ছাত্ৰাবাসৰ এডোখৰ (১১):(দিগন্ত যাদভ শৰ্মা)

ভূত আৰু এটা হাতঘড়ী:

ভূউউউউত… ভূউউউউত…

এই ৰাতিখন কাৰ জানো চিঞৰ! বিজনে ধৰফৰৰাই উঠি আঠুৱাখন ডাঙি বাহিৰ হ’বলৈ ওলাল। কিন্তু চিঞৰটো দেখোন ৰুমমেটৰ। আচলতে টোপনীৰ জালত ভালকৈ ধৰিবই পৰা নাছিল।

: ৰুমমেট কি হ’ল? সপোন দেখিছ নেকি?

: ভূত… ভূত… চকু চকু… তই কিবা এটা কৰ। নহ’লে মই মৰিলো। মোৰ ফালে কেনেকৈ একেথৰে চাই আছে চকুকেইটাই।

: ধেৎ কি অৰ্থহীন, অসংলগ্ন কথাবোৰ বলকি আছ?  শুই থাক।

: ‘লাইট’টো জ্বলাই দে। মৰিলো নহ’লে। চকু মুদি আছোঁ। মোৰ ‘হাৰ্ট এট্যেক’ হ’ব এতিয়া! চকুকেইটাৰ ফালে চাবই নোৱাৰি। কেনেকৈ টেলেকা-টেলেকাকৈ চাই আছে! ৰুমমেট জয়ন্তৰ কথা শুনি বিছনাৰ পৰা উঠি বিজনে ‘চুইছ বৰ্ড’ৰ ফালে গ’ল। নাই ‘লাইট’ নজ্বলে। তাৰ মানে ‘কাৰেন্ট’ নাই। হঠাত আন্ধাৰতে জয়ন্তৰ বিছনাৰ ফালে চকু দিয়াত বিজনেও একে কোবে দুৱাৰ খুলি ‘ভূত ভূত’ বুলি চিঞৰ মাৰি কৰিডৰলৈ দৌৰি ওলাই গ’ল।

: টক্ টক্ টক্। অ’ই দুৱাৰ খোল। কুঞ্জৰ দুৱাৰত বিজনৰ টোকৰ। নাই কোনো সাৰ-সুৰেই নাই। আচলতে সি বেটাই চিঞৰ-বাখৰত কিবা এটাৰ উমান পাইছিল। তাৰ কোঠাতো মাত্ৰ দেৱালখনৰ ইপাৰ-সিপাৰহে, মানে ‘ৱালমেট’।

বহুসময় দুৱাৰত শব্দ কৰি থকাত কুঞ্জৰ ‘ৰুমমেট’ ভাস্কৰে চিঞৰি ক’লে-

: কোনঅ’ সেইটো ?  বিজন নেকি ?  কি হ’ল, ইমানকৈ চিঞৰিছ যে!

: সোনকালে দুৱাৰখন খোলকছোন। কুঞ্জকো বেগতে মাতি দিয়ক।

: কি হ’ল নকৱ কিয় ?

: ভাস্কৰদা আমাৰ কোঠাত ভূত ওলাইছে। কুঞ্জৰ বিছনাৰ তলত ঘৰৰ পৰা অনা মন্ত্ৰপুতঃ সৰিয়হ আছে তাৰে দুটামান লাগে। তাৰ ককাকে বোলে বীৰা পোহে। ককাকে দিয়া সৰিয়হ ছটিয়াই দিলে বোলে যিধৰণৰ ভূতেই নহওঁক, পলাই পত্ৰং দিবই দিব! সি এদিন কৈছিল।

: ধেৎ! তহঁতৰ হ’ল আৰু! ইমান ভয়াতুৰ নে?  দুয়োটা একেলগে থাক,  তথাপিও ভয়। ইয়ালৈ পঢ়িব আহি ভূতো বিশ্বাস ক’ৰনে! কি হ’ব তহঁতৰ লগত! -কথাখিনি কৈ কৈ ভাস্কৰে দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল। পিন্ধনত শুই থকা বিছনা চাদৰখন। হোষ্টেলতো যে কিছুমান নমুনা থাকে আৰু! যেনে কোনো কোনোৱে ৰাতি হ’লে পিন্ধা কাপোৰকেইখনকো আমনি নিদিয়াকৈ জাপি-জুপি শুৱাই থৈ দিয়ে। সেয়ে ৰাতি শুৱাৰ পিছত ভুমিকম্প জাতীয় কিবা এটা আহিলে কিছু লোক আদিম যুগতে আছেনে বৰ্তমান যুগতে আছে বুজাটো অলপ কঠিন হৈ পৰে। ভাস্কৰেও পিন্ধা কাপোৰ-কানিখিনিক ৰাতি ‘লাইট’ নুমুৱাৰ পিছত জিৰণি দিয়ে। তেওঁৰ আন

এটা ভাল গুণো আছে। আগৰটো শেষ হোৱাত দহদিনমান আগতে কিনি থোৱা ৫০ গ্ৰামৰ ‘টুথপেস্ট’ এটা এতিয়াও গভীৰ নিদ্ৰাত ‘চ্যুটকেচ’টোৰ ভিতৰতে আছে। দ্বিতীয় এটা ‘টুথপেস্ট’ নথকাতো কিন্তু দাঁতকেইটা চকুত লগাকৈ পৰিষ্কাৰ। ৰহস্যটো বুজিবলৈ কোনোবা এজনে ৰাতিপুৱা উঠি আলঙে আলঙে তেখেতক নিৰীক্ষণ কৰি থাকিলেই হ’ল। সেইবাবে সকলোৱে তেওঁক কাউৰী বুলিয়েই কয়। ৰাতিপুৱাই উঠি কাৰ দুৱাৰ খুলিছে চাই থাকিব আৰু গৈ ক’ব-

: অই দোষ্ট,  ‘টুথপেষ্টটো শেষ হৈ থাকিল …।

দেছোন অলপ লগাই! ভাস্কৰে এইবাৰ ভালকৈ সুধিলে-

: ভালকৈ ক’। ক’ত ভূত দেখিলি?  দেখিবলৈ কেনেকুৱা?  কিবা অপকাৰ কৰিলে নেকি তহঁতৰ?

: ভাস্কৰদা, হঠাত ‘ৰুমমেট’ৰ ভূত ভূত, চকু চকু… চিঞৰ শুনি মই সাৰ পালো। চাই দেখো তাৰ বিছনাৰ কাষত মজিয়াত কেইবাটাও চকুৰ নিচিনা কিহবাই তিৰবিৰাই আছে। চাৰি-পাঁচটামান হ’ব। একেথৰ চাই থকা যেন লাগে, কিন্তু লৰচৰ নাই কৰা!-ভাস্কৰ আচৰিত হৈ অলপ পৰ ৰ’ল। হঠাত কিবা এটা মনত পৰাত ক’লে।

: অই মই এটা কথা ভাবিছো। তোৰ ‘ৰুমমেট’ৰ দেখোন একো মাত-বোল,  চিঞৰ-বাখৰ নাই। কিবা এটা হ’লেই যেন পাইছোঁ।

: ভাস্কৰদা সোনকালে কিবা এটা কৰক। কিবা এটা অঘটন ঘটিলে হৈছে আৰু!-ভাস্কৰ অলপ গহীন হৈ গ’ল। ভিতৰলৈ গৈ কুঞ্জৰ ‘টৰ্চ’টো লৈ আহিল। বিজনৰ কোঠালৈ আগবাঢ়িল। এবাৰ পিছলৈ চালে। ইতিমধ্যে কুঞ্জও উঠি আহিছিল। বিজন অলপ পিছুৱাই গ’ল। ভাবিলে ভাস্কৰদাই যদি তাকো লগ ধৰে আকৌ কোঠাটোৰ ভিতৰলৈ যাবলৈ। সি কুঞ্জক ঠেলিলে যাবলৈ। কুঞ্জৰ হাতৰ মুঠিত মন্ত্ৰপূতঃ সৰিয়হ। তথাপিও যাবলৈ অপ্ৰস্তুত। দুৱাৰ খোলাই আছিল। ‘টৰ্চ’টো পোহৰাই লৈ লাহে লাহে সোমাই গ’ল। নতুন বেটাৰি। কোঠাটো পোহৰ হৈ উঠিল। হঠাত মজিয়াত কিবা এটা পৰাৰ শব্দ হ’ল। বাহিৰত ৰৈ থকা কুঞ্জ আৰু বিজন সন্ত্ৰস্থ হৈ পৰিল। দুয়োটাই একে কথাই ভাবিলে বোধকৰো। জয়ন্তৰ লগত আজি ভাস্কৰদাও শেষ। কি হ’ব এতিয়া। দুয়োটাই চিঞৰ-বাখৰ লগাবলৈ ধৰিলে। কিন্তু ই কি?

জয়ন্ত দেখোন অক্ষত শৰীৰেৰে ওলাই আহিছে। কিন্তু ভয়ত কপি আছে। মাত-বোল নাই। ইতিমধ্যে দুই-এটা কোঠাৰ দুৱাৰ খুলিবলৈ ধৰিছিল। ‘কাৰেন্ট’ও আহিল। গহীন-গম্ভীৰ হৈ অক্ষত অৱস্থাত ভাস্কৰো ওলাই আহিল। উৎসুকতাৰে আন দুই-এজনো ওলাই আহি ঘটনাৰ উমান লবলৈ চেষ্টা কৰিলে।

: কি হ’ল কওঁকনা ভাস্কৰদা?  ইয়াৰ মুখত মাতেই নাই দেখোন!

: ইয়াৰ গা-মুৰত পানী ঢাল। মোক দেখি বিছনাৰ পৰা যিটোহে জাপ মাৰিলে। মোক পেলাই থৈ বাহিৰলৈ দৌৰ দিলে।

: সেইটো বাৰু ঠিক আছে, বুজিলোঁ। ভিতৰত কি দেখিলে আমাক তাকে কওঁক।

: ভালকৈ শুন ভিতৰত কি কি দেখিলোঁ। এটা ঘোৰাপাক,  এটা খেতৰ,  এটা বুঢ়াডাঙৰীয়া আৰু এটা কবন্ধ। চাওঁ দূৰ হ’।

মোক শুবলৈ দে। আৰু ইহঁত দুয়োটাই এই ৰাতি তিনিবজাত আমাৰ টোপনিত ব্যাঘাত জন্মোৱাৰ বাবে দেওঁকণৰ দোকানত কালি ‘স্পেচিয়েল’ খুৱাব লাগিব।-ভাস্কৰে কুঞ্জক হাতত ধৰি টানি কোঠাত সোমাই দুৱাৰ লগাই দিলে। কিনো হ’ল কোনোৱে একো বুজিবই নোৱাৰিলে! যিয়েই নহওঁক ইতিমধ্যে কোঠাবোৰ পোহৰ হৈ উঠাত তিনি-চাৰিজনে একেলগে জয়ন্তহতঁৰ কোঠালৈ সোমাই গ’ল। সোমায়েই ইফালে-সিফালে চাই জয়ন্ত আৰু বিজনৰ মুখত হাঁহি বিৰিঙি উঠিল। কথাবোৰ বুজিব পাৰি দুজনমানে জয়ন্তহতঁক ঠাট্টা-বিদ্ৰুপ কৰি নিজৰ নিজৰ কোঠালৈ গ’ল।

: ধেৎতেৰি এই ৰাতিখন মিছাকৈ ইমান ভয় খালো। হাঁহিঁয়তাৰ পাত্ৰহে হ’লো! জয়ন্তই নিজে নিজকে কব ধৰিলে। মেজৰ ওপৰত থকা হাতঘড়ীটো হাতত তুলি ললে। ইতিমধ্যে বিজনে জয়ন্তক গালি পাৰি পাৰি শুই পৰিছিল। ‘চুইছ বৰ্ড’ৰ ওচৰত গৈ জ্বলি থকা ‘বাল্ব’টো ‘অফ’ কৰি দিলে। কোঠাটো অন্ধকাৰ হৈ পৰিল। আকৌ এবাৰ হাতঘড়ীটোৰ ফালে চালে। মজিয়াখনৰ ফালেও এবাৰ চালে। ইমান আন্ধাৰতো চকুকেইটা মজিয়াত জিলিকি আছিল। যেন ঘোৰাপাক,  খেতৰ,  বুঢ়াডাঙৰীয়া আৰু কবন্ধ কেইটাই তেতিয়াও জয়ন্তৰ ফালে চাইহে আছিল! ‘ফ্লোৰ’চেন্ট ষ্টিকাৰ’ দুটা এতিয়াও আছে। কালি ‘চুইছ বৰ্ড’ৰ চুইছকেইটাত কাটি কাটি লগাই দিব লাগিব। তেতিয়া আন্ধাৰতো ‘চুইছ অন’ কৰিবলৈ অসুবিধা নহ’ব। আবেলি সময়ত ‘ফ্লোৰ’চেন্ট ষ্টিকাৰ’ এটা জোখমতে কাটা-কাটি কৰি চখতে হাতঘড়ীটোৰ ওপৰত লগাইছিল। সৰু সৰু অলাগতীয়াল টুকুৰা চাৰিটা মজিয়াত পৰি ৰৈছিল। জয়ন্তই কথাটো পাহৰিয়েই গৈছিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments