ছাতি হেৰুওৱাৰ কাহিনী (মৌচুমী বড়ি)

ছাতি হেৰুওৱাৰ কাহিনী
মৌচুমী বড়ি

এদিন অফিচত ছাৰে কথা প্রসংগত মোক সুধিলে-“তুমি কেতিয়াবা ছাতি হেৰুৱাই পাইছানে? মই যে কিমান ছাতি হেৰুৱালোঁ তাৰ কোনো হিচাপ নাই; এই ধৰা বজাৰ কৰিবলৈ সোমালোঁ, তাতে ছাতিটো এৰি থৈ গুচি আহিলোঁ, পিচত আৰু বিচাৰি নাপাওঁ।”চাৰৰ কথা শুনি মোৰ মুখলৈ হাঁহি এটা বাগৰি গ’ল। মিচিকিয়াই হাঁহি চাৰক ক’লোঁ-“ছাৰ, মই আজিলৈকে এবাৰেই ছাতি হেৰুৱাইছিলোঁ।” কথাষাৰ কৈ নিজেই বৰ আমোদ পালোঁ; মনত পৰি গ’ল ছাতি হেৰুওৱা সেই দিনটোলৈ—
তেতিয়া মই হাইস্কুলত; এদিন স্কুল ছুটিৰ পিছত ঘৰলৈ বুলি আহি থাকোঁতে ৰাস্তাতে মোৰ চেন্দেল এপাট ছিগিল। মুচি এটা দেখি তাকে চেন্দেলপাট ভাল কৰিবলৈ দিলোঁ আৰু মুচিটোৰ কাষতে ছাতিটো থলোঁ। মুচিটোৱে চেন্দেলপাট চিলাই দিয়াৰ পিছত ভৰিত সুমুৱাই আগবাঢ়ি বহুদূৰ পালোঁগৈ। হঠাতে মন কৰিলোঁ মোৰ হাতত ছাতিটো নাই! মোৰ লগত আছিল বান্ধবী জলী।তাইক ক’লো—“ছাতিটো এৰি থৈ আহিলোঁ নহয়,ব’ল মুচিটোৰ তালৈ উভতি যাওঁ।” দুয়োজনী লৰালৰিকৈ মুচিটোৰ ওচৰ পালোঁহি। কিন্তু ছাতিটো দেখা নাপালোঁ। মুচিটোকো সুধিলোঁ । সিও একো গম নাপাওঁ বুলি ক’লে। ছাতিটো নাপাই মনৰ দুখতে উচুপি উচুপি কন্দা আৰম্ভ কৰি দিলোঁ। মাৰ পৰা গালি শুনিম বুলি মনত শংকা এটাও সোমাল। জলীয়ে সান্ত্বনা দিবলৈ ধৰিলে। সেইসময়তে মোৰ সম্বন্ধীয় দাদা এজনে এনেকৈ ৰাস্তাত কান্দি থকা দেখি ওচৰ চাপি আহি কি হ’ল বুলি সুধিলে। ময়ো কান্দি কান্দি ছাতি হেৰুওৱাৰ কাহিনীটো ক’লোঁ। দাদাই তেওঁৰ চিৰপৰিচিত দীঘলীয়া “হিঃহিঃহিঃহিঃ” হাঁহিটো মাৰি মোক ক’লে-“ধেৎ আঁকৰী, ছাতিটো হেৰাল,হেৰাল আৰু! মই বাৰু ঘৰত বুজাই কম আৰু তোক মই ধুনীয়া ছাতি এটা গিফট দিম বুজিছ।”এইবুলি মোক বুজাই বঢ়াই দুয়োজনীকে ৰিক্সাত উঠাই ঘৰলৈ বুলি পঠিয়াই দিলে।

 

ছাতি হেৰুওৱা কথাটো ঘৰত ক’বলৈ তিলমানো সাহস নহ’ল। ৰাতি পঢ়াৰ টেবুলত মন মাৰি বহি থাকিলো। ভাবিলোঁ, ছাতিটো হেৰুওৱাৰ খবৰ ঘৰতটো যিকোনো প্রকাৰে দিবই লাগিব। কেনেকৈ দিম? মনত বুধি এটা খেলালে। মোৰ নবছৰমান বয়সত স্কুটাৰ এক্সিডেণ্ট হৈ মূৰত দুখ পাইছিলোঁ। দুটা চিলাই পৰিছিল। সেই কথাটোৰে গইনা লৈ পিছদিনা ৰাতিপুৱাই মালৈ বুলি চিঠি এখন লিখিলোঁ “মোৰ যে স্কুটাৰ এক্সিডেণ্ট হৈছিল, তাৰপিছৰ পৰা মোৰ স্মৃতিশক্তি তেনেই দুর্বল হৈ পৰিছে, কথাবোৰ পাহৰি যোৱা হৈছোঁ, সেইকাৰণেই চাগৈ ছাতিটো হেৰাল।”—এই কথাখিনিকে সজাই পৰাই লিখি সকলোৰে চকুত পৰাকৈ মোৰ টেবুলৰ ওপৰতে চিঠিখন থৈ স্কুললৈ গ’লোঁ।
স্কুল পাওঁতেই দেখিলোঁ সহপাঠী বান্ধবী বীণাই হাতত ছাতি এটা লৈ মোলৈকে বাট চাই আছে। তাই মোৰ হাতত ছাতিটো গুজি দি ক’লে যে কালি মুচিটোৰ কাষত মোৰ ছাতিটো দেখা পাই ঘৰলৈ লৈ গ’ল। মই তেতিয়াহে গম পালোঁ উভতি আহি ছাতিটো কিয় বিচাৰি পোৱা নাছিলোঁ। মনৰ আনন্দতে বীণাক বহুত ধন্যবাদ দিলোঁ। পিছে মোৰ ঘৰত লিখি থৈ অহা চিঠিখনলৈ মনত পৰি থাকিল। মায়ে যদি চিঠিখন পঢ়ি পেলাইছে, কি বা প্রতিক্রিয়া হৈছে!! দিনটো উচপিচনিৰে পাৰ হ’ল।
যেতিয়া ঘৰ আহি পালোহি চিধাই পঢ়া টেবুলৰ ওচৰ পালোঁহি। চিঠিখন দেখোন যেনেকৈ পেলাই থৈ গৈছিলোঁ তেনেকৈয়ে আছে। মাৰ মুখলৈ চুৰকৈ চালোঁ, তেনে কোনো ভাবৰ প্রতিক্রিয়া দেখা নাপালোঁ। তাৰমানে চিঠিখন কাৰো চকুত পৰা নাই! উহ: ৰক্ষা! চিঠিখন লগেলগে কুচমুচ খুৱাই ঘৰৰ পিছফালৰ জাবৰ পেলোৱা গাঁতত পেলাই দিলোঁগৈ।
চাৰক অৱশ্যে মই ছাতি ঘূৰাই পোৱা কাহিনীটোহে ক’লোঁ,চিঠি লিখা কথাখিনি উহ্য ৰাখিলোঁ। মনৰ মাজত মনে মনে হাঁহি এটা উঠি থাকিল।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments