ছাত্ৰাবাসৰ এডোখৰ (৭) : দিগন্ত যাদৱ শৰ্মা

RETURN OF THE EVIL DEAD

সময় মাজৰাতি। আনুমানিক তিনি বাজিছিল। হঠাৎ ভয়াৰ্ত কণ্ঠেৰে উৎপলদাৰ চিঞৰ-

– তিৱাৰী, তিৱাৰী, নুশুন নেকি? ইমানকৈ চিঞৰি মাতি থাকিব লাগে!
– কি হ’ল বাবুজী?
– পিছফালে চাচোন! চৰ-চৰ-চৰ-চৰ, ফৰ-ফৰ-ফৰ-ফৰৰ নিচিনা শব্দ হৈ আছে!
অলপ সময় পাঁচ বেটেৰিয়া টৰ্চটোৰে ভালদৰে ইফালে-সিফালে চাই নৈশ পহৰাদাৰ তিৱাৰীয়ে ক’লে-
– একো নাই বাবুজী। আপুনি শুই থাকক। এতিয়াতো একো শব্দও নাই!
– তেন্তে শব্দ ক’ৰ পৰা আহিছিল?
– এন্দুৰো হ’ব পাৰে।
– ধেৎ এন্দুৰ-নিগনিৰ শব্দ নহয়! তই ভালদৰে চোৱাই নাই!
– হয়তো কোনো মায়াবিনীৰো শব্দ হ’ব পাৰে। মই কেতিয়াবা নূপুৰৰ শব্দ শুনোঁ! আপুনি ঈশ্বৰৰ নাম লৈ শুই থাকক। ৰাতি পুৱাবলৈ বেছি পৰ নাই।

গোটেই ৰাতি উৎপল কাকতিয়ে ইছাটি-বিছাটি কৰি থাকিল। মাজতে তিৱাৰীয়ে এবাৰ মাত লগালে। তাৰ কিবা এটা মনত পৰাত উত্তৰ নিদিয়াকৈ মনে মনে থাকিল। টোপনি হ’লে অলপো নাহিল। উৎপলদা এনে কিন্তু বৰ খামিডাঠ মানুহ। এজন ভাল ভলী খেলুৱৈ। অসমৰ বাহিৰত দুবাৰো বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছে। টোপনি এনেয়েও অহা নাছিল। ৰুমমেট নাছিল। ভয় ভয়তো লাগি আছিলেই! তাতে আকৌ শব্দৰ উৎসৰ সন্ধান উলিয়াব নোৱাৰি ঠাণ্ডাতো ঘাম বাহিৰ হৈ গৈছিল। এবাৰ ভাবিলে দুৱাৰখন খুলি নৈশ পহৰাদাৰ তিৱাৰীৰ লগতে বাহিৰত বহি থাকোঁ। সেইটো কৰিবলৈও ভয় লাগিল। কিজানি তিৱাৰীৰ সলনি আন কোনোবাহে ওলায়। সেই যে অদৃশ্য হৈ চৰৰ-চৰৰ, ফৰৰ-ফৰৰ শব্দ কৰি আছিল। শব্দ শুনি লগে লগে ভয়ে ভয়ে ‘টৰ্চ’টোৰে বাহিৰলৈ চাইছিল। আচৰিত ভাবে শব্দ হৈ থকা সময়তো একোৱেই চকুত ধৰা নপৰিল। শব্দটো প্ৰায় এক-দুই মিনিটমান আছিল। গতিকে ৰাতি ওলোৱা ভয় লগা অদৃশ্যবিধে হ’ব। সন্দেহ নাই! কিহে পাইছিলনোঁ ‘Return of the Evil Dead’ খন চাবলৈ। কথাছবিখনত ওলোৱাৰ দৰে প্ৰেতাত্মাও হ’ব পাৰে বুলি এবাৰ মনলৈ আহিল। প্ৰেতাত্মাকেইটা অন্ধ আছিল, নেদেখে। কিন্তু সিহঁতে শব্দৰ উৎসৰ সন্ধান কৰি আক্ৰমণ কৰে। সেয়ে পিছলৈ মনত পৰাত তিৱাৰীয়ে মাত লগোৱাতো উৎপলে মনে মনে থাকিল। অৰূপক কিমান ক’লে -‘বোলো আহ আজি মোৰ লগতে শুই থাক, তোৰো ৰুমমেটো নাই মোৰো নাই’। সি বেটা বৰ খামিডাঠ ওলাইছে! তাৰ বোলে বেলেগৰ বিছনাত টোপনি নাহে। গোটেই ৰাতি সেই আবোল-তাবোলবোৰ ভাবিয়েই পোহৰ হোৱালৈয়ে বাট চালে। উপাই নাই। কি কৰিব আৰু!

‘চেমিষ্টাৰ ব্ৰেক’। বেছিভাগেই ঘৰলৈ গৈছে। দূৰৈৰ কিছুসংখ্যক ৰৈ গ’ল। এদিন বা দুদিন পিছত যাব। ছাত্ৰাবাসত এটা ৰঙীন টিভি আছিলেই। সকলোৱে ঠিৰাং কৰিলে ‘ভি.চি.আৰ’ আনি ‘চিনেমা’ চাব। ‘চিনেমা’ৰ কেছেট কেইবাধৰণৰো অনা হৈছিল। তাৰ মাজত আছিল ‘Return of the Evil Dead’ নামৰ হ’ৰৰ ‘চিনেমা’খনো। সেইখন আকৌ শেষতহে চাইছিল। প্ৰেতাত্মাকেইটাৰ ভয়ত এনে অৱস্থাৰ সৃষ্টি হৈছিল সেই কেছেটটোৱে কোনোৱে ৰাখিবলৈ ইচ্ছা কৰা নাছিল। যদি ৰাতি তাৰ পৰাই সেইকেইটা ওলাই আহে! কি ঠিক! চাৰিমহলীয়া চল্লিশটা কোঠা থকা, আশীজন আবাসী থকা ছাত্ৰাবাসটোত সেইদিনাখন আছিল মাত্ৰ পোন্ধৰ-বিশজন। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত, ওচৰত বৰ বিশেষ আবাসিক এলেকা নথকাত এনেও এটা নিমাও-মাও পৰিবেশে বিৰাজ কৰিছিল। গতিকে ভয় খোৱাকেইজনে একেলগে শোৱাৰ বন্দোবস্ত কৰিলে। থকা কেইজনৰ ‘ৰুমমেটো’ নাছিল। দুটা কোঠাত চাৰিজনকৈ থাকিল। বাকীকেইজনৰ সেই সুবিধা নিমিলিল। গতিকে অকলশৰীয়াকৈ থাকিবলগীয়া হৈছিল। তাতে আকৌ দুজনমানৰ নাকৰ শব্দ, ইগ’ৰ সমস্যা এইবোৰ আছিলেই।
মুনিন গগৈৰো ৰুমমেট নাছিল। ঘৰ শিৱসাগৰত। পিছদিনাখন ঘৰলৈ যাব। মুনিনদায়ো চাইছিল শেষ ‘চিনেমা’খন। ভয় লাগিছিল যদিও কনিষ্ঠ কেইজনৰ আগত দুৰ্বলতা জাহিৰ কৰিবলৈ নিবিচৰাত অকলেই শুৱলৈ লৈছিল। দৌৰাদৌৰিকৈ শুৱলৈ অহাত সৰুপানী চুই আহিবলৈ পাহৰিলে। তেতিয়ালৈকে গোটেইবোৰে দুৱাৰবোৰ জপালেই। তাতে আকৌ সেইটো মহলাত তেওঁৰ ওচৰে পাঁজৰে আন কোনো নাই। দুৱাৰ খুলি সৰুপানী চুই আহিবলৈ মুনিনদাৰ মনটোৱে নক’লে। তেনেকৈ বহুপৰ উচপিচাই থাকি আৰু নোৱাৰিলে। কোনোনে চাই থাকিব, তাতেই দোভাগ নিশা সেইবুলি মুনিনদাই খিৰিকী এখন খুলি কামফেৰা সমাধা কৰিহে মুক্তি লভিলে।

উৎপলদা চাৰিমহলাৰ একেবাৰে তলৰ মহলাত ১০৫ নং কোঠাত থাকে। মুনিনদা একেবাৰে ওপৰ মহলাৰ ৪০৫ নং কোঠাত থাকে। তাৰ মানে উলম্বভাবে মুনিনদাৰ তিনিটা মহলা পাৰ হৈ একেবাৰে তলত উৎপলদাৰ কোঠা। ছাত্ৰাবাসৰ পেলনীয়া বস্তু যেনে ব্ৰেড, বিস্কুট, বাদাম-ভুজীয়াৰ পেকেটবোৰ খিৰিকীৰে ওপৰৰ পৰা বহুতেই পেলাই দিয়ে। তেনেকৈ উৎপলদাৰো কোঠাৰ বাহিৰত খিৰিকীৰ তলত বহুতো প্লাষ্টিক, কাগজ এইবোৰ গোটখাই পৰি ৰৈছিল। মুনিনদাৰ সৰুপানী গৈ সেই প্লাষ্টিকবোৰৰ ওপৰত অৱস্থান কৰাতহে উৎপলদাৰ সেই বিলাই-বিপত্তিখন হৈছিল। ৰাতিপুৱা প্ৰথমতে কোনোৱে একো কোৱাই নাছিল। পহৰাদাৰ তিৱাৰীয়েহে কথাটো আনসকলৰ আগত উলিয়াওতে ৰাতিৰ ‘RETURN OF THE EVIL DEAD’ৰ কাহিনীটো জনাজাত হৈছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক