ছাগলী মাংস! — ৰিমঝিম বৰঠাকুৰ

“মাংস কেই কেজি হ’লে ভাল হ’ব? “
“৪০কেজিয়ে হৈ যাব লাগে৷“
“নাই নাই ৪০কেজি হ’লে ইমানবোৰ মানুহক জুৰোৱা টান আছে৷“
“হেহ কি কথা কয়হে ৪০কেজিয়ে নাটিবনে?”
“এপিছ বা দুপিছকৈ দিলে আঁতিব আৰু… মানুহ কিমান হয় তাৰ ওপৰতহে সকলোবোৰ৷”
পাঁচ ছয়জনীয়া মানুহখিনিৰ দলটো আহল-বহল চোতালখনৰ মাজ-মজিয়াত বহি আলোচনাত ব্যস্ত হৈছে৷ ভাজি-পাচলি, চাউল-দালিৰ হিচাপটো হৈ যাব বাৰু, কিন্তু সমস্যাটো হ’ল মাছ-মাংসৰ হিচাপটোক লৈহে৷ বিয়া-সবাহেই হওক বা শ্ৰাদ্ধ, মৎস্য স্পৰ্শ ইত্যাদিৰ ভোজেই হওক মাছ-মাংসৰ হিচাপটো সঠিক নহ’লে মানুহবোৰক সন্তুষ্ট কৰাটো টান৷ প্ৰায়বোৰৰে চকুত মাছ-মাংসৰ এলা-পেচা হিচাপটোৱে নাটেই৷
মহিধৰ কলিতাৰ ঘৰতো ইয়াৰ ব্যতিক্ৰম নহ’ল৷ কলিতাৰ ঘৰত কালি তিলানিটো হৈ যোৱাৰ পিছত আজি সকলোবোৰ ভাগে ভাগে হিচাপ-নিকাচত লাগিছে৷ অঞ্চলটোৰ অলপ সৰবৰহী খুৱাই-বোৱাই আগ্ৰহীসকল আদ্য শ্ৰাদ্ধ আৰু মৎস্যস্পৰ্শ ভোজৰ দিনা কি খুওৱা হ’ব সেই লৈয়ে ব্যস্ত৷ মহিধৰৰ ডাঙৰ পুত্ৰ কুলদীপক মাজতে বহুৱাই আলোচনাভাগি আগবঢ়োৱা হৈছে৷
“এই দুদিন গৰমটোও খুউব পৰিছে৷ এনেকুৱা গৰমত ভোজৰ দিনা বেছি মানুহৰ আশা নকৰাই ভাল৷ এনেও মানুহবোৰ আজিকালি স্বাস্থ্যৰ প্ৰতি বহুত সচেতনো হৈছে৷ গতিকে এই গৰমত মাছ-মাংসবোৰ খাই পেট বেয়া কৰিবলৈ নাহে৷” গৰমত ঘামি-জামি পিন্ধি থকা বগা কপাহী কুৰ্তা সদৃশ চাৰ্টটোৰ ওপৰৰ বুটাম দুটা খুলি চাৰ্টৰ ভিতৰৰ ফালে মুখখন নি এবাৰ দুবাৰ ফুফু কৰি মহেশ্বৰ কেৰাণীয়ে কৈ উঠিল৷
মহেশ্বৰ কেৰাণীৰ কথাত দুজনমানে হয়ভৰ দিলে যদিও কেইজনমানে বৰ এটা সন্তোষ পোৱা যেন নালাগিল৷ সকলোৰে কথাবোৰ শুনি থাকি কুলদীপে মাত্ৰ মূৰটো দুপিয়াই দুপিয়াই শলাগিহে গ’ল৷ মাজে মাজে গাড়ী থোৱা গেৰেজটো খালী কৰি খবৰ কৰিবলৈ অহা মানুহ বহিবলৈ সুবিধা কৰি দিয়াৰ কোঠাটোৰ এচুকত বহি থকা মাক আৰু ঘৈণীয়েকলৈও চকু যায়৷ ঘটনাটো ঘটাৰ পিছতে মাকৰ চকুৰ চকুলো শুকুৱাই নাই৷ মাজে মাজে তাৰ ঘৈণীয়েক নৱনীতাই মাকক কিবা এটা বুজাই আকৌ চাদৰৰ আচলৰে নিজৰ চলচলীয়া হোৱা চকু দুটাও মুচি লয়৷
দেউতাক মহীধৰে ৰভা দিবলৈ অহা মানুহখিনিক কিবা দুটামান কৈ বাৰাণ্ডাখনতে বহেহি৷ হয় দেই আজি এই চাৰিদিনতে ঘৰৰ মানুহখিনিৰ বয়স যেন চাৰিবছৰ বাঢ়ি গ’ল৷ একেবাৰে নভবা নিচিন্তা ঘটনা!
“অহ, কুলদীপ এইফালে আহচোন৷“ ওচৰৰে ভবাণী বৰমাই মানুহখিনিৰ মাজৰ পৰা কুলদীপক মাতি লৈ গ’ল৷ গাৰ পৰা খহি যোৱা চেলেংখন গাটোত মেৰিয়াই থিয় হৈ ধুতিখন ঠিক কৰি মানুহখিনিৰ মাজৰ পৰা “অলপ আহিছোঁ” বুলি চাপৰি সি ওলাই আহিল৷ মূৰত মৰা বগা ফিতাডাল অলপ ঢিলাই সি ভৱানী বৰমাৰ ফালে আগবাঢ়িল৷ মানুহখিনিৰ মাজত ভদ্ৰতাৰ খাতিৰত বহি আছিল যদিও সি একেবাৰে তাত মন বহুৱাব পৰা নাছিল৷ ভৱানী বৰমাই তাক মাতি আনি যেন ৰক্ষাহে কৰিলে৷
“অই শুনচোন কুলদীপ৷ ভোজটো মংগলবাৰৰ সলনি বুধবাৰ কৰিব নোৱাৰিনে?”
“কিয় বৰমা?”
“নহয় মানে বুধবাৰে ঈদৰ বন্ধ৷ চব অফিচ কাছাৰীও বন্ধ থাকিব৷ সেয়ে ভাবিলোঁ…”
“বৰমা এইটো মৎস্যস্পৰ্শৰ ভোজ৷ কেইজনমান মানুহ হ’লেও কথা নাই৷ মাত্ৰ আমাক জ্ঞাতি লগ-লগাই ৰক্ষা কৰিলেই হ’ল৷“
“নহয় মানে মংগলবাৰে অফিচ পাতিও খোলা৷ বহুতে আমিষো নাখায়৷ হ’ব বাৰু বৰতাৱৰক মই মহীধৰৰ লগত কথা পাতিবলৈ ক’ম৷” বুলি কৈ বৰমাই ল’ৰালৰিকৈ পিঠিৰ পৰা খহি যোৱা চাদৰখন উঠাই পাকঘৰৰ ফালে খোজ দিলে৷
ভৱানী বৰমা কুলদীপহঁতৰ একেবাৰে গাতে লাগি থকা ঘৰখনৰ৷ নিজৰ নহ’লেও একেবাৰে সিহঁতৰ নিজৰ বৰমাক বৰতাৱকতকৈ কম নহয়৷ কুলদীপ অফিচলৈ যোৱাৰ সময়ত ঘৰত দালি-ভাজিকণ হৈ ভাতকণ নহ’লে মাকে কেতিয়াবা ভাতবাটি বৰমাকৰ পৰাই আনি দিয়ে৷ এতিয়া কুলদীপৰ খুড়াকৰ মৃত্যুতো বৰমাকেই গোটেই চম্ভালি আছে৷ বৰতীয়াক খাবলৈ দিয়াৰ পৰা টোপোলা বুটলালৈকে কৰিছে৷ মহীধৰ কলিতাৰ ভায়েক গুণধৰ কলিতাৰ অকাল মৃত্যুটোক কোনোৱে সহজভাৱে ল’ব পৰা নাই৷ কলিতাৰ একমাত্ৰ মৰমৰ ভায়েক৷ কলিতানীয়েও বিয়া হৈ আহিয়েই দেৱৰেকক পাইছে৷ গিৰিয়েকতকৈ পোন্ধৰ বছৰৰ সৰু দেৱৰেকক খুউব মৰমত ডাঙৰ কৰিছে বৌৱেকে৷ তাতে মাক নোহোৱা ল’ৰা আৰু কলিতানীৰ নিজৰ ভায়েক নথকা হেতুকে গুণধৰ তেওঁৰ বাবে দেৱৰেকৰ লগতে ভায়েকতকৈ কম নাছিল৷
ককায়েক বৌয়েকৰ মৰমত থাকি গুণধৰে বৰ বিশেষ একো কৰিব নোৱাৰিলে৷ উপাৰ্জনৰ পথ বুলিবলৈও নাই৷ সেয়ে বিয়াখনো নহ’লগৈ তেওঁৰ৷ বিয়া পাতিলে খুৱাব কি, ইনকাম নাথাকিলে ছোৱালী দিব কোনে সেইবোৰ ভাবি-চিন্তি থাকোঁতে ভতিজাক কুলদীপেই বিয়া-বাৰু পাতি সাংসাৰিক হ’ল৷ তাৰপিছত আৰু সেইবোৰ চিন্তা বাদেই দিলে৷ সেইদিনা দুপৰীয়া হঠাতে গাটো বেয়া লাগিছে বুলি শুই দিয়া গুণধৰ দুনাই নুঠিল আৰু৷
আজি চাৰিদিনৰ দিনা ওচৰৰ আৰু বংশৰে মানুহবোৰ আহি সকলো নিজৰ ভাগে ভাগে আলোচনা কৰিছেহি৷ এনেকৈ ৰাইজে হাত উজান দিলহে মৃতকৰ ঘৰখন উদ্ধাৰ হ’ব৷ ভৱানী বৰমাই কোৱা কথাষাৰ মনতে দোহাৰি কুলদীপ দেউতাকৰ ওচৰ পালেগৈ৷ সেইসময়তে দেউতাকক বুট-মাহকেইটামান দিবলৈ বুলি বৰমাও সেইখিনিতে উপস্থিত হ’ল৷ কুলদীপ বৰমা আঁতৰি যোৱালৈ অপেক্ষা কৰি ভৰিৰ আঙুলিটোৰে মাটিত ৰভা খুটা বান্ধিবলৈ অনা ৰছী এডালকে ইফাল সিফাল কৰি থাকিল৷ বৰমাক যোৱাৰ পিছত আটাইখিনি কথা দেউতাকক কোৱাত দেউতাকে বৰ এটা গুৰুত্ব নিদি কথাটো পাতলাই থ’লে “দহোজনে দহটা ক’ব৷ সেইবোৰত গুৰুত্ব দি লাভ নাই৷“
দেউতাকৰ কথা শুনি কুলদীপ আকৌ আগৰ জেগা পালেহি৷ আগৰ পাঁচ ছয়জন মানুহৰ ঠাইত এইবাৰ আৰু দুজনমান তাত যোগ হ’ল৷ কথাখিনি বৰ বিশেষ আগবঢ়া নাই৷ ঘনকান্ত খুড়াই লৈ থকা কাগজ টুকুৰাত এতিয়া মাছ-মাংস শব্দ দুটাৰ বাদে একো এটা আঁক পৰা নাই৷ সেইসময়তে ভৱানী বৰমাহঁতৰ হৰি বৰতা আহি কোনোবা এজনৰ কাণত ফুচফুচাই কোৱা কথাষাৰ কুলদীপৰ কাণ দুখনে স্পষ্টকৈ শুনিলে৷ মানুহবোৰৰ আলোচনা শুনি কুলদীপৰ সেইসময়ত খুউব চিঞৰি হাঁহিবলৈ মন গ’ল৷ পুৱা নটামান বজাৰ পৰা এতিয়া বাৰটা বাজিল৷ মানুহো সেই গোটটোত দুগুণ বাঢ়িল৷ তথাপিও মাছ-মাংসৰ হিচাপৰ পৰা কোনো আগবাঢ়িবই পৰা নাই৷ কোনোবা এজনে কৈয়ে আছে বোলে “ আদ্যশ্ৰাদ্ধটো দেওবাৰে নপৰি বেলেগ বাৰত পৰি ভোজটো দেওবাৰে পৰিব লাগিছিল৷ মানুহবোৰে আজিকালি লুচি ভাজিবোৰ খোৱাতকৈ ভাতকণ খাবলৈ বেছি ভালপায়৷ এতিয়া ভোজটো খোলা বাৰত পৰিল যেতিয়া মানুহ কিমান হয় কোৱাটো টান৷ গতিকে মাংসৰ হিচাপটোতো গণ্ডগোল হোৱাৰ আশংকা আছে৷“
তেওঁৰ কথাত হয়ভৰ দি আন এজনে মাত দিলে “ময়ো সেইটো কথাই ক’ম বুলি ভাবিছিলোঁ৷ কিন্তু গৃহস্থই বা কি কয় সেই ভাবি মনে মনে ৰ’লো৷”
কুলদীপে কিবা এটা ক’বলৈও খঙতে কিবাকিবি ওলাই যায় বুলি খুউব ধৈৰ্যসহকাৰে সেইখিনিতে ৰৈ থাকিল৷ মানুহজনক ফুচফুচাই কিবা এটা কৈ হৰি বৰতা আৰু মানুহজন উঠি আহিল কুলদীপৰ ওচৰলৈ৷ সেইসময়তে মহীধৰ কলিতাও পুতেকৰ ওচৰ পালেগৈ৷ বাপেক পুতেক দুয়োকে একেলগে দেখি বৰতা আৰু মানুহজনে ভাল পোৱাৰ দৰে লাগিল৷ এইবাৰ কুলদীপক একো নকৈ বৰতাই কলিতালৈ চাই আৰম্ভ কৰিলে “বুইছ মহি, গুণ মোৰ নিজৰ ল’ৰাৰ দৰে আছিল৷ মানুহ বুলিলে পাগল৷ মানুহকো খুৱাই ভালপোৱা বিধৰ আছিল৷ আৰু বৌৱেৰে ৰন্ধা ছাগলী মাংসকণ যে ইমান ধুনীয়াকৈ খাইছিল৷ বৰ ভাল পাইছিল সি ছাগলী মাংস৷ গতিকে তাৰ মৰা সকামত ৰাইজক ভালকৈ মাংসৰে এসাজ নুখুৱালে তাৰ আত্মাই শান্তি নাপাব৷ সেয়ে এটা কাম কৰ নহ’লে, মংগলবাৰৰ ঠাইত বুধবাৰে মৎসস্পৰ্শটো কৰি দে৷ অফিচবোৰো বন্ধ থাকিব, মানুহ আহিবলৈও ভাল পাব৷ আমাৰ লগতে বহুতে মংগলবাৰে নিৰামিষ খায়৷ আৰু তই ছাগলীৰ কথা একদম চিন্তা নকৰিবি৷ মই চিনাকি বেপাৰী এটা আজি মাতি পঠিয়াইছো৷ সি তাৰ লগত থকা খাহী, পাঠা দুটামানৰ চেম্পোল লৈ তোৰ ইয়ালৈ আহিব৷ তই মাত্ৰ চিলেক্ট কৰি দিলেই হ’ল৷…“
বৰতাকে দেউতাকক বুজাই থকা কথাবোৰ শুনিবলৈ কুলদীপৰ আৰু শুনিবলৈ সৎ নগ’ল৷ “বিয়াৰ ৰিছেপচন নে বাৰ্থডেই পাৰ্টি পাতিছোঁ! হেৰৌ মৰা মানুহৰ সকামত জ্ঞাতি লগলগাই আমাক উদ্ধাৰহে কৰিব লাগে৷ তাৰকাৰণেও মানুহৰ ইমান হিচাপ নিকাচ৷“ কথাকেইটা কুলদীপে ক’ম বুলিও দেউতাকৰ মুখখনলৈ চাই মনে মনে থাকিল৷ তাৰ জনা আছে সি সেইষাৰ কোৱা মানে মানুহবোৰে তাক কি অৱস্থা কৰিব৷ নিজকে চম্ভালি লৈ সি গেটৰ ওচৰলৈ ওলাই আহি দেখিলে এটা পোন্ধৰ ষোল্ল বছৰীয়া ল’ৰাই সাত আঠটামান ছাগলী লৈ সিহঁতৰ গেটখন খুলি সোমাই আহিছে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
4 months ago

ভাল লাগিল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক