিন্দাসকলৰ নিজা কলা-কৃষ্টি, ঘৰুৱা মাত-কথাৰ সুকীয়া বৈশিষ্ট আছে। বহু সময়লৈ মান্যতা লাভ নকৰিলেও এই ভাষা আৰু ইয়াৰ আনুসঙ্গিক ইতিহাস মুখে মুখে বাগৰি আন্তঃপ্রাজন্মিক সম্পর্ক বজাই ৰাখিছে। চৰ-চাপৰিত বসবাস কৰা সৰহ সংখ্যক মানুহ মুছলমান। ইছলাম ধর্মাৱলম্বী এই লোকসকলৰ জীৱন পিছে আজিও বহু কুসংস্কাৰৰ অন্ধকাৰে আৱৰি ৰাখিছে।
কৃষিজীৱী এই মানুহসকলৰ জীৱনত প্রচলিত আচাৰ অনুষ্ঠান, উৎসৱ-পার্বন, গীত-মাত ইত্যাদিৰ মাজতে সজীৱ হৈ আছে এওঁলোকৰ সংস্কৃতি। এওঁলোকৰ জীৱনৰ সংগ্রাম, কষ্ট প্রতিফলিত হয় এই সংস্কৃতিৰ মাধ্যমেৰে। চৰ-চাপৰিৰ লোকসকলৰ লোক-সংস্কৃতিৰ এক চমু আভাস তলত দাঙি ধৰা হ’ল।
চৰাঞ্চলৰ মানুহবোৰে কৃষি কর্ম কৰি খায়। জিকিৰ-জাৰী গীত তেওঁলোকৰ মাজত প্রচলিত। তেওঁলোকৰ একাংশৰ মাজত পীৰ (গুৰু), মুৰিদ (শিষ্য)ৰ ধাৰা প্রচলিত আছে। প্রায় সময় দিনত হাড়ভঙ্গা পৰিশ্রম কৰি ৰাতি একতাৰা বজাই দেহতত্ত্বৰ গীত গায়। গীতবোৰৰ এটি স্থানীয় সুবাস থাকে। কাৰণ গীতবোৰত আল্লাহৰ লগতে কদমতলৰ কানহাৰ কথাও উল্লেখ থাকে। বছৰত দুটা ঈদ, মহৰমৰ ওপৰি বিভিন্ন ঠাইত উৰসৰ পালনত এওঁলোকৰ কিছুমানে অংশগ্রহণ কৰে।
চৰ-চাপৰিত পুত্র সন্তান জন্ম হ’লে আনন্দ উল্লাসত এই খবৰ বিয়পাই দিয়া হয়, কন্যা সন্তান হ’লে ছালে-বেৰে কোবায়। ভূত-প্রেত, ডাইনীৰ দৃষ্টি যাতে নৱজাতৰ ওপৰত নপৰে তাৰ বাবে দুৱাৰ মুখত বাওকা, পাছাৰ কালি পুতি থয়। ছিগা জাল, বগৰীৰ ঠাল দুৱাৰত ওলমাই থয়। লোকবিশ্বাস অনুসৰি এইবোৰে বেয়া নজৰৰ বিৰুদ্ধে সুৰক্ষা প্রদান কৰে।
চৰ-চাপৰিৰ লোকসকলৰ কর্মজীৱনৰ লগত সংগতি ৰাখি গীত-মাতৰ এক ধাৰা গঠিত হৈ উঠিছে। চ’ত-ব’হাগ মাহত তীব্র ৰ’দত পিঠি পাতি দি দলবদ্ধভাৱে মৰাপাট, ধানখেতি নিৰাই থকা কৃষি বনুৱাই আনন্দমুখৰ পৰিবেশত ‘ধুৱাগীত’ গায়। সুৰ লগাই বিশেষ ভঙ্গীমাত গীত গোৱা বয়াতীজনৰ পোছাক সাধাৰণতে ৰং-চঙীয়া হয় আৰু তেওঁৰ হাতত, ডিঙিত ৰুমাল বন্ধা থাকে। বয়তীজনে নিজে গোৱা গীতৰ ছন্দে ছন্দে নানান ভংগীমাত আগা-পিছা কৰি নাচি থাকে আৰু লগৰ কৃষি বনুৱাসকলে সুৰ দি সেই গীত গায়।
চৰ-চাপৰিৰ লোকসকলৰ মাজত পুথি পঢ়া সংস্কৃতি বহু জনপ্রিয়। সেই সময়ত টিভি, ৰেডিঅ’, ফোন ইত্যাদি নথকাত, মনোৰঞ্জনৰ এক গুৰুত্বপূর্ণ আহিলা আছিল ৰাতি একেলগে বহি পুথি পঢ়া। গোটেই দিন কৃষি কর্মত ব্যস্ত থকা চৰ চাপৰিৰ শ্রমজীৱী লোকসকলে নিশা ভাগৰ পলুৱাবলৈ কাৰোবাৰ চোতালত মুকলি আকাশৰ তলত বহি নানান গল্প-গুজব কৰে, পুথি পঢ়ে। পুথিবোৰ কথা-কবিতাৰ দৰে ছন্দোবদ্ধ কল্প-কাহিনী, ধর্মীয় কাহিনী বা বীৰত্বৰ কাহিনীৰে ভৰপুৰ। এই পুথিবোৰৰ ভিতৰত উল্লেখযোগ্য ছয়ফলমুল্লক, বদিউজ্জামাল, কালুগাজি, সোণাভান, আমিৰ হামজা জঙ্গনামা, শ্বাহনামা, ইউচুফ-জেলেখা, হাতেম তাঈ ইত্যাদি।
চৰ-চাপৰিৰ সহজ-সৰল, হোজা-নিৰক্ষৰ লোকৰ মাজত সাধুকথা, ফকৰা-যোজনাৰ প্রচলন অতি বেছি। সুখ-দুখ, অভাৱ-অনাটনেৰে ভৰা সংসাৰত ‘সাস্তৰ’ৰ প্রয়োগে তেওঁলোকৰ সংবেদনশীল মনক বাৰুকৈ আকর্ষিত কৰে।
ইয়াৰ উপৰি চৰ-চাপৰিৰ লোকসকলে বিভিন্ন ক্ষেত্রত, বিভিন্ন পৰিস্থিতিত ভিন্ন গীত পৰিবেশন কৰে। শৰতৰ আকাশৰ বতাহত হালিজালি নাচি থকা শুকুলা কহুঁৱাই যেতিয়া প্রকৃতিক অভিনন্দন জনায়, শেৱালি-হাচনাহানাৰ সুবাসে চাৰিওদিশ মলমলাই তোলে, শাৰদীয় দুর্গোৎসৱৰ আনন্দত যেতিয়া চাৰিওদিশ উত্তাল, ঝাউবনৰ স’তে ফিৰফিৰীয়া বতাহ যেতিয়া প্রেমত মচগুল, তেতিয়া চৰ-চাপৰিৰ গৰখীয়া ল’ৰাজাকে মানিক পীড়, সত্য পীড়ৰ মাগন গীত গাই ফুৰে।
কবিগান চৰ-চাপৰিৰ এক গুৰুত্বপূর্ণ লোককৃষ্টি। কবিগানত সাধাৰণতে পূর্বনির্ধাৰিত বিষয়ৰ ওপৰত ছন্দোবদ্ধ গীতৰ মাধ্যমেৰে বিভিন্ন প্রশ্নৰ অৱতাৰণা কৰা হয়। আজিকালি এই গীত জলসাত পৰিবেশন কৰা হয় য’ত দুজন বয়াতীৰ মাজত প্রশ্নোত্তৰৰ প্রতিযোগিতা চলে। কবিগান হিন্দু-মুছলমানৰ সমন্বয়ৰ সংস্কৃতি। বৰপেটাৰ মুছলমান কবিসকলে দুর্গাপুজা, ৰাসমেলাত পৰিবেশন কৰা কবিগান ইয়াৰ জ্বলন্ত উদাহৰণ।
মহৰম মুছলমানসকলৰ এক গুৰুত্বপূর্ণ উৎসৱ। এই উৎসৱ উপলক্ষে চৰ-চাপৰিৰ মানুহে জাৰিগানৰ আয়োজন কৰে। জাৰিগানত বর্ণনা কৰা কাৰবালাৰ কৰুণ কাহিনীয়ে দর্শক শ্রোতাৰ চকু তিয়াই দিয়ে।
চৰ-চাপৰিৰ মানুহবিলাকে গাঁৱৰ এঠাইত গোটখাই একতাৰা, খোল, খঞ্জৰিৰে মুর্শিদী গান গায়। ওৰচ মোবাৰক পাতি পীৰ চাহাবৰ উপস্থিতিতো এই গীত গোৱা হয়। দেহতত্বৰ এই গীতৰ মাজেদি গুৰুই শিষ্যক পৰকালৰ দর্শনৰ ব্যাখ্যা আগবঢ়ায়।
নদী-নাও-বালিচৰৰ সৈতে চৰ-চাপৰিৰ লোকসকলৰ জীৱন ওতঃপ্রোতভাবে জড়িত। বাৰিষাৰ আগজাননী পাই বালি-চাপৰিৰ কাষেদি আপোন মনে নাও বাই যোৱা প্রেমিকক দেখা পাই বিৰহ বেদনাত কাতৰ প্রেয়সীয়ে গায়
নতুন পানী পাইয়া ৰসিক নাইয়া
নাও বাইয়া যায় উজান দেশে
আমাৰ যৌবনেৰ বাহাৰ মাসে আসে একবাৰ
সোণাৰ বন্ধু গেইলে কি আৰো আসে
বন্ধু নাই মোৰ দেশে।।
বালিচৰ, নৈ কাষৰীয়া ঠাইৰ মানুহে বাৰিষা নৈত নাও মেলি দি মুকলিমনে ভাটিয়ালী সুৰত গীত গায় –
মাঝি বাইয়া যাওৰে
অকূল দৰিয়াৰ মাজে
আমাৰ ভাঙা নাও
মাঝি বাইয়া যাওৰে…..
চৰ-চাপৰি কৃষিজীৱী লোকসকলে বাৰিষা খেতি চপোৱাৰ পাছত নাওখেলৰ আয়োজন কৰে। জন্মাষ্টমী, শংকৰদেৱৰ তিথি, স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত নাওখেলত বহু ঠাইৰ নাৱে প্রতিযোগিতা কৰে। হাতৰ ৰুমাল ঘুৰাই গীদালে নাওখেলৰ গীত গায় আৰু বাইচালে গীতৰ তালে তালে বঠা চলায়।
চৰাঞ্চলৰ এই লোকসকলৰ জীৱন এনে বহু সাংস্কৃতিক মণি-মাণিক্যৰে ভৰপূৰ। এনে চহকী লোকসংস্কৃতি পিছে মৌলবাদী আৰু ধর্মীয় গোড়ামিৰ প্রকোপত পৰি কিছু ম্লান হৈছে। পিছে নৱপ্রজন্মৰ বহু শিক্ষিত ল’ৰা-ছোৱালী নিজৰ সংস্কৃতিক জীয়াই ৰখাৰ গুৰুত্ব উপলব্ধি কৰি পুনঃ এই ভাষা-সংস্কৃতিক এক মান্য ৰূপ দিয়াৰ চেষ্টা কৰি আছে। ইয়াতে আমি মিঞা কবিতাৰ এক নব্য ধাৰাৰ কথা উল্লেখ কৰিব লাগিব। মিঞা কবিতাৰ দ্বাৰা হাফিজ আহমেদ, কাজী নীলকে আদি কৰে বহু উঠি অহা কবিয়ে এই জনগোষ্ঠী সন্মুখীন হৈ অহা বৈষম্যতা, শোষণৰ কথা শক্তিশালীভাবে দাঙি ধৰিছে। কোৱা বাহুল্য যে সংস্কৃতিৰ ৰাজনীতিকৰণে জনগোষ্ঠীসকলৰ মাজত বিভেদ অনাৰ চেষ্টা কৰি আছে যদিও চৰাঞ্চলৰ লোকসকলৰ সংস্কৃতি বৰ অসমৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। আৰু এই জনগোষ্ঠীৰ গীত-মাত, কবিতা-কাব্যই অসমীয়া সংস্কৃতিক আৰু চহকী কৰি তুলিব।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments