“ছাকিৰা আহিব বকুলতলৰ বিহুলৈ“ আৰু কিছু কথা (নক্ষ্যজ্যোতি শালৈ)

সংস্কৃতি এটা জাতিৰ দাপোণ৷ এই দাপোণতেই এটা জাতিৰ ঐতিহ্য পৰম্পৰা প্ৰতিফলিত হয়৷ মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই সংস্কৃতিয়ে কেনেদৰে এটা জাতিৰ ঐতিহ্য সগৌৰৱে বহন কৰি আহিছে যুগে যুগে সময় তাৰ সাক্ষী হৈ ৰৈছে৷ অসমীয়া জাতিটোৰ পৰিচয় হিচাপে অসমীয়া সংস্কৃতিয়েও ইমান দিনে বিশ্বৰ আগত মূৰ দাঙি থিয় দি আহিছে৷ ইয়াৰ এক সুকীয়া ঐতিহ্য আৰু জনপ্ৰিয়তা আছে কিন্তু শেহতীয়াকৈ কিছু দশকৰ পৰা অসমীয়া সাংস্কৃতিক অখণ্ডতাৰ প্ৰতি এক বিৰাট ভাবুকি কঢ়িয়াই আনিছে পাশ্চাত্য সংস্কৃতি আৰু বৃহৎ ৰাষ্ট্ৰীয় সংস্কৃতিত আধুনিকতাৰ অন্ধ প্ৰলেপ সনা এচামে৷ কিছু কিছু ক্ষেত্ৰত হিন্দী লবী ৰ নিজা স্বাৰ্থ জড়িত বৃহৎ হাতুৰীৰ কোবত অসমীয়া সংস্কৃতি জহি খহি যাব ধৰিছে আৰু ইয়াত উজান দি আহিছে এচাম তথাকথিত অসমীয়াই যিয়ে লালসাৰ সকলো সীমা চেৰাই নিজৰ জাতীয় স্বাভিমানকো বন্ধকত থবলৈ কুণ্ঠাবোধ কৰা নাই৷
সেয়েহে এজন প্ৰকৃত অসমীয়া হিচাপে অসমীয়া ভাষা-সংস্কৃতি, জাতীয় স্বাভিমানক হিন্দী লবীৰ হাতোৰাৰ পৰা মুক্ত কৰি পুনৰাই আমাৰ ক্ষুদ্ৰ সংস্কৃতিটো স্বকীয়তাৰে উজলাই তোলাৰ বাবে এটা সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজন খুবেই অনুভৱ কৰিছিলো আৰু তাৰ বাবে আগবাঢ়ি আহিছিলে হিমাংশু প্ৰসাদ দাসে “গুৱেৰ্ণিকা“ৰ এজাক স্বপ্নাতুৰ অসমীয়াক লৈ এখন চিনেমা নিৰ্মাণ কৰিবলৈ যাৰ নাম আছিলে — “ছাকিৰা আহিব বকুলতলৰ বিহুলৈ“৷
চিনেমাখন নিৰ্মাণৰ আৰম্ভণিতে পৰিচালকে এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছিলে অসমীয়া সমাজখনলৈ যে- “অসমীয়া হলেই অসমীয়া চিনেমা চাব নালাগে ভাল চিনেমাৰ দৰ্শত হওক“৷ হিন্দী মাৰ্কাৰ অন্ধ অনুকৰণ কৰি বনোৱা অসমীয়া চিনেমাৰ প্ৰতি অসমীয়া দৰ্শকৰ যি বিতৃষ্ণাৰ মনোভাৱ গতিকে ভাল চিনেমা এখন আহিলেও নাচায় বিৰক্ত হ’ব বুলিয়ে সেয়েহে ভাল চিনেমা এখন চোৱাৰ কাৰণে ই এক উৎসাহৰ বতৰা কঢ়িয়াই আনিছিলে৷ লগতে তেওঁলোকে প্ৰতীকী এটা ব্যৱহাৰ কৰিছিলে যে “এদিন বলিউদে আমাক নকল কৰিব“ য’ত হয়টো এক গভীৰ ভাৱ লুকাই আছে৷ দাক্ষিণাত্যৰ নিজৰ স্বকীয়তা, নিজৰ স্বাভিমান বজাই ৰখাৰ বাবে যি ঐক্যৱদ্ধ প্ৰচেষ্টা সেয়ে আজি তাৰ চিনেমাক বলিউদে অনুকৰণ কৰে গতিকে ভাল চিনেমা হ’লে নিশ্চয় বলিউদে এদিন আমাক অনুকৰণ কৰিলে আশ্চৰ্য্যৰ বিষয় নহ’ব সেইটো৷
এতিয়া আহো চিনেমাখন ভালপোৱা নোপোৱাৰ বিষয়লৈ –
কোনো পেছাদাৰী শিল্পী অবিহনে ৰাইজৰ সহযোগত ৰাইজৰ কষ্টৰ ধনেৰে সীমিত বাজেটেৰে বনোৱা এখন সুস্থ সামাজিক চিনেমা .. ৰাইজে যি উৎসাহেৰে এই চিনেমা নিৰ্মাণ আৰু প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছিলে ই অসমীয়াৰ মাজত ঐক্যৰ জৰী গাঠি দিছিলে যি এক শুভ সংকেত অসমীয়া সমাজৰ প্ৰতি লগতে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ প্ৰতিও৷
লগতে চিনেমাখনৰ চিত্ৰনাট্য যথেষ্ট শক্তিশালী যাৰ বাবে দৰ্শকে অলপ সময়ৰ বাবেও আমনি অনুভৱ কৰা নাই বুলি অনুভৱ৷
লগতে চিনেমাখনৰ গতিয়েও দৰ্শকক আমনি দিয়া নাই বুলি অনুভৱ৷
লগতে হাস্য-ব্যংগ ৰ মাজেৰে সমাজলৈ এক সুন্দৰ বাৰ্তা কঢ়িয়াই লৈ যাব পৰা অসমীয়া চিনেমা খুবেই তাকৰ কিন্ত আধুনিকতাৰ প্ৰলেপৰ ফলত কেনেকৈ সংস্কৃতিবোৰ পৰিবৰ্তন হয় এনেকুৱাই এটা গতানুগতিক ঘটনা লৈ হাস্যৰসৰ মাজেৰে ই অসমীয়া সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে লগতে ইয়াত কোনো অন্ধ অনুকৰণ নাই, কোনো বহুৱালি নাই৷
লগতে যথেষ্ট কষ্ট কৰাৰ পিছতো কেমেৰাৰ আগত সকলো শিল্পীৰে যি অভিনয় সিয়ে তেওঁলোক যে অপেছাদাৰী তাৰ অনুভৱ দৰ্শকৰ হোৱা নাই বুলি অনুভৱ৷
সীমিত বাজেটৰ চিনেমা হিচাপে লগতে পৰিচালকৰ প্ৰথম প্ৰচেষ্টা হিচাপে কিছু কাৰিকৰী আসোঁৱাহ ৰৈ যোৱাটো স্বাভাৱিক কথা লগতে চিনেমাখনত স্বাভাৱিক ভাৱেই এক বৃহৎ পৰিমাণৰ কলা-কুশলী জড়িত হৈ পৰিছিলে যিটো অসমীয়া চিনেমাত খুবেই বিৰল আৰু প্ৰথম প্ৰচেষ্টাতে ইমানখিনি কলা-কুশলীক চিনেমাৰ মাধ্যমত তুলি ধৰোতে কিছু সৰু সৰু ভুল হোৱাটো স্বাভাৱিক কথা৷
দৃশ্যগ্ৰহণ, পোহৰ এইবোৰত কিছু অভাৱ বিদ্যমান যদিও চিনেমাখনৰ চিত্ৰনাট্য, গতি, অভিনয়ে সেইবোৰৰ অভাৱটো লুকাই ৰাখিছে যাৰ কাৰণে চিনেমাখন বেয়া বুলি কব পৰা দৰ্শকৰ সংখ্যা নিচেই কম বুলি অনুভৱ৷
মুঠতে ভৱিষ্যৎে ইয়াতকৈ অধিক সুন্দৰ প্ৰচেষ্টা আশা কৰিব পাৰি পৰিচালকৰ পৰা চিনেমাখন চাই আৰু ডাঠি কব পাৰি যে অসমীয়া চিনেমাক এলান্ধুৱে ছাঁনি ধৰাৰ সময়ত ই অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ এনে এখন শ্ৰেষ্ঠ চিনেমা যিয়ে অসমীয়া চিনেমা ক পুনৰোজ্জিৱীত কৰাৰ বাবে বাট কাটি দিছে .. কবলৈ গ’লে অসমীয়া সংস্কৃতিৰ বৰভেঁটি সুদৃঢ় কৰাৰ বাবে ই লাইখুঁটা স্থাপন..
কিন্তু অতীজৰে পৰা চলি অহা সেই একেই হিন্দী লবীৰ হাতোৰাৰ প্ৰভাৱৰ পৰা মুক্ত নহ’ল অতদিনে অসমীয়া দৰ্শকে চাবলৈ ৰখি থকা চিনেমাখন৷ একেদৰেই কেঁকোৰাচেপা দি ৰাখিলে চিনেমাখনক৷ পৰ্যাপ্ত দৰ্শক থকা সত্ত্বেও এপাচি শাকত এটা জালুক লেখিয়া অসমীয়া চিনেমা হলৰ পৰা দুখন হিন্দী চিনেমাৰ আগমনৰ বাবে এপষেক নহওঁতেই চিনেমাখন আঁতৰাই দিয়া হ’ল প্ৰায়বোৰ হলৰ পৰাই৷ নিশ্চয় চলক কিন্তু প্ৰতিটো হলত দৰ্শকে বিচাৰি থকাৰ পিছতো এটাকৈ হ’লেও দৰ্শনী ৰাখিব নোৱাৰাৰ কোনো প্ৰশ্ন নাছিল৷ কিন্তু সুযোগসন্ধানী তথাকথিত দালাল সকলে চিনেমাখন নাৰাখিলে৷ পুনৰ এবাৰ মূৰ দোঁৱালে তথাকথিত এচামে হিন্দী লবীৰ ওচৰত আৰু পুনৰ এবাৰ হানা হ’ল জাতীয় স্বাভিমান ত মোক্ষম আঘাত৷
চিনেমাখনে জাতীয় স্বাভিমান, অসমীয়া সংস্কৃতিৰ আত্মৰ বাবে যি সংগ্ৰাম আৰম্ভ কৰিছিলে তাত বৃহৎসংখ্যক অসমীয়া জড়িত হৈ পৰিছিল যাৰ বাবে চিনেমাখন চলাবৰ বাবে খোদ ৰাইজ প্ৰতিবাদত নামি পৰিছিলে৷ তাকে দেখি পৰিচালকে শেহতীয়াকৈ পৰেশ বৰুৱা, জাতীয়-জনজাতীয় সংগঠন সমূহৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰি পত্ৰ একোখনি লিখিছিলে চিনেমাখন বন্ধ কৰাৰ বিষয় লৈ কিন্তু সেইটোৱো কেৱল বিতৰ্কৰ মাজলৈ হে লৈ অনা হ’ল? প্ৰতিক্ৰিয়া বিচৰা মানে সহায় বিচৰা হয় জানো? এনেদৰেই যদি ৰাইজে সদিচ্ছা প্ৰকাশ কৰাৰ পিছতো, পৰ্যাপ্ত দৰ্শক থকাৰ পিছতো এচাম সুযোগসন্ধানীৰ বাবে চিনেমাবোৰ ৰ এই দুৰ্দশা হয় তেনেহ’লে তথৈৱচ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ উন্নতি হ’ব কেনেদৰে? অসমীয়া চিনেমা এতিয়া যদি অসমতেই নচলে তেনেহলে চলিব ক’ত? ? অসমীয়া হিচাপে সেয়া আপোনাসৱৰ ওচৰতে এৰিলো? ?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক