ছাঁ -কনক দাস

সন্ধিয়াৰ পৰাই মুষুলধাৰে এজাক বৰষুণ৷ আপদীয়া সময়ত অহা বৰষুণজাকে ইমানদিনে নিৰ্জীৱ হৈ থকা মাটিৰ সজীৱতা যেন পুনৰ ঘূৰাই আনিছে৷ ক্লেদাক্ত পৰিৱেশ এটা চাৰিওদিশে৷ ৷ উত্তপ্ত মাটিৰ ওপৰত সেমেকা ভাৱ এটা বিয়পি পৰিছে৷ গোন্ধটো বেয়া নাপালে চলিহাই৷ ইমানদিনে বৰষুণ অহাই নাছিল৷

বৰষুণ এৰাৰ সম্ভাৱনা নেদেখি তেওঁ স্বগতোক্তি কৰিলে৷ অফিচৰ পৰা ঘৰমুৱা হ’বলৈ তেওঁহে বাকী ৰৈছিলগৈ৷ তেওঁৰ সহকৰ্মী সকল নিৰ্দিষ্ট সময়তে ঘৰমুৱা হৈছিল৷ আগদিনাৰ ৰৈ যোৱা কামবোৰ কৰি সামৰোতে তেওঁ সময় ল’লে৷ তেওঁৰ ঘৰটো অফিচৰ পৰা বৰ বেছি দূৰ নহয়৷ খোজকাঢ়িয়ে অহা যোৱা কৰে তেওঁ৷ ইচ্ছা কৰা হ’লে এখন মটৰ চাইকেল অথবা গাড়ী এখন কিনাৰ সামৰ্থ্য আছিল তেওঁৰ৷ তেওঁৰ হাবিয়াস কোনোদিনেই মনলৈ নাহিল৷
বৰষুণৰ মাজেৰে তেওঁ খোজ আগবঢ়ালে৷ জোতাযোৰ হাতত লৈ তেওঁ মূল পথটোত উঠিল৷ তেওঁৰ বুকুৰ ভিতৰেদি সোমাই অহা বৰষুণৰ টোপালে সিৰসিৰণি এটা তুলিলে৷ চাওঁতে চাওঁতে তেওঁৰ কাপোৰ যোৰ দেহত লিপিট খাই পৰিল৷
বৰষুণ তেওঁ বেয়া নাপায়৷ এই বৰষুণৰ মাজতে কেতিয়াবা দেউতাকৰ সৈতে তেওঁ নাঙলৰ মুঠিত ধৰিছিল, আঁলি কাটিছিল পথাৰত তেওঁ৷ বোকা পানী গচকি ডাঙৰ হোৱা মানুহ তেওঁ৷ সচিবালয়ৰ চাকৰিটো নোপোৱা হ’লে সেই বোকা পানীৰ সৈতে সহবাস কৰিব লাগিলহেঁতেন তেওঁ৷ সেই বোকা পানীৰ গোন্ধ তেওঁৰ আপোন, বুকুৰ কুটুম৷
ঘৰ পালে তেওঁ৷ তেওঁৰ বাবে মানুহজনী ৰৈ আছিল৷ আহিয়ে মানুহজনীৰ ভৰ্ৎসনা শুনিলে তেওঁ৷ দেহৰ কাপোৰযোৰ সামৰি কোবাকুবিকৈ তেওঁ বাথৰূমলৈ গ’ল৷ বিজুলী নাথাকিলে কিমান যে আন্ধাৰ, মানুহজনীয়ে দিয়া মমবাতিডাল হাতত লৈ তেওঁ কুচি মুচি আগবাঢ়িল৷ অস্পষ্ট মানুহজনীৰ ভাৱলেশহীন মূখখনি তেওঁৰ ওচৰত ধৰা দিয়েহি৷ তাইৰ আপত্তি তেওঁ বুজে৷ দেহা পৰি আহিছে তেওঁৰ৷ এই সময়ত কোনো আপদ বিপদে দেহৰ ক্ষয় ক্ষতি নকৰে তাইৰ সাৱধান, সজাগ কৰাটো যেন কৰ্তব্য হৈ পৰিছে৷ সেই সময়ত তাইৰ মূখত অদ্ভুত কমনীয়তা এটা অনুমান কৰে তেওঁ৷ নিশ্ছিদ্ৰ নিৰাপত্তা বিচাৰি পায়৷ বয়সে ভাটি দিলেও কাণ মূৰ এতিয়াও সজাগ তাইৰ৷
মনত পৰে তেওঁৰ ডেকা কালত বহু বাটকুৰি বাই তাইৰ মুখখনে চাবলৈ ঢপলিয়াই গৈছিল তেওঁ৷ দেউতাকৰ পুৰণি চাইকেলখন লৈ তাইৰ ঘৰৰ সন্মুখত ঘণ্টা পৰ দি ৰৈছিল তেওঁ৷ তাইৰ হৃষ্ট পুষ্ট ককায়েক দুজনৰ অজ্ঞাতে প্ৰেম আগবাঢ়িছিল তেওঁলোকৰ, ভয়ে ভয়ে৷ পলুৱাই আনিছিল তেওঁ মানুহজনীক৷ বিয়া আন এজনৰ সৈতে থিক কৰিছিল তাইৰ ঘৰৰ পৰিয়ালে৷ উপায় নেদেখি সোণকালেই তাইক চপাই লৈছিল তেওঁ৷ সেই সময়ত খেতিত হাত উজান দিয়াৰ বাহিৰে তেওঁৰ অন্য উপায় নাছিল৷ দুটা পৰিয়ালৰ মাজত সম্পৰ্কই ঘুণে ধৰিছিল৷ অৱশেষত বহুদিন তাঁত বাতি কঢ়াৰ পিছত সচিবালয়ত চাকৰি এটা পাইছিল তেওঁ৷ পৰিয়াল দুটাৰ মাজৰ তিক্ততাপূৰ্ণ সম্পৰ্কটো আঁতৰি পুনৰ যোৰা লাগিছিল৷
আজি তেওঁৰ হাঁহি উঠে আৱেগৰ টানত কিযে কৰিব নোৱাৰি, মনৰ অনুভূতি বোৰক জীপাল কৰিয়ে তেওঁ আজিৰ অৱস্থা পাইছেহি৷
বাথৰূমৰ পৰা তেওঁ ফ্ৰেচ হৈ ওলাই আহিল৷ আহোতে তেওঁ এবাৰ পাকঘৰতো ভুমুকি মাৰি আহিলহি৷ মানুহজনী চাহ বনোৱাত ব্যস্ত৷ এৰা এই সময়ত তেওঁক অৱসাদ দূৰ কৰিবলৈ চাহ একাপ নিতান্তই প্ৰয়োজন৷
তেওঁ দেহটো অলসভাৱে চোফাত এৰি দিলে৷ আনদিনা হ’লে তেওঁ টিভিৰ সন্মুখত বহি ৰিমোটটো টিপি দেশ বিদেশৰ খবৰ ল’বলৈ নিউজ চেনেলবোৰত ব্যস্ত হ’লহেঁতেন৷ খবৰ বোৰ একঘেয়ামী হ’লেও তেওঁ খুব মনোযোগেৰে চায়৷ আধুনিক শিক্ষাৰ ওপৰত নাৰাজ হৈ পৰে তেওঁৰ মনটো৷ ঘটি থকা ঘটনাবোৰত আধুনিক শিক্ষাৰ ত্ৰুটি দেখিবলৈ পায় তেওঁ৷ শিক্ষিত সমাজ বুলি ক’লে কাক সামৰি লোৱা হয় তেওঁৰ জ্ঞানে ঢুকি নাপায়৷
মানুহজনীয়ে চাহ একাপ তেওঁৰ হাতত দি যায়হি৷ এই সময়ত মানুহজনীৰ হাতত কথা পাতিবলৈ সময় নাথাকে৷ লৰা ঢপৰা কৰি যোৱা মানুহজনীলৈ তেওঁ চায় ৰয়হি৷ বয়সৰ আঁচোৰ পৰিছে তাইৰ দেহত৷ ৰূপালী বৰণ ধৰিছে তাইৰ চুলিখিনি৷ মেদ বহুলতাৰ স্বীকাৰ হৈছে তাই৷
পাকঘৰৰ বাচন বৰ্তন সামৰি মানুহজনীয়ে পখালি থকা শব্দ শুনিলে তেওঁ৷
জীয়েকজনী হয়তো পঢ়াত ব্যস্ত৷ এই সময়ত তেওঁ অকলে নিজৰ সত্তাৰ মাজত সোমাই থাকে৷ জীয়েকৰ সৈতে তেওঁ ভাতৰ পাততহে দুই এটা কথা পাতে৷ পঢ়াৰ কথা, তাইৰ প্ৰয়োজন হোৱা লাগতিয়াল বস্তুবোৰৰ কথা! সেয়াও কাৎচিতহে! কাণ উনাই তেওঁ জীয়েকৰ ভাৱ গতিবোৰ লক্ষ্য কৰে৷ জীয়েকৰ ভাৱবোৰত তেওঁ দকৈ শিপায় চায়৷ তেওঁৰ মনত সংশয় দকৈ বাঢ়ে৷ জীয়েক গাভৰু হ’ল৷ ঘৰৰ সৌন্দৰ্য্য ধৰি ৰখা জীয়েকজনী চাওঁতে চাওঁতে ডাঙৰে হ’ল৷ জীৱনৰ পঙ্কিলতাবোৰত অনাগত দিনত কেনেদৰে খোজ আগবঢ়াব ভাবি তেওঁৰ বুকুৰ ঢপঢপনি বাঢ়িব ধৰে৷
তেওঁৰ মনত পৰে ল’ৰা সন্তান কামনা কৰি তেওঁ মানুহজনীৰ সৈতে কাষৰে মন্দিৰটোত নৈবদ্য এখন আগবঢ়াইছিল৷ তেওঁ জীয়েকজনীৰ আগমনত কোনোদিনেই বিচলিত নহ’ল৷ সকলো ইশ্বৰেৰে ইচ্ছা বুলি তেওঁ সামৰি থ’লে কথাবোৰ৷
ৰাতিৰ ভাতসাজৰ কাৰণে আটায়ে ডাইনিং টেবুলত মিলিত হ’ল৷ মাক আৰু জীয়েকজনীয়ে তেওঁৰ বাবেই অপেক্ষা কৰি আছিল৷
বতাহ সোমাই আহিছিল খিৰিকীয়েদি৷ খিৰিকীৰ পৰ্দাত মৃদুভাৱে কঁপনি উঠিল৷ ঈষৎ কঁপি উঠিল জ্বলি থকা মমডালো৷
তেওঁ খিৰিকীৰ পৰ্দাখন সামৰি খিৰিকীখন বন্ধ কৰি দিলে৷
বৰষুণ সামৰাৰ কোনো লক্ষণ নেদেখিলে তেওঁ৷ এই বৰষুণৰ সৈতে উটি ভাঁহি যাওক মনৰ দুৰ্ভাবনাবোৰ, তেওঁৰ নিৰাপত্তাহীন চিন্তাবোৰ! —ভাবিলে তেওঁ৷
দুৱাৰত টোকৰ পৰিল কাৰোবাৰ৷ দুবাৰ মান অতি মৃদুভাৱে, অৱশেষত পিছত অলপ জোৰ জোৰকৈ!
তেওঁ আগুৱাই গ’ল দুৱাৰ অভিমূখে, সেই শব্দ অনুসৰণ কৰি!

ভয় আৰু শংকা তেওঁৰ মনলৈ নোহোৱাকৈ থকা নাই৷ ইমান ৰাতিখন কাৰোবাৰ আগমনে তেওঁৰ মনত শংকা বঢ়াইছে সঁচা সেয়া তেওঁ মুখত আহিবলৈ দিয়া নাই, পৰিবাৰ আৰু তেওঁৰ জীয়েকৰ চিন্তাক্লিষ্ট মুখখনত তেৱে টো সাহস দিব লাগিব! —
অৱশেষত দৰ্জাখন খুলিলে তেওঁ৷
পাহোৱাল ডেকা এটা, মুখত বিষাদৰ অনুভূতি! পোচাকযোৰ দেহত লিপিট খাই আছিল তাৰ৷ খুব সম্ভৱ বহু সময় খোজকাঢ়ি আহিছে সি বৰষুণৰ মাজেৰে৷ চুলিৰ ভাঁজে ভাঁজে বৰষুণৰ টোপাল৷ মুখত সামান্য গোঁফ, কমনীয়তা তাৰ চকুত স্পষ্ট!
আগন্তুকৰ সৈতে চিনাকি হোৱাৰ ইচ্ছা মনতে দমালে তেওঁ৷ এই মুহূৰ্তত তেওঁৰ এনেকুৱা লাগিল ল’ৰাটোৰ মুখখনে যেন তেওঁৰ সহানুভূতি বিচাৰিছে৷ তাতে বতৰৰ তাণ্ডৱটো বেছি বাঢ়িছিল৷ ক্লান্তি আৰু অৱসাদত ডুবি থকা ল’ৰাটোৰ প্ৰতি তেওঁৰ মৰম উপজিল৷
তেওঁ চকুৰে ল’ৰাজনক ভিতৰলৈ আহিবলৈ অনুমতি দিলে৷ ল’ৰাজনৰ মুখত উজ্জ্বল আভা বিয়পি পৰিছিল৷ তেওঁ এই ভাবি সুখী হ’ল যে অন্ততঃ এনে পৰিস্থিতিত তেওঁৰ সিদ্ধান্ত ভুল হ’ব নোৱাৰে৷
তেওঁৰ পৰিবাৰে গামোচা এখন লৈ আহিছিল৷ সি মূৰটো এবাৰ জোকাৰি ললে, তাৰ দীঘল চুলিখিনি ঢৌ খেলি গ’ল৷ মুখখন মুচি ললে সি৷
তেওঁৰ পুৰণি এযোৰ কাপোৰ তালৈ আগবঢ়াই দিলে৷ তাৰ মুখত কৃতজ্ঞতাৰ ভাৱ এটা ফুটি উঠিছিল৷ সেয়া তাৰ ভাৱ ভংগীত স্পষ্ট হৈ পৰিছিল৷
তেওঁৰ পৰিবাৰে ভাত বাঢ়িছিল৷ আটায়ে মুখামুখিকৈ বহিল৷
“তোমাক প্ৰথমবাৰ ইয়াত দেখিছো“—তেওঁ কথাৰ আৰম্ভণি কৰিছিল৷
“হয় মই ইয়াত নতুন! মামাহঁতৰ ঘৰলৈ আহিছিলোঁ! পথ হেৰুৱালো! —নিঃসংকোচে সি কৈছিল৷
“ইয়াৰ আগতে তুমি মামায়েৰাৰ ঘৰলৈ অহা নাছিলা’’—তেওঁৰ মনত কিছু সংশয়, কিছু খুদুৱনি সোমাই আহিছিল৷
“সৰুতে এবাৰ আহিছিলোঁ–তাৰ কথাই জটিলতা বঢ়াইছিল তেওঁৰ৷
“আজি ইমানদিনৰ মূৰত তুমি মামায়েৰাৰ ঘৰলৈ আগমন, মই বিবুদ্ধিত পৰিছোঁ!’’ —তেওঁ যেন উত্তৰ পাই যাব, সেয়া তেওঁৰ উৎসকতাক সি মৰিষণ কৰিব এনে ভাৱত তেওঁ তাৰ উত্তৰলৈ বাট চাই ৰৈছিল৷
“আচলতে মামা এজন ঘোৰ মদাপী, হাই কাজিয়া কৰা মানুহ, দেউতাই তেওঁৰ স্বভাৱ ভাল পোৱা নাছিল, কেইবাবাৰো তেওঁ আমাৰ ঘৰলৈ আহিছিল, প্ৰত্যকবাৰে তেওঁৰ সৈতে দেউতাৰ কাজিয়া এখন হৈছিল৷ তেওঁৰ ধোঁৱাখুলীয়া স্বভাৱে ঘৰখন ডুবাইছিল৷ অৱশেষত দেউতা বহুত চিন্তা কৰি সম্পৰ্ক ছেদ কৰিছিল তেওঁৰ সৈতে৷’’—সি অকণমান ৰৈ গ’ল৷
তেওঁ ল’ৰাজনৰ ফালে চালে৷ পিছ মুহূৰ্ততে সি কি ক’ব সেয়া জানিবলৈ তেওঁৰ মনটো উত্ৰাৱল হৈ ৰ’ল৷
“যোৱা দুদিন আগত মামা আমাৰ ঘৰলৈ আহিছিল৷ মই শুনিছিলো দেউতাক যেন সতৰ্ক কৰিছিল তেওঁ৷ ইমানদিনৰ মূৰত তেওঁৰ আগমনে নিঃসন্দেহে ঘৰখনত শোকৰ ছাঁ পেলাইছিল৷ মই বুজিছিলো কোনো এনেকুৱা ৰহস্য আছে যাৰ কাৰণে দেউতা তেওঁৰ পৰা আঁতৰি থাকিব বিচাৰিছিল৷ পদে পদে তেওঁৰ আগমনত দেউতা শংকিত হৈ পৰিছিল৷ মই এইখিনিয়ে শুনিছিলো তেওঁ ঘূৰি আহিছে, তুমি তেওঁৰ প্ৰাপ্যক ঘূৰাই দিয়া, কি কথা, কাৰ কথা কৈছে মই বুজি পোৱা নাছিলোঁ, সেই সম্পৰ্কে জানিবলৈ মোৰ এই দীঘলীয়া যাত্ৰা “
তাৰ আবেগ বিহ্বল মুখখন তেওঁ এবাৰ লক্ষ্য কৰি চিন্তা জগতত ডুব গ’ল৷ তাৰ অনুসন্ধিৎসু মনটো দেখি তেওঁ বিস্মিত হৈ পৰিল৷
“তোমাৰ মামাৰ নাম’’—
তেওঁৰ জানিবলৈ উৎসকতা বাঢ়ি গৈ আছিল৷
“অবিনাশ হাজৰিকা’’ —
“মুখৰ সোঁ ফালে এটা দাগ আছে, এখন ভৰি তেওঁৰ চুটি, লেঙেৰিয়াই খোজ কাঢ়ে’’–
“হয় আপুনি চিনি পায়’’-
তেওঁ অবিনাশক কেনেদৰে পাহৰিব পাৰে, তেওঁৰ মনত অবিনাশক তেওঁ দানৱ অথবা দেৱতাৰ শাৰীতো থব নোৱাৰে৷
মানুহ হৈয়ো তেওঁ কেতিয়াবা অমানুহ আছিল নে তেওঁ মানুহে আছিল প্ৰকৃততে বিশ্বাস আৰু অবিশ্বাসৰ দামোজাত তেওঁ ৰৈ গ’ল৷ সেইজনেই! আৰু আৰু তেওঁ ভবা সেই ল’ৰাজন! এইজনে নহয়টো! ! ?

তেওঁ সতৰ্ক হ’ল৷ এই মুহূৰ্তত ল’ৰাজনক যিকোনো কথা কোৱাটো হয়তো সমুচিত নহ’ব—তেওঁ ভাবিলে৷
সেই বদমেজাজী অবিনাশক তেওঁ হাড়ে হাড়ে চিনি পায়৷ তথাপি তেওঁ কিছুমান কথাৰ উত্তৰ বিচাৰিয়ো ব্যৰ্থ হৈছিল এটা সময়ত৷
ল’ৰাজনৰ প্ৰতি তেওঁৰ দয়া আৰু মৰম দুয়োটাই উপজিল৷ কিয় জানো তেওঁৰ এনে লাগিল এই ল’ৰাজনে হয়তো তেওঁৰ মনত ইমানদিনে থুপ খাই থকা ৰহস্য ফাদিল কৰিব! নিঃশেষ কৰিব মনৰ খুদৱনি!
“হয় তেওঁক চিনি পাওঁ, আমাৰ গাওঁখন পাৰ হ’লেই চৰ অঞ্চল পোৱা যায়৷ তাতে তেওঁ থাকে“—সংক্ষিপ্ত উত্তৰ এটা দিলে তেওঁ৷
বাহিৰত বৰষুণৰ প্ৰকোপ ক্ৰমান্বয়ে বাঢ়িব ধৰিছে৷ মেঘৰ গাজনি শুনিলে তেওঁ৷
“তুমি ৰাতিখন যাব নালাগে, ইয়াতে ৰৈ যোৱা!’’—-তেওঁৰ অচিনাকি ল’ৰাজনৰ প্ৰতি এয়া দাবীৰ দৰেই আছিল৷
ল’ৰাজনে মূখেৰে একো নক’লে৷ মুৰটো সামান্য লৰালে৷
তেওঁ তাৰ দুচকুত সন্মতি এটা দেখিলে৷ হয়তো এয়া ভৰসা, কৃতজ্ঞতাৰ!
খোৱা শেষ হৈছিল আটায়েৰে৷ তাৰ কাৰণে সন্মুখৰ ৰূমটো তেওঁৰ পৰিবাৰে ঠিক কৰিলে৷
অৱসাদ আৰু ক্লান্তিয়ে আগুৰি ধৰিছিল চাগে সি শুবলৈ গ’ল৷
ইতিমধ্যে জীয়েকজনীয়ো শুবলৈ গৈছিল৷
পৰিবাৰৰ মুখলৈ চালে তেওঁ৷ তেওঁৰ ভূমিকাত মানুহজনী যে সুখী হোৱা নাই, তেওঁ বুজিলে৷ পৰিবাৰৰ হাত এখন খামুচি ধৰিলে তেওঁ৷ সেই খামুচিত তেওঁৰ মনটো যেন সোমাই আছিল৷
বহু কথাই মনৰ মাজতে কঢ়িয়াই লৈ ফুৰিছে তেওঁ৷ জীৱনৰ বিশটা বছৰে পাৰ হৈ আহিল তেওঁ, তথাপি তেওঁৰ এনে লাগে চকুৰ আগতে যেন ঘটিছে ঘটনাটো!
সেই সময়ত চফল ডেকা আছিল তেওঁ, চৰ অঞ্চলত থকা গাওঁবুঢ়াজনক তেওঁ লগ কৰিব গৈছিল৷ আহোতে তেওঁৰ পলম হৈছিল৷ আন্ধাৰৰ মাজে মাজে তেওঁ ঘৰমুৱা হৈছিল৷
কেঁচুৱা এটাৰ ক্ৰন্দন শুনিছিল তেওঁ৷ সেই ঠাইখিনিত আবাসীয়ো ক’ম৷ সন্মুখতে হাবিখন! সেই ক্ৰন্দন অনুসৰণ কৰি আগবাঢ়িছিল তেওঁ৷
হঠাতে তেওঁ ৰৈ গৈছিল৷ নাতি দূৰত দুটা ছায়ামূৰ্তি! সেই ক্ৰন্দনৰ উৎসও সেই ফালৰ পৰাই আহিছিল৷
গছ এডালৰ আঁৰত তেওঁ লুকাইছিল৷ অস্পষ্ট ভাৱে অৱয়স দুটা তেওঁৰ চকুত ভুমুকি মাৰিছিল৷ তেওঁ নিৰীক্ষণ কৰিছিল দুয়োজনকে৷
“তুমি বুজি পাইছাই চাগে, ভৰষা কৰিব পৰাকৈ তুমিয়ে আছা, এই মুহূৰ্তত এয়া মোৰ প্ৰতি তোমাৰ উপকাৰে নহয় আজীৱন তোমাৰ ওচৰত ধৰুৱা হৈ থাকিম“—ছায়া মূৰ্ত্তি এটাৰ কাতৰ অনুৰোধ শুনিছিল তেওঁ৷
“তুমি জানাই টকাৰ কাৰণে মই কাম কৰো, মোৰ কাৰণে টকাই সকলো “—দ্বিতীয় ছায়ামূৰ্তিটো যেন স্পষ্টীকৰণ এটা দিছিল৷ এটা গলগলীয়া মাত, চিনি পাইছিল তেওঁ, সেইজনে অবিনাশ!
“টকা পাই যাবা তুমি, আশা কৰো মোৰ ল’ৰাৰ যেন যত্নত কোনো ক্ৰটি নৰখা, মই ল’ৰাক ঘূৰাই পাব বিচাৰো তেনেদৰেই সুস্থ ভাৱে“—-ছায়া মূৰ্ত্তিটোৰ আৱেগবোৰ যেন উথলি উঠিছিল’৷
“নিশ্চয় হৰেণ, এতিয়া বিদায়, তোমাৰ আমানত মই সঠিক ভাৱেই লালন পালন কৰিম“—অবিনাশ আঁতৰ হৈছিল৷ এহাতে কেঁচুৱা, এহাতে গধুৰ বেগ এটা! তেওঁৰ বুজাত অসুবিধা হোৱা নাছিল প্ৰথম ছায়ামূৰ্তিটোৰ সেয়া সঞ্চিত ধন৷
প্ৰথম ছায়া মূৰ্ত্তিটো আঁতৰি গৈছিল অন্য এটা পথেৰে৷
তভক খোৱা মানুহৰ দৰেই তেওঁ কিছু সময় বেছিকৈ ৰৈ আছিল তেওঁ৷
পিছদিনা চমুকৈ বাতৰি কাকতৰ দ্বিতীয় পৃষ্ঠাত তেওঁ মানুহজনৰ বিষয়ে খবৰ এটা পাইছিল৷
“মুখামুখি সংঘৰ্ষত ছোৱালী কেদাৰ এজনৰ মৃত্যু! এজন পলাই সাৰিবলৈ সক্ষম হয় যদিও তেওঁ নিজেই অৱশেষত আৰক্ষীৰ ওচৰত ধৰা দিয়ে৷ তেওঁ মূল সুঁতিলৈ ঘূৰি অহাৰ অংগীকাৰ কৰে৷ হৰেণ বৰা, বয়স——
পিছৰ খিনি গতানুগতিক! অৱশেষত আৰক্ষীৰ গুণানুকীৰ্তন!
ইয়াৰ পিছত তেওঁ কেইবাদিনো চৰ অঞ্চলত গৈছিল৷ সেই কেঁচুৱাটোৰ প্ৰতি মায়া মোহত তেওঁ৷ অবিনাশৰ ঘৰৰ থিক ওচৰতে তেওঁৰ খোজবোৰ ৰৈ গৈছিল! কাণ উনাইছিল তেওঁ৷
অবিনাশে পইচাৰ কাৰণে হেতালি খেলিছে, এটি কেঁচুৱাৰ সৈতে!
অলপো দয়া মৰম নাইনে, সহানুভূতি নাজাগেনে?
তেওঁ বিমূখ হৈছিল৷ কেঁচুৱাটোৰ সন্ধান পোৱা নাছিল তেওঁ৷
এৰা বিশ বছৰে সেয়া বুকুত তেওঁ জীপাল কৰি সামৰি থৈছে৷ মনৰ ভিতৰত থকা সেয়া দুৱাৰ আজি খোলাৰ পথত–
তেওঁ শুবলৈ গ’ল৷
পৰিবাৰে ইতিমধ্যে শুই পৰিছিল৷
ল’ৰাটোৰ সৈতে তেৱো ৰাতিপুৱাই হয়তো অবিনাশৰ ঘৰলৈ যাব!
তেৱোঁ বিচাৰে সেই কেচুৱাটোৰ সন্ধান, যি কেবল উত্তৰ অবিনাশেহে দিব পাৰিব—ভাবিলে তেওঁ৷
বাহিৰত বৰষুণৰ টোপালবোৰে এক মূৰ্চ্ছনা তুলিছে৷ সেই মূৰ্চ্ছনাৰ যেন শেষ নহ’ব, বাজিয়েই থাকিব আজি“! ! !

ৰাতিপুৱাই ল’ৰাটোৱে যোৱাৰ কাৰণে উথপথপ লগালে৷ মনৰ মাজত হেন্দোলিত কথাবোৰে হয়তো তাক অশান্তি দি আছিল৷ দুচকুত নিদ্ৰাহীনতাৰ চাপ দেখিলে তেওঁ৷ সেয়াটো স্বাভাৱিক!
সেই উৎকণ্ঠা অকল তাৰেই নে?
চলিহাৰো মনত তেনে এটা ঢপঢপনি বাঢ়ি আহিছে৷
ৰাতিপুৱা চাহকণ খাই ল’ৰাটোৰ সৈতে তেওঁ ওলাল৷ তেওঁৰ পৰিবাৰ আৰু জীয়েকজনী থিয় হৈ আছিল৷ হয়তো পৰিবাৰে তেওঁক কিবা এটা ক’ব বিচাৰিছিল, তেওঁ বাধা দিলে৷
তেওঁৰ মনত এনেকুৱা লাগিল পৰিবাৰৰ মূখত সংশয়ে যেন আগুৰি ধৰিছে, তেওঁ পিছলৈ উভতি নাচালে৷ পৰিবাৰক উত্তৰ দিব পৰাকৈ তেওঁ এতিয়া সক্ষম নহয়৷
চ’ৰ অঞ্চল পালে তেওঁলোকে৷
জণাজীৰ্ণ ঘৰ এটা৷ নিস্তধ্বতা বহন কৰি আছে ঘৰটোৱে৷ পৰিবেশটোৱে তেওঁক ভৌতিকতাৰ পৰশ এটা দিলে৷
“এইটোৱে ঘৰ!’’—তেওঁ ক’লে৷
“মামা’’—ল’ৰাজনে চিঞৰিলে৷ সঁহাৰি পোৱাৰ আশাত তেওঁলোকে বাহিৰত বাট চাই ৰ’ল৷
কোনোবাই কাঁহ মৰাৰ শব্দ শুনিলে তেওঁ৷ সেই উৎস পিছফালৰ বাৰীখনৰ পৰাই আহিছে৷
ঠিকেই দাড়িৰে ভোবোকাৰ এখন মূখ৷ সামান্য খীণাইছে তেওঁ৷
অবিনাশ তেওঁলোকৰ সন্মুখ পালেহি৷
অবিনাশ হাজৰিকাৰ মূখত এটা হাঁহি৷ সেই উজ্জ্বলতাবোৰ দুচকুত বিয়পি পৰিছে তেওঁৰ৷
অবিনাশৰ হাতত খৰিৰ বোজা এটা৷ এহাতে হাতত মিট দা এখন৷
“মই জানিছিলো তুমি আহিবা!’’—অবিনাশৰ ভাৱেলেশহীন মুখখন বুজিব নোৱাৰিলে তেওঁ৷ খৰিৰ বোজাটো তলত নমালে৷
আথে-বেথে চকী দুখন উলিয়াই দিলে অবিনাশে ভিতৰৰ পৰা৷
“চলিহা আপোনাকো ধন্যবাদ’’—অবিনাশে যেন কৃতজ্ঞতা প্ৰকাশ কৰিছে তেওঁলৈ৷
তেওঁৰ মুখত ঈষৎ হাঁহি এটা বিয়পি পৰিল৷ নিজ চকুৰে দেখিছেনে তেওঁ অবিনাশক এই খৰকটীয়াৰ ৰূপত! নে নিজৰ বদ মেজাজী স্বভাৱ, চৰিত্ৰ লুকুৱাই ৰখাৰ প্ৰয়াস!
অবিনাশক তেওঁ জানিছিল এজন নিষ্ঠুৰ, নিৰ্দয়ী হিচাপে৷ লুটপাত তেওঁৰ স্বভাৱগত চৰিত্ৰ৷ হাবিৰ কাঠ সৰহবৰাহ কাৰবাৰটোতো তেওঁ জড়িত আছিল৷ স্থানীয় পুলিচ থানাত কেইবাটাও গোচৰ তেওঁৰ বিৰুদ্ধে চলি আছিল৷
তেওঁৰ স্বভাৱগত চৰিত্ৰৰ পৰিপন্থী এয়া কি বাৰু! —চলিহা বিবুদ্ধিত পৰে৷
“মামা, মই কিছু কথাৰ জনাৰ কাৰণে আহিছোঁ, মই এজন পুত্ৰ হিচাপে অথবা আপোনাৰ ভাগিন হিচাপে জনাটো খুবেই প্ৰয়োজনীয়’’—ল’ৰাজনৰ বাকপটুতাত চলিহা মুগ্ধ হ’ল৷ জীৱন দৰ্শন জুমি চোৱাৰ কৌশল অতি সোণকালে হয়তো আয়ত্ত কৰিছে সি৷
“তোমাক কোৱাটো মোৰ কাৰণে ও জৰুৰী, বহু পাপেই বহন কৰি আছো জীৱনত, এতিয়া আৰু সেই অব্যক্ত কথাবোৰ সামৰি থোৱাটো ময়ো বিচৰা নাই, নহ’লে মোৰ আত্মাই কোনোদিনেই শান্তি নাপাব!’’ —-অবিনাশ হাজৰিকা ৰৈ যায়৷
চলিহাৰ ওচৰত নিষ্পাপ চৰিত্ৰ এটা বগুৱা বাই আহে৷ অবিনাশ নহয় যেন সেয়া, যাৰ প্ৰতি তীব্ৰ ঘৃণা যেন ভৰি আছিল তেওঁৰ মনত ইমানদিনে৷
“মোৰ ভনী চহৰৰ সেই ধনী সন্মানীয় ব্যক্তি প্ৰশান্ত দুৱৰাৰ সৈতে বিয়া হৈছিল৷ ভনী নিসন্তান আছিল৷ পাঁচ বছৰ উকলিল৷

ভনীৰ সেই দুখ মই চাব পৰা নাছিলোঁ৷ আচম্বিতে মই হৰেণ নামৰ মোৰ সতীৰ্থ এজনৰ সৈতে মুখামুখি হওঁ৷ যোৱা দুবছৰ তেওঁৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছিল৷ তেওঁ স্বাধীন অসমৰ সপোন দেখিছিল৷ তেওঁৰ সপোনৰ সৈতে এটা নতুন নাম যোগ হৈছিল৷ প্ৰিয়ংকা আছিল তাইৰ নাম!
তেওঁলোকৰ ল’ৰা এজনো জন্ম হৈছিল৷ দুৰ্ভাগ্যবশত এদিন তেওঁলোকৰ এই চৰ অঞ্চলতে এটি টহলদাৰী আৰক্ষীৰ সৈতে মুখামুখি হৈছিল৷ প্ৰচণ্ড গুলীয়াগুলীৰ মাজত প্ৰিয়ংকাক তেওঁ হেৰুৱাব লগা হৈছিল৷ প্ৰিয়কাৰ দেহত গুলী লাগিছিল৷ প্ৰিয়ংকাৰ নিথৰ দেহটো এৰি সেই কেঁচুৱাটো বুকুত সাৱটি তেওঁ মোৰ ওচৰ পাইছিল, তেওঁৰ ওচৰত পিতৃৰ দ্বায়িত্ব এটা দেখিছিলো মই৷ তেওঁৰ সঞ্চিত ধন কেঁচুৱাটোৰ নামত খৰচ কৰিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাছিল৷ মোটা অংক এটা বিচাৰিছিলো মই কেঁচুৱাটোৰ লালন পালনৰ নামত৷
অৱশেষত সিদ্ধান্ত এটা হৈছিল৷ মই কেঁচুৱাটো ডাঙৰ দীঘল কৰাৰ দায়িত্ব লৈছিলো৷ পিতৃ পৰিচয় তেৱে থাকিব! তেওঁ উভতি আহিলে ল’ৰাজনক অৰ্পণ কৰাৰ পিছতে মোৰো দ্বায়িত্ব শেষ!
কেঁচুৱাটো মই লৈ গৈ ভনীৰ হাতত তুলি দিছিলোঁ৷ সেই সময়ত কোনো কথাই দকৈ নাভাবিলো৷ ভনীক মই সকলো কথা জনালোঁ, ভনীয়ে জনাইছিল হয়তো প্ৰশান্ত দুৱৰাক, মানে ভিনদেৱক৷
তেওঁ মোক তাৰ বিনিময়ত পইচা দিব বিচাৰিছিল৷ প্ৰথমবাৰ মই পইচাৰ প্ৰতি বিৰক্ত অনুভৱ কৰিলো, মই নললো৷
যেতিয়াই তেওঁৰ সৈতে পিছলৈ মুখামুখি হৈছিলো প্ৰায়ে তেওঁৰ মোৰ সৈতে কাজিয়া হৈছিল৷
সেই সংশয়, মই বুজিছিলো, ল’ৰাটোক হেৰুৱাৰ ভয়ে গ্ৰাস কৰি পেলাইছিল তেওঁক৷
তেওঁ বিচৰা নাছিল সেই মানুহজন উভতি আহক, বুকুৰ আঁচল খালি হওক৷
যোৱা কিছুদিন আগতে হৰেণ জেইলৰ পৰা ওলাইছে৷
এতিয়া ময়ো দামোজাত আছোঁ, এফালে মৰমৰ ভনী, এফালে সেই মানুহজন যাৰ সৈতে মোৰ চুক্তি হৈছিল৷ সেই মানুহজনে তোমাৰ প্ৰকৃত দেউতা, নিলয়! প্ৰশান্ত দুৱৰা তোমাৰ পিতৃ নহয়৷ “
নিৰৱ, নিস্তধ্ব পৰিবেশ৷ কাঁহ পৰি জীণ যোৱা পৰিবেশটো এক মুহূৰ্তৰ কাৰণে হয়তো প্ৰয়োজন আছিল৷ নিজক বুজাৰ, মনৰ কথাবোৰ যুকিয়াই চোৱাৰ!
চলিহাই পৰিস্থিতিটো গমি পিতি দুয়োজনলৈ চালে৷
অবিনাশৰ দুচকুত চকুলো!
আৰু সেই ল’ৰাজন সিয়ো যেন হতভম্ব! বিশ্বাস কৰিব নোৱাৰা কথাবোৰে যেন তাৰ মূৰলৈ শিপাই আহিছে৷
অনাগত দিনত ল’ৰাটোৰ ভূমিকা কিমানযে লক্ষণীয় হ’ব—-তেওঁ ভাবিলে৷
এই মুহূৰ্তত তেওঁ কি বুলি পৰামৰ্শ দিব বাৰু! ! ?

জীৱনটোৱে হয়তো খেলা, বিচিত্ৰ সময়ৰ পাকচক্ৰ৷ য’ত নেকি এটি চাবি দিয়া পুতলাৰ দৰে নাচি থাকিব লগা হয়৷ তথাপি এই জীৱন বৰ অনুপম, ভালপোৱা আৰু অনুভূতিৰ অনন্য মাদকতাৰ সম্ভাৰ, নতুবা জীৱনৰ পংকিলতাৰ ছত্ৰছায়াত আঁৰি যোৱা দুখৰ আঁচোৰ৷ এয়ে হয়তো জীৱন দুখ আৰু সুখৰ এক সংমিশ্ৰিত ধাৰা৷
সময়ে হয়তো প্ৰবঞ্চনা নকৰে, কিন্তুু এই সময়ৰ সৈতে অজানিতে ক’ৰবাত হেৰাই যাওঁ—তেওঁ উত্তৰ পাই গ’ল, অথচ এই উত্তৰৰ শেষত যি গভীৰ সখানুভূতি পাব লাগিছিল সেয়া তেওঁৰ সম্ভৱ হোৱা নাই৷
ল’ৰাটোৰ উচুপনি তেওঁৰ বুকুত ওলমি আছে৷ উখহি উঠা চকু দুটাই ল’ৰাটোৰ ভিতৰখনত চলি থকা মানসিক অন্তৰ্দন্দৰ উমান এটা দিছিল তেওঁক৷
এনেতে হাড়ে ছালে লগা মানুহ এজন তাত উপস্থিত হ’ল৷ পিন্ধনত অপৰিপাটি এযোৰ পোচাক, মলিন, শৰীৰ ভাগি গৈছে আগন্তুকৰ, সময়ৰ আগতকৈ তেওঁক যথেষ্ট বয়সীয়াল দেখা গৈছে৷ চকুত তেওঁৰ অদ্ভুত তিৰবিৰণি! আগন্তকে পৰিস্থিতিটো সম্ভৱ নিৰিক্ষণ কৰাত লাগিল—চলিহাই আঁৰ চকুৰে তেওঁলৈ চালে৷ এই সময়ত তেওঁৰ আগমন নিঃসন্দেহে চলিহাক অলপ হ’লেও সকাহ দিলে৷
“আহা, বহাহি“—মোমায়েক উঠিল, তেওঁ বহি থকা চকীখন আগন্তুক লৈ আগবঢ়াই দিলে৷
“এওঁলোক কোন! “—তেওঁৰ মনত হয়তো সংশয় এটা উৎপন্ন হৈছে৷ তেওঁ বহিল৷
আগন্তুকৰ সন্দেহৰ তীক্ষ্ণ দৃষ্টি এটা দেখিলে চলিহাই৷
“বীৰেণ, এইজন তোমাৰ শুভকাংক্ষী, আৰু এইজন তোমাৰে ল’ৰা! নিলয়“—মোমায়েকৰ মূখৰ মাত হৰিল৷
“মোৰ ল’ৰা, এইজন মোৰ ল’ৰা, অবিনাশ কি কৈছা, মিছা কোৱা নাইতো! ইমান ডাঙৰ হ’ল! মই বিশ্বাসে কৰিব পৰা নাই“—মানুহজন বহাৰ পৰা উঠিল, ল’ৰাজনৰ হাতখন চুই চালে তেওঁ৷ তেওঁৰ দেহত হয়তো গভীৰ প্ৰশান্তি এটা বৈ আছিল৷
নহ’বনো কিয়! বিশ বিছৰ এক দীঘলীয়া সময়! আজি অপেক্ষাৰ যেন অন্ত পৰিছে, তেওঁৰ সত্তাক ঘূৰাই পাইছে৷ তেওঁৰ সুখৰ টোপাল দুচকুৰে বিৰিঙি উঠিল৷
নিলয় প্ৰাণহীণ নিৰ্জীৱ বস্তুৰ দৰে বহি আছিল৷ জীৱনৰ এই সত্য তাৰ সন্মুখত উপস্থিত হৈছেহি৷ আজি পিতৃ তাৰ সন্মুখত!
এক নিদাৰুণ সত্য৷ কিন্তু সেই লালন পালন কৰা পিতৃ মাতৃক সি কেনেদৰে পাহৰিব পাৰে৷ তেওঁলোকৰ ছত্ৰছায়াতে ডাঙৰ দীঘল হ’ল, লিখালে পঢ়ালে, কোনো অভাৱ নিদিলে, মৰমত পালিত হৈয়ে এই বিশ বছৰ সি গঢ়কিলে৷ সেই পিতৃ মাতৃক কেনেদৰে সি পাহৰে, তাৰ সামান্য বেমাৰতে মাকজনী খাৱন শোৱন পাহৰিছিল, তাৰ ওচৰত অৱলা মাকজনী পাৰ কৰিছিল স্নেহাতীত সময়! বুজাব নোৱাৰাকৈ, আৰু সেই দেউতাক জন, ডাক্তৰক সুধি সুধি যেন অধৈৰ্য্য কৰি পেলাইছিল৷ সেই মৰম, সেই ভালপোৱা তাৰ বাবে অনন্য!
“নিলয়, মই তোমাৰ দেউতা!’’—তেওঁৰ ইমানদিনে হেঁচি ৰখা বিষাদবোৰে যেন প্ৰাণ পাই উঠিছে৷
“মই এতিয়া সকলো জানো! কিন্তু কাৰোবাৰ ছত্ৰছায়াত থাকি জানো অপমান কৰিব পাৰো’, সেই সাহস মোৰ নাই!’’—
“নিলয়, এয়া তোমাৰ দেউতা’’—মোমায়েক তাৰ ওচৰলৈ আহিল৷
“মই তেওঁক অৱজ্ঞা কৰা নাই, তেওঁ ফল দিয়ে এৰিব লগা হ’ল, আৰু যাৰ ছাঁত জিৰালো, উম ল’লো সেই ছাঁ মই কেনেদৰে পাহৰো’’
“আজি মই ধন্য, পুত্ৰ!’’—বীৰেণ বহাৰ পৰা উঠিল৷
“তুমি সঁচাই উচিত কথাই কৈছা, মই ফল দিয়ে এৰিলো, আৰু যি ছাঁত ইমানদিনে লালিত পালিত হ’লা, তাক তুমি কেনেদৰে পাহৰিবা! মই বিধিৰ বিপাকত তোমাৰ ওচৰত থাকিব নোৱাৰিলো, কিন্তু সেই সংস্কাৰ আৰু স্বাভিমান হয়তো “মোৰ ওচৰত থকা হ’লে ময়ো দিব নোৱাৰিলো হয় যিখিনি প্ৰশান্ত দুৱৰাই দিছে! তোমাৰ মূখখন চাবলৈ ব্যাকুল হৈ আছিলোঁ, আজি নিজকে মই সুখী অনুভৱ কৰিছো, মোৰ ল’ৰা ডাঙৰ হ’ল, অকল ডাঙৰে নে সমস্যাৰ সৈতে যুঁজিবলৈ জনাও হৈছে৷
“দেউতা!’’—সি আকোঁৱালি ধৰিলে বীৰেণক, আৰু বীৰেণেও _
“মোৰ কথাৰ ভুল নুবুজিবা, দেউতা!’’—
“মোৰ আৰু আক্ষেপ নাই! তুমি যোৱা এতিয়া তোমাৰ ঘৰখনলৈ যত তোমাৰ মা দেউতা বাট চাই আছে’’
নিলয়ে চৰণ স্পৰ্শ কৰি সেৱা এটি ললে৷ চলিহাৰ সৈতে সি উভতিল৷
তাৰ দুচকু চলচলীয়া হৈছে৷
বীৰেণে ল’ৰাটো যোৱাৰ পিনে চালে৷ পিছে পিছে চলিহা৷
“তোমাক মই নুবুজিলো! —অবিনাশে সুধিছে বীৰেণক৷ সেই সন্দেহ হয়তো অমূলক, যি পুত্ৰৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ আছিল অথচ আজি লগ পাই তেৱে যাবলৈ দিছে উভতি৷ আচৰিত!
“ভালপোৱাৰ এয়াইতো মহানতা! যি মোৰ ল’ৰাই শিকালে মোক! মই ল’ৰাৰ সুখহে বিচাৰিছিলো, সি এতিয়া জ্ঞানেৰে পৰিপক্ব, তাতকৈ মোক কি লাগে, আজি মই সুখী! আৰু সেই পিতৃ মাতৃৰ ওচৰত ঋণী, যি তাক সংস্কাৰ দিলে, জ্ঞান দিলে, কোৱা সেই মৰমৰ তুলনাত মোৰ আৱেগৰ মূল্য আছে জানো! সি আজি এটা গতি পাইছে, কাৰোবাৰ উমত জীয়াই থাকিবলৈ শিকিছে!’’
চলিহাই পিছৰ পৰা কথাখিনি শুনিলে৷ তেৱো সুখী, ভালপোৱাৰ সমান হয়তো মহানতাৰ কোনো বিকল্প নাই!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক