ছাত্ৰাবাসৰ এডোখৰ (১৪): মহেন্দ্ৰ মোহন চিকিৎসালয়ত এটি নিশা (দিগন্ত যাদৱ শৰ্মা)

ছাত্ৰাবাসৰ এডোখৰ (১৪): মহেন্দ্ৰ মোহন চিকিৎসালয়ত এটি নিশা

——————–

(দিগন্ত যাদৱ শৰ্মা)

এইবাৰ কোনো ৰহণ নলগোৱাকৈ ছাত্ৰাবাসৰ এডোখৰ আগবঢ়াইছোঁ। ১৯৮৯ ইংৰাজী চনৰ সেই বিশেষ দিনটো। সেয়া আছিল মে’ মাহৰ ৩১ তাৰিখ, বুধবাৰ। দ্বিতীয় বৰ্ষৰ প্ৰথম ষাণ্মাসিকৰ কেইবাজনো ছাত্ৰ দুজনমান ‘চিনিয়ৰ’ৰ সৈতে ইফাল-সিফাল কৰি উচপিচাই আছে। স্থান মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়, পানবজাৰ, গুৱাহাটী। সকলোৰে থৰকাছুটি হেৰুৱাইছে। কিনো হ’ল, কেনেকৈ হ’ল কোনোৱে একো উৱাদিহ পোৱা নাই। মনবোৰো বেয়া সকলোৰে। ইফালে গোটেইবোৰেৰেই মহৰ কামোৰত অৱস্থা নাই। সন্ধিয়াৰে পৰা টোপনি ক্ষতি কৰি এনেকৈ কটোৱাটো ধেমালি নহয়। শুৱাটো দূৰৈৰে কথা, কোনোৱে বহিবলৈও সুযোগ পোৱা নাছিল। ছাত্ৰাবাসত ডেৰবছৰ কাল সুখ-দুখৰ লগৰীয়া হৈ থকা এজনৰ বাবে এটা ৰাতি এনেকৈ কষ্টত কটোৱাতো অৱশ্যে একো টান কথা নাছিল। মেঘাবৃত আকাশৰ দৰেই মনবোৰ গোমা হৈ আছিল। দুজনমানৰ ভয়ো লাগিবলৈ ধৰিছিল। এনেকৈ এটা মৃতদেহ গোটেই নিশা পৰ দি থাকিবলগীয়া হোৱা অৱস্থা বোধকৰোঁ তাত থকা আটাইকেইজনৰ জীৱনত প্ৰথমবাৰৰ বাবে সংঘটিত হৈছিল।

মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্সালয়ৰ নিশা। নিমাওমাও পৰিবেশ। দূৰৈত দুই-এটা কুকুৰৰ দীঘলীয়া ভুকভুকনি। সময় ইতিমধ্যে ৰাতিপুৱা তিনি-চাৰিমান বাজিছিল। গৌতমদাৰ দিন-বাৰ থকা ঘড়ীটোৰ ‘ডায়েল’ ইতিমধ্যে ১ জুনলৈ সলনি হৈছিল। সময়ে আকৌ নতুন মাহ এটালৈ গতি সলাইছিল। মাজে মাজে ভাহি অহা দুই-এজন ৰোগীৰ যন্ত্ৰণাকাতৰ আৰ্তনাদে মনবোৰক আৰু বেছি সেমেকাবলৈ যেন উৎসাহহে যোগাইছিল। ‘কৰিড’ৰ’টোত মাজে মাজে দুই-এজনী ‘নাৰ্ছ’ আৰু ‘ওয়াৰ্ড বয়’ৰ খোজৰ শব্দ শুনিবলৈ পোৱা গৈছিল। চিকিৎসালয়ৰ বেৰত আওজি সকলোৱে কলমটিয়াবলৈ আৰম্ভ কৰিছিল। ভৰিৰ পতাৰো যেন চেতনা হেৰাই গৈছিল। মৃতদেহটো বগা কাপোৰেৰে ঢাকি থোৱা আছিল। কাষতে আন এখন বিছনা উদং হৈ আছিল। আটাইবোৰৰে চকুবোৰ জাপ খাই আহিছিল।

হঠাত চকু মেলি মনোৰঞ্জনে অস্ফুট স্বৰত আৰ্তনাদ কৰি উঠিল। তাৰ বুকু ধিপধিপাবলৈ ধৰিছিল। কাষৰ দুজনক জোৰেৰে বাউসিত জোকাৰি সেঁহাই সেঁহাই কৈ উঠিল-
: সেয়া চাচোন! এটা ‘দ্বিতীয় মৃতদেহ’। বগা কাপোৰেৰে ঢাকি থোৱা আছিল। অলপ আগলৈকেতো বিছনাখন শূন্য হৈ আছিল।
খপজপকৈ কাষত থকা দুয়োজনেই চকু মেলি কিংকৰ্ত্তব্যবিমূঢ় হৈ পৰিল। ফুচফুচাই তিনিওজনে নিজৰ মাজতে আলোচনা কৰিবলৈ ধৰিলে।
: হয়তো! সঁচাকৈয়ে। অলপ আগলৈকে চকু মেলি থকা অৱস্থাত বিছনাখন খালীয়ে দেখিছিলোঁ।
: ক’ৰ পৰা আহিল। কোনে আনিলে এই মৃতদেহটো? দুৱাৰখনত হুক লগাই থোৱা নাই যদিও অম্লানহতেঁতো ভেজা দি আছিল।
অম্লানহঁতেও কথাটো জানিলে। অম্লানৰ লগত আনজনেও কোনোবা দুৱাৰ খুলি সোমোৱাতো একেবাৰে নুই কৰিলে। আন কোনো এটা দ্বিতীয় পথ নাই যে আন এটা মৃতদেহ কোনোবাই আনি ইয়াতেই থৈ যাবহি! প্ৰায় কেইজনেই ভূত-পিশাচ বুলি ভয়ত কপিবলৈ ধৰিছিল। গোটেই নিশাৰ দুখ আৰু হুমুনিয়াহবোৰ আতংক, সংশয়লৈহে পৰ্য্যৱৰ্তিত হ’ল। দুৱাৰখন হেঁচা দি খুলি আটাইকেইজন সেই বিশেষ কোঠাটোৰ পৰা লৰালৰিকৈ ‘কৰিডৰ’টোলৈ ওলাই আহিল। এজনে ভয়ে ভয়ে পিছলৈ ঘূৰি চাওতে দেখিছিল ‘দ্বিতীয় মৃতদেহ’ৰ বুকুখন যেন দুৰু দুৰুকৈ কপি উঠিছিল। সি আৰু আতঙ্কিত হৈ পৰিছিল। কোবাকোবিকৈ ‘নাৰ্ছ ষ্টেশ্যন’লৈ আগবাঢ়িল। হঠাত এজনে সুধিলে-
: কৃষ্ণ ক’ত থাকি আহিল। সি আমাৰ লগত নাই যে!
আটাইকেইজনে ইফালে-সিফালে চাবলৈ ধৰিলে। দুই-এজনে ভয়ে ভয়ে মৃতদেহ থকা কোঠাটোলৈ চাই পঠিয়ালে। কিজানি তাত কৃষ্ণ থাকিয়েই আহিল। দুৱাৰখন মেলা অৱস্থাতে আছিল। কিন্তু কৃষ্ণক দেখা পোৱা নগ’ল। আকৌ মাতিবলৈ ধৰিলে। এইবাৰ অলপ ডাঙৰকৈ-
: কৃষ্ণ! কৃষ্ণ!
এজনে দেখিলে ‘দ্বিতীয় মৃতদেহ’টো দেখোন লৰচৰ কৰিব ধৰিছে। যদিও কিছু নিলগত আছিল সি লগৰজনক সাৱটি ধৰিছিল। ‘দ্বিতীয় মৃতদেহ’টো এইবাৰ উঠি বহিল। বগা কাপোৰখন মূৰৰ পৰা খহি পৰিল। ‘দ্বিতীয় মৃতদেহ’টো এইবাৰ এঙামুৰি এটা মাৰি উঠিল।
: হাৰে এয়া দেখোন আমাৰ কৃষ্ণ। সি কেনেকৈ সেই বিছনাত?
চুচুক চামাককৈ আটাইকেইজনেই আগবাঢ়ি আহিল। অবাক দৃষ্টিৰে কৃষ্ণক চাবলৈ ধৰিলে। কৃষ্ণয়ো আটাইকেইজনে তেনেকৈ চোৱা দেখি ভয় খাই উঠিছিল।
: কৃষ্ণ, তই কেনেকৈ সেইখনত শুবলৈ লৈছিলি। ভয় লগা নাছিল।
: ইমান টোপনি ধৰিছিল যে থিয় হৈ থাকিব পৰা অৱস্থাত নাছিলোঁ। সেয়ে বিছনাখন খালী দেখি শুই গ’লোঁ।
: কিন্তু বগা কাপোৰখন ক’ত পালি?
: ধেৎ! ক’ত বগা কাপোৰ দেখিলি? দুয়োফালে সেউজীয়া পাৰি থকা এইখন মোৰ গামোছাহে। আহোতে ‘হোষ্টেল’ৰ পৰা লৈ আহিছিলোঁ। যিহে মহ, মূৰে-গায়ে লৈহে অলপ ৰক্ষা পৰিছিলোঁ।

তাত উপস্থিত থকা আটাইবোৰে আকৌ আলোচনা কৰিবলৈ ধৰিলোঁ। কিয় এনে হ’ল! এয়া শ্ৰীকান্তৰ ‘second attempt’ আছিল। প্ৰথমবাৰ আমাৰ এজন ‘চিনিয়ৰ’ৰ সময়োচিত কাৰ্য্যৰ বাবে সেই যাত্ৰাত সফল হ’ব পৰা নাছিল। শ্ৰীকান্ত আমাৰ লগৰ একে শ্ৰেণীৰে আছিল। ঘৰ ত্ৰিপুৰা ৰাজ্যত। একেলগে উঠোঁতে-বহোঁতে, খাওঁতে-শোওঁতে, ‘ক্লাচ’লৈ যাওঁতে আমাৰ কাৰো একো সন্দেহ উপজা নাছিল। জনা নাছিলো কোনো এজনেও তাৰ মনৰ খবৰ। কোনো এজনকো হয়তো সি তাৰ অনুভৱবোৰ, তাৰ দুখবোৰ, তাৰ অতীত, তাৰ বৰ্তমানবোৰৰ বতৰা দিয়া নাছিল। আৰু ৩১ মেৰ সন্ধীয়া আমাৰ ছাত্ৰাবাসলৈ খবৰ আহিছিল যে শ্ৰীকান্ত আৰু নাই। পল্টন বজাৰত ৰেলৰ আগত পৰি সি আত্মঘাতী হৈছিল। ‘ক্লাচ’ৰ পৰা বাহিৰে বাহিৰেই বোধকৰো পল্টন বজাৰ ৰেলৱে’ ষ্টেচন পাইছিলগৈ। পুলিচ আহি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মহেন্দ্ৰ মোহন চিকিৎসালয়লৈ লৈ গৈছিল। ইতিমধ্যে কেইবাজনো ছাত্ৰাবাসৰ আবাসী আহি গোট খাইছিল। আন্ধাৰ নামিছিল। চিকিৎসকে কৈছিল- ৰাতি হ’ল যেতিয়া মৰণোত্তৰ পৰীক্ষা কৰিব পৰা নহ’ব। তোমালোক থাকিলে থাকিব পাৰা। কালিলৈ ৰাতিপুৱাই মৰণোত্তৰ পৰীক্ষা কৰি প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব।

প্ৰায় ২৪ বছৰ আগৰ দুখজনক ঘটনাটোক সেই সময়ৰ কেওজনে একেলগ হ’লে এতিয়াও সোৱৰোঁ। অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱা শ্ৰীকান্তলৈ আকৌ এবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।

(বি:দ্ৰ: লেখাটোত শ্ৰীকান্তৰ প্ৰকৃত নামটো উহ্য ৰখা হৈছে আৰু লগতে দুজনমানৰ নামো সলনি কৰি দিয়া হৈছে।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments