ছাত্রাৱাসৰ এডোখৰ – ৪ (দিগন্ত যাদৱ শৰ্মা)

উপাক-পাক
=== === === ===

নৰহৰি বর্মনে ফোঁপাই জোঁপাই আহি ডঃ গোস্বামী চাৰৰ পদুলিমুখত উপস্থিত হ’ল। জপনাখন খুলি চিঞৰিলে- “চাৰ, চাৰ আপোনাৰ হোষ্টেলত সাংঘাতিক কাণ্ড এটা হৈছে।” ডঃ গোস্বামী চাৰ শৰীৰতত্ব বিজ্ঞানৰ অধ্যাপক আৰু আমাৰ মহাবিদ্যালয়খনৰ ছাত্রাৱাস এটাৰ তত্ত্বাৱধায়ক।

“কি হৈছে বর্মন, ভালদৰে কওঁকছোন” –গোস্বামী চাৰে অণুজীৱবিজ্ঞানৰ প্রশিক্ষক বর্মনক সুধিলে।

“হোষ্টেলৰ ছাদত ছোৱালী এজনীক বহু কেইজনে আগুৰি ধৰি কিবাকিবি কৰি আছে। কি কম চাৰ, মোৰ ক’বলৈ লাজেই লাগিছে। তাইৰ দোপাট্টাখনো দুজনমানে ধৰি টনাটনি কৰি আছে। কি যে হ’ব চাৰ। ঘোৰ কলিকাল, লাজ-মানবোৰ নোহোৱাই হ’ল আজিকালিৰ এই ল’ৰা-ছোৱালীবোৰৰ। মোৰ চাবলৈয়ে মন যোৱা নাছিল। ল’ৰাটোক টিউচনত লৈ যাওঁতেই দেখিছিলোঁ। এতিয়াও দেখি আহিছোঁ। সিহঁতৰ ব্যভিচাৰৰ অন্ত নপৰিবই নেকি? আবেলি চাৰি বজাৰে পৰা এইবোৰ চলি আছে! এতিয়া আপুনি কি কৰে কৰক চাৰ। হোষ্টেলটোৰ বৰ বদনাম হ’ব। বহুতেই দেখিছে।” –এক উশাহতে বর্মনে কথাখিনি কলে।

“চেহ! ডাঙৰ কথাটো হ’ল নহয়! এতিয়া কি কৰা যায়।“ স্বভাৱতে ঠাণ্ডা আৰু নির্জু প্রকৃতিৰ গোস্বামী চাৰে ভাবিবলৈ ধৰিলে। নিজৰ আৱাসটোৰ ভিতৰলৈ গৈ মহাবিদ্যালয়ৰ বিজ্ঞানগুৰুজনৰ লগত ফোনত কথাও পাতিলে। প্রকৃততে এনে ধৰণৰ পৰিস্থিতিত পৰিব বুলি চাৰে কেতিয়াও ভবা নাছিল। কিহে যে পাইছিল তেওঁক ‘হোষ্টেল চুপাৰ’ হ’বলৈ! কি কৰিব, কি নকৰিবৰ দোমাজাত পৰি নৰহৰি বর্মনকে অনুৰোধ কৰিলে-

“বলক বর্মন, চাই আহোঁ। কি একচন্ লওঁ পিছত দেখা যাব।”

“চাৰ বেয়া নাপাব। মোৰ মানে ডাঙৰ কাম এটা আছে” নিজৰ মান-সন্মানত কিবা চেকা লাগিব বুলি ভাবি নৰহৰি বর্মনে তেনেকৈয়ে আঁতৰি গ’ল। আচলতে বর্মনে অলপ ভয়ো খাইছিল। এই যে ল’ৰাবোৰ, সিহঁতে জানি যাব যে তেওঁহে ‘চুপাৰ চাৰ’ক এইবোৰ কথা লগাইছিল। ওচৰৰ আবাসতে থাকে বাবে ল’ৰাবোৰৰ পৰা কিছু শঙ্কা থাকিবই। তাতে তেওঁৰ একাদশ শ্রেণীত পঢ়া গাভৰু জীয়েক এজনীও আছে।

চাৰে পিন্ধি থকা চোলাটো ‘ইন’ কৰি ললে। হাতদীঘল চোলাটো কিলাকুটিলৈকে কোঁচাইয়ো ল’লে। বাৰাণ্ডাৰ চুক এটাত থকা জোতাযোৰ মোজা নোহোৱাকৈয়ে পিন্ধি ছাত্রাৱাসলৈ আগবাঢ়িলে। জপনাখনো বন্ধ কৰিবলৈ পাহৰিলে। “এই ল’ৰাহতঁক ভালকৈ এজাউৰি দিব লাগিব। কি ভাবিছে সিহঁতে, ছাত্রাবাসত ছোৱালী এজনী লৈ কিহৰ চুপতাচুপতি! লাজ নালাগে সিহঁতৰ! পঢ়িব আহিছেনে কি! গোটেইকেইজনৰে অভিভাৱকক মাতি আনিব লাগিব। নহ’লে বাপ্পেকে সিহঁত কেইটাৰ ছাত্রাৱাসকে সলনি কৰি দিওঁ নেকি! মৰমৰে মাত-বোল কৰোঁ বাবেই মোক ইমান সহজ পাইছে!” মনৰ ভিতৰতে তেওঁ কথাবোৰ ভোৰভোৰালে।

গোস্বামী চাৰ আহি ছাত্রাৱাসটোৰ ওচৰ পালেহি।

“হে ঈশ্বৰ! এইবোৰ কি দেখিছোঁ” –তেওঁ স্বগতোক্তি কৰিলে। নৰহৰি বর্মনে ঠিকেই কৈছিল, কথাবোৰ ষোল্লঅনাই সঁচা। ছাদত ছোৱালী এজনীৰ লগত দহ-পোন্ধৰজন ল’ৰা। এজনে তাইৰ কান্ধত ধৰি ডিঙিটোৰে হাতখন আগফালে পাৰ কৰি দিছে। অইন এজনে তাইৰ পিঠিখনত কথাই প্রতি হাত এখনৰে আলফুলে ঢকা দি আছে। বাপ্‌ৰে, কি অতপালি ইহঁতৰ। আগবাঢ়ি গৈ থাকিল তেওঁ। নাচাওঁ বুলিও আকৌ ওপৰলৈ চকু গ’ল। আটাইকেইজনে হাঁহি-খিকিন্দালি কৰি আছে! দুজনমানৰ চকুৱে-চকুৱেও পৰিল। নাই! সিহঁতৰ কোনো প্রতিক্রিয়াই নাই। ধৈর্যৰ বান্ধ ছিঙি গ’ল চাৰৰ। তেওঁক দেখিও দুজনে তাইৰ হালধীয়া ৰঙৰ দোপাট্টাখন দুইমুৰে ধৰি কেচুঁৱা ওমলোৱাৰ দৰে ওমলাই আছে। ক’ৰ ছোৱালী হ’ব পাৰে? চুলিখিনি বেছ দীঘল। পথৰ ফালে পিছ দি থকাত ছোৱালীজনীৰ মুখখনো দেখা নাই! এইখন মহাবিদ্যালয়ৰ নহয় চাগে! আজিকালিৰ ছোৱালীবোৰৰ ইমান অধঃপতন নে! তাইৰ পৰা কেনেকৈ দোপাট্টাখন লৈ যাব পাৰে ল’ৰাহঁতে। এজন নহয়! দুই-তিনিজনে তাইৰ শৰীৰত হাত দি আছে। কথাই প্রতি হাঁহি-খিকিন্দালিৰ মাজত তাইৰ গাত হাতো দিয়ে! কি আচৰিত! –গোটেই ক্ৰিয়াকলাপ তলৰ পৰাই দেখি গোস্বামী চাৰে খঙত ফোঁপাবলৈ ধৰিলে।

ছাৰ গৈ ছাত্রাৱাসৰ দুৱাৰমুখ পাওঁতে চকিদাৰ তিলোৱাই দৌৰি আহি চাৰক প্রণাম এটা জনালে। তিলোৱাক মস্ত এটা ভেকাহি মাৰি ক’লে-

“কি কৰি থাক তই, ডিউটি কৰিব আহিছ! ক’ত কি হৈ থাকে চকু দি থাকিব নোৱাৰ’?”

তিলোৱাই হ’লে একো তৎ ধৰিব নোৱাৰি চাৰৰ চকুলৈ ভেবা লাগি চাই থাকিল। চাৰেতো কেতিয়াও এনেকৈ কোৱা নাছিল। তেওঁক চিৰিৰে ওপৰলৈ বেগাই যোৱা দেখি সিওঁ পিছে পিছে গ’ল। গোস্বামী চাৰে মনৰ ভিতৰতে গুণাগঁথা কৰি ল’লে এনেহেন পৰিস্থিতিটোৰ কেনেকৈ মুখামুখি হ’ব। শেষ চিৰিটোত তেওঁ অকনমান ৰ’ল। দীঘলকৈ উশাহ কেইটামান ল’লে আৰু আগবাঢ়ি ল’ৰাহতঁৰ মুখামুখি হ’ল।

“চাৰ এতিয়া ওলালেহি যে।” –স্বৰুপে আগবাঢ়ি আহি ক’লে। দোপাট্টা লোৱা দুজনৰ এজনে হাতত দোপাট্টাখন লৈয়ে চাৰৰ ওচৰত থিয় হ’ল।

“চাৰ কিবা কথা আছিল নেকি।” বিতুল নামৰ জনে সুধিলে।

চাৰ অকণমান সময় ল’লে উত্তৰ দিওঁতে। মুখত এমোকৰা হাঁহি। যেন সকলো ধৰণৰ উদ্বিগ্নতাৰ পৰা মুক্তি পালে।

“নাই এনেয়ে! পাক এটা মাৰি যাওঁ বুলি ভাবি আহিলোঁ। তোমালোকক দেখি উঠি আহিলোঁ। আজি বৰ গৰম পৰিছে। ছাদৰ ওপৰত ভাল লাগে, মলয়া বতাহে শৰীৰ জুৰাই থাকে। নহয়নে! ” -গোস্বামী চাৰে ল’ৰাহতক ক’লে।

“হয় চাৰ! হয় চাৰ!” সকলোৱে সমস্বৰে ক’লে।

“যাওঁ দিয়া। থাকা তোমালোক। ভালদৰে পঢ়াশুনা কৰিবা। ‘ফাৰ্ষ্ট টাৰ্মিনেল’লৈ বেছি দিন নাই!”

পিছে পিছে থকা তিলোৱাই একো তলামুধা নাপালে। অকণমান আগতে ধমক দি যোৱা চাৰে তাৰ ফালে চাই হাঁহি এটা মাৰি বিদায়হে ল’লে। তাৰ পিঠিত হাত এখনো থলে। আহিল আৰু গ’ল। ছাত্রাৱাসত ভৰি থোৱাৰ সময়ৰ ক্রোধান্বিত আৰু অসন্তুষ্টি ভৰা মুখখন এতিয়া দেখোন হর্ষ আৰু আমোদিত হোৱাহে দেখা গ’ল।

“মেৰা পাগ্‌ৰি কা স্কার্ফ দে দ’। সায়দ পুৰা শুখ্‌ গিয়া । আভি পাগ্‌ৰি বানানা পৰেগা” -ইন্দ্রপাল সিঙে পাগুৰি বান্ধিবলৈ ব্যবহাৰ কৰা দীঘল কাপোৰখন লৈ কোঠালৈ গ’ল। বহুদিনৰ পিছত চুলিখিনি ধুইছিল আজি। দীঘল চুলি বাবে শুকাবলৈ সময়ো ল’লে। পাগুৰি বন্ধা স্কার্ফখনো ধুই দিছিল। তাৰ লগৰ দুজনে পাগুৰি বন্ধা দীঘল কাপোৰখন দুইমুৰে ধৰি জোকাৰি থকাত সোনকালে শুকায়ো গ’ল। তাতে ছাদত ৰিব্‌ৰিব্‌কৈ বতাহো বলি আছিল।

(ছাত্রাৱাসৰ এডোখৰ লিখোঁতে লিখোঁতে মূল ঘটনাবোৰৰ পৰা আঁতৰি আহি লেখাবোৰৰ স্বার্থত কল্পনাৰ আশ্রয় লোৱা হৈছে। বোধকৰো এতিয়া এইবোৰ একোটা গল্প বুলিহে কোৱাটোহে যুগুত হ’ব! -–দিগন্ত যাদৱ শৰ্মা–)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments