ছাত্ৰাবাসৰ এডোখৰ (৮) : দিগন্ত যাদৱ শৰ্মা

ভলীবল, চিনেমা আৰু ‘কমোড’

: অই এইপিনে আহ। আমাৰ লগত খেল।
: দাদা, মই কোনোদিনে ভলীবল খেলা নাই।
: একো নহয়, পাৰিবি। লগত আমি আছো নহয়! হৈ গ’ল আমাৰ ‘টিম’। খেল আৰম্ভ কৰ।

মুনিনদাই কোনো কথা ক’বলৈ সুযোগে নিদিলে। ক্ৰিকেট, ফুটবল, টেব’ল টেনিচ এইবোৰ খেলি পাইছো। কিন্ত ভলীবলহে খেলিবলৈ নহ’ল। দেখোতে দেখিছো বহুবাৰ। সমস্যা হ’ল ছাত্ৰাবাসলৈ অহা দহ-পোন্ধৰ দিনমান হৈছেহে। ‘ৰেগিং’ বোলা বস্তুটো তেনেকৈ নাই যদিও ‘কিবা’ এটা ভয় ভয় লাগি আছিল। ‘ৰেগিং’ৰ কথা আন কিছুমানৰ মুখত শুনি থাকো। প্ৰথমদিনা যে অট’ৰিক্সাৰ পৰা নামিয়েই ট্ৰাঙ্কটো মুৰত লৈ ছাত্ৰাবাসত প্ৰৱেশ কৰিব লাগিছিল। প্ৰৱেশ কৰোতে এপাহ গোলাপ দিছিল। কিন্তু দুহাতেৰে ট্ৰাঙ্কটো ধৰি ৰখাত দাদা এজনে মুখত সোমোৱাই দিছিল। আমিও গোলাপৰ ঠাৰিদালত দাঁতেৰে কামুৰি ধৰিছিলোঁ। ওপৰৰ বেলকনিৰ পৰা দাদাসকলে চিৎকাৰ কৰিছিল। সেইবোৰ কথা মনত পৰিল।

 

বন্ধৰ দিন হোৱাৰ বাবে ৰাতিপুৱাৰ ভাগতে খেল আৰম্ভ হৈছিল। খেলত ভুল কৰিলেও নিশ্চিতভাবে গালি খাব লাগিব। ইফালে জীৱনত প্ৰথমবাৰৰ বাবে ভলীবল খেলত অংশগ্ৰহণ কৰিছোঁ! দুবাৰমান মোৰ ফালেও বল আহিল। নাই হাত লগাবই নোৱাৰিলোঁ। দুজনমানৰ পৰা ভৰ্ত্সনা, টিটকাৰি উপহাৰ হিচাপে পালো। যতে বাঘৰ ভয় তাতে ৰাতি হোৱাৰ লেখিয়াকৈ মোৰ ক্ষেত্ৰতো তাকেই হ’ল। জীৱনত প্ৰথমবাৰৰ বাবে ভলীবলটো হাতেৰে লগালো ঠিকেই, কিন্তু একে দলৰে মোৰ কাষতে থকা মুনিনদাৰ থুতুৰিতহে লাগিব লাগেনে! মুনিনদাই উস-আস লগালে। ইফালে মোৰ বুকুত দুৰু দুৰু কপনি! ভাগ্য ভাল আছিল বোধকৰো। মুনিনদাৰ কোনোবা অতিথি অহাত খেলখন অলপ সালসলনি কৰা হ’ল। সাময়িক ভাবে ময়ো ৰক্ষা পৰিলোঁ।

 

দিনটো আছিল দেওঁবাৰ। আমি প্ৰথম বছৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰকেইজনে একেলগেই ভাত খাওঁ। মোৰ কথাটোও তাতে আলোচনা হ’ল। আমি তিনিজনে ‘অনুৰাধা’ ছবিঘৰত ‘কয়ামত সে কয়ামত তক’ চোৱাটো ঠিক কৰিলোঁ। অন্তত দিনটোত মোক নেদেখিলে মুনিনদাই কথাটো পাহৰি যাবও পাৰে। দুইবজাত ‘মেটিনি শ্বো’। দৌৰাদৌৰিকৈ আমি তিনিজন ওলালো। মই, বিপুল আৰু তুষাৰ।

 

‘চিনেমা’ চলি আছে। ঠিক ‘ইন্টাৰভেল’ৰ আগে আগে হঠাত বিপুল চিটৰ পৰা উঠি গ’ল। তুষাৰে সোধোতে মুখৰ ভিতৰত কিবা এটা ক’লে। কি ক’লে আমি দুয়োজনেই বুজি নাপালোঁ। দহ মিনিটমান পিছতেই ‘ইন্টাৰভেল’ হ’ল। পোহৰ হ’ল। আমি দুয়োজনেই বাহিৰলৈ আহিলো। কিবাকিবি কিনিলো চোবাবলৈ। নাই বাহিৰত বিপুলক নেদেখিলো। ভাবিলো সি আকৌ চিটতে বহিল নেকি? ঘন্টি বাজিলত আমি আকৌ চিটত বহিলো। আচৰিত! বিপুল নাই! ভাবিলো ডাঙৰবিধে পাইছিল নেকি? এতিয়াও হোৱাই নাইনে? কিন্তু আমিতো বাথৰুমতো সোমাইছিলো! নেদেখিলোঁ।

 

মনটো ভাল লগা নাছিল। এনেকুৱা ‘ৰোমান্তিক চিনেমা’ খনৰ পৰিণতি যে ‘ট্রেজিক’ হ’ব পাৰে ভবাই নাছিলো। বিপুলৰ কথাই আলোচনা কৰি কৰি তুষাৰ আৰু মই ‘চিনেমা’ শেষ কৰি ছাত্ৰাবাস পালোহি। দহ মিনিটমান পিছত মোক তুষাৰে তাৰ কোঠালৈ লৈ গ’ল। বিপুল তাৰ ‘ৰুমমেট’। দুয়োটা অনবৰত একেলগেই থাকে। আমি নাম দিছিলো- বুন্দিয়া-ভুজিয়া, কাপ-প্লেট। কিন্তু বিপুল হ’ল বেছ ওখ-পাখ পালোৱান চেহেৰাৰ। তুষাৰ চাপৰ। গৈ দেখো বিপুলে গামোছা এখন পিন্ধি বিছনাত আওজি আলোচনী এখন পঢ়ি আছে।
: অই তোৰ কি হ’ল? একো নোকোৱাকৈ গুছি আহিলিযে?
: হঠাতে পেটতো কামুৰিলে। তাৰ পিছত মই……
: অ’! ঠিকেইতো আমিও ভাবিছিলো তই ‘টইলেট’ত গৈছ। কিন্তু ‘অনুৰাধা চিনেমা হলততো ‘টইলেট’ আছে।
: শুন’ যদি মোক কথাখিনি কব দে! মাজত পেকপেকাই নাথাকিবি! অনুৰাধাৰ টইলেটত মই ঠিকেই সোমাইছিলো। কিন্তু ভৰি দিয়া ‘চিট’টো ইমান ওখ। আনটোত সোমালো। গৈ দেখো সেইটোও সেই একেই। কোনো দিনে তেনেকুৱা ‘চিট’ত বহি পোৱা নাই। নাজানোও নহয় কেনেকৈ বহে! ভয়ো লাগিল, উঠিলে যদি পৰি যাওঁ! কি সমস্যা! ইফালে বৰ জোৰকৈও ধৰিছে। বাপ্পেকে জোতাৰে সৈতে দিলো উঠি ওপৰত। তহঁতেটো জানই মোৰ ওজন! সেইটোৱে মোৰ ভৰ সহিব নোৱাৰি জোৰে শব্দ কৰি কেৰকেৰকৈ ভাগি থাকিল। সিফালে অলপ পিছতে দৰ্জাত টোকৰ- “কি হ’ল কি হ”ল” বুলি। মোৰ ভয়ো লাগিছে। কিংকৰ্তব্যবিমুঢ় হৈ পৰিলোঁ। লাহেকৈ মাত লগালো- “নাই ঠিকেই আছো”। বোধকৰো ‘চিনেমা হল’ৰ দাৰোৱান জনেই হ’ব। উপাই নাপাই এৰিব লগীয়াখিনি চুক এটাতে এৰি থৈ ধুই-পখালি গুছি আহিলো। মোৰ ওজন সহিব নোৱাৰাকৈ সেই ‘চিট’টো ইমান দুৰ্বলনে? আৰু এটা কথা এই ‘চিট’বোৰ ইমান ওখকৈ কিয় তৈয়াৰ কৰে! সৰু ল’ৰা-ছোৱলী, চাপৰ মানুহবোৰে কেনেকৈ তাৰ ওপৰত উঠিব। সন্মুখত ধৰিবৰ বাবেও একো এডাল নাই! তুষাৰেই বা কেনেকৈ উঠিব। কাম নাই আৰু! কিয় যে এইবোৰ লগাই মানুহৰ নগুৰ-নাগতি কৰে!
: ধেৎ গাধ! সেইটোক ‘কমোড’ বুলি কয়। ইউৰোপিয়ান স্টাইলৰ টইলেট। সেইটোত তেনেকৈ নবহে নহয়! তয়ো যে আৰু! -তুষাৰে মাজতে মাত লগালে।
মই আকৌ বিপুলক ক’লো-
: বাৰু বুজিলোঁ এইবোৰ কথা। তই কামফেৰা কৰি আকৌ চিনেমাখন চাব পাৰিলিহেতেঁন। কিয় গুছি আহিলি?
: ধেৎ! কেনেকৈ সোমাবি? সোমাব লৈছো, দাৰোৱানতোক দেখো এবাৰ মোৰ ফালে দৃষ্টি নিক্ষেপ কৰি মই সোমোৱা ‘টইলেট’টোলৈ সোমাই গৈছে। ভাবিলো এতিয়া নিশ্চয় ভঙা-ছিগা অৱস্থাত দেখি মোৰ পৰাই জৰিমনা ভৰাব। ইয়াকে ভাবি ভয়তে চিধাই তললৈ নামি গুছি আহিলো। এতিয়া বাদ দে এইবোৰ। চিনেমাখনৰ বাকী থকা কাহিনীটোকে ক। জুহি চাৱলা আমিৰ খানৰ বিয়াখন পিছে হ’লনে?

উপসংহাৰঃ- আজি কিছুবছৰ আগতে বিপুলৰ ঘৰলৈ গৈছিলো। নতুনকৈ ঘৰ সাজিছে। চালো। শুৱনিকোঠা কেইটাও দেখুৱালে। গোটেই কেইটা কোঠা নিজৰ পছন্দ আৰু সুবিধামতে নিৰ্মান কৰি লৈছে। বিপুলৰ শুৱনিকোঠাৰ ‘টইলেট’ৰ দুৱাৰখন আধা মেলখাই আছিল। দেখিলো “টইলেট’ৰ ভিতৰত বেছ দামী ব্ৰ্যান্ডৰ ‘কমোড’ এটাই স্থান লাভ কৰিছে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments