ছাত্ৰাবাসৰ এডোখৰ (১৯) — ‘ক্লেপ্ট’মেনিয়া’ আৰু কপালৰ ‘এক্সটেনশন’ (দিগন্ত যাদৱ শৰ্মা)

হঠাতে ‘ট্ৰেইন’ৰ ডবাৰ ভিতৰত এটা মৃদু আলোড়নৰ সৃষ্টি হ’ল। ইজনে সিজনৰ ফালে চাব ধৰিলে। ক’বলৈ একো নাছিল, বুজাই বুজিছিল। কমলে বিজ্ঞৰ দৰে মৃদুলক কাণে কাণে কলে ইয়াক ‘ক্লেপ্ট’মেনিয়া’ (Kleptomania) বুলি কোৱা হয়, মানে চুৰি কৰিবলৈ প্ৰবল ইচ্ছা যোৱা এটা মানসিক বিকাৰ। চৌৰ্যবিকাৰ অথবা এক চৌৰ্যোন্মাদনা। আৰু তেনেহ’লে নিশ্চয় মানবক ‘ক্লেপ্ট’মেনিয়াক’ (Kleptomaniac) বুলি ক’ব লাগিব।

ঘটনাটো এনেদৰে আৰম্ভ হৈছিল। বিপুলে ঘড়ীটো বিচাৰি আছিল। নিউ-জলপাইগুড়িত কিনা ঘড়ীটো কাক জানো থ’বলৈ দিছিল। মোহনক সোধাত সি কলে ঘড়ীটো তাৰ বেগত থৈ দিছিল আৰু তাক নিজকে বিচাৰি ল’বলৈ ক’লে। ভুলতে মোহনৰ বেগ বুলি মানবৰ বেগটো খোলাত সি আচৰিত হৈ চিঞৰি উঠিল।
: মোহন! এইবোৰ কি তোৰ বেগত?
চিঞৰ শুনি কেইবাজনো আগবাঢ়ি আহিল। বিপুলে বেগটো মোহনৰ বুলিয়েই ভাবিছিল, কিন্তু বেগৰ ভিতৰত অবিশ্বাসভৰা চাৱনি এটা দি মোহনেহে ভেদ ভাগিলে-
: ধেৎ! সেইটো মোৰ বেগ নহয় নহয়! মানবৰ বেগহে!
: কিন্তু?
বেগটোৰ ভিতৰত এগালমান বস্তু। প্ৰায় আটাইকেইজনেই আচৰিত হৈ পৰিল। একেধৰণৰ এই বস্তুবোৰ তাৰ যে নহয় সেইটো নিশ্চিত! ‘এক্সকাৰচ’ন’ (excursion) ত যোৱা ৭০ জনীয়া দলটোৰ বহুকেইজনৰেই সৰু-সুৰা বস্তু দুই-এটা নোহোৱা হৈছিল। টুথব্ৰাছ, টুথপেষ্ট, ফণী, নেইল কাটাৰ, কলম ইত্যাদি।
পৰিৱেশটো গহীন-গম্ভীৰ হৈ পৰিল। পঢ়া-শুনাত মানবৰ ভাল নাম আছে। পৰীক্ষাৰ সময়ত তাৰ ‘নোট’ লৈ কেইবাজনৰো টনা-আঁজোৰা লাগে। বন্ধু-বান্ধবীৰ লগতো ব্যৱহাৰ ভাল। এনে অৱস্থাত কোনে কি কব লাগে একো উৱাদিহ নোপোৱা হ’ল। কোনোবাই চহৰীয়া চাৰক কথাটো ক’লে। তেওঁ কিবা এটা ভাবি মনে মনে থাকিল। সিদ্ধাৰ্থই পৰিৱেশটো পাতলাবলৈ মেল খাই থকা বেগটোলৈ হাত দি ‘নেইল কাটাৰ’টো উলিয়াই ললে।
: ধেৎ! ঘৰ আহি পাবলৈ এটা দিন আছেই। নখকেইটাই কাটি লওঁ!
তেতিয়াও শিল পৰা কপৌৰ দৰে মানব বেগটোৰ পৰা অকণমান আতঁৰত থিয় দি আছিল। অলপ ৰৈ সিদ্ধাৰ্থই মানবলৈ চকু দি সুধিলে-
: ঐ মানব! ‘ব্লেক এন্ড হোৱাইট’ মানে ‘টু-ইন-ওৱান’ মঞ্জুলক দেখা নাই যে। ক’ত গ’ল সি? ‘ওৱাছ বেচিন’ৰ আৰ্চীত মুখ চাই থকা নাইতো! নতুন দিল্লীত ‘ফেচিয়েল’ কৰি অনা মুখখন আয়েশাক দেখাব নোৱাৰিলে চল্লিশ টকা দেখোন এনেয়ে যাব। তাক বৰকৈ মুখখন ধুই থাকিবলৈ নকবি। ‘ফেচিয়েল’ৰ গুণাগুণ নোহোৱা হৈ পৰিব।
কথা-বাৰ্তাৰ ৰেখাডাল আগবাঢ়িব দি চহৰীয়া চাৰে মুখত মিচিকিয়া হাহিঁ এটাৰে নিজৰ ‘বাৰ্থ’লৈ সোমাই গ’ল। চহৰীয়া চাৰ যোৱাৰ পিছত ভবেশ আৰু ফাইজুৰ আগবাঢ়ি আহি তাক মঞ্জুলৰ কথা ক’বলৈ অনুৰোধ কৰিলে। সিদ্ধাৰ্থই ভালেই পালে। মঞ্জুলক জোকাই ভাল লাগে। সি জানে মঞ্জুল নিশ্চয় কাষৰ ‘বাৰ্থ’টোৰ পৰাই ঘটনাৰ উমান লৈ আছে। ছাত্ৰাবাসত সৰু সুৰা চুৰিৰ ঘটনা ঘটি থাকে। মানবক ‘ক্লেপ্ট’মেনিয়াক’ বুলি আগতেই সি সন্দেহ নকৰা নহয়! মানব আৰু মঞ্জুল একেটা ছাত্ৰাবাসৰ। তাতেই আকৌ দুয়ো ‘ৰুমমেট’। সেইবাবেই সি মানবৰ সন্মুখলৈ আহিবলৈ কুণ্ঠাবোধ কৰিছিল। ‘এক্সকাৰচ’ন’ৰ সময়ত নতুন দিল্লীত কৰা ‘ফেচিয়েল’ আৰু মঞ্জুল আৰু আয়েশাৰ প্ৰেমকাহিনীৰ কিয়দংশ আছিল এনেধৰণৰ-
নামনি অসমৰ এখন সৰু চহৰৰ পৰা পঢ়িবলৈ আহিছিল মঞ্জুল। তাতকৈ দুশ্ৰেণী তলত পঢ়া আয়েশাৰ লগত আজি তিনি বছৰৰ পৰা হিয়া-দিয়া-নিয়া চলি আছিল। তাই ঘৰৰ কাষৰ মহাবিদ্যালয় এখনৰ উচ্চতৰ মধ্যমিকৰ ছাত্ৰী। আয়েশাৰ দেহৰ বৰণ ধৱল। তাৰ বিপৰীতে মঞ্জিলৰ দেহৰ বৰণ অন্ধকাৰাবৃত। তাতে আকৌ আজি দুবছৰৰ পৰা সন্মুখভাগৰ পৰা কি এনেকৈ চুলি সৰিবলৈ ধৰিলে যে কপাল নে মুখৰ ‘এক্সটেনশন’ ধৰিবই নোৱাৰি! এইটো হাৰত চুলি গৈ থাকিবলৈ হ’লে টকলামূৰা হৈ টকম্বৰি নাম পোৱাৰ যোগ্যহে হ’বগৈ। সেই আয়েশাৰ বাবে ‘এক্সকাৰচ’ন’ত বিভিন্ন ঠাইৰ পৰা কিমান কি ধৰণৰ বস্তু যে কিনিছে! এতিয়া তাৰে দুই এপদ ‘ৰুমমেট’ৰ বেগত নোলালেহে ৰক্ষা!
আয়েশাৰ মনত এটাই দুখ মঞ্জুলৰ শৰীৰৰ অন্ধকাৰাবৃত বৰণটো আৰু অকালতে হোৱা কপালৰ ‘এক্সটেনশন’টোৰ বাবে। এই কথাটো আয়েশাৰ বান্ধবী সাগৰিকাৰ মুখত শুনাৰ পৰাই মঞ্জুলে গোটেই শৰীৰটোক অন্ধকাৰাচ্ছন্নৰ পৰা মুক্ত কৰিব নোৱাৰিলেও অন্ততঃ মুখখনক ধৱলিকৰণ কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল।
নতুন দিল্লী পোৱাৰ পিছত দুজনমানৰ কথা শুনি নামী-দামী চেলুন এখনত সোমাল। লগৰ দুজনে চুলি কটালে। মঞ্জুলে চুলি কটাবৰ বিশেষ নথকাত তাতেই মনটোও খুদমুদাই আছিল, গতিকে ‘ফেচিয়েল’ কৰাবলৈ বহি দিলে। চকু মেলি মঞ্জুলৰ মাথা গৰম হৈ গ’ল। মুখখন দেখোন ‘টু-ইন-ওৱান’ হৈ পৰিল! মুখখন বগা, কপালৰ ওপৰৰ খিনি ক’লা। হাজামক কৈ ওপৰৰখিনিও মুখমণ্ডলৰ দৰে কৰি দিব দিলে। হাজামে হাঁহি এটা মাৰি ক’লে মুৰত ‘ফেচিয়েল’ নকৰে নহয়! ফলাফল আৰু এটা ‘এক্সট্রা’ খৰছ। ‘এক্সটেনশন’ৰ আচ্ছাদনৰ বাবে টুপী এটা কিনিব লগা হৈছিল৷

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক