ছাঁ — জ্যোৎস্না হাজৰিকা

নিজৰ কামখিনি সামৰি সুগন্ধা ততাতৈয়াকৈ অফিচৰ পৰা ওলাই আহিল। বজাৰত বস্তু কেইটামানো কিনিবলৈ আছে হিয়াৰ কাৰণে। ৰিক্সাখনত উঠি বজাৰলৈ পোনালে তাই। গেলামালৰ দোকানৰ বস্তুখিনিও লগতে লৈ ল’ব লাগিব। সন্ধিয়া সময়ত বজাৰ কৰি তাই খুবেই বেয়া পায়। উপায়ো নাই। দিনটো অফিচৰ কামত থাকোঁতে নিজৰ কথাবোৰ ভাবিবলৈ সময়েই নহয় তাইৰ। দেওবাৰৰ দিনটোত ওলাই আহিবলৈ মনেই নাযায়। গতিকে সন্ধিয়া সময়ত বজাৰত ঘূৰ্মুটিয়াই ফুৰাটো তাইৰ একপ্ৰকাৰৰ অভ্যাসেই হৈছেগৈ! সন্ধিয়াৰ চহৰখনৰ ৰূপটোহে তাইৰ বেছি চিনাকি হৈছেগৈ! ৰিপোজ বেকাৰীৰ ওচৰত নামি হিয়াৰ কাৰণে চকলেট কে’ক লৈ ল’লে তাই। কাষৰ সৰু গলিটোৰে বজাৰলৈ খোজ ল’লে। ডিচেম্বৰ মাহ। চাৰিবজাতেই আন্ধাৰ হ’ব খোজে। ঠাণ্ডাটোও এইকেইদিন বেছিকৈ পৰিছে। অফিচৰ পৰা ওলাওতে সদায় আন্ধাৰেই হয়। বজাৰ-সমাৰ কৰি ঘৰ সোমাই মানে হিয়া পঢ়া টেবুলত বহে। ককাকে গেটখনৰ ওচৰত ৰৈ চকুৰে মণি পোৱালৈ চাই জীয়েকলৈ বাট চাই থাকে। গৈ পোৱাৰ লগে লগে তিনিটা প্ৰাণীৰ কথা-বতৰাৰে ঘৰখন মুখৰ হয়। বাকী দুখন মুখে যেন প্ৰাণখুলি হাঁহিবলৈ সুগন্ধা অহালৈকেহে বাট চাই থাকে!

হিয়া স্কুললৈ যোৱাৰ পিছত ককাকে ঘৰটোতে ইটো সিটো কৰি সময় কটায়। সমুখৰ খালী জেগাখিনিত লগোৱা জলকীয়াৰ পুলি, বেঙেনাৰ পুলিকেইটা খুচৰি তেওঁৰ সময়খিনি পাৰ হৈ যায়। হিয়াৰ ফুলগছকেইজোপাও ককাকেই আপডাল কৰে। ফুলখিনি ফুলি উঠাৰ পিছত মানুহক কওঁতে কিন্তু হিয়াই ৰুইছে বুলিয়েই কয়! সুগন্ধাই বৰ ৰস পাই কথাটোত। দিনৰ তিনিবজাৰ লগে লগে মেইন ৰোডৰ কাষৰ গছজোপাৰ তলতে তেওঁ ৰৈ থাকে হিয়াৰ স্কুল বাছখন অহালৈ। ৰাতিপুৱাতে সুগন্ধাই ৰান্ধি থৈ যোৱা ডাইল, ভাজিখিনি গৰম কৰি ভাতকেইটা দুয়োটাই খায়। হিয়াই কেতিয়াবা অমলেট এটাও নিজে কৰি খায়। তাৰ পিছত দুয়ো অকণ জিৰণি লৈ সন্ধিয়া হোৱালৈ হেঁপাহেৰে বাট চাই ৰয়।
ঠাণ্ডা বতাহ এজাকে জোকাৰি থৈ যায় চহৰখনৰ সন্ধিয়াটো। সুগন্ধাই শ্বলখন ভালকৈ মেৰিয়াই ল’লে। গালে মুখে চুই যোৱা চেঁচা বতাহজাকে শ্বলখনক যেন উপলুঙা কৰি থৈ যায়। যিদৰে উকা সেওঁতাটোৱে তাইৰ জীৱনৰ বাকী থকা ৰঙখিনিকো ভেঙুচালি কৰি থৈ যায়। উকা সেওঁতাটো নথকাহ’লে অথবা সেওঁতাটো উকা হোৱাৰ পৰম্পৰাটো নথকা হ’লে.হালি পৰা গছ বুলি চিনাকিটো নোহোৱাহ’লে বা পুতৌবোৰ নোহোৱা হ’লেই জী থাকি ভাল পালেহেঁতেন সুগন্ধাই।
পিছে মানুহবোৰে কাহিনীবোৰ সাৰ পানী দি জীপাল কৰি ৰাখিহে ভাল পায়!
উকা কপালখন প্ৰথম চিনাকি নোহোৱাহেঁতেন! ক’ৰবাৰ পৰা জাকি মাৰি আহিলহেঁতেন চাগে ডৰিকণা হেঁপাহৰ জাক!
ভাবে সুগন্ধাই।
মায়াময় সন্ধিয়াটোৱে তাইকো আত্মপাঠ কৰাই থৈ যায়!
ঘৰমুখী সন্ধিয়াবোৰ খুবেই প্ৰিয় তাইৰ।
আন্ধাৰৰ মাজে মাজে যেন এটা দুটা পোহৰে খোজ লয় ঘৰলৈ…
ষ্ট্ৰীট লাইটৰ পোহৰত জিলিকি উঠে ঘৰমুখী ছাঁবোৰ..
কাৰোবাৰ বাবে হয়তো পদূলিমুখত ৰৈ থাকে উদ্বিগ্ন দুচকু…
কাৰোবাৰ বাবে হয়তো দিনটো ব্যস্ততাৰ অজুহাতত কাটি কৰি থোৱা দুখৰ পাহাৰখন…
ঘৰমুখী মানুহেহে গাব পাৰে জীৱনৰ গান। সুগন্ধাই ভাবে।
কুঁৱলীৰ আৱৰণৰ মাজত কোনোৱে ফাষ্টফুড কৰ্ণাৰত বহি উপভোগ কৰিছে শীতৰ মাদকতা। কোনোৱে বিক্ৰী নোহোৱা শাকমুঠি আগত লৈ টিপচাকিৰ পোহৰতে ৰৈ আছে গ্ৰাহকৰ অপেক্ষাত। মাংস অলপ লৈ ল’লে সুগন্ধাই। হিয়াই ভাল পাব। কাষতে গ্ৰাহকৰ অপেক্ষাত ঠেৰেঙা লগা সৰু ল’ৰাটোৰ পৰা তাৰ শেষৰ পালেং দুমুঠিও কিনি তাক আজৰি কৰি দিলে। কাইলৈ পকৰী বনাব পৰা যাব! হিয়াই বৰ ভাল পায়। হিয়াক কেন্দ্ৰ কৰি ঘূৰি থাকে তাইৰ পৃথিৱী। হিয়াৰ এবছৰ নৌহওঁতেই উগ্ৰপন্থীৰ গুলীত মানুহজন হেৰাই গৈছিল। শান্ত মানুহজনে কাক কি জগৰ লগাইছিল সেয়া তাই আজিও গম নাপালে। হিয়াক লৈ আন্ধাৰ দেখা পৃথিৱীখনত মাকৰ ঘৰখনেই তুলি ধৰিছিল তাইক। মানুহজন নোহোৱা হোৱাৰে লগে লগে ছোৱালীজনীক লগত লৈ সেইখন ঘৰত কাৰো আচৰণত আত্মীয়তাৰ গোন্ধ পোৱা নাছিল সুগন্ধাই। আচলতে জীৱনৰ চিৰন্তণ সত্যটোৱেই হ’ল নিৰ্ভৰশীলতা। লোকৰ বোজা হোৱা জীৱনবোৰে সদায় অনাদৰ পোৱাটোৱেই পুৰাতন সত্য। ছোৱালী এজনী বিয়া হৈ যোৱা মানেই মূৰ ডাঙি থিয় হোৱাক নুবুজায়। সেয়াটো বোজা হোৱাৰ এক আৰম্ভণিহে…
মানুহজন নোহোৱা হৈ যোৱাৰ পিছত কথাষাৰ বুজি উঠিছিল সুগন্ধাই। লাহে লাহে স্বামীগৃহৰ পৰা আঁতৰি আহিছিল তাই।
গোত্ৰ চিঙি কন্যাদান কৰা ঘৰখনৰ চেষ্টাতেই অনুকম্পামূলক নিযুক্তিত চাকৰিটো পাইছিল তাই। তাৰ পিছৰে পৰা নতুনকৈ কিনি লোৱা অকমাণি ঘৰটোত তাইৰ জীৱন যাত্ৰা চলি আছে। প্ৰথমতে মাকে হিয়াক ডাঙৰ কৰিলে। মাক ঢুকোৱাৰ পিছত দেউতাকে নিজেই আহি দায়িত্বটো ল’লে। মানুহজন হেৰাই যোৱাটোৱেই চৰম সত্য বুলি মানি ল’ব পৰা হ’ল তাই আজিকালি। সান্ত্বনাবাণীবোৰো একঘেয়ামি লগা হৈছেগৈ। আচলতে সান্ত্বনাতকৈ সাহসৰহে প্ৰয়োজন বেছি বুলি তাই বুজি উঠিছে। হিয়াকো কথাবোৰ বেলেগকৈ বুজাবলগীয়া হোৱা নাই।
ঠাণ্ডাদিনত অলপ সোনকালে ওলাব পাৰিছিল তাই আগৰ অফিচাৰজন থাকোঁতে। “যোৱা যোৱা ছোৱালী অকলে আছে। কি আছে কাইলৈ কৰিবা“ বুলি পঠিয়াই দিছিল। পিছে নতুনজনে আবেলি হোৱাৰ লগে লগে নতুন কাম কিছুমান উলিয়াই দিয়ে। দেৰি হ’লে ঘৰত থৈ আহিম বুলিও কয়। কাম কৰাৰ নামত তাইৰ লগত সময় কটাব বিচৰা যেনহে ভাব হয় তাইৰ। হোৱাই নোহোৱাই তেওঁৰ কেবিনলৈ মাতি থকা কথাটোও তাইৰ ভাল নলগা হৈছে। ডিভোৰ্চি মানুহটোৰ কথা-বতৰাবোৰো তাইৰ একেবাৰেই পচণ্ড নহয়।
: মা আহিলা। ইমান দেৰি কৰিলা যে? বেগটো লৈ গৈ হিয়াই ভিতৰৰ পৰা পানী এগিলাচ আগবঢ়াই দিয়ে। দিনটোৰ ভাগৰবোৰ যেন এইখিনিতেই নাইকিয়া হৈ পৰে সুগন্ধাৰ।
: ককা, মায়ে চিকেন আনিছে। বাটাৰ চিকেন খাম আজি। তুমি নাখাও বুলি নকবা কিন্তু। মাংসখিনি মেৰিনেট কৰি হিয়াই ককাকৰ কাৰণে বেলেগকৈ দুপিচমান মাংস কুকাৰত চিটি মৰিবলৈ উঠাই দিয়ে! ককাকে মিচিককৈ হাঁহি এটা মাৰে নাতিনীৰ কথাত। অকলশৰীয়া ছোৱালীজনীয়েও হাঁহিবলৈ শিকিছে সেয়াও কম কথানে! মাকে জীয়েকে হাঁচি এটাও শান্তিত মাৰিব নিদিয়ে তেওঁক! সুগন্ধাই চাহ দুকাপ আনি ডাইনিঙৰ চকী এখন টানি লয়। হিয়াই প্লেটখনত কেক এপিচ লৈ পঢ়া টেবুলত বহে। তাইৰ পৰীক্ষাও চলি আছে। ককাকে ৰেডিঅ’টো অন কৰি সুগন্ধাৰ লগতে বহে অকণমান। চুবুৰীটোৰ দিনটোৰ বা-বাতৰিখিনি তাই এইকণ সময়তে দেউতাকৰ পৰা পায়!
সদ্যহতে সুগন্ধাৰ জীৱনটোত এইখিনিয়েই সুখ। হঠাৎ শূন্য হৈ পৰা জীৱনটোত চকুপানীবোৰৰ শেষত এইখিনি প্ৰাপ্তিক অনাদৰ কৰিবলে মন নাযায় সুগন্ধাৰ। পত্নীহাৰা দেউতাক, পিতৃহাৰা হিয়া আৰু স্বামীহাৰা তাইৰ জীৱন এতিয়া একেডাল সূতাৰে গাঁঠ খাই আছে। ক’ৰবাত অকণমান টান খালেও যেন তিনিও সমানে কষ্ট পায়। বৰ আলফুলে ৰাখে তাই এই সূতাডাল…বৰ আলফুলে জীয়ন দিয়ে তাই তিনিটি হেঁপাহ।
ৰাতিপুৱা দৌৰাদৌৰিকৈ ভাত দাইলখিনি যোগাৰ কৰি ফ্ৰীজত থকা মাংসখিনিৰে হিয়াক পঠিয়াই ল’লে তাই। দেউতাকৰ সৈতে নিজেও ভাতকেইটা খাই অফিচলৈ ওলাল। সৰা-মোচা কামখিনি পাৰ্টটাইম বাইজনীলৈ থৈ আহে তাই। আজিকালি অফিচত তাইৰ মনত অনবৰতে শংকাভাৱ এটাই আমনি কৰি থাকে। অফিচাৰৰ কেবিনত ডাটা এণ্ট্ৰিৰ কামখিনি কৰোঁতে বৰ অসহজ লাগে তাইৰ আজিকালি। আগতে নিজৰ কম্পিউটাৰটোতে চব কাম কৰিছিল তাই। এতিয়াহে নতুনজনে নিজৰ কেবিনত মাতি নি কাম কৰোৱাইছে। চহীটো কৰি টেবুলত বহাৰ লগে লগে পিয়ন হৰৰ হতুৱাই ছাৰে মাতি পঠিয়ালে।
: বহাচোন বহা। ঢেৰ কাম আছে। ইয়াতেই কৰিব পাৰিবা তুমি। হাঁহি এটা মাৰি মানুহজনে তাইলৈ চালে। চকুকেইটা যেনি তেনি বগোৱা তাই অনুমান কৰিব পাৰিলে। কম্পিউটাৰটো অন কৰি তাই বহি ল’লে। মানুহজন ফাইলটো তাইৰ ওচৰত দিয়াৰ চলেৰে আগুৱাই আহিল।
: কোৱাচোন তোমাৰ কথা। ভালে আছা?
এক্সেল ছিটখন খুলি তাই ৰৈ গ’ল একো নমতাকৈ।
: কোৱা আকৌ।
: ভালেই আছো ছাৰ।
: অকলশৰীয়া জীৱনটোত তোমাৰ আমনি নালাগে নে? সকলো মানুহকে ছাঁ লাগে দুপৰৰ ৰ’দত। জীৱনটো অকলে কটোৱা কিমান কষ্টকৰ মই বুজি পাওঁ। তুমিতো জানাই মই কিমান অকলশৰীয়া। যদি তুমি বিচৰা…উগ্ৰ পাৰফিউমৰ গোন্ধ এটা ক্ৰমাৎ ওচৰ চাপি আহিল তাইৰ।
জাঁপ মাৰি থিয় হ’ল সুগন্ধা।
: মোক আৰু ছাঁ নালাগে ছাৰ।
দুপৰৰ ৰ’দজাক মূৰত লৈ খোজ কাঢ়িব পৰাটোহে জীৱনৰ সাৰ্থকতা বুলি ভাবোঁ এতিয়া। ছোৱালীজনীকো তাকেই শিকাম ছাৰ। আপোনাৰ জীৱন আৰু মোৰ জীৱন একে নহয় ছাৰ। অকলশৰীয়া হোৱাটো আপোনাৰ চইচ ছাৰ। মোৰ নহয়! মই মোৰ ছাঁ হেৰুৱাইছোঁ ছাৰ। আজিৰপৰা মোৰ কামখিনি মোৰ টেবুলত কৰিবলৈকে ভাল পাম ছাৰ। কিবা থাকিলে হৰৰ হাতত দি দিব ছাৰ।
কেবিনটোৰ পৰা ওলাই আহিল সুগন্ধা আপদীয়া ছাঁটো তাতে দলিয়াই থৈ। বাহিৰত তেতিয়া আহোঁ আহোঁ কৰা দুপৰৰ ৰ’দ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক