ছাগালৰ তেল -ৰূপজ্যোতি নাথ

“ক’লা ছাগালৰ তেলৰ সোৱাদে বেলেগ ছাৰ৷ আপুনি এই পিচ খাই চাক না, কি ‌ধুনীয়া লাগেই৷”, প্লেট‍ত থকা বগা ৰঙৰ তেলাল মাংস এটুকুৰালৈ আঙুলিয়াই পদুমে চক্ৰ বিষয়া দিগন্ত বৰুৱালৈ বুলি দৃষ্টি দিলে৷ বৰুৱাই হাত‍ত মাংসৰ টুকুৰাটো লৈ মুখলৈ চালান দি চোবাই চোবাই কলে, “উম, বেয়া লগা নাই কিন্তু৷ আগতে আকৌ মই ছাগলীৰ মাংস খোৱাই নাছিলো নহয়৷ ইয়াতে জইন কৰাৰ পিছতহে এইবিধ খাবলৈ আৰম্ভ কৰিছোঁ৷ তাকো আপুনি ৰান্ধি দিয়াৰ পিছৰ পৰাহে৷”

পিছে মাংচ কেনে হৈছি ছাৰ?
বঢ়িয়া হৈছে, এক্সিলেণ্ট৷ আপোনাৰ হাতৰ মাংসৰ সোৱাদ কিন্তু মানিবলগীয়া৷ কালি ৰন্ধা লোকেল মুৰ্গীৰ মাংসখিনিও কিন্তু সাংঘাতিক ভাল হৈছিল৷ –
হেঃ হেঃ… চব আপোনাৰ আশীৰ্বাদতে ছাৰ৷ পিছে আৰু কিবা দিবা লাগ্‌বৌ নেকি ছাৰ?

হাত‍ত থকা সুৰাভৰ্ত্তি গিলাচটোত মৃদু চুমুক এটা মাৰি বৰুৱাই কৈ উঠিল, “নাই নাই, আজি আৰু মন নাই৷ আপুনি ভাত সাজু কৰক৷”

পদুমে পাকঘৰলৈ গৈ প্ৰথমে লেতেৰা বাচন-বৰ্তনবোৰ এফালৰ পৰা চফা কৰিবলৈ আৰম্ভ কৰিলে৷ বাচন ধোৱাটো তাৰ বাবে একো নতুন কথা অথবা লেতেৰা কাম নহয়৷ পাঁছ বছৰ ধৰি সি ৰাইজে খাই থৈ যোৱা বাচন ধুই-মেলিয়েই সংসাৰ চলাইছিল৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ চৰকাৰী মাটি অলপত তাৰ এখন সৰুকৈ চাহৰ দোকান আছিল৷ তাতে সি চাহ, পৰঠা, ৰুটি, ঘুগুণীলৈকে সকলো যোগান ধৰিছিল৷ মাজে-সময়ে লোকেল মুৰ্গী আৰু ছাগলীৰ মাংসও ৰন্ধাৰ ব্যৱস্থা কৰিছিল৷ অফিচৰ ষ্টাফৰ খানা খোৱা দিনবোৰতো সিয়েই আছিল মুখ্য ৰান্ধনী৷ যদিও অফিচৰ ভিতৰত কেণ্টিন এখনৰ ব্যৱস্থা আছে ত‍থাপিও পদুমৰ দোকানত অফিচৰ কৰ্মচাৰীৰ লগতে অন্য মানুহেও ভিৰ কৰিছিল৷ পদুমৰ ব্যৱহাৰ‍ৰ লগতে খাদ্যৰ সোৱাদো সুন্দৰ৷ পিছে নতুনকৈ অহা বিষয়াজনে সকলো শেষ কৰি দিলে৷ চৰকাৰী মাটি বেদখল কৰাৰ অপৰাধত পদুমৰ দোকান‍খন, জীৱিকা আৰু ঠন ধৰি উঠা সংসাৰখনো স্তব্ধ হৈ গ’ল৷ হয়, পদুমৰ কাতৰ আহ্বানকো নেওচি তাৰ জীৱিকাৰ শেষ সম্বল সেই দোকানখন এদিন ভাঙি দিয়া হ’ল৷ চকুৰ আগত ভাঙি পেলোৱা দোকানখনলৈ চাই সেইদিনা সি হুক্‌হুকাই কান্দি উঠিছিল৷ এপদ এপদকৈ গোটোৱা দোকানৰ সকলো সম্পদ নিমিষতে থান-বান হৈ পৰিছিল৷ নতুনকৈ অহা চক্ৰ বিষয়া দিগন্ত বৰুৱাৰ ভৰিত ধৰি উবুৰি খাই পৰি পদুমে ৰাউচি জুৰিছিল-

: ছাৰ দোকানখন আপুনি ৰক্ষা নকল্লি মোৰ লগত তিৰি চলিও মৰ্‌বৌ৷ সেখন ভাঙিলি মই কেংকে চলিম ছাৰ?

দোকানখন পিছে বৰুৱাই ৰক্ষা নকৰিলে৷ ঘৰ‍ৰপৰা তিনিশ কিলোমিটাৰ দূৰৈত আহি চাকৰি কৰি থকা বৰুৱা অকলশৰে ভাড়াঘৰত থাকে৷ ৰন্ধা-বঢ়া কৰাৰ বাবে এজন ভাল ৰান্ধনী বিচাৰি থকা বৰুৱাই কেতিয়াবা পদুমৰ দোকানৰ পৰা তেওঁলৈ বুলি অফিচৰ কোনোবাই পঠিয়াই দিয়া চাহৰ সোৱাদ পোৱাৰ লগতে বাকীবোৰ‍ৰ মুখতো সি ৰন্ধা অন্য খাদ্যৰ সোৱাদৰ গু‍ণানু-কীৰ্তন শুনিছিল৷ বৰুৱাৰ সন্ধানৰ যেন অন্ত পৰিছিল৷ দোকানখন এদিন তেওঁৰ নিৰ্দেশতেই ভাঙি দিয়া হৈছিল৷ নিঠৰুৱা পদুমলৈ চাই বৰুৱাই আশ্বাস দিছিল-
: চৰকাৰী মাটিত আপোনাক থাকিব দিয়াৰ অধিকাৰ মোৰ হাত‍ত নাই, দৰকাৰ হলে মোৰ তাত থাক‍ক না, মই আপোনাৰ সংসাৰ চলাম৷

বৰুৱাৰ ভাড়াঘৰলৈ অনিচ্ছাকৃতভাৱে হলেও পদুমে ঢাপলি মেলিবলৈ বাধ্য হৈছিল৷ ৰান্ধনী পোৱাৰ আন‍ন্দত সেইদিনা সুৰাৰ ৰাগীত বৰুৱাই ঘৈণীয়েকলৈ ফোন লগাইছিল-
: চোৱা, সকলো ঠিক হৈ গ’ল৷ আজিৰ পৰা আৰু মোৰ খোৱা-লোৱাক লৈ ইমান টেনশ্বন লৈ নাথাকিবা৷ ৰান্ধনী এজন ৰাখিছো, মাহে চাৰিহাজাৰকৈ৷ বেটাই অফিচৰ বাহিৰৰ চৰকাৰী মাটিত দোকান দি আছিল৷ ভাঙি দিলো বুজিছা৷ এতিয়া মোৰ লগত নাথাকি কলৈ যাব সি? পিছে এটা কথা কি জানা, সি ৰন্ধা সকলো ব্যঞ্জনৰ সোৱাদেই সুকীয়া৷ বিশেষকৈ মাংসৰ আঞ্জাখন৷ অফিচৰ সকলোৰে মুখতো মাথোঁ তাৰেই কথা৷

সেইদিনা দুৱাৰ‍ৰ সিটো পাৰে ৰৈ থকা পদুমে বৰুৱাৰ নিচাসক্ত কথাবোৰ মৌনতাৰে শুনিছিল৷ বুকুৰে উজাই অহা কান্দোনটোক সি বৰ কষ্ট কৰি চেপি ৰাখিছিল৷ দোকানখন দি মাহে আঠহাজাৰ টকামান উপাৰ্জন কৰা পদুমে ঘৰখনৰ অভাৱবোৰ পূৰণ কৰি ল’ৰা-ছোৱালী দুটাৰ ভ‍বিষ্যতৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিলহে মাথোঁ৷ পিছে এইজন বিষয়াই সকলো সপোন নিঃশেষ কৰি দিলে৷ এতিয়া মাহে চাৰিহাজাৰকৈ দি এইজনাই আকৌ পুতৌ কৰি দেখুৱাইছে! পিছে পোৱা কামটো‍ও যদি সি এৰি থৈ যায়, তেতিয়ানো সি কৰিব কি? ভালকৈ ৰন্ধাৰ বাহিৰে সি চোন একো কামকেই ভালদৰে কৰিবলৈ নিশিকিলে৷

চক্ৰ বিষয়া বৰুৱাৰ ৰান্ধনী হিচাপে কাম কৰি থকা পদুমৰ চাৰিমাহ পাৰ হৈ গ’ল৷ এই চাৰিমাহে পদুমৰ ৰন্ধা-বঢ়া খাই বৰুৱাই পৰিতৃপ্তিৰে এটা কথাই কয়- “বঢ়িয়া হৈছে, এক্সিলেণ্ট৷“ বৰুৱাই বজাৰ কৰিবলৈ দৈনিক পদুমৰ হাত‍তেই পাঁচশ বা হাজাৰ টকা দিয়ে৷ হিচাপৰ পইছাখিনি খৰচ কৰি সি ঠিকমতেই ৰোৱা টকাখিনি বৰুৱাক ঘূৰাই দিয়ে৷ দুখীয়া হলেও হিচাপত সি কেতিয়াও ভুল নকৰে৷ বৰুৱাই দৈনিক সুৰাপান কৰে৷ মদৰ লগত অলপ মাংস হলে ভাল পায়৷ সেয়ে পদুমক সদায় মাংস আনিবলৈ দিয়ে৷ পদুমে নিজে মাংস নাখাই যদিও যিকোনো মাংসকে বৰ সোৱাদ লগাকৈ ৰান্ধিব জানে৷ সি নিজে নক’লে কোনেও ধৰিবই নোৱাৰে, আচলতে ৰন্ধা মাংসবিধ কিহৰ৷ পদুমে কেতিয়াবা যদি লোকেল মুৰ্গীৰ মাংস আনে, কেতিয়াবা ছাগলীৰ মাংস৷ ৰন্ধাবোৰ খাই উঠি বৰুৱাৰ মুখ প্ৰশংসাত খোল খাই যায়- “বঢ়িয়া হৈছে, এক্সিলেণ্ট৷“

আজি আবেলি বৰুৱাই এহাজাৰ টকা এটা পদুমৰ হাত‍ত দি কলে, “বাকী বজাৰ যি কৰে কৰিব, কিন্তু তেল থকা ছাগলীৰ মাংস আনিব দেই৷ অপুনি ৰন্ধা ছাগলীৰ মাংসৰ তেলৰ সোৱাদেই কিন্তু সুকীয়া৷“

হাত‍ত এহাজাৰ টকাটো লৈ পদুম মহা চিন্তাত পৰিল৷ ধেৎ‍তেৰিকা, লোকেল মুৰ্গী হলেও কোনো কথা নাছিল, ব্ৰয়লাৰ‍ৰ লেগপিছ কেইটাৰেও চলি যায়৷ পিছে আজি অসম বন্ধ কাৰণেটো গাড়ীও চলা নাই৷ এতিয়া ছাগলীৰ মাংস বুলি গাড়ীয়ে চেপি মৰা কুকুৰ আনিবলৈ সি বাৰু আজি ক’ত বিচাৰি যায়!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments